ফটাঢোল

বিগ বছত নেতাৰ এৰাতি- সায়ান্তন শইকীয়া

‘বিগ বছ’ৰ পৰা ফোন এটা আহিল দিছপুৰলৈ। সকলো ন-পুৰণি বিখ্যাত ৰাজনৈতিক ব্যক্তি যিমান আছে তেওঁলোকক এৰাতিৰ আলহী খাবলৈ মাতা হৈছে। নিমন্ত্ৰণ পাই সব সুখী। কিমাননো আৰু এই গালি-গালাজ, তই-মই, বাংলাদেশী-স্বদেশী এইবোৰত লাগি থাকিব। গ্ল’বেল ৱাৰ্মিং শৰ্মাৰ পৰা উৎফুল্ল মহন্তলৈ সকলো ওলাল। দিনটো আৰম্ভ হ’ল। ৰাতিপুৱাই কুকুৰাৰ মাতটোৰ বিপৰীতে ‘বিগ বছ’ৰ মাতটো বাজি উঠিছে, “বিগ বছ চাহতে হ্যে কি আপ….।” বাক্যটো শেষ হ’ব নাপাওঁতেই তোৰণ গগৈ জকি উঠি চিঞৰিলেই, “এ বাদ দিয়া হে বিগ বছ চাহতে হ্যে! হে? হু ইজ বিগ

Read more

ভূত- লুনা বৰা

– অই, বিপিন দাই, আজি পাঁচ দিনৰ দিনাও দেখোন একো নাই , বাৰ বাজি গ’ল, ব’ল যাওঁগৈ। – যাম ৰ, আৰু অলপ সময় ৰওঁ। আন্ধাৰতে খুড়াক, ভতিজাক তিনিওজনে ৰাস্তাটোৰ কাষৰ নলাটোত নিঃশব্দে পৰি থাকিল। পহৰাদাৰ এওঁলোক। গাঁৱৰে বৰুৱাৰ ঘৰখনত বোলে ভূতে লম্ভিছে। ভূতো এনে মানে, কোন ফালৰ পৰা আহি আক্ৰমণ কৰে ধৰিবই পৰা নাই। গাঁওখনৰ একোণত থকা বৰুৱাৰ ঘৰটোত কিবা হ’লে, বাকীবোৰ মানুহ আহি পায়হি মানে অলপ সময় লাগে। এনেও আঁতৰত, তাতে ভূত। এতিয়া আৰু মানুহে বাট নোলোৱা হ’ল সেইফালে।

Read more

ভোগালীৰ বজাৰ- পৰীস্মিতা গগৈ

“হেৰা শুনিছানে? বোলো মোনাখন লৈ আহা বেগেতে, বজাৰ বহিছে বুলি শুনিছোঁ‌ সাউৎকৈ গৈ দুই এপদ যি পাওঁ‌ লৈ আনোঁ‌। কি ঠিক আকৌ বা কেতিয়া খোলে!” “কি বজাৰ যোৱাৰ কথা কৈ থাকেহে। দেখা নাই মানুহ ওলালেই কেনেকৈ পুলিচে পিটিছে, কাণত ধৰাই উঠ বহ কৰাইছে। আৰু সেইদিনা বন্ধ দিয়াৰ আগে আগে বজাৰ কৰিছিলহে। ফ্ৰিজত পাচলিয়ে নধৰা হৈ আছে।” “এহ থোৱাহে। বিনা কাৰণত ওলালেহে পুলিচে ধৰিছে। মইতো প্ৰয়োজনতহে যাবলৈ ওলাইছোঁ‌। আৰু পাচলিহে আছে, মাছ পুঠি দুটামান আছে জানো! তুমিয়েচোন কোৱা মাছ অকণ নহ’লে

Read more

ইউৰেকা- প্ৰণীতা গোস্বামী বৰঠাকুৰ

: হেৰা, চালোঁ, বস্তুটো নাই দেখোন! : কি নাই…? ভালকৈ চোৱা আছে। : নাই, মই গোটেইখন ভালকৈ চাইছোঁ, নাই পোৱা৷ : সেইবোৰ ফাল্টু কথা নক’বা দেই, ইমান আশাৰ বস্তু… এতিয়া নাই বুলি ক’লেই হ’বনে! : সঁচাকৈ কৈছোঁ, গোটেই আলমাৰীটো ওলট-পালট কৰি পেলালোঁ… নাই পোৱা। সেইটো বস্তুনো আলমাৰীত থ’বলৈ দিয়েনে! ভোৰভোৰাই উঠিল বসুন্ধৰা। : এহ, ভালকৈ আকৌ চোৱা, তুমি ‘বেছি ভালকৈ’ থ’বলৈ গৈ পাহৰিছা চাগে৷ : উম, চাম বাৰু আকৌ… ময়ো বৰ পাহৰা হৈছোঁ আজিকালি…. পাছত দাদাক দিলাগৈ নেকি বাৰু! সন্দেহ

Read more

ভাগ্যৰ লিখন নহয় খণ্ডণ- নয়নজ্যোতি বৰঠাকুৰ

বহুত জল্পনা কল্পনা, বাক-বিতণ্ডতাৰ অন্ত পেলাই শেষত লগৰ এটাক সাৰথি কৰি ছোৱালী চাবলৈ যোৱাটো ঠিৰাং কৰিলোঁ। এফালে প্ৰেমিকাৰ দোৰ্ঘোৰ প্ৰতিবাদ আনফালে জীৱনত ছোৱালী চাবলৈ যোৱা আৰু ছোৱালী ঘৰৰ আতিথ্য গ্ৰহণ কৰাৰ বাবে মই নাছোৰবন্দা। জীৱনত যদি সেইকণ সুখ ল’বলৈ নাপাওঁ, কিহৰ জীৱন। সিফালে ছোৱালী এগ্ৰিকালচাৰ বিভাগৰ কৰ্মচাৰী। নকল চাই মাহঁতে ৰাহি জোৰা আহিছে বুলিও ক’লে। মোৰ কিন্তু বিশ্বাস হোৱা নাছিল সেইকাৰণে মইও তাইৰ নকলটো পুনৰ বেলেগ এজনক নিজে দেখুৱাবৰ বাবে মাৰপৰা দুয়োটা নকল বিচাৰি ল’লোঁ। ছোৱালীজনীৰ ফটো চোৱাৰ হেঁপাহ আছিল

Read more

ৰামানুজ গোস্বামীৰ দ্বিতীয়খন প্ৰকাশিত গ্ৰন্থৰ সমালোচনা- জ্যোতিৰূপম দত্ত

এসময়ৰ এজন জনপ্ৰিয় অসমীয়া লেখক ৰামানুজ গোস্বামীৰ দ্বিতীয় প্ৰকাশিত গ্ৰন্থখন পঢ়িলো৷ কবলৈ গ’লে মোৰ লগতে এইখন গ্ৰন্থই সকলো পঢ়ুৱৈকে হতাশ কৰিলে৷ উল্লেখযোগ্য যে ৰামানুজ গোস্বামীৰ প্ৰথমখন কিতাপ ‘দ্যা লায়ন্স আৰ্মি’ৰ সফলতাৰ পাছত সকলোৱে অতি উৎসুকতাৰে লেখকৰ দ্বিতীয়খন কিতাপলৈ বাট চাই আছিল৷ কিন্তু সদ্যপ্ৰকাশিত ‘দ্যা ইগল অব জেৰুজালেম’ শীৰ্ষক এই কিতাপখন লেখকৰ প্ৰথম কিতাপখনৰ তুলনাত এক ভগ্নাংশমানো নহয় বুলিয়েই মই কব খোজো৷ ৰামানুজ গোস্বামীৰ প্ৰথমখন কিতাপ ‘দ্যা লায়ন্স আৰ্মি’ৰ মুখ্য উপাদান আছিল বুৰঞ্জী আৰু কল্পনাৰ এক উপাদেয় মিশ্ৰণ৷ সেইখন উপন্যাসে ভাৰতৰ

Read more

হিমা দাস, মূর্দাবাদ!- অভিজিত মেধি

যিটো কাম নিজে জীৱনত এবাৰো কৰিয়েই পোৱা নাই সেই কামটো অইনে কৰি থকাৰ সময়ত বিশেষজ্ঞ ওলাবলৈ যোৱাজন আচলতে মূৰ্খ, জধা মূৰ্খ! অন্ততঃ মই তেনেকৈয়ে ভাবোঁ। সেয়ে কিছুমান কথা বা কামৰ সমালোচনা এৰাই চলোঁ, সেয়া লাগিলে বন্ধু মহলতেই হওক অথবা অন্য ক’ৰবাত। আজি কিছুদিনৰ আগতে বহু সমলোচিত ট’পিক আছিল- হিমা দাসে কিডাল দৌৰে! বহুতেই বিশেষজ্ঞৰ চোলা পিন্ধি উপদেশৰ ফুলজাৰি মেলি দিছিল। দৌৰিব এনেকৈ লাগে, তেনেকৈ লাগে, অমুক, তমুক…! কেৱল সিমানতেই শান্ত নাথাকি দুই এজনে আকৌ হিমা দাস এনেকুৱা তেনেকুৱা ধৰণৰ মন্তব্যও

Read more

ছাইন্সোৰ ছলি- বাসৱদত্ত দাস

: বুজিছ, আলী, তোৰেই ভাল দেʼ। তামোলেৰে মুহুদিটো কৰি মই কʼবলৈ ধৰিলোঁ৷ : হেই আম্‌ৰা নাম আলী নয়, ৰফিকুল বোলবো৷ : ধেই, বাৰে বাৰে ভুল হৈ যায়; আচ্ছা মই কৈ আছিলোঁ কি, বোলো তই কেতিয়াবা স্কুলত পঢ়ি পাইছ নে, আগেয়ে সেইটোকে কʼচোন৷ : কে, আমি? আমি এল পিতে পঢ়েছিলাম; বৰো ক-মানে পঢ়ি আৰ স্কুলটা বাদ দিয়েছি। : ঐ, অসমীয়াত কʼৱৈ! মই বাংলা-চাংলা বুজি নাপাওঁ। আমি বাংলা “বুজেন না”! : আমি বৰো ক-মানে পঢ়ি৷ তাৰ পৰ পঢ়া আৰ বাদ দিছি। :

Read more

কেণ্ডেল লাইট ডিনাৰ-হিমাংশু ৰাজখোৱা

: আজি ৰাতি মই ৰান্ধিব নোৱাৰোঁ, বাহিৰত খাম। : হ’ব দিয়া। : ক’ত খাম ভাবিছা? খৰিকা? মিছিঙ কিটছেন? ভোট জলকীয়া নে একেবাৰে দিছাংলৈকে যাবা? : এঃ এইবোৰত আৰু কিমান খাবা, ব’লা আজি ভিভাণ্টা যাওঁ! কেণ্ডেল লাইট ডিনাৰ কৰোঁ! : সচাঁ! ইম্মান যে ভাল তুমি! সোনকালে আহিবা হাঁ। : হ’ব, চাৰে ছটাত ৰেডী থাকিবা। : বাই। : বাই। সন্ধিয়া ৭ বজাত গনেশগুৰিৰ ফালৰ পৰা এখন গাড়ীত এহাল দম্পতী খানাপাৰাৰ ফাললৈ! পৰিবেশ ৰোমাণ্টিক। : এই ৰাষ্টাটোত যে আজিকালি ইমান ফাষ্টফুডৰ দোকান হ’ল

Read more

দা ৰিয়েল ট্ৰুথ অব  কনল’ৰা- জ্ঞান বৰদলৈ

মই কনল’ৰা, হয় অসমীয়া মাধ্যমত পঢ়া প্ৰতিজন ব্যক্তিৰে শৈশৱৰ  হিৰ’ মই কনল’ৰা৷ মই অতি বুদ্ধিমান ল’ৰা৷ মোৰ সমান বুদ্ধিয়ক ল’ৰা এই  ভূ-ভাৰস্তত নাই। মোৰ বুদ্ধিৰ বাবে মোৰ গাঁওখন বহু বিপদৰ পৰা উদ্ধাৰ পাই উঠে৷ মোৰ বুদ্ধিৰ শলাগ মই নিজেই লোৱাতো বহু  কমহে হৈছে। অসম চৰকাৰেও মোৰ বুদ্ধি দেখি সকলো খাৰ খোৱা অসমীয়া ল’ৰা মোৰ সমান বুদ্ধিয়ক হওক বুলি জীৱনৰ প্ৰথম স্কুলীয়া কিতাপ  ‘কুঁহিপাঠ’ত মোৰ বিষয়ে ‘কনল’ৰাৰ বুদ্ধি’ বুলি এটা পাঠ তাহানিতে সন্নিবিষ্ট কৰিছে। পাঠটোত অবশ্যে মোৰ বুদ্ধিৰ যি কথা উল্লেখ

Read more
1 27 28 29 30 31 84