ফটাঢোল

মনোৰঞ্জন বিশেষ… – ৰিমঝিম বৰঠাকুৰ

‘এইটোক পালে ঠিকছে কোবাব লাগে।’ ‘অসমীয়া সংস্কৃতিৰ নামত জাৱৰ সানিছে।’ ‘হে ভগ, এইয়া দেখিবলৈকে জীয়াই আছোঁ নে!!!….’ ‘ইয়ে ব্বে, মৰি নাযাৱ কিয় ব্বে’ এনেদৰে কেইবাটাও বেলেগ বেলেগ কেপচনত এটা ভিদিঅ’ৰ পোষ্ট ফেচবুক ফীডত আহি আছিল। কেপচনকেইটা দেখিয়েই নাচাও‍ঁ বুলি স্ক্ৰোল ডাউন কৰি বেলেগ ফীডবোৰ চোৱাত লাগিলোঁ। কিন্তু মানুহৰ মনহে নিজকে কিমাননো কণ্ট্ৰোল কৰিম। কেপচন দেখিয়েই ভিডিঅ’টোত কি মাল আছে জানিবলৈ মোৰ বাকী নাই। এনেকুৱা ফটুৱা কিবা এটাই হ’ব। হ’লেও কিনো কৰিছে তাকে যদি নাচাও তেন্তে মই আজিৰ দিনটোৰ কাৰণে মনোৰঞ্জনৰ

Read more

নাম বিভ্ৰাট – ডা° ভূপেন শইকীয়া

১/ ‘ভগবান’ আহিল মোৰ চেম্বাৰত শৰীৰ পৰীক্ষা কৰাই চিকিৎসা ল’বলৈ৷ মই সুধিলোঁ, : কোৱাচোন, এই নৰমনীচে ভগবানক কেনেকৈ সহায় কৰিব পাৰোঁ? ভগবানৰ মুখত বিৰিঙা হাঁহিটোৱেই মোৰ প্ৰাপ্তি! ২/ এজনে ৰোগীয়ে খৰখেদা লগাই উচপিচাই আছিল৷ পাল পৰিলত চোৱাৰ আগতে ৰোগীৰ ফাইলত চকু দিলোঁ৷ নাম ধৰ্মেন্দ্ৰ৷ মই সুধিলোঁঁ, : শ্বোটিংত যাবলৈ পলম হৈছে নেকি? লাজুকুৰীয়া হাঁহিৰে ৰোগীজন শান্ত হ’ল ! ৩/ মোৰ ক্লিনিকত দুজনী ফিলিপিনো ৰিচেপচনিষ্ট আছে৷ নাম দুটা হ’ল এপ্ৰিল আৰু মেৰী৷ মোৰ সদায় ওলোটা-পোলোটা হয়৷ এটা ফৰ্মুলা প্ৰয়োগ কৰাত  এতিয়া

Read more

ছাঁ – বৈদুৰ্য বৰুৱা

এই কেইদিন যি অসহ্য গৰম পৰিছে, উঃ! সেয়া আৰু নতুনকৈ কাকো বুজাই কোৱাৰ প্ৰয়োজন নাই।আকাশ, বতাহ সকলো গৰম। প্ৰখৰ ৰ’দৰ উত্তাপত সকলো জীৱন্ত প্ৰাণী বাদেই গছ বিৰিখেও ত্ৰাহি মধুসুদন দেখি গৈছে। উৎকট গৰমত থাকিব নোৱাৰি নিশা অলপ বাহিৰলৈ ওলাই আহিছিলোঁ। হয়তো নিশা চাৰে ন মান হৈছিল। ভাবিলোঁ আধাঘণ্টামান ফুৰি ভাত খাই শুমগৈ আৰু৷ ঘৰৰ পৰা যিহেতু পাৰ্কখন বেছি দূৰ নহয় সেইকাৰণে যিকোনো সময়তে পাৰ্কখনলৈ গৈ অলপ মুকলি শীতল বতাহ সেৱন কৰিবলৈ মোৰ এটা সুবিধা আছে আৰু কেৱল ময়েই নহয়। বিশেষকৈ

Read more

নিচা – ধূৰ্জ্জটি কাকতি

: আলমৰ দোকান কোনখন? মোৰ প্ৰশ্নটোৰ উত্তৰত মোবাইলত চকু নিৱদ্ধ ল’ৰাজনে মোৰফালে মূৰ তুলি চালে আৰু নিৰুদ্বেগ ভাবে ক’লে “দোকান বন্ধ আছে।” : বন্ধ নে খোলা মই সোধা নাই, কোনখনহে সুধিছোঁ‌? : মাল লাগে নেকি? : ও মাল লাগে৷ : কোনে ক’লে ইয়াত মাল পাই বুলি? : ৰাজীৱদাই ক’লে৷  : আচ্ছা, আহক৷ মই আলমৰ ভতিজা৷  এইবাৰ তাৰ মাত কোমল হ’ল। বুজিলোঁ‌ আলমৰ ভতিজা চোৰাংচোৱাহে৷ আলমে  বাহিৰত পুলিচৰ ওপৰত চকু দিবলৈ ৰখাই থৈছে৷ ৰাজীৱে কালি ফোন কৰিছিলে, গোটেই এৰিয়াত লকডাউনত অকল

Read more

দিক্‌দৰ্শন- ড° লক্ষ্যজ্যোতি বৰঠাকুৰ

ৰাতিপুৱা শুই উঠি চোতালতে টহল দিছিলোঁ অকণমান, আহি ওলাল চুবুৰীৰে বৰুৱাৰ ল’ৰাটো। ক্লাচ টেইনত পঢ়ে, বিৰাট তীখৰ, পঢ়া-শুনাতো ভাল। অলপ দেশ দুনীয়াৰ খবৰো ৰাখে। গেটৰ ওচৰৰ পৰাই মাত দিলে, -“আংকল কি কৰিছে?” আহিলেই নহয় খঙটো টিঙিচকে মাৰি। আমাৰ এই হেন চীৰ চেনেহী ভাষাটোত ইমান ধুনীয়া ধুনীয়া শব্দবোৰ থাকোঁতে দিলে নহয় সেইডাল সম্বোধন কৰি! এতিয়া সি মোক মামাই বুলিলে নে, খুড়াই বুলিলে? পেহা, মহা, বৰতা, জেঠপেহা কি বা বুজালে বেটাই? ভাবিছিলোঁ বক্তৃতা এটা দিয়েই দিওঁ, কিন্তু নিদিলোঁ। ইমানদিনে বুজি গৈছোঁ এইবোৰ

Read more

অব_মেৰা_চান্স-মনোজ শৰ্মা

ৰাতিপুৱাই বাতৰিখন হাতত লৈ পঞ্চল্লিশ বছৰীয়া নগেন পোন্ধৰ বছৰীয়া ল’ৰাজনৰ নিচিনাকৈ উধাতু খাই দৌৰি আহি ঘৰ সোমাই চিঞৰিবলৈ ধৰিলে, ..”বোলো, হেৰা শুনিছা নে? অ’ টিখৰ বাবাতো শুনিছ’ নে? মোৰ আউ ভাগ্য উদয় হ’ল৷ মই তোমালোকক যে কৈ থাকোঁ কষ্ট কৰিলে মানুহ এদিন হ’লেও সফল হ’বই৷ এয়া মোৰ সময় আহি গ’ল৷ হেৰা, তুমি যে মোক ভেঙুচালি কৰা বাথৰূম চিংগাৰ বুলি, এতিয়া আৰু নোৱাৰিবা৷ চোৱা, এইবাৰ মোৰ চান্স!” “কি কৈ আছে এইবোৰ? কি চিংগাৰ, কি চান্স?” নগেনে মাক-পুতেকৰ সন্মুখত বাতৰিখন মেলি ধৰি

Read more

পাকচক্ৰ: অনামিকা চলিহা

বিয়া নামৰ জালখনৰ পাকচক্ৰত সোমাবলৈ তাইৰ সমূলি ইচ্ছা নাছিল৷ নাছিল আগ্ৰহো৷ জীৱনটোনো কি আৰু! মাক-দেউতাক থকালৈকে সিহঁতৰ লগতেই থাকিব৷ তেওঁলোকৰ মৃত্যুৰ পাছতেই বা আগতেই অনাথ শিশু এটা তুলি ল’ব৷ অলপ হ’লেও পূণ্য কৰা হ’ব৷ জীৱনটো তেনেকৈয়ে চলি যাব৷ চাকৰিটো আছেই৷ আনৰ ওচৰত হাত নপতাকৈ জীৱনটো কটাব পাৰিব৷  পিচে সব কামে নকৰোঁ বুলিলেই নহয়৷ কৰোঁ বুলি ভবা কামো কেতিয়াবা কৰা নহয়, অথচ দৈৱদুৰ্বিপাকত নকৰোঁ বুলি ভবা কামবোৰেই শেষত কৰিব লগা হয়৷ তাইৰো একেই হ’ল৷ অকলশৰে লাইফটো কটাম বুলি ভবা তাইৰ সিদ্ধান্তত

Read more

ৰামলীলা – শ্ৰুতিমালা মিশ্ৰ

আমাৰ নলবাৰীৰ মানুহবোৰৰ ৰাস বুলিয়েই গা সাতখন-আঠখন। কাৰণ ৰাসৰ মেলাখন যিদৰে আমাৰ মুখ্য আকৰ্ষণ ঠিক সেইদৰে ১০-১৫খন ভ্ৰাম্যমাণ থিয়েটাৰো আমাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু৷ দুৰ্গাপূজাৰ সময়ত গাঁৱৰ পূজাত (বেলশৰ দেৱালয়ত), ওচৰৰে চামতা, বিহামপুৰ আদিৰ পূজাতো আমিবোৰে অধিৰ আগ্ৰহেৰে বাট চাই থকা বস্তুটোৱেই হʼল ভ্ৰাম্যমাণ থিয়েটাৰ৷ পূজাত গাঁৱত বা ওচৰৰ ঠাইবোৰত থিয়েটাৰ চোৱাতকৈ আমি নলবাৰীৰবোৰে সাধাৰণতে ৰাসত থিয়েটাৰবিলাক চাওঁ,‌ ইয়াৰ কাৰণ বেছিভাগ দুটাই৷ প্ৰথমটো কাৰণ হʼল – ৰাসৰ সময়লৈ বিভিন্ন ঠাইত নাট মঞ্চস্থ কৰি কৰি বিভিন্ন অভিনেতা-অভিনেত্ৰীবোৰৰ নিজৰ নিজৰ নাটকৰ ভাল ৰিহাৰ্চেল হয়

Read more

লকডাউনৰ প্ৰভাৱ-মনিষা শৰ্মা

Before Lockdown:: ঘৰ ঝাৰু দিয়া, মচা, বাচন ধোৱা, কাপোৰ ধোৱা, ভাত ৰন্ধা সময়ত হোৱা অনুভৱ:: 1. এগালমান টকা থকাহেঁতেন কাম কৰা মানুহ ৰাখি আৰামত বহি থাকিব পাৰিলোহেঁতেন৷ এতিয়া এইসোপা কাম কৰোঁতে কৰোঁতে কঁকাল বেঁকা হৈ যাব কোনোবাদিনা৷ 2. আজি বৃহস্পতিবাৰ নহয়তো! গতিকে ঘৰটো অকল ঝাৰু দি থ’ম ৷ নমচিলেও হ’ব ৷ 3. এই মানুহকেইটাই কাপোৰ ইমান লেতেৰা কৰে৷ সদাই সদাই কাপোৰ ধুই ধুই ধোবা বনি গৈছোঁ আৰু! 4. অলপদেৰি মোবাইলটো পিটিকি লওঁ৷ কাম কৰিবলৈ মুডটো বনিব তেতিয়া৷ 5. ভাতৰ লগত

Read more

আত্মবিশ্বাস  – সত্যেন মহন্ত

এনেই মানে নিজকে ভাল গানটিষ্ট বুলিয়েই গৌৰৱ এটা মনে মনে আছিলে ইচকুলত পঢ়োঁ‌তে৷ বছৰেকীয়া ফাংচনত ঢেৰ ল’ছালিৰ মাজত ক’ৰাচ গাবলৈ নিৰ্ধাৰিতভাৱে পাওঁৱেই বাবে মনৰ ভিতৰত বিশ্বাসটোৱে নাৰিকলৰ শিপাৰ দৰে দিগন্তক সিঁয়াৰি বিয়পি পৰিছিল একেবাৰে মোৰ লগৰ গৰুপালৰখীয়া কেইটাৰ সমস্বৰৰ গুণগুণনি সহিতে হাতৰ চাপৰিলৈকে। সেইমতে মাহঁতৰ আগত কাষৰ চাপলায়নি পেহীদৌহঁতৰ আগতো সুৰ টানি প্ৰশংসা বুটলিছোঁ‌ দেও। গতিকে আত্মবিশ্বাস সুৰীয়া তুংগত এইগুণে চলি চলি হাইস্কুলৰ দেওনা  পাৰ হৈ যোহাট পালোঁ‌হি৷  এদিন আগত দেওবাৰটো লৈ গাঁ‌ও ফুৰিবলৈ লাদৈগড়লৈ (যোহাটৰ উপকন্ঠ অঞ্চল) যাবলগীয়া হ’ল

Read more
1 22 23 24 25 26 84