ফটাঢোল

আই লাভ ইউ  শীত – বিনীতা বৰশইকীয়া

গা ধুবলৈ কষ্ট হ’লেও আই লাভ ইউ শীত, ‘হাত’ গুচি ‘কৰত’ হ’লেও আই লাভ ইউ শীত।   বিধে বিধে মইশ্চাৰাইজৰ সানি তত নাই, গুগলত আকৌ চাৰ্চ কৰোঁ জানোচা বেষ্ট কিবা পায়।   বিয়া-সবাহ, পাৰ্টিবোৰত  বৰ অসুবিধা, চুৱেটাৰ পিন্ধি কেনেকৈ যাম  লাগে বৰ চিন্তা।   পুৰুষসকলে আমাক দেখি বাক্যশেল এৰে, ইম্মান ঠাণ্ডাত চুয়েটাৰ নিপিন্ধাকৈ কেনেকৈ যে থাকে?   ধুনীয়াকৈ ডিজাইনত চিলোৱা  দামী ব্লাউজটো বাৰু, চুৱেটাৰৰ তলত ঢাকি-ঢুকি পিন্ধিব জানো পাৰোঁ!   মুখখন বাৰু মেকআপেৰে  লুকুৱাব পাৰি, হাতখন বাৰু কি কৰোঁ  হাতমোজাও

Read more

আপদীয়া পদ্য-কৃষ্ণ দাস

১) ইনবক্স   অনলাইনৰ সেউজীয়া লাইট চেনীসংগ্ৰামীৰ হাই হেল্ল’ৰ বাইট৷   গুডমৰ্নিঙৰ পৰা ফোন নম্বৰ খোজা, সংগ্ৰামীসকল নাৰীতত্ত্বৰ ওজা৷   উত্তৰ নাপালেহে অভদ্ৰ বুলি কৰি দিয়ে তেওঁলোকে ফাইট৷   ২) স্ক্ৰীণশ্বট   তোমাৰ স্ক্ৰীণশ্বট মোৰ হাতত  আপলোড কৰিলে পৰিবাগৈ গাঁতত   ফালি-চিৰি নোহোৱা কৰি দিম ভাৰ্চুৱেল দুনীয়াৰ ময়েই বীৰ ভীম৷   ডৰাই ডৰাই লিখি লাইক কমেণ্ট গোটাই, ফল’ৱাৰ্চো ৰাখিছোঁ হাতত৷   ৩) নিৰ্বাচন    দিগম্বৰ বৰুৱাই খেলিব নিৰ্বাচন নিৰ্দলীয় হৈ খেলি হ’লেও বিধায়ক হোৱাৰ মন,  ফেচবুকীয়া ৰাইজৰ সঁহাৰি ভাল বিধায়ক

Read more

আপদীয়া পদ্য-পূৰৱী বৰুৱা

নাম ৰাম ঠাকুৰ ভয় নকৰে কাকো, কুকুৰে কৰে ভুক-ভুক ঠাকুৰৰ বুকুৱে কৰে ঢক-ঢক৷ টোপনি যদি নাহে, সাপৰ ফটো দেখুৱাই দিলে কুম্ভকৰ্ণক টক্কৰ দিবলৈ ঠাকুৰ ৰাজী৷ ৰুটিৰ ভিতৰত ভাজি ভৰাই কৰি দিলে গোল সেইটো হেনো হৈ যায় এটা ৰোল। মিনাৰামৰ লাগিল গণ্ডগোল! প্লেটত থৈ ভাজি ৰুটি খালে সানি ডেকা-ডেকেৰীবোৰৰ উঠিলে হাঁহি৷ কলেজীয়া ছোৱালী কৃতি মামাই দিয়া স্কুতি, চুলি মেলি চাল দি যায় গোনা ম’হৰ খেদাত খালত সোমায়। ☆ ★ ☆ ★ ☆

Read more

পঞ্চপদী পদ্য- হেমেন ডেকা

(১) ৰাতিৰাম অভিভূত দেখি নেতাৰ ৰূপ ভিন্ন তাৰহে আশাবোৰ দেখো তেনেই শতচ্ছিন্ন মাথোঁ থৰ লাগি সি চায় নেতাই হাঁহি মাৰি যায় শুৱলা ভাষণ শুনি ইহ জীৱন হ’ল ধন্য৷ (২) এয়া কি ভেলেকি নে মায়া-মৰিচীকা অদ্ভুত সপোন দেখুওৱা নেতা ওলাইছে বহুত! দিয়ে কিমান আশ্বাস! কাক কৰিব বিশ্বাস? সৱৰে যে গাত লাগিছে নিৰ্বাচনৰ ভূত৷ (৩) আকাশে-বতাহে বিয়পিল সপ্তসুৰৰ লহৰ বিপুল হৰ্ষোল্লাসত পৰিৱেশ উৎসৱমুখৰ সহস্ৰ পৰুৱাৰ লানি দলৰ বাজে জয়ধ্বনি যেন হাউছফুল ছাঁয়াছবি অতিকৈ মনোহৰ৷! (৪) ৰাইজক টুপী পিন্ধোৱাই পেছা ৰাজনীতি কৰাতো প্ৰধান

Read more

ফটালিমাৰিক- ধনজিত বৰুৱা

(১) আঁচনিত  উল্লেখ বোলে হয় যদি বুঢ়ী  নাচনী পাব প্ৰতি মাহে তেওঁ হাজাৰৰ  অধিক মাননি অকালতে বহু বুঢ়ী হ’ল তদন্ত সংখ্যাত ঘূৰি গ’ল ‘বুঢ়ী’টো প্ৰিণ্টিং মিচটেক হেনো আকৌ দিলে জাননী। (২) পঞ্চবার্ষিকী বাজনা তাক তিৰি  খিতি  তাক বাকীকণ সময় তহঁত  আগৰ দৰেই থাক শাস্ত্ৰীয় চৰা ভুলকৈ ৰাগ অতীতৰ পৰা ভাষণৰ নাগ দেশ সময় চুঁচি খোৱা চিকৰাৰ জাক। (৩) চুইচ দিম  মাজনী  আহি যাব খাদ্য তুমিয়ে  ময়ে কেৱল শুনিম  প্ৰেমৰ বাদ্য হাউচিং লোণ কামিং চুন প্ৰতি দিন  হনিমুন বন্ধ কৰানা  জানু 

Read more

ফাপৰে ধৰা ফাগুন-জয়দীপ চক্ৰৱৰ্তী

ফাগুন মানেই গৰু-ছাগলীৰ ঘাঁহৰ হাহাকাৰ, ফাগুন মানেই জুই লাগিলে সকলো ছাৰখাৰ৷ ফাগুন মানেই হাঁচি-কাহি লেবেজান দেহা মন, ফাগুন মানেই পেটচলা ৰোগ, যাব লাগে ঘন-ঘন৷ ফাগুন মানেই ৰামখোৱা মদপীয়ে হুইস্কি-ভোডকা খায়, ফাগুন মানেই সুন্দৰীবোৰ ফকটিয়ালৈ যায়৷ ফাগুন মানেই চাৰিওকাষে ধূলিময় এক ছবি, ফাগুন মানেই জাগি উঠে, পৃথিৱীৰ  চেৰাবলিয়া কবি৷ ☆ ★ ☆ ★ ☆

Read more

আমাৰ গাঁও – যোগেশ ভট্টাচাৰ্য

শুৱনি আমাৰ গাঁওখন অতি আমি শুৱনি গাঁৱৰ লৰা গাল ভৰি ভৰি ৰজনী চোবাই বাইকত ঘূৰি ফুৰা।     শুৱনি আমাৰ ধাননি পথাৰ বাৰিষা বানত বুৰে ধাননি পথাৰত ফেক্টৰী সাজি বণিকে বেপাৰ কৰে৷ চালত কোমোৰা, লাও, জিকা, ভোল গছত তামোল-পাণ তাকে বিকিয়েই পৰিয়াল পোহে নাহে ৰজাঘৰৰ দান। গছৰ ডালত শুৱনি চৰাইৰ মাত শুনিবলৈ নাই মোবাইল টাৱাৰৰ ৰেডিয়েচন পাই দূৰণিলৈ গুচি যায়। ঘৰে ঘৰে ৰং ধেমালিও নাই আই পিতাইৰ নাই সুখ চহৰীয়া পুতেকৰ সময় যে তাকৰ চাবলৈ সিহঁতৰ মুখ। ভাওনা সবাহ দেখিবলৈ

Read more

আপদীয়া পদ্য-তাবিবৰ ৰহমান

১) ৰজাই নিৰ্বাচনী সভা পাতে প্ৰজাৰ হিতৰ ভাও ধৰি  প্ৰজাই সভালৈ যায় সকলো  কাম বন এৰি,   ৰজাই আশা দেখুৱায়   প্ৰজাই তালি বজায়  ক্ষমতা পায় ৰজাই প্ৰজাৰ কথা যায় পাহৰি।  ২) অঞ্চল-সমাজ ভালে থকাটো সকলোৱে বিচাৰে  সজাগতা আনিবলৈ কিন্তু কোনেও আগ নাবাঢ়ে  হঠাৎ অঘটন ঘটি যায়  নেতা আহি উপস্থিত হয়  চল চাতুৰীৰে নেতাবোৰে নিজৰ উপাৰ্জন কৰে।  ৩) পৰিয়ালত সন্তান বুলিবলৈ এটিয়েই মাথোঁ ল’ৰা কেৰিয়াৰ গঢ়াৰ সপোন লৈ ওলাই গ’ল ঘৰৰপৰা  কেৰিয়াৰ গঢ়িলে ঘৰলৈ পাহৰিলে  মাক-দেউতাকৰ দুখ হ’ল  কুলাই পাচিয়ে নধৰা। ☆

Read more

ফটালিমাৰিক : ধনজিৎ বৰুৱা

(১) সাধুৰ শিয়াল বান্দৰ সিংহ সকলো ইয়াতে আছে  চিনাকি কিছু মুখা পিন্ধিলৈ আমাৰ কাষতে নাচে  মনৰ নষ্ট স্বাৰ্থ গোপন আবেগ মাত্র হেনো ৰাসায়ন আন্ধাৰত হানি পোহৰত কান্দি সমবেদনা যাচে। (২) তুমি একো নক’লেও ভাই  হাতী সদায় হাতী  অংকুশৰ খোঁচ নপৰিলে নাথাকে তোমাক মাতি  দুৰ্বল কিছু থল  সমাজৰ কিছু মল  গৰ্বৰ হাৱাবাজীৰ বেলুন পলকতে যায় ফাটি৷ (৩) প্ৰেম-পিৰিতি, ইস্ক-মোহব্বত মৰম-লিলিমাই কৰাৰ ধৰণত আবেগে ভিন ভিন নাম পাই  বটল বেলেগ বেলেগ আচাৰ একে বিধ  খাই কয় এইবাৰৰপৰা আৰু খোৱাত নাই। ☆ ★

Read more

কণ কবিতা-দিলীপ কুমাৰ শৰ্মা

১ থিয়ৈ থিয়ৈ শুলে ঘোঁৰা, নিবিষাই নেকি ভৰিৰ জোৰা? ২ মেকুৰীৰ মোছ হোৱাত দীঘল, নিগনিয়ে কাটিলে এদিন চাই চল। ৩ ধুনতী চৰাই দূৰৰপৰাই, নেউলক পঠিয়ালে বুজাই-বঢ়ায়। ৪ ৰ’দ নাই কি উপায়, শীতত দেখোঁ প্ৰাণ যায়। ৫ নঙলাত ওলমি আবেলি ধেমালি, নলঙাত পিছে আহুধানৰ খেতি। ( নলঙা বা নৰঙা মানে আহু খেতিৰ তলি) ৬ গঁড়টোৰ গণনা গড়মিল বৰ, গণকক ক’লে-  বাপু হিচাপ কৰ ৭ মাহীয়ে বজাই বাঁহৰ বাঁহী, চাহ খালে মাৰি হাঁহি। ৮ ওজাৰ পিঠিত বজাৰৰ বোজা, তাত নাই এপাতো মোজা।

Read more
1 8 9 10 11 12 38