ফটাঢোল

কনজুছৰ বজাৰ কৰা কাহিনী-বৰ্ণালী এচ মূদৈ

জীৱন বজাৰৰ বেঙেনা খুব বিখ্যাত। ডাঙৰ ডাঙৰ ফুটবলৰ চাইজৰ বেঙেনা পোৱা যায়। আজি বেঙেনা ফ্ৰাই খাবলৈ বৰ মন গৈছে। গ’লোঁ বজাৰলৈ, : ঔ ভাই বেঙেনা কেনেকৈ কেজি? : আশী টাকা৷ চিন্তা কৰিলোঁ এটা মানুহ, এগাল বেঙেনা নি কি কৰিম!তাতকৈ এটা কিনি নিওঁ। ভাজি খাম। দোকানিয়ে শুনিয়েই চেলাউৰি কোঁচাই এবাৰ চালে। : এটা বেঙেনা বিক্রি নকৰোঁ। কাষৰ দোকানিজনক সুধিলোঁ। অকলশৰীয়া মানুহ বুলি বহুত অনুৰোধ কৰাৰ পাছত ক’লে, : এটা বেঙেনা কিনিলে এশটকা কেজিকৈ ধৰিম। তাৰ পিছত বত্ৰিছটকাত এটা বেঙেনা পালোঁ। :

Read more

অংকত ব্যস্ত-সদানন্দ ভূঞা

বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ পশু পালন ও পশু চিকিৎসা বিভাগৰ দ্বাৰা সমগ্ৰ ভাৰতবৰ্ষতে পশুধনক চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কাৰ্যসূচী চলাই থকা হৈছে। আমাৰ অসমতো আজি কিছুদিনৰপৰা বৰ্তমান এই কাৰ্যসূচীৰ মতে গৰু আৰু ম’হবোৰকো চবকা ৰোগৰ প্ৰতিষেধক টীকা প্ৰদান কৰি থকা হৈছে। সেই হিচাপে ময়ো বৰ্তমান এই কাৰ্যসূচীত ব্যস্ত থকা বাবে গোটত ভুমুকি মাৰিবলৈ সময়েই নোপোৱা হ’লোঁ। আমাৰ আগন্তুক সংখ্যাৰ ‘ফটাঢোল’ ই-আলোচনীখনৰ বাবে কিবা এটা লিখনি বিচাৰি চম্পা আইদেৱে বহুবাৰ অনুৰোধ জনাইছিল যদিও সময়ৰ অভাৱত লিখিবই পৰা নাছিলোঁ। চম্পা আইদেৱে

Read more

বাছৰ যাত্ৰা বোৰ-কমলা দাস

সৌ সিদিনালৈকে প্ৰায়বোৰ মানুহৰেই দূৰ দূৰণিলৈ হওক বা ওচৰলৈয়ে হওক, ইফাল সিফাল যোৱাৰ প্ৰধান বাহন আছিল বাছ। গুৰুত্বপূৰ্ণ কাম নাথাকিলে, নিজৰ সৰু গাড়ী লৈ খুব কম সংখ্যক মানুহেহে অহা যোৱা কৰিছিল। আপোনালোকৰো নিশ্চয় বাছত অহা যোৱা কৰাৰ অভিজ্ঞতা আছে। ৰাতিৰ বাছেই হওক বা দিনৰ ভাগতেই হওক, বাছ যাত্ৰাত বিভিন্ন অভিজ্ঞতা লাভ হয়। সেই অভিজ্ঞতাবোৰ কেতিয়াবা মধুৰ, ৰোমাঞ্চকৰ, হাস্যকৰ আৰু কেতিয়াবা তিতাও হয়। ভালে কেইবছৰমান মই প্ৰায়েই মাহত দুবাৰ তিনিবাৰকৈ গুৱাহাটী-বৰপেটা অহা যোৱা কৰিছিলোঁ। ফলত সেইটো লাইনৰ গুৱাহাটীলৈ অহা প্ৰায়বোৰ বাছৰ

Read more

বৰানীৰ টেলেণ্ট-ৰাস্না বৰা

শোৱাৰপৰা উঠি চাহকাপ হাতত লৈ পুৱাৰ মিঠা ৰ’দজাকৰ উম লৈ মানুহজনীয়ে মোবাইলটো হাতত তুলি ফেচবুকটো খুলিছিলহে এজনৰ আৰম্ভ হ’লেই নহয় বোলে তোমাৰ কাম নাই আৰু সেইডাল চাই চাই লোকৰ ফটোত কমেণ্ট মৰা, কোনে কিমান ধুনীয়া চাদৰ মেখেলা পিন্ধিছে তাকে মোক দেখুৱাই আজি বোলে এনেকুৱা এযোৰ ভতিজীৰ বিয়াতহে ল’ম আজি বোলে ভাগিনৰ বিয়াত নীলা ল’লোঁ ভাইটিৰ বিয়াত কমলা ৰঙৰ লওঁ, আকৌ বোলে এইখন গৰমৰ বিয়া পাতল গুলপীয়া এযোৰহে লওঁ তাৰমানে দাঁত সৰি চুলি পকী আলৰ বুঢ়ী হ’লে ছেকেণ্ডহেণ্ড কাপোৰৰ দোকান খুলিবা

Read more

বিমল-ৰজনী শাস্ত্ৰ- শ্ৰুতিমালা মিশ্ৰ

যোৱা পাঁচ বছৰমানৰ অভিজ্ঞতা। পাণদোকানেই হওঁক বা গেলামালৰ দোকানেই হওঁক হৰেক ৰকমৰ গুটখাৰ পেকেটৰ মালা ওলোমাই থোৱা দেখা পাওঁ। কমলা পছন্দ, বিমল, ৰজনীগন্ধা, তুলসী, শিখৰ, হৰপল ইত্যাদি বিভিন্ন সুন্দৰ সুন্দৰ নামৰ বাহাৰ। পেকেটবোৰো ৰংচঙীয়া। কোনোবাটো যদি আকাশী নীলা ৰঙৰ কোনোবাটো ৰঙা। ডাঙৰ পেকেটটো ফালি লৈ লগত দিয়া জৰ্দাৰ সৰু পেকেটটো মিহলাই লৈ দুয়ো আঙুলিৰ ফাঁকত সুমুৱাই যিটো ডম্বৰু বজোৱাৰ দৰে বাজনা বজাব সেইটোৰ সুৰ-তাল-লয়ৰ কোনোদিনেই ভুল নহয়। তাৰপিছত দুয়োটা মিহলাই লোৱাৰ পিছত বগা বগা ধোঁৱাৰ নিচিনা মুখেৰে বাজ কৰি গোটেই

Read more

ৰাগ ভৈৰবী- মৌচুমী দুৱৰা

মালতীৰ এইকেইদিন গা সাতখন আঠখন হৈ আছে। বিদেশৰপৰা পুতেক আহিব। দুটা দিনেই নাযায় নুপুৱাই যেন লাগিল। আটাইতকৈ সুখৰ কথা পুতেক এইবাৰ অকলে নাহে, লগত আহিব মেমনী বােৱাৰীয়েক। আগলৈ পাছলৈ কোনাে নথকা সােণমইনাৰ সংসাৰখন পাতি দিবলৈ কমল আৰু মালতীৰ কিমানযে সপােন আছিল! পদূলিৰ মুখতে দিয়া দোকানখনকে সাৰথি কৰি ল’ৰাটোক কমলে মানুহ কৰিলে। মানুহজনীয়েও দুশ্রেণী নপঢ়িলে যদিও কামেকাজে বৰ নিপুণ। বিয়াৰ পাছৰেপৰা ঘৰখনকে মুঠিমাৰি ধৰিলে। ল’ৰাটোকো সৰুতেই নীতি শিক্ষাৰে কিমান পাঠ পঢ়ালে হিচাব নাই। আই. আই. টিত ছিটটো পােৱাৰ পাছৰেপৰা সােণমইনা বাহিৰ

Read more

বিবাহৰ চতুৰ্থ পৰ্ব- প্ৰান্তৰ ভাগৱতী

বিয়া…বিয়া নোহোৱালৈকে সকলোৰে কেতিয়া বিয়া হ’ব কেতিয়া বিয়া হ’ব আৰু বিয়াৰ পিছত বহুতৰ কিয় বিয়া কৰাইছিলোঁ বা কিয় বিয়া হৈছিলোঁ…কিবা যেন দিল্লীৰ লাড্ডু। নেখালেও পষ্টাবা খালেও পষ্টাবা। আৰু কিমানজন বাঘা, বাঘা বিবাহিত, অবিবাহিত জ্ঞানী পুৰুষে মহৎ বাণী লিখি থৈ গৈছে বিবাহৰ ওপৰত। এই ধৰণৰ বিভিন্ন নীতি শিক্ষাৰ পাঠ পঢ়ি পঢ়ি অৱশেষত বিয়া কৰাম বুলি ঘৰত সন্মতি দিলোঁ। আমাৰ দৰে সাধাৰণ মানুহৰ বাবে বিয়া বুলিলে তিনিটা পৰ্ব। জোৰোণ, বিয়া আৰু আঠমঙলা। অৱশ্যে আজি কালি মডাৰ্ণসকলৰ মেহেণ্ডী, ফটো চেচন ( প্ৰি-বিয়া, পষ্ট

Read more

গাৰ্হস্থ্য- অসীমা শইকীয়া দত্ত

বিয়া হোৱাৰ পিছত চিনেমাই চিৰিয়েলে ৰোমাণ্টিক যোৰাবোৰ দেখিলে মোৰ নিজৰ দেৱে ৰাহি মিলোৱা  টচ মুগাৰ যোৰাটো তন্ন তন্নকে চাওঁ। দেহি ঐ ৰোমাণ্টিক বুলিবলে জেগাই নাই কেনিও দুইটাৰে৷ হোমৰ জুইত ঘিউ ঢালি দেৱে যি কুৰা জুইক সাক্ষী কৰি বান্ধি পঠালে, সঁচ নুনুমালে৷ বৰনামঘৰৰ চাকিৰ দৰে কাললে ৰ’ল ঘৰতো আহি। প্ৰথম এদিনেই চিনেমাৰ দৰে হৈছিল কেচটো। মই গেট খুলি বাটত। পিছে পিছে শহুৰৰ পুতেক। মোৰ পিছে পিছে কথা কৈ গৈ হঠাৎ মাজতে মাত বোল নাই। বাওঁফালে ঘূৰি পিছলৈ চালোঁ বহু দূৰলৈকে ৰাষ্টাটো

Read more

গাখীৰ চাহময় জীৱন-বৰ্ণালী এচ মূদৈ

নিজৰ ডায়েট নিজেই ফাঁকি দিয়াৰ বাবে প্রতিদিনেই গাখীৰ চাহ খোৱাৰ কিমান বাহানা যে মই উলিয়াওঁ! ৰাতিপুৱাৰ চাহ কাপ মই মৰ্ণিং ৱাক কৰি আহি খাওঁ গ্রীনটি। কিন্তু কভিড১৯ বাবে মৰ্ণিংৱাক বন্ধ সেই দুখত মই গাখীৰ চাহেই খাওঁ! কাৰণ মৰ্ণিংৱাক যোৱা নহ’ল যেতিয়া কোনে আৰু খাই সেই অখাদ্য চাহ! বেলি দুপৰীয়া শোৱাপাটি এৰি কাম-কাজ শেষ কৰি চাহ কাপ হাতত তুলি লোৱাৰ মজাই সুকীয়া! এইসময়ৰ চাহ কাপ মিছ কৰিলে জীৱন অসম্পূর্ণ! সেয়ে নিত্য নতুন বাহানা কৰি হ’লেও গাখীৰ চাহ খাবই লাগিব! যেনে ধৰক-

Read more

বৰুৱাৰ সংসাৰ- জ্যোৎস্না হাজৰিকা

দেওবাৰৰ ৰাতিপুৱাটো বদন বৰুৱাৰ ঘৰখনত একপ্ৰকাৰৰ উথপথপ হৈ থাকে। সপ্তাহটোৰ একঘেয়ামিখিনিৰ অন্তত ঘৰখনত সৰু-সুৰা উদ্‌যাপন এটাই হয়গৈ।  উদযাপননো আৰু কি! ৰাতিপুৱাতে বৰুৱানীৰ হাতৰ ৰুটি-ভাজি আৰু অমলেটেৰে দিনটোৰ শুভাৰম্ভ হয়। বৰুৱানীয়ে ৰাতিপুৱাতে ঘৰৰ কামবোৰ সামৰি ভাগে ভাগে চাহ জলপান যোগান ধৰে মানে বৰুৱাই বজাৰলৈ যোৱা মোনাখন বিচাৰে। মানুহ বুলিবলৈ বাবা মাজনীকলৈ ঘৰখনত মাত্ৰ চাৰিটি প্ৰাণী। সাদৰী মানুহজনীৰ হাতৰ পৰশ ঘৰখনৰ প্ৰতিটো চুকতে বিদ্যমান। আগফালৰ ফুলনি, পিছফালৰ বাৰীখন নিজহাতে আপডাল কৰে মানুহজনীয়ে। বৰুৱাই বন্ধবাৰবোৰত ঢেঁকীয়া, পচলা য’ত যি পাই গোটাই দিয়ে আৰু

Read more
1 17 18 19 20 21 72