ফটাঢোল

পঞ্চপদী – হেমেন ডেকা

(১) সাংঘাতিক শব্দৰ শক্তি সুৰে সুৰে নাচে শত ব্যক্তি শব্দত প্ৰাণৰ স্পন্দন শব্দৰ দেখোঁ প্ৰদূষণ শব্দেৰে চাগে বিচাৰে মুক্তি৷   (২) বহ্নিমান শিখা হৈ উদ্ভাসিত সহস্ৰ শব্দ বুকু জুৰি জ্বলে – য’ত স্বাধিকাৰ অৱৰুদ্ধ বিক্ষুদ্ধ শব্দৰ অশেষ সাধনা বাস্তৱত সেয়া হ’বলা ছলনা বন্ধ খুপৰিত দেখোঁ শব্দবোৰে শ্বাসৰুদ্ধ!   (৩) বস্তাৰ বেছিভাগ মালেই দেখোন পঁচা বেপাৰীয়ে ক’লে – এই কথা গোকাট মিছা দুই এটা বেয়া ওলাবই লগুৱাই বোলে – হয় হয় আমদানিকৃত বস্তু নহয় এলাপেচা৷   (৪) কেনেকৈ পাহৰোঁ সেই দুৰ্বিসহ

Read more

ৰাজতন্ত্ৰ – ভাস্কৰ বৰ ডেকা

এই যে ৰাজতন্ত্ৰ সাধাৰণে নুবুজা এক যন্ত্ৰ৷ অসমত হ’লে বানপানী নিদিয়ে বেলেগ ৰাজ্যই মানি আৰু বেলেগ ৰাজ্যত হ’লে অসমে দিয়ে জনসাধাৰণৰপৰা টানি টুনি৷ লোকেল সমস্যাবোৰ নকৰে সমাধান আৱেগেৰে বজাই ৰাখিব খোজে আমাৰ মান লাগিলে যিমান নাযাওক অসমীয়াৰ প্ৰাণ৷ সকলোতে নমাই ভক্তসকলে ৰাজনীতি তলেতলে কিন্তু ইহতৰ বিৰাট মিলাপ্ৰীতি৷ আজি এইটো দল কালি সেইটো দল পৰস্পৰে পৰস্পৰৰ পিঠি খজুৱাই উলিয়ায় মন্ত্ৰণাৰ মল। ☆★☆★☆

Read more

ফটাপদ্য – কাজল প্ৰিয়া

গোলোকৰ পুতেকৰ নামটো থুলুক, পেন্ট এটা পিন্ধি থাকে সোলোক ধোলোক। এদিন থুলুক আছিল হাঁহ গিলি পুলুক পুলুক পেটে কৰিলে ঘুলুক ঘুলুক, থুলুক গৈ পালেগৈ কোনোবা মুলুক।। দিম্পল টুইংকল আৰু ফেভিকল, দেৱু দাই খাই গোটা ভীমকল। বিজয় দাই পুহে হাঁহ কম্বল, জিমলৈ গৈ মাৰি থাকে ডামবেল। খকুৱাৰ ৰাণী বাই মিতালী, খাবলৈ পালে দুয়োহাতে বজাই তালি। চাবলৈ গৈ ডুব যোৱা বেলি, লাং খাই পৰি আছিল হেনো আজি আবেলি।। গ্রুপৰ হেনচু এভাৰগ্ৰীণ হেকা, হ’বলৈ নিদিয়ে হেনো কঁকালটো বেঁকা। খিয়ালত মৰে ফটাঢোলৰ ডেকা, বুঢ়াৰ

Read more

মোৰো মন যায় – কমলা দাস

হে ফটাঢোল, তুমি কিয় হ’লা মোৰ ইমান আপোন দিনে ৰাতি দেখোঁ মই তোমাৰেই সপোন। কৰিবানে মোৰো কেতিয়াবা আশা পুৰণ, মোৰ লিখনিতো পৰিব লাইক কমেণ্টৰ বৰষুণ। বৰ বৰ চেলিব্ৰিটিয়ে মোক ঈৰ্ষাৰে চাব, তাকে দেখি মোৰ বত্ৰিশ দন্তীয়া হাঁহি উজলিব। ঢুলীয়া ঢুলীয়ানী সকলোৱে উঠিবলৈ চেলফী, লগাব হেতা-ওপৰা, তেতিয়া মই বাৰু কৰিম কি? লচ পচি গাভৰুহঁতৰ হাঁহিত মই ভোল যাম, ঢুলীয়াহঁতক মই নাচিবলৈ হে ক’ম । যদিহে পাৰোঁ লিখিবলৈ তেনেকুৱা লিখনি, মই হম ফটাঢোলৰ ধুনীয়া নাচনী। মোৰো মন যায় কিবা এটা ভাল লিখিবলৈ,

Read more

আপেল – নৱজিৎ বৈশ্য

পোহৰৰ আপেলে পাপলৈ মাতিলে আমি ওলালোঁ পৰিধান কৰি জ্ঞান অলপদূৰ আহিয়ে আমি জ্ঞানক সলাই ললোঁ বুদ্ধিৰ লগত তাৰপিছত… আহি আহি আমি ঘোঁৰাবোৰৰ প্ৰতি ঈৰ্ষান্বিত হ’লো অশ্বমেধ পাতিলোঁ আকৌ আপেল সৰিল মায়াৰ জৰিয়ে আঁটি আঁটি বান্ধিলে আমাক চৰাইবোৰ আকাশত উৰি থকা দেখি আমি উৰন্ত ধাতুৰ পিঠিত উঠি নিজক প্ৰবোধ দিলোঁ তাৰ পিছত… যুদ্ধৰ পাছত যুদ্ধ পাতিলোঁ হৰুওৱাৰ নিচাত বাৰে বাৰে হাৰিলোঁ আজিও আমি পাতোঁ পোহৰৰ মেলা বেদীত আমাৰ একামোৰ খোৱা আপেল এটা। ☆★☆★☆

Read more

ফটাপ্ৰেমৰ কবিতা – নীলাক্ষী দেৱী ডেকা

১) নিশা হলেই তোমাৰ কথা ভাবি মোৰ ট্ৰেজেদী ফালিবলৈ বৰ মন যায় সোণামুৱা, কবিতা এটা লিখি ফেচবুকত আপলোডাবলৈকো জিঅ’ৰ নেটৱৰ্কে মুঠেই লগ নাইদিয়া। ২) তুমিয়েই মোৰ শাস্বত প্ৰেম, মোৰ সকলো সুখৰ আকৰ, যিসোপাহে ৰান্ধিলা আজি একো সোৱাদেই নাই আনাচোন নাওমান ভোট জলকীয়াৰ আচাৰ আৰু লিজ্জতৰ পাপড়। ৩) তোমাৰ চুলি প্ৰিয়া বিদিশাৰ অন্ধকাৰ নিশা, মুখ যেন শ্ৰাৱস্তীৰ কাৰুকাৰ্যৰে ভৰা, এণ্টি ৰিংকল ক্ৰীম আৰু হেয়াৰ কালাৰৰ বৰ দাম বাঢ়িছে প্ৰিয়া, অলপ কষ্ট কৰি ঢাপৰ জেতুকাজোপাৰ পাতকে পটাত পিচি লগোৱা! ☆★☆★☆

Read more

ফটাঢোল – নিতুল বুঢ়াগোহাঁই

ফটাঢোল নবজাবি ককাই বুকুখন বিষাব, ফটাঢোল বজালে হেনো বহাগীয়ে বিনাব। কোনোৱে কয় বোলে ফটাঢোলৰ চেৱতহে নাচনীৰ ককাঁল ভাঙে। কোনোৱে আকৌ কয় ফটাঢোলৰ চাপৰতহে মেঘ ককাইৰ হাঁহি বিৰিঙে। মেঘৰ হাঁহিয়ে যেন মাতাল কৰি তোলে ধৰাৰ বুকু, জীপাল কৰি তোলে আঘোণা কাইৰ সেমেকা চকু। ফটাঢোল নবজাবি ঐ ককাই ময়ূৰীয়ে নাচিব, ফটাঢোল বজালে হেনো বহুৱা বুলি হাঁহিব। এই ফটাঢোলেই যদি মাতাল কৰিব পাৰে ধৰাৰ বুকু, জীপাল কৰিব পাৰে সহস্ৰজনৰ চকু, তেন্তে তেন্তে বজামেই বজামেই এই ফটাঢোল সকলোৰে মনবোৰ কৰি নিটোল।। ☆★☆★☆

Read more

ৰাশিফল – নীলাঞ্জনা মহন্ত

শুনিয়োক সৰ্বজন জয় ৰাম বোলা৷ আধুনিক ৰাশিফল এহি প্ৰস্তাবিলা৷৷ ক্ষমিয়োক জ্ঞানীজন এহি অধৰ্মীক৷ বুদ্ধিহীন হৈয়া কৰন্ত ধেমালি ক্ষন্তেক৷৷ অবোধ অবলা হামু নাহি কোনো ডিগ্ৰী৷ প্ৰস্তৰ আঙ্গুঠি কদাপি না কৰিয়া বিক্ৰী৷৷ এহিমতে সাহস কৰিয়া দিয়া বিধান৷ নিজ ৰাশি বিচাৰ, নিজা অনুষ্ঠান৷৷ পদঃ মেষ ৰাশিৰ যদি হুয়া আছে হংসবধৰ যোগ৷ দান কৰিবেক এক ডজন ভকতক ভোগ৷৷ তেহে পাবেসে মহা সৌভাগ্যৰ মুকুতাৰ মালা৷ উদৰে পাতিহাঁহে নহ’লে কৰিবক ডিচেন্ট্ৰিৰ খেলা৷৷ বৃষ ৰাশিৰ আছে বৰলা বৰলী যদি কোনো মনুষ৷ তাহাৰ মিলিব নিশ্চয় কোনো মিলমিলিয়া হাস্যৰস৷৷

Read more

ফটা পদ্য – জিতা ফুকন

প্ৰকৃত নাম জিতা ফুকন মোৰ বিয়াৰ পিছত হ’লো বৰঠাকুৰ বাৰ বছৰে লিলিমাই কৰি এতিয়া হ’লো ঘৰৰ বুঢ়ী। চৰু কেৰাহী হেতা বাটি জীৱনত বহু লটিঘটি এইবোৰ ধৰোতেই জীৱন গ’ল জীৱনত একো কৰাই নহ’ল | এনেকৈয়ে এদিন জীৱনৰ বাটত অঞ্জন বাবুক লগ পালোঁ তেওঁৰ যহতে আজি মই ফটাঢোলৰ সদস্য হ’লো। দিনটোত এবাৰ ঢোলটো বজাওঁ নহলে দেখোন শান্তি নাপাওঁ ঘৰৰ কামবোৰ সদায়ে কৰো ঢোল বজাবলৈও নাপাহৰো। ইমানবোৰ ঢুলীয়া নাচনী আছে কাকনো চাবা কাক এৰিবা পাছে এজনে বোলে হাহঁ খায় বাকীবোৰে মূৰৰ পাখি গুচায়।

Read more

ফটা পঞ্চপদী – হেমেন ডেকা

(১) শিয়াল এটি ঘুমটিত আছিল লালকাল হাঁহবোৰে পেক্‌ পেক্‌কৈ লগালে গোলমাল শিয়াল পণ্ডিতৰ ভাগিল টোপনি হাঁহক দিবলৈ ওলাল এশিকনি হাঁহে বোলে-চাৰ আহক, কিন্ত চাব দ-খাল৷ (২) হাঁহবিলাক আজি-কালি হৈছে বহু সিয়ান শতৰুৰ নেজ দেখিলেই হয় সাৱধান পুখুৰীত চৰি থাকে জাক পাতি শিয়ালেও খেপ দিয়ে দিন-ৰাতি কেঁকোৰাই বোলে- আমাৰ ৰক্ষা পৰিল প্ৰাণ৷ (৩) চলি থাকে অবিৰাম জাতি ৰক্ষাৰ ভাওনা সৰৱ দৰ্শক এজাক নিমাখিত বাওনা অধিৰ হৈ জপিয়াওঁ কৰোঁ মাথো হাওঁফাওঁ বুজিও নুবুজোঁ অভিনেতাৰ মিঠা ছলনা৷ (৪) জংগী প্ৰদৰ্শনতে সীমাবদ্ধ জাতীয় চেতনা

Read more
1 24 25 26 27 28 38