ফটাঢোল

বিদায়ৰ ক্ষণ – চিত্ৰলেখা দেৱী

তিনি দিনৰ মূৰত আজি কেওজন ক্ষণিকৰ বাবে নিৰলে লগ হোৱাৰ সুযোগ মিলিছে। এই কেইদিন আটাইকেইজন দেখা দেখিকৈয়ে আছিল যদিও  মাত এষাৰ ইজনে সিজনক দিবলৈও সময় নাছিল। অৱশ্যে দুৰ্গাৰ ৰূপত থকা পাৰ্বতীয়ে আলেঙে আলেঙে কেওজনৰে ৰেহ ৰূপ চাই আছিল। ঠিকে ঠাকে সকলোবোৰকে ঘূৰাই নিব নোৱাৰিলে সিফালে মহাদেৱে খাব কলিজা। ইয়াত চাৰিওফালে যিহে ৰূপ ৰস যৌৱনৰ পয়োভৰ! সেয়া পাৰ্বতীয়ে অথনিৰে পৰা মাতি আছে যদিও কাৰ্তিক আৰু গণেশে মাকৰ ফালে চকু ঘূৰাবই পৰা নাই। ভনীয়েক দুজনীয়েহে শুনি আছে তেওঁৰ কথাবোৰ। পাৰ্বতীয়ে বেজাৰ মনেৰে

Read more

ফটা ৰামায়ণ শ্লোক – সৌৰভ শৰ্মা

সীতাকলৈ ৰাৱণে পুষ্পক বিমান ফুলস্পিডত উৰুৱাই দিলে। ইফালে লক্ষ্মণে ককায়েক ৰামক বিচাৰি বিচাৰি এঠাইত লগ পালে। ৰামে ক্ষোভেৰে লক্ষ্মণক সুধিলে বোলে সীতাক এৰি কিয় আহিল। লক্ষ্মণেও সকলো ঘটনা বিৱৰি ক’লে যে সীতাই ফোৰ্চ কৰি পঠিয়ালে। দুয়ো আহি দেখে কুটীৰত সীতা নাই। ৰামে লগে লগে লক্ষ্মণক বকিবলৈ আৰম্ভ কৰিলে। ৰামৰ গালি শুনি লক্ষ্মণৰ মুখেৰে এটা শ্লোক স্বতঃৰ্স্ফূত ভাৱে নিগৰিলে। কিন্তু এই শ্লোকটো ৰামায়ণৰপৰা কালৰ সোঁতত নোহোৱা হৈ আহিল। কাৰণ যথেষ্ট সংখ্যক ঋষি-পণ্ডিতে নিজৰ পত্নীৰ কাতৰ অনুৰোধত এই শ্লোক বাদ দিলে আৰু

Read more

তিনিটা পিংপং বল – প্ৰণীতা গোস্বামী বৰঠাকুৰ

স্মিত নীলাভ পোহৰৰ এটি কোঠালীত মাটিত লেপেটা কাঢ়ি বহি আছে তাপসী, হাতত ৰঙীন কাগজেৰে মেৰিয়াই থোৱা এটি সৰু আয়তাকাৰ বাকচ। বোধকৰো গিফ্ট পেকেট। পেকেটটো দুই হাতৰ মাজত ৰাখি তলমূৰকৈ তাপসী যেন ধ্যানত মগ্ন নিৰব-নিস্তব্ধ কোঠালীটো, : তুই কি এমনি এখানে বসে থাকবে, অতবেলা হৈয়ে গেইছে, ঘৰে যাবি না? মা তোমাকে খোজছে, চল ঘৰে চল৷ ভনীয়েক চৈতালীৰ মাতত মূৰ তুলি চালে তাপসীয়ে, মুখত খঙৰ আভা। : অত হাল্লা কৰছে কেন, আমি যাব ট’ এইবুলি  হাতৰ পেকেটটো সমুখৰ টেবুলত থকা ফটোখনৰ কাষত

Read more

দুৰ্গা-মহিষ সংবাদ – জিমি শইকীয়া

বিসৰ্জনৰ পিছত ব্ৰহ্মপুত্ৰৰ পাৰতে দেৱী দুৰ্গা বহি আছে চুলিটাৰি আৰু কাপোৰ কানিবোৰ শুকাওক বুলি। গণেশ, কাৰ্তিক, সৰস্বতী গ’ল লক্ষ্মীক আগবঢ়াই দিবলৈ। কাৰণ লক্ষ্মীপূজা শেষ কৰিহে লক্ষ্মী গৃহ অভিমুখে ৰাওনা হ’ব। আনবাৰ দুৰ্গামাতাও লক্ষ্মী পূজালৈকে পৃথিৱীতে থাকে। এইবাৰো লক্ষ্মীয়ে থাকিবলৈ কৈছিল। পিছে দুৰ্গা গোঁসানীৰ মন ভাল নহয়। সেয়ে যাবগৈ সোনকালে। তেনেতে কোনোবাই হিন্দী গান গাই গাই সেইফালে আহি থকা যেন পাই গোঁসানীয়ে ঘূৰি চালে। আপোনমনে দিলবৰ দিলবৰ গানটো গাই জাঁপ মাৰি মাৰি আহি থকা মহিষাসুৰক মা দুৰ্গাই ক’লে -”ঐ এইটো! কি

Read more

পূজাৰ সাজ-পাৰ – সুশান্ত কৃষ্ণ শৰ্মা 

ক’লে কথা ওলাই যায়, কিবা বোলেনে এওঁক পূজা বুলি শাড়ী-চাড়ী কিনি দিলেনো কি হ’ব? সপ্তমী, অষ্টমী, নৱমী তিনিওদিন সন্ধিয়া এপৰবেলা এওঁৰ সন্মুখত আঁঠু কাঢ়ি শাড়ীৰ কোচ মিলাব লাগিব মই হে! তাকেহে এইবাৰ কৈ দিছোঁ- : এইবোৰ শাড়ী-চাড়ীৰ কোচ-চোছ মই মিলাই থাকিবলৈ নাই দেই, আমাৰ সন্ধিয়া সন্ধিয়া গ্ৰন্থমেলা আৰু আড্ডা অনুষ্ঠান আছে। এওঁ বোলে- : এহ, তুমি ভালকৈ মিলাব জানা দেখিহে কওঁ আও! মই বোলো- : অ’ মই জানোতো! বিয়াৰ আগতে কিমানক শাড়ীৰ কোচ মিলাই মিলাই দিলোঁ হিচাব নাই! খা বাপেকে!

Read more

অথঃ ভ্ৰমি ফুৰা নাট্যদল চংবাদ – ৰণ্টু শৰ্মা

ভ্ৰমি ফুৰা থিয়েটাৰৰ একছত্ৰী সম্ৰাট অভিনন্দনদা। অভিদাই কৰো বুলিলে সকলো কৰিব পাৰে। ভ্ৰমি ফুৰাৰ আগৰ সেই প্ৰভুসকলতো নাই যিসকলে নাটক বুলিলে সাতজাপ মাৰি বাকী সকলো পিছ পেলাই থৈছিল। ৰতনে হেনো ঘৰত ফাকি দি পঢ়া শুনা নকৰিও নাটকৰ নিচাত মছগুল আছিল। অচ্যুৎ, শৰৎ, ধৰণী, মহানন্দহঁতে ঘৰত আত্মীয়ক চিতাত তুলি থৈও নাটকত আনন্দেৰে অভিনয় কৰিব লগা হৈছিল। এতিয়া অভিদাই নাটকৰ চিতা সাজি দিছে। মুখাগ্নি কৰি গ’লেই হ’ল। এতিয়াৰ প্ৰভুসকলে সাপে মেৰিওৱা দি অভিদাৰ পদযুগল মেৰিয়াই থাকে, যি কৰিবলৈ দিয়ে তাকে কৰি দিয়ে।

Read more

চ’টি চি লাভ ষ্টৰি – দেৱজিৎ শইকীয়া

বায়ন আৰু পাঠকৰ মাজত কিছুদিনৰ পৰা মাতবোল বন্ধ হৈ আছে৷ পাঠকৰ ঘৰৰ কঠিয়া বায়নৰ দমৰাই গুৰি চপাই খোৱাত খোৱাৰত দিছিল৷ বায়নে নগদ পোন্ধৰশ দিহে গৰু খোৱাৰৰ পৰা মোকলাই নিছিল৷ ঘৰৰ ল’ৰা ছোৱালী দুটায়ো কৈ মেলি দুই বুঢ়াক সৈমান কৰিব নোৱাৰিলে৷ চুৰিয়া কোচাই পাঠক দাইটিয়ে বায়নক ঘৰতে একঠা ভালকৈ শুনাবলৈ গৈছিল বোলে, ঘৰৰ গৰু চম্ভালি ৰাখিব যাতে লোকৰ ঘৰৰ কঠিয়া খাব নোৱাৰে৷ বায়নৰো ঘনাই সৰুপানী চুবলগীয়া হোৱা বেমাৰটোৱে ধৰা দিন ধৰি অলপতে খঙটোৱে টিঙিচকৈ মাৰে৷ পাঠকৰ কথাত কৈ দিলে বোলে দুনাই

Read more

উলংগাসুৰ – ডা° বিকাশ বৰুৱা

দুৰ্গা পূজাৰ দিনকেইটাত মহিষাসুৰৰ মাত্ৰ এটাই কাম। মানুহ চাই থকা। চকু-তকু টেলেকা কৰি দিনে-ৰাতিয়ে সি কেৱল মানুহেই চাই থাকে। মানুহো জানো কমসোপা? ৰভাৰ তলত মানুহ, ৰাস্তাত মানুহ, ফুটপাথত মানুহ। দোকানত, বাৰান্দাত, বেলকনিত মানুহ। গাড়ীত, মটৰ-চাইকেলত, ৰিক্সাত মানুহ। বাপ্পা ঐ! কিমান যে মানুহ। পূজা চাবলৈ অহা এই আটাইবোৰকে সিহে আকৌ ওলোটাই চাই থাকে। তাৰ দৃষ্টিৰ পৰা কোনো সাৰি নাযায়। সি প্ৰত্যেককেই হেঁপাহ পলুৱাই চাই আৰু একান্তমনে কিবাকিবি ভাবি থাকে। ষষ্ঠীৰ পৰা দশমীলৈকে, বিশেষকৈ অষ্টমী আৰু নৱমীত কোনে কেইবাৰ কাপোৰ সলালে, কোনদিনা

Read more

ভয় – অভিজিত কলিতা

বিকট শব্দৰে এলাৰ্মটো বাজি উঠাত বিছনাতে জপিয়াই উঠিলো, চেহ! বহুত দেৰি হৈ গ’ল নেকি? এলাৰ্মটো বা কেইবজাত লগোৱা আছিল! পুৱা দহমিনিট পলম হৈ গ’লেই সকলো খেলিমেলি হৈ যায়। ভয় লাগিল। ভয় লগা দিন এটা আকৌ আৰম্ভ হ’ল। মূৰটো অলপ ঘুৰোৱা যেন লাগিছে। কি হ’ল আকৌ? প্ৰেছাৰটো ঠিকেই আছিল। পিছে এই পুৱাৰ সময়খিনিত প্ৰেছাৰ বাঢ়ি যায়, ষ্ট্ৰ’কবোৰ প্ৰায় এই সময়তে হয়। হে ভগৱান, তেনে কিবা এটা হ’লে কি হ’ব? নমৰিলেও পেৰেলাইছিচ হয়েই দেখোন! মই খোজ কাঢ়িব নোৱাৰা হ’লে, নিজৰ একান্ত ব্যক্তিগত

Read more

বুদ্ধিজীৱী নোহোৱাৰ উপায় – পুণ্য শইকীয়া

বুদ্ধুজীৱী: এশ পইচাই এটকা হয়। হয়নে? বুদ্ধিজীৱী: নহৈ পাৰেনে? বুদ্ধু: তেন্তে কোৱাচোন, কিমান বুদ্ধিৰে এক বুদ্ধিজীৱী হয়? বুদ্ধি: তোমাকে সুধিছোঁ বাৰু-মূৰত কিমান গোবৰ থাকিলে এজন গোবৰ ৰজা হয়? বুদ্ধু: ফাজলামি নকৰিবা। মই ছিৰিয়াছ। তুমিয়েই কেৱল বুদ্ধিজীৱী হ’বা নেকি? মই হ’লে কিবা জগৰ লাগে নেকি? মোক বুদ্ধিজীৱী হোৱাৰ টিপছ দুটামান শিকাই দিয়া। বুদ্ধি: ঠিক আছে বাৰু। কিন্তু জীৱী কথাটো পাছত। প্ৰথম কথা তোমাৰ বুদ্ধি অলপ আছে নে নাই? নে চোৰ গ’লেহে সেই পদ সামগ্ৰী ওলায়? বুদ্ধু: মোৰ বুদ্ধি বহুত আছে। মোক

Read more
1 60 61 62 63 64 84