চেলেঞ্জ : খনিন্দ্ৰ ভূষণ মহন্ত
দৃশ্যপট ১ : তেতেলী তল আমাৰ স্কুলৰ পাছফালেই ডাঙৰ তেতেলী গছ এজোপা আছিল। শ্রেণী নির্বিশেষে নেওতা পঢ়া আৰু মুখস্থ দিয়াৰ কাঠগড়া হিচাপে সেই ঠাইকণ সর্বজন বিদিত। বিদ্যালয়ৰ প্রায় সকলো ছাত্র-ছাত্রীয়েই জানে, গছজোপাৰ তলৰ এক নির্দিষ্ট ঠাইত দিনটোৰ কোনো এটা সময়তেই ৰ’দ নপৰে। স্বাভাৱিকতে গৰমৰ দিনকেইটাত সেই ঠাইটুকুৰা দখল কৰিবলৈ সকলোৱে মনতে আশা কৰে। যত দূৰ সম্ভৱ, দ্বিতীয় শ্রেণীৰ ছাত্র আছিলোঁ তেতিয়া। ক্লাচৰ শেষৰ ঘণ্টাত বন্ধু এজনৰ লগত বাজি লগালোঁ, “কাইলৈ সেইঠাইত যদি মই থিয় হ’ব পাৰোঁ, তই মোক এটকাৰ ‘মিচল’
Read more