ফটাঢোল

মি উইথ বানানা ইন গোৱা – পৰীশ‍্যামলী ভূঞাঁ

— বানানা চাহিয়ে বানানা? বৌলৌ দিদি বানানা চাহিয়ে? –নেহি চাহিয়ে –একবাৰ ট্ৰায়তৌ কিজিয়ে — নেহি ট্ৰাই কৰনা — আৰে বেহেন একবাৰ ট্ৰাই তৌ কৰৌ, কুছ নেহি হৌগা — আৰে নেহি চাহিয়ে। কিয়া মতলব কুছ নেহি হৌগা –আপ ধিৰেসে গিৰৌগি। — ধিৰেসে গিৰৌগি? বানানা খাকে ভলা কই কিউ গিৰে? ল’ৰাজনৰ মুখখনলৈ এবাৰ ভালকৈ চালো। সেইবিধ টেটুলৈকে ধৰি আহিছেনেকি? এই বিচ্ছবোৰত সেইটোৱেই বৰ এটা অশান্তি। ক’ৰ পৰাযে ক’ৰ ক’ৰ বেপাৰীবোৰ আহি ওলাইহি। গোৱা ফুৰিবলৈ আহি আকৌ কেনেকুৱা ধৰণৰ কল বেপাৰী পালোহি। মুঠতে

Read more

খৰ্বানন্দ ঘোষৰ উইল – সদানন্দ ভূঞা

আজি মই শ্ৰী গৰ্বানন্দ অসমীয়াই অসমৰ জাতি, মাটি, ভেটি ৰক্ষাৰ বাবে অসমখনৰ মঙ্গলৰ বাবে অসমবাসীৰ হিতাৰ্থে সকলো অসমীয়ালৈ এই উইলখন অৰ্পণ কৰিলোঁ। অসমবাসী ৰাইজক এই উইলখনৰ জৰিয়তে মই মোৰ নামটো গৰ্বানন্দ অসমীয়াৰ পৰা সলনি কৰি খৰ্বানন্দ ঘোষ কৰিলোঁ। যিহেতু জাতিৰ কথা কৈ, মাটিৰ কথা কৈ, ভেটিৰ কথা কৈ খাৰখোৱা অসমীয়াৰ মন জয় কৰি অসমৰ ৰজা হোৱাৰ বাবে গৰ্বানন্দ অসমীয়া হৈছিলোঁ। অসমত প্ৰৱেশ কৰা সকলো বিদেশী প্ৰবজনকাৰীক অসমৰ পৰা বিতাৰণ কৰিম বুলি হুমকি দিছিলোঁ। গৰ্ব কৰিছিলোঁ নিজকে খাৰখোৱা অসমীয়া বুলি। ৰজা

Read more

লুটুকনৰ কথাৰে– নিৰ্মালী বৰমুদৈ

সহজ সৰল সকলোকে একেষাৰে আপোন কৰি ল’ব পৰা আমাৰ গাঁঁৱৰ লুটুকন কাইটিৰ কথাই সুকীয়া। একেবাৰে ব্যতিক্ৰম লুটুকন কাইটিয়ে সকলো কথা যুক্তিৰে দৰ্শাই। তাৰ যুক্তিবোৰৰ লগত গাঁওখনৰ বিশিষ্ট ব্যক্তি সকলেও সেও মানিবলৈ বাধ্য হয়। তাৰোপৰি কিছুমান কথা ইমান সুন্দৰকৈ ৰস লগাকৈ যুক্তি দিব যে আপোনাৰ মুখত লাগি থকা সঁচা কথাটোও নোকোৱাকৈ হয় বুলি শলাগি গুচি আহিব। এদিনাখনৰ কথা। লুটুকনৰ দেউতাকৰ স্বৰ্গপথ প্ৰশস্ত হোৱাৰ সময়। তেতিয়া নিশা ৮ মান বাজিছে। ইষ্ট-কুটুম্ব সকলো আহি ঘৰখনত উপস্থিত হৈছেহি। ইতিমধ্যে ৯ মান বজালৈ সংসাৰৰ মোহ

Read more

জোৰানাম ২ – উষা মহন্ত

  নিশা প্ৰায় ১১ মান বাজিবৰ হ’ল৷ বন্ধুৰ ঘৰত অসমীয়া সমাজৰ নিভাঁজ বিবাহ পৰম্পৰা আৰু বিয়ানামৰ মধুৰ ধ্বনিত আপ্লুত হৈ বাৰাণ্ডাতে বহি দুচকু মুদি দিলো৷ অন্যবিলাক বিয়ানামতকৈ জোৰানামে মোক বেছিকৈ আকৰ্ষণ কৰিলে৷ দৰা কইনাক জুৰি বহুতো বিয়ানাম গোৱা হয়, কিন্তু জোৰানামত দৰা কইনাৰ বন্ধু বান্ধৱী, আত্মীয় কুটুম্ব সকলোকে সাঙুৰা হয়৷ একমাত্ৰ মনোৰঞ্জনৰ বাবেই এই জোৰানামৰ সৃষ্টি কৰা হৈছিল যদিও কেতিয়াবা ই অঘটনো নঘটোৱাকৈ নেথাকে৷ জোৰানামেৰে যাক সাঙুৰা হয়, তেওঁৰ যদি জোৰানামৰ ধেমালি সম্পৰ্কে সম্যক জ্ঞান নেথাকে, তেওঁ আক্ষেপ কৰিব পাৰে,

Read more

প্ৰজন্ম – বৈদুৰ্য্য বৰুৱা

: যুগৰ বহুত পৰিৱৰ্তন হ’ল দাদা কি কয়? : আৰু কি…! বাসুৰ কথাত হয়ভৰ দিলোঁ। : মোৰ পাঁচ বছৰীয়া ল’ৰাটোৱেও যি মবাইল চলাই নহয়! মইতো দাদা আচৰিত! বিশ্বাস কৰক ইউটিউব চিউটিউব মই চিনিয়েই নাপাওঁ! সি উলিয়াই চাব জানে৷ : আজিকালি জন্ম হৈয়েই সকলো ল’ৰা ছোৱালীয়ে এইবোৰ চলাব জানে৷ একেবাৰে কমন কথা৷ : আপুনি জানেনে দাদা? : এই অলপ চলপ ফে’চবুক, হোৱাটচ এপ… : আপোনাৰ দেউতাই চাগৈ সেইবোৰ একোকে নাজানে…. : না সেই পুৰণা নকীয়াটোকে চলাব নিশিকিলে আজিলৈকে। কিন্তু বাসু আজি

Read more

লোভেই পাপ, পাপেই মেদবহুলতা – ডা° গীতাৰ্থ বৰদলৈ

মনজিতে এদিন লগ পাই আংবাং কামোৰ এটা দিলে- বোলে ফটাঢোলৰ বাবে কিবা এটা লিখা। মই বোলো মোক দেখাত ৰসিক ব্যক্তি যেন লাগে নেকি? বোলে নাই, হাঁহি হাঁহি মাজত বিৰতি ল’বলৈ অলপ চিৰিয়াছ লেখা এটা দিলেই হ’ল। ময়ো হয়ভৰ দি থ’লোঁ আৰু চিৰাচৰিত নিয়মমতে পাহৰিলোঁ। বছৰটো শেষ হোৱাৰ উপক্ৰম হওঁতেই হঠাতে কথাটো মনত পৰিল। কিবা এটা কৰিব লাগিব। চিনেমা চাই ভাল পোৱা মানুহ যেতিয়া বলিউডৰ কথাৰেই আৰম্ভ কৰোঁ। চইফ আলী খানৰ জীয়েক চাৰা আলি খানৰ দুখন চলচ্চিত্ৰই মুক্তি লাভ কৰিছে (হয়,

Read more

এতিয়া সেই আগৰ দিন নাই – দেৱজিত শইকীয়া

হেৰা চিত্ৰগুপ্ত, এই ফেচবুকত যে অসমৰ মানুহবোৰে লিখি থাকে “টেগ কৰা সকলৰ বাবে, ইনবক্সত হাই লিখাসকলৰ বাবে যমপুৰীত আচুতিয়াকৈ তেল গৰম কৰা আছে” এইটো সঁচা নেকি হে যমৰ প্ৰশ্ন শুনি চিত্ৰগুপ্তই বোলে,মহাৰাজ এতিয়া আৰু সেই আগৰ দিন নাই৷ মৰ্ত্যৰ নৰ মনিছে আমাকো লাইটলি লোৱা হ’ল৷ সেইবোৰ বাদ দিয়ক আমাৰ শ্ৰীকৃষ্ণ প্ৰভূৱে গোপীসৱৰ লগত “ৰাস লীলা” কৰা চাবলৈ আমি প্ৰতিবছৰ আঘোণৰ পূৰ্ণিমালৈকে বাট চাওঁ৷ সেইদিনাহে তেৰাই ৰাস কৰে৷ আপুনি অসমলৈ গৈ চাওকচোন আঘোণৰ পূৰ্ণিমাৰ একাদশী বাদেই পুহ মাহতো ৰাস পাতি প্ৰভূক

Read more

অথঃ বিক্ৰম-বেতাল সংবাদ – সোনটো ৰঞ্জন বৰুৱা

বেতাল ডিচ এণ্টেনাত ওলোটাই ওলমি আৰামত ৱাটচএপত জ্ঞান বিতৰণত ব্যস্ত। এইবাৰ পিচে ৰজা বিক্ৰমে নিজৰ জ্ঞান অাপডেট কৰাত অলপো ক্ৰুটি এৰা নাই। গুগুল দেবতাক ঘোৰ তপস্যা কৰি মগজটো আধুনিক জ্ঞানেৰে ভৰ্তি কৰি ৰেডি হৈ লৈছে। ৰজাই গুগুল মেপত বেতালৰ লোকেচন চাৰ্চ কৰি ডিছ এণ্টেনাৰ পৰা নমাই কান্ধত তুলি ল’লে। কান্ধত উঠি বেতালে চিধাই প্ৰশ্নবাণ আৰম্ভ কৰিলে। বেতাল : মহাৰাজ, গণতন্ত্ৰ মানে কি? বিক্ৰম: বাস্তৱত জাতি, ধৰ্ম, আঞ্চলিকতা, বাহুবল আৰু ধনবলৰ সংমিশ্ৰণকেই গণতন্ত্ৰ বুলিব পাৰি। বেতাল: নিৰ্বাচন কি? বিক্ৰম: বহুতো বেয়া

Read more

মিতব্যয়িতা – অপুৰ্ব কলিতা

পৰহি গনেশগুৰিত এজনী ধুনীয়া ছোৱালী দেখিলোঁ। তাইক প্রেম নিবেদন কৰিম বুলি ভাবি তাইৰ পিছ ল’লোঁ। ঠিক জাৱৰৰ দমটোৰ কাষত তাইক লগ পাই কথাটো ক’ম বুলি ভাবি মুখখন মেলোঁতেই ওঁঠত মহ এটাই বৰ বেয়াকৈ কামুৰিলে। লগে লগেই ফুলি গ’ল। হনুমানৰ দৰে মুখখন লৈ কথাটো আৰু কোৱা নহ’ল। দেংগু হ’ব বুলি ভয় খাই হস্পিতাল এখনলৈ গ’লোঁ, সিহঁতে ক’লে তেজ পৰীক্ষা কৰিবলৈ। মই মানুহটো অলপ মিতব্যয়ী সেয়ে মুঠ কিমান খৰছ হ’ব সুধিলোঁ। সিহঁতে ক’লে তেজ পৰীক্ষাৰ বাবদ ৩০০ টকা আৰু পিছত চিকিৎসকৰ ফীজ

Read more

আপোনাৰ সমস্যা নাথুৰামৰ সমাধান – ঋদ্বীপ কুমাৰ নাথ

এঞ্জেল প্ৰিঞ্চেছ শূৰ্পণখা, পাৰ্লাৰনগৰ সমস্যা: মই মোৰ ফেচবুকৰ প্ৰফাইল পিক্‌চাৰ যাকে-তাকে, যধে-মধে যিমান টেগ কৰিলেও বেছি লাইক নাপাওঁ। লাইক বঢ়াবলৈ কিমান পূজা-পাতাল কৰিলোঁ, কিমানৰ ফোটোত লাইক কৰিলোঁ, কিমানৰ ইনবক্সত plz lyk ma prof pic বুলি লিখিলোঁ হিচাপ নাই; কিন্তু এতিয়ালৈকে কোনো সুফল পোৱা নাই। লাইক পাবলৈ একেখন ফটোকে দুই তিনিদিনৰ মূৰে মূৰে পুনৰ প্ৰফাইল পিক বনাওঁ আৰু কেতিয়াবা কমেণ্ট কৰিও ফটোখন ওপৰলৈ তুলি আনো, যাতে আনৰ নটিফিকেচনত আহে। তথাপিও বেছি লাইক নাপাওঁ। বৰ চিন্তাত পৰিছোঁ। উপায় এটা দিব বুলি আশা

Read more
1 55 56 57 58 59 84