ফটাঢোল

ৰৌমাছৰ ফিচা শ্ৰীমতীৰ আশা – প্ৰান্তৰ ভাগবতী

: হেৰা শুনাচোন। কালিলৈ মাহঁত আহিব নহয়। তুমি কিন্তু ৰাতিপুৱা সোনকালেই বজাৰ যাবা৷ দেৰিলৈকে শুই থাকি পিছত ভাল মাছ নেপালোঁ বুলি ক’লে চাবা কিন্তু। কিমান দিনৰ পাছত মাহঁত আহিব। আৰু শুনা। মাছৰ ফিচা ডোখৰ কিন্তু ডাঙৰ কৈ কটাই আনিবা। জানা নহয়। বিচনাত পৰি লৈয়ে শ্ৰীমতীয়ে কৈ উঠিল। : হ’ব দিয়া। এতিয়া মোক সোনকালে শুবলৈ দিয়া। তেতিয়াহে ৰাতিপুৱা সোনকালে উঠি বজাৰ যাব পাৰিম। এই বুলি কৈ শুবলৈ ওলালোঁ। মনলৈ কথা কিছুমান ভাঁহি আহিল। সাধাৰণতে আমাৰ ঘৰবোৰত আগতে যৌথভাবে থকা পৰিয়ালবোৰত মতা

Read more

বিবাহিত বৰলাৰ এসাজ – বিজয় মহন্ত

বিবাহিত বৰলা চিনি পাইনে?তেওঁলোকে বনোৱা এসাজ খাওক। প্ৰথমতে কুকাৰটো বিচাৰি পৰিবাৰলৈ ফোন লগাওক। ঘৰৰ মানুহৰ লগত আড্ডা মাৰিবলৈ পাই তেওঁ যে ফোন ক’ত থৈছে ক’বই নোৱাৰিব। গতিকে যিমান সময়লৈকে ফোন ৰিচিভ নকৰে ফোন মাৰি থাকক মাৰিয়েই থাকক। এটা সময়ত তেওঁ ফোন ৰিচিভ কৰিব। তেওঁৰ বিৰক্তি ভৰা মাতত হতাশ নহ’ব। যিমান পাৰে কোমল মাতেৰে কুকাৰটো ক’ত আছে সোধক আৰু উত্তৰ পোৱাৰ লগে লগে ফোন কাটক। এইবাৰ আপোনাৰ কাম হ’ল কুকাৰটো ধোৱা। কুকাৰটো ধুই আপোনাৰ কাম হ’ব চাউল বিচৰা। প্ৰতিটো টেমা খুলি

Read more

পুতুকণ আৰু হৰৰাম- দেৱাঞ্জন বৰঠাকুৰ

পুতুকণ বৰা ধাৰ্মিক ব্যক্তি। হাতত চাৰিটা আঙুঠি আৰু কপালত এটা ফোট পূৰ্ণ চন্দ্ৰৰ দৰে জিলিকে। হৰৰামৰ পিতাক ঈশ্বৰ চন্দ্ৰ বৰুৱাই ল’ৰাৰ নাম ঈশ্বৰৰ নামতে ৰাখিছিল হৰৰাম বুলি। পাছে বিলাতী শিক্ষা পাই গুৰু গোঁসাই নমনা হ’ল। লাহে লাহে দুয়ো বয়সত লোদোৰ পোদোৰ হৈ আহিল। পুতুকণে ঈশ্বৰত শৰণ ল’লে, হৰৰামে মুক্তচিন্তাত শৰণ ল’লে। শৰণ দুয়ো ল’লে। স্বাভাৱিকতেই সময়ে সময়ে ৰজা সলনি হৈ থকাটো এটা নিৰ্ঘাত সত্য ঘটনা। পুতুকণৰেই ভাগ্য নে হৰৰামৰেই দুৰ্ভাগ্য, এইবাৰ প্ৰজাই ঈশ্বৰ ভকতিত নিমগ্ন ৰজা পালে। লাহে লাহে ৰজাই

Read more

অজ্ঞাত শত্ৰু- যোগেশ ভট্টাচাৰ্য্য

জেৰক্সৰ দোকানখনৰ বাহিৰৰ বেঞ্চখনত বহি ৰৈ আছিল সি আৰু তাৰ লগৰ কেইজনমান এজেণ্ট। ওচৰে-পাঁজৰে আৰু কেইজনমান অতি সাৱধানে কাৰো সন্দেহৰ চকুত নপৰাকৈ পিয়াপি দি আছিল। ৰাতিপুৱাই সিহঁতক সেইখিনি ঠাইত এৰি থৈ যোৱাৰ উদ্দেশ্য আছিল দোকানখনলৈ অহা প্ৰতিজন মানুহৰ ওপৰত চোকা নজৰ ৰখা আৰু চেগ বুজি নিৰ্দিষ্ট মানুহ কেইজনমানক টাৰ্গেট কৰা। ইতিমধ্যেই এজন মানুহৰ লগত দুজনমান এজেণ্ট লগাই দিছিলেই সি। যিটো উদ্দেশ্যলৈ সিহঁত বাহিৰলৈ ওলাইছিল তাৰ বাবে এজন মানুহক কৰায়ত্ব কৰাটোৱেই যঠেষ্ট নাছিল। চেইন চিষ্টেমত জড়িত হৈ থকা আটাইবোৰ মানুহবোৰক টাৰ্গেট

Read more

কণ্টকৰাম আনপ্লাগড- দেবজিত শৰ্মা

মবাইলৰ স্ক্ৰীণখনত চকু ফুৰাই কণ্টকৰাম জুনিয়ৰে বিৰবিৰাই উঠিল, : চাল্লা! ফটো দিয়াৰ এঘণ্টা হ’ল৷ মাত্ৰ ১০ টা লাইক আৰু ৩ টা কমেণ্ট! এদিন আগতে পাৰ্লাৰত গৈ ফেচিয়েল কৰাই অপ্ৰয়োজনীয় কাঁইটবোৰ থ্ৰেডিং কৰাই আহিছোঁ৷ টকা কি গছত লাগে! পাৰ্লাৰত ভৰি অহা ধনতকৈ কম লাইক পালে বেং একাউণ্টেই ডি এক্টিভ কৰি দিম৷ প্ৰকৃততে ফেচবুকত কণ্টকৰামৰ এফ আৰ পি একেবাৰেই বেয়া এই কেইদিন৷ আপডেটবোৰতো পূৰ্বৰ দৰে লাইক কমেণ্ট নাই৷ এটা সময় আছিল কণ্টকৰাম জুনিয়ৰৰ ভাতখোৱা মাছখোৱা আপডেটতেই শ শ লাইক কমেণ্ট আহিছিল৷ :

Read more

ফটাজান- অৰুণাভ মহন্ত

(এই কাহানীটোৰ এটাও চৰিত্ৰ কাল্পনিক নহয়৷ কোনো ব্যক্তিবিশেষৰ লগত নাম আৰু চৰিত্ৰৰ মিল পালে তাক সম্পূৰ্ণৰূপে উদ্দেশ্য প্ৰণোদিত বুলি ধৰে যেন) বহুবছৰ আগতেই এখন কিতাপত পঢ়া মনত পৰে অখ্যাত এই সৰু ঠাইখনৰ কথা৷ তেতিয়াৰপৰাই কিবা যেন এক আকৰ্ষণ আছিল মোৰ এই ঠাইখনৰ প্ৰতি৷ কিবা এক ৰহস্য আছে এই ঠাইত হেনো, আনএক্সপ্লোৰ্‌ড ঠাই। মোক বহুবছৰৰ পৰা যেন ৰিঙিয়াই মাতিছে ‘ফটাজানে’ এনেকুৱাও লাগে যেন কিবা এটা লেখাৰ প্লট পাম! কিবা নজনা কথা জানিম, কিবা ৰহস্য উদ্ঘাটন কৰিম৷ জাতিংগা, মায়ং এতিয়া পুৰণা হ’ল৷

Read more

কবি হোৱাৰ বিড়ম্বনা- ডা° শ্বফিক-উজ-জামান 

(প্ৰয়াত ডা° শ্বফিক উজ জামান সাহিত্যৰ এগৰাকী নিৰৱ সেৱক আছিল৷ মেঘালয় সীমান্তৰ ফুলবাৰী নামক ভিতৰুৱা গাঁঁৱত থাকিও ‘নৱ-পৰিচয়’, ‘অংকুৰ’ আৰু ‘ৰঙাই’ নামক লিটিল মেগাজিন অনিয়মিতভাবে হ’লেও প্ৰকাশ কৰি স্থানীয় কবি-সাহিত্যিকসকলক উৎসাহ দিছিল৷ গল্প, কবিতা লিখাৰ বাহিৰেও ডা° জামান আছিল অবিভক্ত গোৱালপাৰা জিলাৰ ইতিহাসৰ এজন বিশিষ্ট গৱেষক৷ তেওঁৰ লেখাৰ ওপৰত ভিত্তি কৰিয়েই প্ৰত্নতত্ব বিভাগে গাৰো পাহাৰত স্থানীয় কোচ ৰজা বিষ্ণু দত্তৰ ৰাজ-প্ৰসাদ, মঠ-মন্দিৰ আৰু বৌদ্ধ স্তুপ খান্দি উলিয়াবলৈ সক্ষম হৈছিল৷ বৰ্তমান সেই স্থান পৰ্যটকৰ বিশেষ আকৰ্ষণৰ স্থলী৷ চাকৰিসূত্ৰে অসম চৰকাৰৰ পশু

Read more

কুকুৰৰ নেজ- সোণটো ৰঞ্জন বৰুৱা

“দাদা আহিছোঁ৷” – কাৰোবাৰ মাত শুনি খকামকাকৈ সাৰ পালোঁ। পুৱতি নিশাৰ অৰ্ধনিমিলিত চকুৰে দেখিলোঁ মোৰ সহযাত্ৰীজন, হাতত ধৰি কৈ আছে৷ “গোটেই যাত্ৰাটো ৰসাল কৰি তোলাৰ বাবে ধন্যবাদ দাদা৷” – কথাষাৰ কৈ, মই কিবা কোৱাৰ আগতেই লৰালৰিকৈ তেখেত নামি গ’ল৷ তেখেত নামি যোৱাৰ পাছত ময়ো ইউৰিণেললৈ গৈ পুনৰ নিজৰ বাৰ্থলৈ উঠোঁতেই তেখেতে এৰি যোৱা বাৰ্থলৈ চকু যোৱাত থৰ লাগিলো৷ কালি নিজৰ গৱেষণাৰ বিষয়ে ক’বলৈ গৈ সেই সম্ভাৱনাপূৰ্ণ বিজ্ঞানীজনে যিটো ফাইল দেখুৱাইছিল, সেইটো চিটতে এৰি গ’ল৷ কি কৰোঁ এতিয়া! ইতিমধ্যে বহু পলম

Read more

বিড়ম্বনা- নিলাক্ষী কাকতি

আজি অফিচৰ পৰা আহি থাকোঁতে বৰুৱাৰ মনটো ভাল লাগি আহিছে৷ মনটো ফৰকাল৷ বাইকখন পাৰ্কিং কৰা ঠাইত থৈ তেওঁ অকনমান বজাৰ কৰি লৈ যাব বুলি ভাবিলে৷ ক্ষীৰেশ্বৰ বৰুৱা৷ জলসিঞ্চন বিভাগৰ বৰবাবু৷ এই ‘বৰবাবু’ বুলি কোৱাৰ লগে লগে সাধাৰণতে আমাৰ মনত যিটো ভাৱ আহে তেওঁ তাতকৈ অলপ ব্যতিক্ৰম৷ টেবুলৰ তলেদি টকা গোটোৱাৰ তেওঁ পক্ষপাতী নহয়৷ তেওঁৰ মতে দৰমহাৰ টকা কেইটাৰেও তেওঁৰ তিনিজনীয়া পৰিয়ালটো সুখেৰে চলিব পাৰিব৷ এটাহে ল’ৰা৷ গাঁৱতো কিছু পৰিমাণে পৈতৃক সম্পত্তি আছে৷ গতিকে আনৰ হা-হুমুনিয়াহে ভৰা টকা গোটাই পাপ চপাব

Read more

নাফ্ৰাশ্ব আৰু কবি- আশ্বিক জামান

সঁচা কথা ক’বলৈ গ’লে শৈশৱত কবিতা আৰু কবিৰ বিষয়ে মোৰ ধাৰণা খুব এটা সুবিধাজনক নাছিল। তাৰ কাৰণ পিছে নথকাও নহয়। আমাৰ সৰু চহৰখনত বঙালীভাষী মানুহৰ সংখ্যা লেখত ল’বলগীয়া আছিল কাৰণেই নেকি প্ৰতি বছৰ ‘ৰবীন্দ্ৰ জয়ন্তী’ অৰ্থাৎ ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন অতি ওলহ-মালহৰে উদযাপন কৰা হৈছিল। দিনজোৰা দীৰ্ঘ কাৰ্যসূচী, একেবাৰে শেষত সাংস্কৃতিক সন্ধিয়া। সাংস্কৃতিক-সন্ধিয়া বুলি কোৱা হয় যদিও কাৰ্যক্ৰম চলে শেষ ৰাতিলৈকে। চহৰৰ আবাল-বৃদ্ধ-বণিতা সকলোয়ে প্ৰতি বছৰ অতি আগ্ৰহৰে অপেক্ষা কৰে ‘ৰবীন্দ্ৰ জয়ন্তী’ৰ। প্ৰায় এমাহ আগৰ পৰাই আৰম্ভ হয় অনুশীলন, সকলো শিল্পীয়ে

Read more
1 24 25 26 27 28 84