মা-দেউতাৰ চকুত তেওঁলোকৰ পচন্দৰ ড্ৰেছেৰে মই বিশ্বসুন্দৰীজনী-অসীমা শইকীয়া দত্ত
সৰুতে নতুন চোলালৈ বাট চাই থকা সময়বোৰ। হোলোঙা ফ্ৰক এটা দেতাই আনি দিয়ে। গোটেই অসমৰ মানুহ সোমাই চুবুৰীয়া ৰাজ্যৰো আধা সোমাব পৰাকৈ। মায়ে কয় ভালেই হ’ল তাই ডাঙৰ হোৱালৈকে পিন্ধিব পাৰিব। দেতাই শলাগি তৎ নেপাই মোক ইমানেই ভাল দেখে। অত শলাগনিত গম পাবলে বাকী নেথাকে মই যে গদাপানীৰ চোলাত সোমাই পৰা গতি এটালে গৈছোঁ। মনতে ভাবোঁ, “ডাঙৰ হোৱালৈকে পিন্ধিব পৰালৈ সৰু কালছোৱাচোন চোলাটোৱেই মোক পিন্ধি ফুৰিব মানে।” এবাৰ বিয়ালে পিন্ধি ওলালোঁ। অকল মূৰটো ওলাই আছে নিজৰ বুলিবলে। মামাহঁতৰ গাঁৱত বিয়া।
Read more