ফটাঢোল

পনীৰ অফ ডিচকৰ্ড-ধূৰ্জ্জটি কাকতি

পনীৰৰ আৱিষ্কাৰ প্ৰাচীন ভাৰতত হৈছিলে নে পাৰস্য, আফগানিস্তানত আৱিষ্কাৰ হৈ আহি ভাৰতত সোমাল সেইটো লৈ বিশেষজ্ঞসকলৰ মতবিৰোধ আছে৷ কিন্তু এই পনীৰ অসমীয়া খাদ্যভাষত সোমোৱা বহুত দিন হয়তো হোৱা নাই৷ আমি একদম সৰু কালৰ বিয়াবোৰত গুৱাহাটীতো পনীৰ খোৱা মনত নপৰে৷ সৰুতে পনীৰ বুলি ক’লে মাৰোৱাৰীৰ মাংস বুলিয়েই কৈছিলোঁ৷ এতিয়াও বাৰু পনীৰ নিৰামিষাহাৰীৰ মাংস যেনেই৷ কোনোবাই মাছ-মাংস নেখালে তেওঁৰবাবে অকল পনীৰেই থাকে৷ যদিও পনীৰ খুব কম অসমীয়া মানুহৰহে প্ৰিয় খাদ্য হয় তথাপি অসমীয়া বিয়াৰ ৰিচেপচনত কিন্তু পনীৰ আটাইতকৈ সন্মান পোৱা খাদ্য৷ বুফে

Read more

আদাক দেখি উঠিল গা-ড৹ ধ্ৰুবলোচন নাথ

ডিউটিৰপৰা ঘূৰি আহি ঘৰৰ পদূলি পাইছিলোঁহে, হঠাৎ শ্ৰীমতীয়ে চিলনিয়ে থাপ মৰা দি হাতত ধৰি ঘৰৰ ভিতৰত সুমুৱাই আৰম্ভ কৰিলে, : হেৰা আজি হ’লে নেৰিছোঁ, আমিও এক চেলেঞ্জ দিম! ‘চেলেঞ্জ’ৰ কথা শুনিয়েই উচপ খাই উঠিলোঁ। মনতে ভাবিলোঁ -“হে হৰি, কিহৰ পাল্লাত পৰিলোঁ আজি। ভিতৰি ভিতৰি ইতিমধ্যে তোমাৰ লগত কিমানবাৰ চেলেঞ্জ দিছোঁ! ক’তা এবাৰোতো জিকা মনত নপৰে। এইবাৰ আকৌ তোমাৰপৰা চেলেঞ্জ! কৰ’ণা, লকডাউন, কোৱাৰেণ্টাইন, কণ্টেইনমেন আদিৰ জোৰত এই কেইমাহ ‘বাকী কথা বাদ দি জীৱনটোহে মূল’ বুলি শিকাই বুজাই কিবাকৈ ৰাখিছিলোঁহে, আজি আকৌ

Read more

জৰু কা গুলাম-জাকিৰ হুছেইন

কেলিফোৰ্নিয়াৰ এহাল দম্পত্তিৰ এক অজীৱ কাহিনী ফেচবুকত পঢ়িবলৈ পালোঁ। সঁচা ঘটনা হিচাবে প্ৰকাশিত যদিও কাহিনী বুলিয়ে ধৰি ল’লোঁ। তাতে ফেচবুকত ওলোৱা কথা! কোনে বা সজাই পৰাই কাহিনীটো প’ষ্ট কৰিছে! আজিৰ ডিজিটেল ফটোশ্বপৰ জামানাত কাকনো বিশ্বাস কৰিবহে? লিয়োনাৰ গিৰিয়েক কেৰ’লে পত্নীক কোনোদিনে ব্ৰেকফাষ্টত কফি বনাবলৈ নিদিয়ে, নিজে বনাই পত্নীক খুৱায়, কাপোৰ ধোৱা, ইস্ত্ৰি কৰা, বাচন-বৰ্তন ধোৱা-পোখলা কৰিবলৈও নিদিয়ে। পত্নীৰ হাত জ্বলিব পাৰে বুলি জাঁপ মাৰি আহি অভেনৰপৰা নিজেই খোৱা বস্তুবোৰ উলিয়ায়। শোৱাৰ পৰত বিছনা-পাতিও নিজেই ঠিক-ঠাক কৰি লয়। প্ৰথমে তেওঁৰ কথাবোৰ

Read more

ইনষ্টলমেণ্টত ৰসগোল্লা- অশোক কুমাৰ নাথ

মানুহজন গজংগজংকৈ হোটেলখনলৈ সোমাই আহি ডাইৰেক্ট মালিকক সুধিলে – “ৰসগোল্লা এটাৰ দাম কিমান?” হোটেলৰ মালিকে গহীনাই উত্তৰ দিলে – “২০ টকা।” “ইনষ্টলমেণ্টত পোৱা যাবনে?” অনাকাংক্ষিত প্ৰস্তাৱটো শুনি মালিকৰ একেসময়তে অকণমান খং আৰু হাঁহি উঠিল। “কিনো কথা ক’বলৈ আহিছে হে এই পুৱাই পুৱাই?” আগতকৈও উচ্চ স্বৰত মানুহজনে ক’লে – “ঠিকেই শুনিছে আপুনি! ইনষ্টলমেণ্টত ৰসগোল্লা এটা লাগে মোক – দিব নে নাই সেইটো কওক?” “নিদিওঁ।” – মালিকৰ এইবাৰ সঁচাকৈয়ে খং উঠিল। “সঁচাকৈয়ে নিদিয়ে?” “অঁ, নিদিওঁ!” “আপুনি মোক চিনি পোৱা নাই! মন্ত্ৰীৰ লগত

Read more

ট্ৰু-ক’লাৰৰ মহিমা : জয়ন্ত দত্ত ট্ৰ

টোপনি মোৰ জোখতকৈ অলপ বেছি বুলি বহুতে কয়, কথাষাৰ ময়ো মিছা বুলি নকওঁ। ঠাণ্ডাৰ দিনত টোপনিৰ আমেজ মোৰ বাবে আৰু বাঢ়িহৈ যায়। কিবা কাৰণত কোনোবাই মোৰ কেঁচা টোপনি ভাঙিলে প্ৰকৃতিস্থ হ’বলৈ মোক ভালেখিনি সময় লাগে। যোৱা সপ্তাহৰপৰা ঠাণ্ডা ভালেখিনি বাঢ়িছে। দিনটো অফিছৰ কাম কৰি সন্ধিয়া ছয়মান বজাত আহি ঘৰ সোমাওঁ, তেতিয়ালৈকে ভালেখিনি আন্ধাৰ হয়। খোৱাত চৌখিন যদিও ৰাতিৰ সাঁজটোত বহুত কিবাকিবি ৰান্ধিবলৈ এলাহ লাগে, অকলশৰীয়া মানুহ যেতিয়া প্ৰায়ে ভাত-আলুপিটিকাৰে চলাই দিওঁ। মন মোৰো যায়, ৰাতিপুৱাৰ সুদা চাহকাপেই হওক বা ৰাতিৰ

Read more

ভিন্ন জন,ভিন্ন মন-গীতাৰ্থ গোস্বামী

চেলচ প্ৰফেশ্যনত থকা বাবে সদায় বেলেগ বেলগে মানুহক লগ পোৱাৰ সৌভাগ্য হয়, আৰু এবাৰ তেনেকৈয়ে বেলেগ এটা কোম্পানীত কৰ্মৰত এজন ব্যক্তি শ্ৰীমান তালুকদাৰৰ লগত সাক্ষাৎ হ’ল। দুয়ো একেলগে এবাৰ শ্বিলঙলৈ গ’লোঁ‌ চাকৰিৰ কামত। হোটেলত দুটা চিঙ্গল ৰুম খালী নথকাৰ বাবে এটা ডাঙৰ ৰূম দুয়োজনে বুক কৰিলোঁ‌ আৰু নিজৰ নিজৰ কামত ওলাই গ’লোঁ‌। আহি দেখোঁ‌ ডাঙৰীয়াই নিজৰ চেণ্ডেল, টাৱেল আদি একো না নাই। হোটেলৰ সৰু টাৱেলখন মেৰিলীন মনৰোৰ মিনি স্কাৰ্টটোৰ দৰে পিন্ধি বাৰে বাৰে মোৰ চেণ্ডেলযোৰ লৈ বাথৰুমলৈ গৈ তিয়াই আনে

Read more

জীৱন এনেকৈয়ে-অগ্নিভ দত্ত

কলেজত পঢ়ি থকা দিনৰে ঘটনা৷ সৰু ঘটনা এটাক লৈ কলেজৰ শিক্ষাৰ্থী আৰু কলেজ কৰ্তৃপক্ষৰ মাজত এখন যুঁজ চলিল৷ যুঁজে এনেকুৱা পৰ্য্যায় পালেগৈ যে চৰকাৰে কলেজ অনিৰ্দিষ্ট কাললৈ বন্ধ বুলি ঘোষণা কৰি দিলে৷ কলেজ বন্ধ, হোষ্টেলৰপৰা সকলোকে ওলাই যোৱাৰ নিৰ্দেশ দিয়া হ’ল৷ সকলো ঘৰা ঘৰি গ’লগৈ৷ দুমাহ কলেজ বন্ধ থকাৰ পাছত চৰকাৰে জাননী দিলে এটা নিৰ্দিষ্ট দিনৰপৰা ক্লাছসমূহ নিয়মিয়াকৈ হ’ব৷ জাননীৰ দিন মতেই আমি আকৌ ঘূৰি আহি হোষ্টেল পালোঁহি৷ আকৌ আৰম্ভ হ’ল ক্লাছ, প্ৰেক্টিকেল আদিৰ দৰে আমনিদায়ক কামবোৰ৷ অৱশ্যে ঘূৰি অহাৰ

Read more

আই-লেচ-নিৰ্মালী বৰমুদৈ

চাৰিওফালে উথপথপ। কোনোৱে যদি চাহ তামোল যোগাৰ কৰাত ব্যস্ত হৈ আছে, কোনোৱে আকৌ চাফ চিকুণ কৰাত। দুজনমানে কলগছ এজোপা কাটি আনি বেই সাজিবলৈ ধৰিছে, দুগৰাকীমানে আকৌ মেখেলাখন উজাই তিনিপাকমান ভিতৰ বাহিৰ কৰোঁতেই গৈছে। বয়োজ্যেষ্ঠকেইজনে নাম কীৰ্তনৰ কাৰণে যো-জা চলাইছে। চেঙেলীয়া ল’ৰা দুজনে নিজৰ মনৰ পচন্দৰ গান বিচাৰি মোবাইলৰপৰা চাউন্দ চিষ্টেমত সংযোগ কৰিছে। আয়তীকেইগৰাকীয়ে চকীতে বহি লগৰকেইগৰাকী অহালৈ অপেক্ষা কৰি ৩-৪ খনমান তামোলকে মুখত ভৰাইছে। দেখিলেই অনুমেয় এয়া এক বিয়াৰ পৰিবেশ। সকলোৰে মৰমৰ আমাৰ হেতুলুকাজনীৰ আজি শুভ বিবাহৰ দিন। কিমান যে

Read more

মইনো কিহৰ লায়কৰ-প্ৰান্তৰ ভাগৱতী

: হেৰা। তুমি কি মানুহহে। একো এটা কাম ঠিককে কৰিব নোৱৰা। সেই ৰাতিপুৱা ১০টা বজাতে গেছ চিলিণ্ডাৰ আনিবলৈ গৈ এতিয়া ভৰ দুপৰীয়াখন আহি কৈছাহি চিলিণ্ডাৰ নেপালা। মই এতিয়া জুই জ্বলাই ভাত বনাই খুৱাব নোৱাৰোঁ দেই এই গেলা গৰমত। তুমি নিজে বনাই ল’ৰা ছোৱালীক খুওৱা। মই নেখালেও হ’ব।   হওতে কথাটো হয় বাৰু। মই ঠিকেই গৈছিলোঁ‌ এজেঞ্চীলৈ বুলি। পিছে বাটত লগৰ দুটামান লগ পাই হোটেলত চাহ চিঙৰাৰ জুতি লৈ  উঠি পাণ দোকানৰ সন্মুখত আড্ডা মাৰি থাকোঁ‌তে কেতিয়া বাৰটা বাজিল গমেই নেপালোঁ‌।

Read more

ডায়েট ক’ণ্ট্ৰল-জয়ন্ত গগৈ

প্ৰশান্তৰ গাটো এইকেইদিন বৰ এটা ভাল নলগাৰ বাবেই গাড়ীখন লৈ ক’লৈকো যোৱা নাই৷ লগৰীয়াবোৰে সি কিয় টেক্সি ষ্টেণ্ডলৈ অহা নাই, তাকে লৈ ফোনো কৰি আছে। তাৰ শৰীৰটো কিবা অলস অলস যেন লগা, ফোঁপনি ধৰা, মূৰ আচন্দ্ৰাই কৰা ভাৱটোৰ বাবেই যাবলৈ ইচ্ছা কৰা নাই বুলি দুই-তিনিজনমান লগৰীয়াক জনালে। প্ৰশান্তৰ শ্ৰীমতীয়েও ডাক্তৰৰ ওচৰলৈ যোৱাৰ কথা কেইবাবাৰো উনুকিয়াই আছে। অৱশেষত যেনিবা টেক্সি ষ্টেণ্ডৰ দুজনমান লগৰীয়াই জোৰ কৰি তাক ডাক্তৰৰ ওচৰলৈ লৈ গ’ল। প্ৰশান্তৰ বয়স অনুযায়ী থুলন্তৰ দেহাটোৱে বহুত বয়সীয়াল যেন দেখায়। এই চাব্বিশ

Read more
1 16 17 18 19 20 72