ফটাঢোল

আপদীয়া পদ্য –আদিত্য জ্যোতি বৰঠাকুৰ

নিৰ্বাচন আকৌ আহিব নিৰ্বাচন সকলোৰে বেলেগ বেলেগ একচন কোনোবা যদি চাকিৰা কোনোবা মাইকেল জেকচন বাহুবল, ধনবল আৰু শব্দৰ ৰণ উন্নতি মাথো কাগজৰহে আখৰ লুটিপুটি খোৱাৰহে মন ফেচবুকৰ কাজিয়া এৰি সেয়ে আমিও শিবিৰে শিবিৰে কৰি আছোঁ‌ ভ্ৰমণ এফ আৰ পি ঘৰত যদিও হয় সাধাৰণ জনতা ফেচবুক সমাজত ময়েই জননেতা৷ কি খেতি, কি বিজ্ঞান, কি ৰাজনীতি কঁ‌পালত আছে মোৰ ধৰা সৃষ্টিৰ কিৰিটি৷ যদিও সকলো ফ্লপ শ্ব’, মানুহে দেখিলেই কয় “ইউ মে গ’!” এফ আৰ পিয়েই জীৱন, বাকী সকলোবোৰতে পাওঁ এটা বিগ নৌ!

Read more

বেবেৰিবাং কবিতা : বিজয় মহন্ত

১) আলোচনী তেল খাদৰ মালিক তেওঁ দত্ত ৰিণ্টুমণি ইকাণে-সিকাণে শুনা পাওঁ তেওঁৰ আছে সোণৰো খনি৷ আলোচনীৰ নামত সন্ত্ৰাস আমি লওঁ(ফেচবুকৰ পৰা) অজ্ঞাতবাস লেখাৰ নামত চুলি সৰাই পাৰ কৰোঁ প্ৰতি মাহ৷ ২) ক্ৰমশ ভক্তি ৰসৰ ভঁৰাল তেওঁ বৰা চিদানন্দ সন্তাপ দূৰ কৰি বিলাই ফুৰে আনন্দ ভক্তি বিনে নাই গতি লোভ মোহে কৰে ক্ষতি সৱাৰো পৰিত্ৰাণৰ গতি হ’ল খুৰী মালতী ৩) অপ্ৰাপ্তি একৰ এক গ’ল থাকিল এক নাথাকে মাথো দাদা অলকেশ ফোনতো নাই, মেচেজতো নাপায় লেখা বিচাৰি সম্পাদকৰ বিপি হৈ যায় হাই৷

Read more

জৈৱ-ৰাসায়নিক ফটা-কবিতাঃ বিকাশ দত্ত

দাঁ‌ত আৰু জিভাৰ মোহনাত ফচি ৰোৱা পালেঙ শাকৰ কচম নাজানো এনেকুৱা চাৱনিৰে কৰিলা কিমানক ভচম খাদ্যনলীৰ মসৃণতাৰে সিঁ‌চি দিছোঁ‌ ভালপোৱা পিত্তৰসেৰে ধুই দিছোঁ‌ বুকুৰ হেজাৰ বেদনা অগ্নাশয়ৰ কোঁ‌হে কোঁ‌হে যকৃতৰ সিৰে সিৰে পাকস্থলীৰ পেপচিন আৰু ভিলাইৰ আঁ‌ৰে আঁ‌ৰে ক্ষুদ্ৰান্ত্ৰ আৰু বৃহদান্ত্ৰৰ মাজেৰে গাইছোঁ‌ পাচনৰ গীত যেন মাইকেল জেকছনৰ নৃত্য আৰু পেটৰ গুৰগুৰণিৰ সংগীত তোমাৰ গ্লুমেৰুলাছৰ বাসিন্দা তোমাৰ ইনচুলিন বেজী মই তোমাৰ মুখৰ মাস্ক আৰু চেনীটাইজাৰো মই কুঁ‌হিয়াৰৰ জাবৰ এলুমিনিয়ামৰ আঁ‌কৰ যেন তুমি মোৰ বান্দৰী আৰু মই তোমাৰ বান্দৰ ফেচবুক চাওঁ‌

Read more

পৰচৰ্চা : কৃষ্ণ দাস

১) আম্বানিৰো গুৰু তেওঁ আদিত্য ঠাকুৰ নিদ্ৰাসনে ৰত হৈ ক্লান্তি কৰে বিদূৰ দুই চক্ৰ, চাৰি চক্ৰ শত যান বাহন ৰাহু কেতুকো ঠাকুৰে কৰি দিয়ে গ্ৰহণ৷ ব্যৱসায়ৰ চিন্তাত তেৰা নিতে বিয়াকুল৷ ২) “ময়েই চন্দ্ৰ, ময়েই সূৰ্য্য, ময়েই হেডমিন ফেচবুকৰ যুঁজত ময়েই ৰঙা চীন! নাম মোৰ মহন্ত বিজয় মানি নলওঁ পৰাজয়৷ দুটামানক টেগাই দিওঁ টাক-ধিনা-ধিন-ধিন৷ ৩) তোমাৰ গতি লাগিল, মোৰ কি হ’ব গৌৰী জীৱন যুঁজত এই দেৱজিতে কিমান ফুৰিব আৰু দৌৰি! খুলশালী আছে যদি মোলৈ ঠিক কৰা লকডাউনৰ মাজতে ময়ো হ’ম দৰা৷

Read more

ফটালিমাৰিক : ধনজিত বৰুৱা

১) গড়াল কুকুৰা বাহত টেঙৰ মালিকে দিয়ালে হাঁহৰ উমণি জন্ম হওঁতে কুকুৰাই বোলে উৱা এইখন কি জমনি চিঁ-চিয়াই টিঁ-টিয়াই পোৱালি দুজাত লৈ ফুৰাই চুবুৰীয়া হাঁহ কলনিত হেনো ডিভোৰ্চ কেচৰ কঁপনি৷ ২) লক্ষ্মী আই আৰু প্ৰভু নাৰায়ণৰ কথা সংসাৰ সলাবলৈ প্ৰিয়ে নলওঁ আৰু অৱতাৰ কিমান কত কাহিনীৰে বুজাইছোঁ যে অলটাৰ বিপদতহে মোক মাতে আচলতে তোমাক লাগে মোক তালৈ মাতি ইয়াত তোমাক বিচাৰিব চেল্টাৰ ৩) বাৰম্বাৰ ৰৌ বৰালি বিদেশ গৈল খলিহনাক গ্ৰেপ্টাৰ মেলিব বুলি ভাবিছে এইবাৰ গেলা বিলৰ চেপ্তাৰ একেই থাকিব সকলো

Read more

পঞ্চপদী পদ্য – হেমেন ডেকা

(১) ওলাই আহক ৰুন্দি-খুন্দি খাওঁহক খানা এনেই থাকিব নালাগে বন্ধু হৈ ঘৰগোনা নাহে আৰু এনে সুযোগ দুনাই দিয়ক মাত্ৰ নিৰ্বাচন জিকাই পাছত একো নাপালো বুলি নিদিব গঞ্জনা৷   (২) কিছুমানে কৰি আছে দিনে-নিশাই অংক দাদাই পাবনে টিকট, তাৰেই আতংক ধাৰ কৰিছে ন ন সূত্ৰ বুজাই টান গতি-গোত্ৰ অংক নিমিলিলেহে হ’ব জংক পংক   (৩) একো নহ’লেও মাতৃভাষাৰ চৰ্চাই হ’ব ভাল লিখিছে বুলি এজনে হ’লেওতো ক’ব ভালে থাকক ভাষা জননী কলমধাৰী আমি সেনানী আমি যোৱা বাটেৰে এদিন শতজন যাব৷   (৪)

Read more

সাধনাৰ ৰাতিটোত তোমাক পালো – নয়ন নিলীম

সাধনাৰ ৰাতিটোত তোমাক পালো নিজক হেৰুৱালো.. তোমাৰ চকু যুৰিয়ে মোৰ বুকুত হাজাৰ কথা কৈ  মৰহা ফুলনিখন জীপাল কৰি তুলিলে শব্দৰ এনেকুৱা এখন অভিধান নাই য’ত তোমাক মই সম্পূৰ্ণকৈ বৰ্ণনা কৰিব পাৰো.. চোৱা প্ৰকৃতিয়ে গতি সলাইছে পূবৰ বেলি পশ্চিমত ওলাইছে.. তোমাৰ চঞ্চলতাত তোমাৰ সৌন্দৰ্য লুকাই আছে তোমাৰ ঘন চুলিকোছাত তোমাৰ মুখৰ অহংকাৰ জীয়াই আছে.. গৈ থকা ডাৱৰৰ দৰে তোমাৰ কান্ধত উৰি আছে গুলপীয়া চাদৰ খন.. Then a Twist .. কিন্তু… হঠাতে ধুমুহা আহিল উৰুৱাই নিলে গোলাপী ৰংবোৰ শিল বৰষুণে যেন  মোৰ

Read more

ফটালিমাৰিক – ধনজিত বৰুৱা

নিৰ্বাচন আহিল বতৰ দেশৰ কথাৰ ৰাইজ আৰু আই জীৱন থাকে মানে চাই যাম এনুৱা লিলিমাই নোৱাৰা উলাব চেপাৰ  দীপ লেভেল বেপাৰ   দশোদিশে উঠিছে উথলি সেৱকৰ আকাল নাই ব্যবস্থা  চেকুলাৰ ধাৰ্মিক দুখন এই দেশৰ মহা ঢাল  ভয় কৰোঁতাজনৰ ফলীয়া দম দিবলৈ ভাল প্ৰকৃত ধাৰ্মিক চেকুলাৰে  জানে কেৱল আইনেৰে  জাবৰ  অধিক এই দেশত  সলাব দিন কাল প্ৰজন্ম  চুচি  পেলাই দিম মই গুটি গজিব তোৰ গছ  তোৰ পুতেৰো একে হ’ব একে গছৰ সঁচ  পূজা কৰি কাটিম ডা ল  চাটাৰিং তক্তা আচবাব ভাল  দেশ

Read more

পঞ্চপদী – প্ৰাঞ্জল শইকীয়া

বাটত পোৱা কমাৰ দা গঢ়ি দিয়া আমাৰ বুজি পাবনে পালেও দিবনে বন্ধু হ’লেও তোমাৰ?   গুণীৰ মুখত গুণ জোকৰ মুখত চূণ পুৰণি ম’বিলে ভালকৈ ঘঁহিলে কাঠতো নধৰে ঘূণ৷   বন্ধ থকাৰ বাবে স্কুল বলীনে খুলিলে টোল ঘৰতে শিকাইছে  বহুতেই শিকিছে শিক্ষাৰ বুজি মোল৷   বৰ গেলেপা লগা গৰম শুনিছানে হে’ৰা মৰম পিঠি ডমলাডমল লৈ আহা সুথল সানি দিয়াচোন নকৰি চৰম৷ ☆ ★ ☆ ★ ☆

Read more

চেতনা – বিদ্যা দাস

জন্ম স্থান মোৰ হস্তিনাপুৰৰ ৰাজপ্ৰাসাদত লাঞ্চিতা দৌপদীৰ দিব্যবস্ত্ৰৰ আঁৰলত, সাক্ষী ৰ’ল দূৰ্য্যোধনৰ উন্মত্ত গৰ্জন শকুনিৰ প্ৰতিশোধী হাঁহি আৰু পণদায়ী কাপুৰুষ দৌপদ্ৰীৰ পঞ্চবীৰ স্বামী।   মোৰ জন্মৰ প্ৰেৰণা হ’ল কণ্টক শয্যাত ছটফটাই থকা শ্ৰীময়ীৰ বৈদিক সত্তা,   গতি মোৰ সৰীসৃপ, শামুকীয়া প্ৰৱেশিম দ্বাৰে দ্বাৰে প্ৰতি প্ৰাণে-প্ৰাণে ক’ম সকলোকে নাৰী সত্তাৰ মৃত্যু হোৱা নাই সেয়া মাথোন নিৰৱতা।   সমাজৰ খলা-বমাবোৰ মোৰ অপ্ৰিয় আধুনিকতাৰেও মই মিতিৰালি পতা নাই,   মই বিচাৰো সংস্কাৰ দৃষ্টি আৰু হৃদয়ৰ বিচাৰিছোঁ বুজাবুজি দুয়োখন হাতৰ।    ইন্ধন হিচাবে লওঁ

Read more
1 11 12 13 14 15 38