ফটাঢোল

ইস্ত্ৰি কৰা বেডচিট–সদানন্দ দত্ত

উজনিৰ নাহৰৰ শাৰী থকা বিশ্ববিদ্যালয়খনৰ মুখ্য দুৱাৰৰ সিপাৰে অলপ দূৰতে এখন ছোৱালী হাইস্কুল আছে।তাৰ কাষেদি যোৱা ৰাস্তাটোৰ মূৰতে আমাৰ ভাৰতী মেছ।তেনেই কাষতে স্কুলখন আছে বাবে মেছত থকা প্ৰতিজনৰে খোজ-কাটলৰ ঢং বেলেগ।এঘাৰজন ছাত্ৰৰ খোৱা- বোৱা একেলগে হয়।ৰান্ধনি প্ৰদীপ আছে যদিও প্ৰায়েই সিজাবলৈ নাহে। আন ৰান্ধনি পাবলৈও নাই,গতিকে এৰি দি আন এজনক লব নোৱাৰি।এজনীয়া কোঠা ,দুজনীয়া কোঠা আৰু তিনিজনীয়া কোঠা থকা ঘৰটোৱেই ভাৰতী মেছ। আমি তাতে থাকোঁ।আমাৰ মাজৰ হাজৰিকা বোলাজন অকলে থাকে।এটা কোঠাত কিবা জমনি কথা ওলালে প্ৰতিটো কোঠালৈ ৰগৰটো বাগৰি যায়।কোনোৱে

Read more

লাডেনদাৰ শেষ দিনবোৰ–অসীম শইকীয়া

হাতত টুথপেস্টটো লৈ ব্ৰাছডাল বিচাৰি নাপায় চিঞৰি চিঞৰি ঘৈণীয়েক জনীক মাতিব খোজোতেই লাডেনদা থমকি গ’ল। চিন্তা কৰিলে বেছিকৈ চিঞৰিব নোৱাৰি কাৰণ আশে পাশে যদি আমেৰিকাৰ গুপ্তচৰে চাউণ্ড ডিটেক্টৰ থৈ দিছে, যি বহু দূৰৰ শব্দও বিশ্লেষণ কৰি চি আই এৰ হেড অফিচ পঠিয়াই দিব পাৰে, আৰু তাৰ পাছত খেলা খতম। সেই বাবে লাডেনদাই খুব মিহি মাতেৰে ঘৈণীয়েকক সুধিলে, – হেৰা, মোৰ ব্ৰাছডাল কতনো থলো জানা নেকি বাৰু? ঘৈণীয়েকে গেঙেৰি মাৰি ক’লে- মগজুত কিবা থাকিলেহে। ৰাতি ৰাতি বেয়া বেয়া চিনেমাবোৰ চাব আৰু

Read more

নীলিমাৰ নিমজ গালত – নিপুল ভট্টাচাৰ্য

পৰাগ মোৰ বাল্য বন্ধু৷ অদ্ভুত কামবোৰ কৰাত তাৰ সমান কোনো নাই আমাৰ বন্ধু মহলত৷ সদায় কিবা নহয় কিবা জেং লগোৱাত সি সিদ্ধহস্ত৷ এতিয়ালৈ প্ৰায় দহজনীমানৰ লগত প্ৰেম কৰি সি প্ৰেমত অনাৰ্চ পোৱা বুলিয়েই কৈ ফুৰে৷ পিছে এমাহ মান জোৰদাৰ প্ৰেম কৰাৰ পিছত প্ৰতিজনী প্ৰেমিকাই পলাই পত্ৰং দিয়ে তাৰ পৰা। নিদিবই বা কিয়? কেতিয়াবা দোভাগ ৰাতিও প্ৰেমিকালৈ ফোনকৰি মাথোঁ আবৃত্তি কৰি যায় কবিতা৷ মাজনিশা টোপনিৰ পৰা উঠি কবিতা শুনাৰ আমেজ কেনেকুৱা জানেই নহয়৷ কবিতা আবৃত্তিত তাৰ নাম আছে হয় কিন্তু পুৱতি

Read more

তাড়না : বিকাশ দত্ত

১) টুকুৰিওৱাৰ শব্দ শুনি বিচনাতে পেপাৰ পঢ়ি থকা ছামেদুৰ ৰহমানে দৰ্জাৰ ফালে খোজ ল’লে। খুলি দেখে তেওঁৰ বহু পুৰণা চিনাকি আৰু হোজাইৰ ওচৰৰে এখন গাঁ‌ৱৰ বাসিন্দা তথা একমাত্ৰ পোষ্ট অফিচটোৰ পোষ্টমেন হৰেশ্বৰ কলিতা। :অ’ কলিতা! আহক আহক। – ৰহমানে উজ্বল চকুযুৰিৰে তেওঁৰ ফালে চাই এটি মিচিকিয়া হাঁ‌হি মাৰি ক’লে। :নাই দিয়ক নবহোঁ ! আপোনাৰ এই মাহৰ মানি অৰ্ডাৰটো আহিছে। এইবাৰ বেছিকৈ আহিছে দেখোঁ । য়াছমিন মাজনীৰ নিচিনা পৃথিৱীৰ সকলো ছোৱালী হওক। এইবাৰ ৯০০০ টকা দিছে। এয়া লওক। – কলিতাই মোনাখনৰ

Read more

গুণ বিসৰ্জন–প্ৰদীপ বৰা

আগকথাঃ মানৱ সম্পদৰ বিকাশৰ অৰ্থে জাকজমকতাৰে পতা এটি উৎসৱ, যাক কোৱা হয় গুণোৎসৱ। বৰ্তমান চৰকাৰী বিদ্যালয়ৰ পণ্ডিত সকলৰ বাবে এই উৎসৱ বাপতিসাহোন স্বৰূপ হৈ পৰিছে। অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো, তাতোকৈ চেনেহৰ ৰঙালী বিহুতি নাপাতি কেনেকৈ থাকোঁ ৷ চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ অতিকৈ চেনেহৰ এই গুণোৎসৱটো ৷সকলো শিক্ষকে সুখী দুখী অৱস্থাৰে এই বাৰ্ষিক উৎসৱ ভাগ উলহমালহেৰে উদ্‌যাপন কৰিব লাগে ৷বিহুত যেনেকৈ ঘৰ দুৱাৰ, আচবাব আৰু চাৰিওফালৰ পৰিৱেশ পৰিষ্কাৰ কৰি বিভিন্ন ধৰণৰ পিঠাপনা, সুস্বাদু মিঠাই, জা জলপান আদিৰে আলহী

Read more

বৃটিছৰ দুৰৱস্থাৰ হেতু – অভিজিত কলিতা

১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী, আমাৰ ইংলেণ্ডৰ বৃটিছসকলৰ ইতিহাসৰ এক ক’লা দিন! সেইদিনাই আমি নিজৰ সাৰ্বভৌমত্ত্ব হেৰুৱাই অসমীয়া নামৰ এটা বণীয়া জাতিৰ তলতীয়া হ’ব লগা হ’ল। এক সুচতুৰ সন্ধিৰ যোগেৰে, যিখন সন্ধিৰ আমি অংশীদাৰো নাছিলোঁ, আমি নিজৰ ইচ্ছাৰ বিৰূদ্ধে গৈয়ো, অসমীয়া নামৰ এই বিদেশী, ধনলোভী জাতিটোৰ ইচ্ছাৰ দাস হৈ গ’লোঁ। ইয়াৰ বাবে মূলতঃ আমাৰ শাসকসকলৰ ক্ষমতাৰ লোভ আৰু ৰাইজৰ প্ৰতি অৱজ্ঞাই দায়ী, আমি সৰ্বসাধাৰণ বৃটিছসকলে আমাৰ হাজাৰ বছৰীয়া গৌৰৱোজ্জল ইতিহাসক ৰক্ষা কৰিবলৈ সকলো ত্যাগ কৰিছিলোঁ। কিন্তু নিয়তি আৰু আমাৰ শাসকসকলৰ নিৰ্বুদ্ধিতাই

Read more

অভিজিত কলিতা মুৰ্দাবাদ – জ্যোতিৰূপম দত্ত

আৰুনো কি কম? অভিজিত কলিতা মুৰ্দাবাদ!! কমেই! হাজাৰবাৰ কম! কোনে ৰখাবলৈ আহে চাওঁচোন! বহুদিন সহ্য কৰিলোঁ, আৰু নকৰোঁ৷ কেইদিনমানৰ পৰা কথা-কাণ্ডবোৰ বেছিহে হৈছে৷ আজি সেয়ে নাই ৰঙামাটি-নাই গুৱাহাটী! ডিঙিৰ সিৰ ফুলাই চিঞৰিমেই – : অভিজিত কলিতা মুৰ্দাবাদ! দৰাচলতে কথাবোৰ আগতে তেনে নাছিল৷ যাকে তাকে উদ্দেশ্যি, যেতিয়াই মন যায় তেতিয়াই জিন্দাবাদ-মুৰ্দাবাদ ধ্বনি দিয়া হৈছিল৷ আজিকালি দিনকাল বহু সলনি হ’ল, কথাবোৰো৷ গতিকে বহু ভাবি গুণি অভিজিত কলিতাৰ নামতেই মুৰ্দাবাদ ধ্বনি দিবলৈ থিৰাং কৰিলোঁ৷ পিছে এই অভিজিত কলিতা কোন? আৰু কিয়ইবা তেখেতক উদ্দেশ্যি

Read more

তেল নিদিওঁ‌, তেজো নিদিওঁ‌ – শংকৰ শৰ্মা

নৰেনে ৰাতিপুৱাই এমুঠি খাই বৈ সাজু হ’ল। আজি সিহঁতৰ সংগঠনৰ ধৰ্ণা কাৰ্য্যসূচী আছে। তৈলক্ষেত্ৰ নিলামৰ প্ৰতিবাদত সিহঁ‌তে গুৱাহাটীত ধৰ্ণা দিব আৰু উপায়ুক্তৰ কাৰ্য্যালয় ঘেৰাও কৰিব। সি দাড়ীয়া বৃদ্ধ ছাত্ৰজনৰ নেতৃত্বত থকা সংগঠনটোৰ সদস্য। নৰেনে খাই বৈ উঠি ৰমেনৰ বাবে অপেক্ষা কৰিলে। দুয়ো একেলগে যোৱাৰ কথা। ৰমেনৰ পলম হোৱা বাবে তাৰ পেটে পেটে খং উঠিল। নিৰ্দিষ্ট সময়তকৈ সিহঁতৰ আধা ঘণ্টা পলমেই হ’ল। এনেতে সিহঁতৰ ঘৰৰ কলিং বে’লটো বাজি উঠিল। ফোঁ‌পাই জোঁ‌পাই ৰমেন আহি হাজিৰ। সি আহিয়েই পলম হোৱাৰ পুৰাণখন মেলিব ধৰিলে।

Read more

ছেল্ফি কাণ্ড – সুনীল কুমাৰ বৰা

কথাটোত আগতে কোনেও পাত্তা দিয়া নাছিল। মানুহটোৱে ৰুটিন মাফিক মদ খায়। ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া । এই তিনিওটা প্ৰহৰতে,তিনিটা নির্দিষ্ট সময়ত। কাউৰীৰ লগতে মানুহটোৱে শােৱাপাটী এৰে। গােহালিৰ পৰা গৰু উলিওৱাৰ লগতে কেতবােৰ নিত্য নৈমিত্তিক কাম কৰি মানুহটো চোতাল পায়গৈ। আমজোপাৰ তলত অথবা লিচুজোপাৰ তলত অথবা বগৰীজোপাৰ তলত, এইদৰে ‘ঋতুভেদে মানুহটোৱে স্থান সলনি কৰি তলসৰা ফলবােৰ জব্দ কৰে। ঠিক এইখিনি সময়তে হকাৰটো আহি মানুহটোৰ পদুলি পাৰ হয়। পদুলিমখৰ কেকুঁৰিটোত জমা হৈ থকা সৰু সৰু শিলগুতিবােৰত লাগি হকাৰষ্টোৰ চাইকেলখন খিলিংখালাংকৈ বাজি উঠে।

Read more

সাধনাৰ বিকল্প নাই – ডা° অঞ্জনজ্যোতি চৌধুৰী

সপোনত কাহানিও ভবা নাছিলোঁ যে মোৰ গান শুনি মহাবিদ্যালয় এখনৰ কেইবাশও ছাত্ৰ ছাত্ৰীয়ে বহা আসনৰ পৰা উঠি মোৰ সৈতে একেলগে গান গাবলৈ ল’ব। নগাঁও পুৰণিগুদামৰ ড° বিৰিঞ্চি কুমাৰ মহাবিদ্যালয়ৰ নবাগত আদৰণী সভালৈ বিশিষ্ট অতিথিৰূপে গৈছিলোঁ। ভাষণৰ মাজতে এটা ভূপেন্দ্ৰ সংগীত গালোঁ। ছাত্ৰ ছাত্ৰী আৰু অধ্যাপক অধ্যাপিকা সকলৰ অনুৰোধত এটাৰ পিছত এটাকৈ পাঁচটা গান গাব লগা হ’ল। ছাত্ৰ ছাত্ৰী, শিক্ষাগুৰুসকলেও গান গাওঁতে মোৰ লগত সহযোগ কৰা বাবে উলাহে হিয়া নধৰা অৱস্থা হ’ল। মন প্ৰাণ শাত পৰি গ’ল। সেইদিনা সভাৰ শেষত এটা

Read more
1 58 59 60 61 62 84