ফটাঢোল

বেবেৰিবাং বহি বহি গোৱা বিয়ানাম – মিনতি মহন্ত

দৰাঘৰীয়াৰ আৰু দৰাৰ বাপেকৰ প্ৰতিঃ বজাৰলৈ গ’লো, কলডিল এটা ল’লো এশ টকা দাম ললে হে , দুমুঠী ঢেকীয়া আৰু বাঁহৰ এটা গাঁজ ঐ ৰাম , তাতো এশ টকা কলে হে । মাছুৱৈৰ তাত সোমালো, ৰৌ বুলি কিনিলো এক কেজিত আঠশ টকা হে , পাছে নিচিনিলো মিৰিকাহে আনিলো ঐ ৰাম তাতো খালো ব্ৰহ্ম ঠেকা হে । ৰামদিয়াৰ দৈ বুলি চিঞৰা শুনিলো আনন্দ লাগিলে মনত হে , এই গেলা গৰমত এবাটি খামগৈ ঐ ৰাম ঘৰে ঘৰোৱালীৰ লগত হে । গুঁৰ এঢলাও লগতে

Read more

হৃদয়ৰ পালতৰা – মৃদুস্মিতা শৰ্মা

বেথা মোৰ বহু দূৰ, সন্তৰ্পণে ৰাখিছো-হৃদয়ৰ খাপে খাপে য’তে থোৱা আছে তাতে পাবি-  খেপিয়াই চালে পালতৰা সাজি।   নিতাল মৰা নৈশব্দৰ নিনাদত বাজি উঠে প্ৰায়ে নিষাদৰ ষষ্ঠ সুৰ- সুৰৰ যুগলবন্দী কৰিব পাৰ কাহানিবা  তোৰ হৃদয়ৰ কাহাৰবা তালেৰে- —   ভটিয়াই যাওঁ ব’ল,বেলি ডুবু ডুবু  সিপাৰত ছাগে বুকু দুৰু দুৰু- ফাগুনাহঁতৰ গাঁৱত আজি কোলাহল- চৌপাৰে আমাৰ নামৰ জীয়াঢল, অচিন তই-অচিনা মই; হৃদয়ৰ ঢপনি হেৰুৱাৰ সময়। পালতৰা সাজো আহ ঘৰমুৱা হওঁ- কিয়নো, ফাগুনাহঁতৰ গাঁৱত আজি কোলাহল- চৌপাৰে আমাৰেই নামৰ জীয়াঢল।। ☆ ★

Read more

পঞ্চপদী – হেমেন ডেকা

(১) সমাগত লোভনীয় বৰভোজ সুহৃদৰ দেখো খৰধৰ খোজ সাজু মস্ত খাহী খানা হ’ব ইলাহি সেইবিধ নহ’লে কিহৰ মৌজ!   (২) কাৰোবাক পালে খানা খোৱা ভূতে ছাগলী বিচাৰি ঘূৰে হাটে-বাটে খানা বুলিলেই ৰং নায়কৰ দৰে ঢং কথাই কথাই অবাইচ মাতে!   (৩) চিঞৰবোৰ হয় অৰণ্যৰোদন ঠগৰ হাতত খাওঁ ৰামঠগন আমি হ’লো হোজা নিমাখিত প্ৰজা হাততালি বজাই কৰোঁ সংকীৰ্তন৷   (৪) অনেকৰ মতে নেতা তেওঁ ধুৰন্ধৰ, কামত সদায় ফাঁকি – কথাত বাখৰ অৱশ্যে পাছত কয় আগত মুক হৈ ৰয় একাংশই আকৌ মাৰে

Read more

আপদীয়া পদ্য – ধৰ্মজ্যোতি ভট্টাচাৰ্য

(১) জনতাৰ চৰকাৰ কাম এশ এবুৰি ডিজেল, আলুৰো দাম হ’ল চাৰিকুৰি কৰনীতি, ভূমিনীতি ক্ষুদ্ৰৰ পেলালে ইতি চাহৰ লগত মুৰুত মুৰুত চোবোৱা মুৰি। (২) হাতী, হাত, পদুমৰ নাই একো ভেদ ভোট দি জনতাই মনত কৰে খেদ নিৰ্বাচন আহে যায় ৰামৰাজ্য হায় হায় লেমটৌৱে শুকমুনিক পঢ়ায় বেদ। (৩) উদয় ভাস্কৰ বৰুৱা নামজ্বলা নেতা সাহিত্য সংগঠনৰ সভ্য বঁটা বিজেতা খেলিব ইলেকশ্যন ভাঙিব গাঁঠিৰ ধন সকলোতে আগস্থান আঢ্যৱন্তৰ বেটা। (৪) ব্ৰেণ্ডেড ছ্যুট চকুত চশমা চলায় ডাষ্টাৰ কাৰ ধুনীয়া ছোৱালীয়ে তেওঁলৈ কৰে হাহাকাৰ গণিতৰ প্ৰফেচৰ

Read more

ফটালিমাৰিক – ধনজিত বৰুৱা

(ক) হুৰ কাণখোৱা মোৰ কাণ দুখন খাহি মগজু গোলমাল কৰে খবৰবোৰ আহি গোল মোল পৃথিৱীৰ গোল মাল কাণ্ড মনুষ্যৰ কৰ্মত সবে কৰে ত্ৰাহি ত্ৰাহি   (খ) সেই জখলা বগাই পৰে বহু বাঘা বীৰ মৰ থেকেচা খায়ো নেৰে বুকুত বোলে তীৰ ভূ ভাৰস্তৰ ভাৱনা ফ্ৰী লগতে বেদনা কোনো কালে নকমে বাপু প্ৰেম সবাহৰ ভীৰ   (গ) ৰাস্তাত ওখ মথাউৰিত ঘৰখন উঠাই আনি আমাৰ প্ৰতিবাৰত তহঁতৰ দামী কাপোৰ কানি ফাণ্ডৰ বাবে ফান্দ ঘৰিয়াল হৈ কান্দ সমস্যাৰ পানীত ভিজা পুতলাৰে খেলে ৰজা ৰাণী।

Read more

কবি সন্মিলনৰ ইলিজী – নৱজিৎ বৈশ্য

এদিনৰ কথা বহি আছিলোঁ কবিৰ সভাৰ এচুকত কবিতা শুনি বহি থাকোঁ‌তে মোৰ নখবোৰে আঁচুৰিবলৈ ধৰিলে মোক অৰ্থৰ ঢালেৰে প্ৰতিহত কৰি শব্দৰ খঞ্জৰ কোনোমতে বহি থাকিলোঁ যিদৰে কবিৰ সভাত কাব্যৰসিক এজন বহি থাকে বুলি মোৰ বিশ্বাস মোৰ বিশ্বাসৰ সৰলতাক দুৰ্বলতা প্ৰতিপন্ন কৰি লাহে লাহে মাতাল জিঘাংসু হৈ উঠিল মোনাৰ পৰা ফাইল-ডায়েৰী-জেপৰ পৰা উফৰি অহা শব্দবোৰ হত্যা ধৰ্ষণ লুণ্ঠন অগ্নিসংযোগ চুৰিকাঘাট ৰঙা ওঁ‌ঠ গোলাপী গাল নীলা আঁ‌চল আদি শব্দবোৰ উন্মত্ত হৈ উঠিল আৰু আক্ৰমণ চলালে মোৰ শব্দৰ চুবুৰিত উদণ্ড শব্দবোৰৰ হাতত নিগৃহীত

Read more

পঞ্চপদী- হেমেন ডেকা

১ ঘাতকৰ মুখত দেখোন কি সুন্দৰ হাঁহি ভোজসভাত বজাওঁ আমি সম্প্ৰীতিৰ বাঁহী হ’লোঁ বুদ্ধিহীন জীৱ সেয়েহে চাগৈ ক্লীৱ ভেবা লাগি চাই ৰওঁ, আমি যে ভোজৰ খাহী! ২ অজান্তি মুলুকত আছিল এক অধিপতি বিদেশীৰ দাদাগিৰি চলে য’ত দিন-ৰাতি দেশত লাগে হুৱা-দুৱা নামি পৰে চোৰাংচোৱা শান্তি বিচাৰি গঠন কৰে তদন্ত সমিতি৷ ৩ কিমান বজাম আৰু ফটাঢোল কোনেনো বুজে পালিনেতাৰ মোল কালে দিব খোজে গঁতা কোনেও নিদিয়ে বঁটা কি যে হ’ব- হৰি বোল হৰি বোল৷ ☆ ★ ☆ ★ ☆

Read more

বিপন্ন সময়ৰ কথোপকথন- উচ্চজিৎ দশগিৰি

– হেৰা বন্ধু, শোকসভা এখন পাতোঁ আহা৷ – কোন মৰিল? – ৰে’লৰ চেপাত কেইজনমান শ্ৰমিক৷ – আহ মৰ্মান্তিক, আত্মহত্যা নেকি? – নহয়, ভাগৰত ৰে’লৰ আলিত শুই দিছিল৷ – ধেই, নাপাতোঁ শোকসভা, ৰে’লৰ আলিত শুবলৈ যোৱা সেইকেইটা নিচাখোৰ বুৰ্বক৷ – আহা, তেন্তে অন্য এখন শোকসভা পাতোঁ৷ – আকৌ কোন মৰিল? – এজন পীতবস্ত্ৰধাৰী সন্ন্যাসী৷ – ধূৰ, নাপাতোঁ শোকসভা, সেইজন কট্টৰ হিন্দু৷ – আহ, কি যে কোৱা, ব’লা অন্য এখন শোকসভা পাতোঁ৷ – কাৰ? – এজন কৃষ্ণাংগক পুলিচে মাৰিছে৷ – সেইজন আমেৰিকাৰ,

Read more

ফটালিমাৰিক- ধনজিৎ বৰুৱা

১) পুৱাই চালে ৰাম ৰাৱণে ‘ৰ’ আখৰত ৰাশিফল যুদ্ধ জয়ৰ ইংগিত পাই দুয়ো মনত বান্ধিলে বল সমৰ ক্ষেত্রই পৰীক্ষা জীৱনৰ এক সমীক্ষা ফ্লেট হৈ পৰি থাকোঁতে ৰাৱণে বুজিলে নিজৰ কৰ্মফল। ২) ভক্তিত গদগদ সদাকান্ত ভকতিৰে চলায় পেট বান্ধি দিয়ে গৃহস্থক মাননীৰ নিজা ৰেট মনে মনে সীমা থেলে কাম আদায় চলে বলে ভক্তিৰ অডিঅ’ ভিডিঅ’ বনাই ভৰাইছে হেনো ইণ্টাৰনেট৷ ৩) প্ৰতিবাৰে আলোকপাত একে সোপা সমস্যা প্ৰতিবাৰে প্ৰতিশ্ৰুতি তোমাৰ বোপাই যশস্যা মেধাবীয়ে দেশ চলাইছে বণিয়াই নীতি বলাইছে গণতন্ত্র আছিল কেতিয়া এয়া জুইৰ

Read more

বিদ্যায়তনিক পাৰ্শ্বস্থতাৰ পদ্য : নৱজিৎ বৈশ্য

এওঁলোকক আপুনি পায় নে বাৰু চিনি নেনোটেকন’লোজীক ভেঙুচালি কৰি বিদ্যায়তনিক পাৰ্শ্বস্থতাত এওঁলোকৰ অৱস্থিতিহীন স্থিতি     কোনেও নাজানে এওঁলোকৰ উপাৰ্জনেৰে কেনেকৈ ঘৰ একোখন চলে দিনজোৰা গেবাৰি উকটিও কিয় বৃদ্ধ পিতৃ-মাতৃৰ নালায়ক নিবনুৱা পুত্ৰৰ গ্লানিৰ বোজা টানে   শ্বাইনিং ইণ্ডিয়াৰ ৰ’দতে এওঁলোকৰ ব্ৰাহ্মীৰ খেতিত ব্লাইট লাগে বিকশিত ভাৰতৰ ৰ’দত ঘাঁম মচি মচি সেই ব্ৰাহ্মীৰ গুণেৰেই এওঁলোকে প্ৰধানতঃ ডাক্তৰ ইঞ্জিনীয়াৰ গঢ়ে   এওঁলোক কাৰো আদৰ্শ নহয় শিষ্য সকলক এওঁলোকে এওঁলোকৰ দৰে নহ’বলৈ শিকায়   এওঁলোকৰ কোনো পতাকা নাথাকে নাথাকে নিজস্ব কোনো শ্ল’গান

Read more
1 12 13 14 15 16 38