ফটাঢোল

মধুমতী দা ৰাজদূত-ৰূপম দত্ত

বিহু। বিহু বুলিলে আৰুনো কি লাগে। খাটি অসমীয়া লগতে পিলিঙা ডেকা। দেউতাৰ ৰাজদূতখন এতিয়া মোৰ কব্জাত। এম্বেচাদৰ গাড়ীৰ মিটাৰ এটা, গেৰেজ এটাৰপৰা আনি লগাই ল’লোঁ। কাৱাৰীৰ ওচৰত ডাঙৰ হেডলাইট এটা পালোঁ। চল্লিশ টকা দি কিনিলোঁ। নাজানো কিহৰ হেড লাইট। ৰেলৰটোতকৈ অলপমানহে সৰু, গোল। বহুত মেহনত কৰি লগালোঁ ৰাজদূতত। চুগা নামৰ এটা বিহাৰী লগৰ ল’ৰাৰ বাইকৰ গেৰেজ আছে। তাতেই এইবোৰ পৰীক্ষা চলাই থাকোঁ। লাইট জ্বলিল কিন্তু পোহৰ একেবাৰে কম। হ’ব, মোৰ কাম চলি যাব। সেইদিনত দূৰ মানে এফালে ডিব্ৰুগড়, এফালে বৰডুবি,

Read more

ৰক্ত-পূৰৱী বৰুৱা

“.….মানৱ সমাজত তেজৰ চাৰিটাই মূল ভাগ। ক’লা হওক বা বগা হওক দেখিবলৈ ধুনীয়া হওক বা বেয়া হওক কাটিলে জীৱিত মানুহৰ তেজ ওলাব। এই তেজ পৰীক্ষা কৰিলে চাৰিটা গ্রুপৰ মাজৰ এটাত পৰিব। সেয়ে আমি মানুহক মানুহ হিচাপে ভালপাব লাগে, সন্মান কৰিব লাগে, জাত-পাত ধনী-দুখীয়া, ক’লা-বগা চাই বেলেগ বেলেগ আচৰণ কৰা অনুচিত।….” মঞ্চত সুবক্তা অভিষেক বৰুৱাই দিয়া ভাষণ পৰীস্মিতাই মনোযোগেৰে শুনিছে। জেৰিনাই তাইক চিকুটি দিলে।  : উস্!  চিকুট খোৱা জেগাখিনি মোহাৰি তাই জেৰিনালৈ চালে।  : ঐ শহুৰৰ ভাষণ শুনি ভোল গ’লি দেখোন,

Read more

হম তুমহাৰা মাৰ্ডাৰ কৰ দেগা – ৰেখা ডেকা

ভয় শংকাত কটোৱা সেই ৰাতিটো৷ কেনেকুৱা লাগিছিল বুজাব নোৱাৰোঁ। চেকেণ্ডতে যেন ৰাতিটো পুৱাই যাওক৷ পিছ মুহূৰ্ততে আকৌ ভাবোঁ চেকেণ্ডত ৰাতি পুৱালে মোৰহে বাৰ বাজিব।  কথাটো ঠিক এনেকুৱা আছিল। ডিপাৰ্টমেণ্টত এচাইনমেণ্ট জমা দিব লাগে আৰু শেষ তাৰিখ আছিল পিছদিনা৷ ঠিক তাৰ আগতে মোৰ জীৱনলৈ সংশয় নামি আহিল। আহিল মানে নিজেই মাতিলোঁ৷ মনৰ মাজত জুকীয়াই লোৱা কথাবোৰ লিখিবলৈ সহজ মানে ভাতৰ লগত পানী খোৱা কথা বুলি ভাবি বহি থাকিলোঁ, তাতে সময় অফুৰন্ত আছিল যিহেতু৷ ভবা কথাহে জ্ঞান ঘূৰিল জমা দিয়াৰ শেষ তাৰিখৰ

Read more

ৰামায়ণ একবিংশতি-হৰ্ষজিৎ কলিতা

“ককায়েৰাৰ মুড কেনে?” এনেদৰে লিখা মেচেজটো চিন কৰিও বিভীষণে ৰিপ্লাই নিদিয়াত ৰামচন্দ্ৰ পুনৰ চিন্তাত পৰিল। মনে মনে ভয় এটাও লাগিবলৈ ধৰিলে, এই বিভীষণে আমাকো ধৌকা দিলে নেকি! কথাটো গম পালে হনুমন্তই। প্ৰভু ৰামচন্দ্ৰৰ চিন্তা মানে সেৱকৰো চিন্তা। তাতে আকৌ এই অভিযানৰ মূল হোতা হনুমন্ত। হনুমন্তই লগে লগে বানৰ সেনাৰ ৱাটচেপ গ্ৰুপত মেচেজ এটা লিখিলে- “siror man beya, misson alap pisuabo kijani,tohote alap palamkoi saju haleo kotha nai”। হনুমন্তই ৰামচন্দ্ৰৰ ওচৰলৈ গ’ল আৰু ক’লে, : প্ৰভু, বিভীষণ অনলাইন নাই যদি ফোন

Read more

কেৰিয়াৰ গাইডেন্স- অভিজিত কলিতা 

ফটাঢোলৰ ৰাইজে কেৱল খাওঁ খাওঁকৈয়ে নেথাকে, জাতি-মাটি-ভেটিৰ নিমিত্তেও বহুত কাম কৰে। তাৰ ভিতৰত এটা হ’ল কেৰিয়াৰ কাউন্সেলিং। চাকৰি পোৱা সহজ, কৰা টান বুলি কোৱা কথাটোক সৰোগত কৰি ফটাঢোলে বিভিন্ন কেৰিয়াৰত সফলতা পোৱাৰ টিপচ কিছুমান দি আহিছে, লগতে মাইনা-বাবুসকলক নতুন নতুন কেৰিয়াৰৰ কথাও জনাই আহিছে। কিছুদিনৰ আগতে প্ৰশাসকবৃন্দৰ আদেশত ভাৰতৰ ৰাষ্ট্ৰপতিৰ চাকৰি পালে কি কি কৰিব লাগিব, সেই বিষয়ে বিস্তৃত প্ৰতিবেদন এই ফটাঢোলতে প্ৰকাশ কৰিছোঁ। সি যি কি নহওক, আমি আজি আলোচনা কৰিব লগা চাকৰিটো হ’ল, অসমীয়া নিউজ চেনেলৰ মুখ্য সম্পাদকৰ

Read more

প্ৰসংগ : বাটিছেট-ববিতা শৰ্মা

বৰ্তমান বাটিছেট নামৰ উপহাৰবিধে অসমৰ সকলো ধৰণৰ উৎসৱতে নিজৰ অস্তিত্ব জাহিৰ কৰাৰ লগতে সদম্ভে নিজৰ স্থিতি স্পষ্ট কৰিছে। সাম্প্ৰতিক কালত  নামী দামী উপহাৰৰ তুলনাত এইবিধ ৰঙীন কাগজেৰে মেৰিয়াই থোৱা স্বনামধন্য উপহাৰ বিধৰ ইমানেই জনপ্ৰিয়তা বাঢ়িছে যে এটা ৰিচাৰ্চ মতে এখন বিয়াৰ সকলো উপহাৰ লগ লগালে প্ৰায় পয়সত্তৰ শতাংশই বাটিছেটৰ প্ৰাধান্য পোৱা যায়। কথা গৈ ইমানলৈ পাইছে যে কোনো প্ৰেমিকে প্ৰেমিকাক এই বুলিও ক’বলৈ লৈছে – “তোমাৰ কথা ভাৱিলে মোৰ উলাহে নধৰে হিয়া, তুমি আৰু মই যেন বাটিছেট আৰু বিয়া!” কিন্তু

Read more

বান্দৰী সুন্দৰী-গীতাৰ্থী গোস্বামী 

কাহিনী ৰামায়ণৰ পাছৰ সময়ৰ। ৰামে যুদ্ধ জয় কৰি সীতা মাতাক উদ্ধাৰ কৰি আনি ডাঙৰকৈ এটা পাৰ্টি দিলে। দেশ বিদেশৰ মানুহ, বান্দৰ সকলোকে নিমন্ত্ৰণ জনালে। যুদ্ধলৈ যোৱা বান্দৰবোৰ সেই সময়ত গপতে গংগাটোপ হৈ আছে। “আমাৰ জহতে ৰজা ৰামচন্দ্ৰ লংকালৈ গৈ মহা প্ৰতাপী ৰাৱণক বধ কৰিব পাৰিলে। আমাৰ জহতে সাগৰ পাৰ হ’ব পাৰিলে। আমাৰ জহতে সেই হেন সুন্দৰী সীতা মাতাৰ লগত প্ৰভু ৰামচন্দ্ৰৰ পুনৰ্মিলন হ’ল।” গপতে সিহঁতে নেজবোৰ দাঙি, বুকু ফুলাই খোজ কঢ়া হ’ল। পাৰ্টিৰ নিমন্ত্ৰণ পোৱাৰ পাছত আৰু কোনে পায়! যুদ্ধলৈ

Read more

ভাৰ্চুৱেল জগতত মই-কমলা দাস

কথাটো বুজিছেনে! জীৱনৰ আধাতকৈও বেছি বয়স পাৰ কৰিলোঁ ফেচবুক নকৰাকৈয়ে। অৱশ্যে ফেচবুকৰ বিষয়ে যে শুনা নাছিলোঁ, তেনেকুৱা নহয়। অৰ্কুটক টক্কৰ দি যেতিয়াৰপৰাই ফেচবুকে পদাৰ্পণ কৰিছে, তেতিয়াৰপৰাই নামটো শুনিছিলোঁ। পিচে মোৰ কোনো আগ্ৰহ নাইবা আকৰ্ষণ নাছিল। ছোৱালীয়ে ২০০২ ত দিল্লীত পঢ়ি থাকোঁতে তাই কেতিয়াবা কয়, মা কম্পিউটাৰ দোকানত যাওঁ, ইণ্টাৰনেটত কাম আছে। (কেফে!) সেই সময়ত অসমত ইণ্টাৰনেট কৰিবপৰা কম্পিউটাৰৰ দোকান আছিল নে নাই জনা নাছিলোঁ। দিল্লীত ঘণ্টাত দহ টকাকৈ লৈছিল ইণ্টাৰনেট ব্যৱহাৰ কৰিলে। তাইক হিচাব কৰি চলিবলৈ কৈছিলোঁ। ইণ্টাৰনেটৰ সুবিধা সুলভ

Read more

পুৰুষে ৰন্ধা চিকেন কাৰীৰ ৰেচিপি-দেৱজিত শইকীয়া

উপকৰণ : মাংস : বজাৰৰপৰা কিনি অনা গোটেইখিনি৷ পিয়াঁজ : ঘৰত বিচাৰি খুচৰি পোৱা পিয়াঁজ গোটেইকেইটা৷ আদা, নহৰু : গুচাই ভাগৰ লগালৈকে যিকেইটা হয়৷ জলকীয়া : পিছদিনা পুৱা চিন্তা কৰিবলগীয়া নোহোৱা জোখৰ৷ আলু : মাংস কম হ’লে বেছিকৈ বা মাংস বেছিকৈ হ’লে কমকৈ৷ জিৰাগুৰি : পাঁচটকীয়া পেকেট গোটেইটো৷ ধনিয়াগুৰি : জিৰাৰ দৰেই৷ জলকীয়াগুৰি : কেৰাহিত অকন অকন কৈ দি ৰংটো ৰঙা হৈছেনে নাই অনুভৱ কৰা পৰিমাণৰ তেল : দুই তিনিবাৰ কেৰাহী আৰু মাংসখিনি চাই আইডিয়া কৰি নিজৰ জোখত দিব৷ পানী

Read more

তাহানিৰ গাঁওখনৰ কথাৰে-দ্বীজেন তামূলী

ওপজা গাঁওখনৰ কথাবোৰ হয়তো কোনেও পাহৰিব নোৱাৰে৷ সৰু কালৰেপৰা উমলি-জামলি বোকা পানী গচকি ডাঙৰ-দীঘল হোৱা এই গাঁওখনৰ বহু কথা এতিয়া মনত পৰে৷ তাহানিৰ গাঁওখনৰ লগত অৱশ্যে এতিয়াৰ গাঁওখন কিছুমান ক্ষেত্ৰত সম্পূৰ্ণ অমিল দেখা যায়৷ তাহানিৰ গাঁওখনৰ মানুহবোৰৰ সৰহ সংখ্যকেই  আজিৰ তুলনাত নিৰক্ষৰ আছিল বা শিক্ষা-দীক্ষাত পিছপৰা আছিল কিন্তু সমাজৰ যি বান্ধোন বা সামাজিক ঐক্যবদ্ধতা এতিয়াৰ তুলনাত বহুত ওপৰত আছিল৷ ইঘৰৰ লগত আনঘৰৰ মিলাপ্ৰীতি সহায় সহযোগীতা এতিয়াতকৈ নিশ্চিতভাৱে বহু গুণে বেছি আছিল৷ সৰু সুৰা দন্দ কাজিয়া আদি সমাজৰ লোকেই নিষ্পত্তি কৰিছিল

Read more
1 18 19 20 21 22 84