ধৰুৱা পুৰাণ-ধূৰ্জ্যোতি কাকতি
সৰুতে এটা কবিতাত পঢ়িছিলোঁ, “সুখ নাই, সুখ নাই ক’তো ধৰুৱাৰ”৷ কিন্তু ডাঙৰ হৈ গম পালোঁ, ধৰুৱাৰ সুখ থাকক নেথাকক ধৰুৱাই কিন্তু বহুতৰ সুখ নোহোৱা কৰে৷ ধাৰ এনেকুৱা এটা বস্তু যিটো কাৰোবাৰ দুখ শুনি দিয়া হয় আৰু তাৰপাছত টকা ঘূৰাই নোপোৱালৈকে নিজৰ দুখ হৈ থাকে ৷ ইয়াত ধৰুৱা মানে বাৰু মই কিবা বিপদত পৰি, কেতিয়াবা কাৰোবাৰ পৰা ধাৰ লোৱা মানুহৰ কথা কোৱা নাই, তেনে বিপদ সকলোৰে আহিব পাৰে৷ ইয়াত মই ক’ব খুজিছোঁ নিচাগ্ৰস্ত ধৰুৱাৰ কথাহে, মানে যাৰ বাবে ধাৰ লোৱাটো প্ৰয়োজন
Read more