ফটাঢোল

কৰ’না, ভেক্চিন, হাজৰিকা খুড়া আৰু বিকাশ – ঋতুপৰ্ণ শৰ্মা 

সাপ্তাহিক বজাৰৰ ভৰ্তি মোনা দুখন লৈ বাইকেৰে ঘৰলৈ উভতি আহি থাকোঁতে বিকাশে দেখিলে যে হাজৰিকা খুড়া পদূলি মুখতে ৰৈ আছে। হাজৰিকা খুড়াহঁতৰ ঘৰ পাৰ হৈ হে বিকাশহঁতৰ ঘৰ। হাজৰিকা খুড়া হয়তো এতিয়া চিকাৰৰ সন্ধানত আছে। চিকাৰ মানেনো আৰু কি! বাটেৰে গৈ থকা কোনোবা এজনক মাতি আনি কথাৰ মহলা মৰা। কথা অৱশ্যে তেখেতেহে ক’ব। আনজনে শুনিব লাগিব। সন্মুখত থকাজনক কথা কোৱাৰ কোনো সুযোগেই নিদিয়ে তেখেতে। বাইকখন ব্ৰেক মাৰি ৰখালে বিকাশে। এইমুহূৰ্তত হাজৰিকা খুড়াৰ সন্মুখেৰে যোৱা মানে আধাঘণ্টা সময় বৰবাদ কৰা। তাতকৈ

Read more

বন্দুক চলাবলৈ শিকি আত্মৰক্ষা কৰোঁ আহক-কমলা দাস

অসম আন্দোলনৰ সময় আছিল সেয়া। মই তেতিয়া ক্লাছ এইটত পঢ়োঁ। আন্দোলনৰ তীব্ৰতাই স্কুল কলেজ সকলোতে প্ৰভাৱ পেলাইছিল। দলে-বলে সকলোৱে আন্দোলনত জঁপিয়াই পৰিছিলোঁ। ঠায়ে ঠায়ে পুলিচ মিলিটেৰিৰ অত্যাচাৰো চলিছিল। পিকেটিং, প্ৰচেশ্যন আদিত আমি অংশগ্ৰহণ কৰিছিলোঁ। পিকেটিং কৰিবলৈ গ’লে, সাময়িক জেলত দিনটো ৰাখি থৈছিল আমাক। সেইখিনি সময়ত ছাত্ৰসন্থাৰ ফালৰ পৰা কেঁচা নাইবা সিজোৱা বুট এমুঠিমানকৈ খাবলৈ দিছিল আমাক। সেই আন্দোলন চলি থকা সময়তে এবাৰ ঢৌ আহিল আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ দিয়া। আমাৰ স্কুলবিলাকত সকলো ছাত্ৰ ছাত্ৰীকে “এন চি চি” প্ৰশিক্ষণ দিবলৈ আহিল। প্ৰশিক্ষণ

Read more

পকামিঠৈ – মনম্বী শর্মা

বিহুৰ বতৰা। বিহু বুলি গােটেই ঘৰখন উদুলি মুদুলি। এসপ্তাহৰ আগৰ পৰাই ৰুণজুনৰ গাত তত্ নাই। শৈশৱতে একেলগে খেলাধূলা কৰা বৰতাকৰ ছােৱালী মিঠু বিহু বুলি সিহঁতৰ ঘৰলৈ আহিব। ঘৰখনত সকলােৰে মন উদুলি মুদুলি। কিমান দিনৰ মূৰত যে তাই গাঁৱৰ ঘৰখনলৈ আহিব। পঢ়া-শুনাৰ ব্যস্ততাৰ বাবে মিঠু বহুত দিন গাঁৱৰ ঘৰখনলৈ আহিব পৰা নাই। চহৰত ডাঙৰ-দীঘল হােৱা মিঠুৰ আকৌ ৰুণজুনলৈ বৰ হেঁপাহ কিন্তু পঢ়া-শুনা, গান-নাচ এইবােৰে তাইক ব্যস্ত কৰি থােৱাৰ বাবে প্রায় দহ বছৰমান তাই গাঁৱৰ আপােন ঘৰখনলৈ আহিব পৰা নাই।   ককায়েকহঁত

Read more

সালসলনি – মৌচুমী গগৈ

পুৱা চাহকাপ হাতত লৈ আহি বেলকণী পাই দেখোঁ যে এজনে পেপাৰখন মেলি গোটেই পৃথিৱীৰ খবৰবোৰ মুখস্থ কৰি থাকোঁতে চাহ খাবলৈকে পাহৰিলে। “হেৰি, চাহকাপো লগতেই খাই লওক, তেতিয়াহে মুখস্থ কৰাখিনি পেটৰ ভিতৰত থানথিত লাগিব।” মই ক’লোঁ। লৰালৰিকৈ চাহকাপ খাই কাপটো টেবুলত এনেকৈ থ’লে যেন,।মোৰ কথাষাৰ তেওঁৰ কাণত পৰাই নাই। এইবাৰ লাহেকৈ গলহেকাৰি এটা মাৰি ক’লোঁ- : যোৱাকালি ৰাতি বৰ ধুনীয়া সপোন এটা দেখিলোঁ জানে? “এনে কি সপোন দেখিলানো যে চাহত এচামুচ চেনীৰ ঠাইত দুচামুচ চেনী দিলা।” সেইজনাই সুধিলে। : মোৰ আকৌ

Read more

সন্দেহবাদী শইকীয়া-জয়ন্ত প্ৰীতম

: অ’ শইকীয়া..অ’ শইকীয়া.. শুনিছানে..অলপ ৰ’বাচোন। সান্ধ্যভ্ৰমণলৈ বুলি ওলাই অহা শইকীয়াক কোনোবাই পিছফালৰৰ পৰা মতা যেন পাই শইকীয়াই উভতি চাই দেখিলে কাষৰ ঘৰৰ কলিতাই দৌৰি দৌৰি শইকীয়াৰ ওচৰলৈ আহিছে। শইকীয়া অলপ আচৰিত হ’ল ইমান দৌৰাদৌৰিকৈ কলিতা এনেদৰে অহাৰ আঁৰত কি ৰহস্য থাকিব পাৰে বুলি ভাবি। ওচৰৰ সকলোৱে জানে কলিতা হ’ল কলিযুগৰ নাৰদ। তিলটোকে তাল কৰি কোৱা স্বভাৱটোৰ বাবে কলিতাক কোনেও চকু পাৰি দেখিব নোৱাৰে। শইকীয়ায়ো পৰাপক্ষত কলিতাক এৰাই চলিবলৈ চেষ্টা কৰে কিন্তু আজি সেই কলিতাই এনেদৰে উধাতু খাই শইকীয়াৰ ওচৰলৈ

Read more

বাইক চলোৱা ল’ৰাবোৰ – কনচেং বৰগোহাঁই

দিল্লীত গাড়ী চলালে ট্ৰেফিক পইণ্টত বোন্দাপৰ দি মানুহৰ মন মেজাজ ঠিক হৈ নাথাকে৷ তাতে গাড়ী মটৰৰ ২০০ ডেচিবেলৰ ওপৰৰ হৰ্ণৰ শব্দ আৰু ট্ৰেফিক পইণ্টত যিহে লম্বা লাইন, এবাৰতে সৰকি যাব পাৰিলেই যেন ৰক্ষা, উস্‌। তাৰোপৰি, পথত বাইক্‌ৱালাৰ দপদপনি আৰু অট’ৱালাৰ স্বভাৱসিদ্ধ বেপৰুৱামী৷ ইয়াৰ মাজতে বহুলোকে বৰ ধৈৰ্য ধৰি গাড়ী চলায়। আজি কিছুবছৰৰ আগৰ ঘটনা, মই আৰু মোৰ পৰিবাৰ দুয়ো কিবা সকামত ওলাই গৈছিলোঁ। সেইদিনা বৰ ভিৰো নাছিল৷ মন ভাল লাগিবলৈ এফ.এম-ত গান বজাই লৈছিলোঁ। আজিকালি এফ.এম টিপিলে গানেই গান। ইমানেই

Read more

ডাক্তৰণীৰ মনৰ কথা – ড° মৃদুস্মিতা ফুকন

কৰ’ণাৰ এই সন্ত্ৰাসৰ সময়ত মৰণত শৰণ দি দিনে-নিশাই সেৱা আগবঢ়োৱা ডাক্তৰসকলক বিশ্বৰ জনগণে এতিয়া অতি উচ্চ শাৰীত স্থান দিছে। এই সময়ত নিঃস্বাৰ্থ সেৱা আগবঢ়াই যোৱা এইসকলক গোটেই জগতে যেতিয়া বাহ বাহ দিছে, তেতিয়া স্বাভাৱিকতে ডাক্তৰৰ পৰিয়াল বুলি আমি ডাক্তৰণীসকলৰো মনত থকা ভয়-আশংকাৰ লগতে গৰ্বত বুকুখন অকণমান হ’লেও ফুলি উঠিছে দিয়কচোন। আমি এই পাবত গজা ডাক্তৰণীমখাৰ কঁপালখন চাওকচোন। এজনে মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ, দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত দিন হামিয়াই-হিকটিয়াই, কঁপালৰ ঘাম মাটিত পেলাই কিতাপৰ পাত ফালি যোৱাকৈ পঢ়িব

Read more

চিৰি মতী-দেবজিত শইকীয়া

(বিধিসন্মত সতৰ্কীকৰণ : বিবাহিতসকলৰ বাবে দেই৷ অবিবাহিত পুৰুষ নামৰ অলপ ধতুৱাসকলে পঢ়ি যাতে ভয় নাখায়) শব্দটোৱেই ভয় লগা৷ চিৰি মতী৷ বিবাহৰ পিছৰে পৰা অন্যৰ বাবে সপ্তাহৰ বাৰ সাতটা পিচে বিবাহিতসকলৰ বাবে আঠটা৷ সোমবাৰ, মঙ্গলবাৰ….ৰবিবাৰ আৰু পৰিবাৰ৷ বাৰু চিৰি মতী কিয় ভয় লগা তাকে ক’ব ওলাইছোঁ৷ শব্দটোকে চাওক৷ শ্ৰীমতী অৰ্থাৎ মতাৰ পিছত এডাল দীৰ্ঘয়ীকাৰ বহি শব্দটোক আৰু জোৰ দিছে৷ আকাৰ ডালৰ ভেলুৱেই নাই বুজিছেনে? বিয়াৰ পিছত চিৰিমতীয়ে যিটো আকাৰ ধাৰণ কৰে জিভা মেলি গিৰিয়েক শিৱৰ বুকুত ভৰি দি থিয় হৈ থকা

Read more

ক্ৰচ কানেকচন – দেবজিত শৰ্মা

“তাৰপিছত”?  সহপাঠী সৌৰভলৈ চাই প্ৰশ্ন কৰিলোঁ৷ ঘটনাৰ পটভূমি এম বি এ কৰি থকা সময়ৰ৷ সৌৰভ মানুহটো এনেয়ে ভালেই যদিও সাংঘাতিক কৃপণ আৰু কামোৰ৷ সি প্ৰকৃততে ফিল’চফি বা গৱেষণামূলক কিবা বিষয়ত যাব লাগিছিল৷ কিবা বিসংগতিত হে মেনেজমেণ্ট কৰিবলৈ আহিল৷ যিকোনো বিষয়তে তাৰ সম্পূৰ্ণ ওলোটা দৃষ্টিভংগী থাকিবই৷ লগতে তাৰ নিজৰেই আৱিষ্কৃত থিয়ৰীবোৰ! তাৰ নিজৰ মনত সি ডিটেকক্টিভ ৰয়ৰপৰা আৰম্ভ কৰি আইনষ্টাইনলৈ সকলো৷  বিগত কেইদিনমানৰপৰা সৌৰভে আৱিষ্কাৰ কৰিছে আমাৰে সহপাঠী অদিতি তাৰ প্ৰেমত পৰিছে, মানে সৌৰভৰ ভাষাত লাইন দিবলৈ আৰম্ভ কৰিছে৷ অদিতি আৰু

Read more

পহিলা এপ্ৰিল-প্ৰণীতা গোস্বামী বৰঠাকুৰ

কাহিনীটো ক’ৰ পৰা আৰম্ভ কৰোঁ ভাবি আছোঁ। আচলতে এইটো ঠিক কাহিনী নহয়, এটি ঘটনাহে। যাৰ জীৱনত এনে ঘটনা ঘটিছে তেওঁ হয়তো নাজানে মই তেওঁ জীৱনৰ সেই বিশেষ দিনটো কাহিনী ৰূপত সজাব খুজিছোঁ। তেওঁ যদি পঢ়ে মোক ক্ষমা কৰিবনে! ঠিক ২০১২ চনমানৰ ঘটনা। চান্দমাৰী বাছ ষ্টপৰ পৰাই আৰম্ভ কৰিছোঁ। বাছষ্টপত সেইদিনা অলপ ভিৰ আছিল। বোধকৰো কোনোবা এটা লাইনৰ বাছ অহা অলপ সেৰেঙা হৈছিল। মানুহবোৰে উৎকণ্ঠাৰে ডিঙি বেঁকা কৰি আহি থকা বাছবোৰ নিৰীক্ষণ কৰি হতাশ মুখ লৈ ৰৈ আছিল। বিনীতাৰো মানে কাহিনীৰ

Read more
1 11 12 13 14 15 72