ফটাঢোল

লকডাউনত ৰজনীগন্ধাৰ বিলৈ-চিত্ৰ জিৎ বৰা

যোৱা মাৰ্চ মাহৰ কথা। চাৰিওফালে হাহাকাৰ, অসমীয়া বাতৰি চেনেল খুলিবই নোৱাৰি৷ খালি কৰ’ণা কৰ’ণা, মানুহ পাগল কৰিহে এৰিব আৰু পায়। মানুহৰ মাজত এক চেপা উত্তেজনা। তাৰ মাজতেই আহিল সেই আকাংক্ষিত সময়৷ মেৰে প্যাৰে দেশবাসী বুলি আমাৰ প্ৰধানমন্ত্ৰীৰ ভাষণ আৰম্ভ হোৱাৰ লগে লগেই ২১ দিনীয়া বন্ধ। কেইবাদিনো ধৰি লক-ডাউন। ৰাস্তালৈ ওলাবলৈ ভয়! পিঠিত কেতিয়া কোন ফালৰ পৰা মাৰ পৰে ঠিক নাই! সেইসময়ত সকলোৰে চিন্তা, কি হ’ব, কি কৰিব সকলোৰে চিন্তা, গতিকে ঘৰত খোৱাবস্তু যোগাৰ কৰাৰহে কথা। জীয়াই থাকিব লাগিব। চিধা কথা,

Read more

নাৰায়ন নাৰায়ন- সদানন্দ ভূঞা

সমগ্ৰ বিশ্বতে এতিয়া কৰোণা মহামাৰীৰ ভয়ংকৰ সংহাৰি ৰূপ । পৃথিৱীৰ মনুষ্যকুল এতিয়া কৰোণাৰ আতংকত ত্ৰস্তমান । সমগ্ৰ বিশ্বতে কিমানজন আক্ৰান্ত হ’ল আৰু কিমানজনে ইহলীলা সম্বৰণ কৰিলে তাৰ পৰিসংখ্যা এতিয়া বিশ্বৰ সমগ্ৰ মানৱ জাতিৰ পেটত হাত-ভৰি লুকুৱাবলগীয়া অৱস্থা। এই আতংক কেৱল পৃথিৱীৰ পৰিসীমাতে আৱদ্ধ হৈ থকা নাই । এই আতংক এতিয়া স্বৰ্গ, মৰ্ত আৰু পাতালতো বিৰাজমান। আঁহকচোন সমগ্ৰ বিশ্বৰ সংবাদদাতা দেৱমুনি নাৰায়নৰ দ্বাৰা আগবঢ়োৱা বিশেষ সংবাদৰ দ্বাৰা আমি সকলো জ্ঞাত হওঁ। তিনিলোকৰ পালন কৰ্তা সকলোৰে ত্ৰানকৰ্তা পৰম পিতা পৰমেশ্বৰ নাৰায়ন আই

Read more

নিমিলা অংক- ডা° অঞ্জন জ্যোতি চৌধুৰী

যোৱ চাৰি বছৰমানৰ পৰা ইংৰাজী নতুন বছৰৰ প্রথম দিনটোৰ পৰা বহাগ বিহুলৈকে মই অতিশয় ব্যস্ত হৈ থাকোঁ। মোৰ এই ব্যস্ততা বিহুৰ সাংস্কৃতিক অনুষ্ঠানৰ কথা লৈ। সংগীত মোৰ নিচা যদিও পেছা হিচাপেও ল’ব পৰা হ’লে কিমান যে সুখী হ’লোঁহেঁতেন। বৃহত্তৰ গুৱাহাটীৰ বিহুৰ সাংস্কৃতিক অনুষ্ঠান। পাঁচ দিনমানলৈ অনুষ্ঠিত হয়। সেই পাঁচ দিনৰ বাবে মোৰ এই চাৰি বুলি মাহজোৰা ব্যস্ততা। নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা অতি জৰুৰী নহ’লে গধূলি মই ঘৰৰ পৰা ক’লৈকো নাযাওঁ। কোনোবাই বিহুৰ সাংস্কৃতিক অনুষ্ঠানলৈ গান গাবলৈ মাতিব আহিব পাৰে

Read more

লাইফৰ প্ৰথম ইংলিছ গান- অসীমা শইকীয়া দত্ত

কাণৰ অভাৱত সংঙ্গীতৰ জগতখনৰ খহি পৰা পেঁপাকঢ়া তৰাটো… : অসীমাবা আপুনি গান গাই পাইছেনে? সুধিলে এদিন এজনীয়ে। মনত পৰি গ’ল বহু কথাই। নষ্টালজিক হ’লোঁঁ৷ আঃ! ক্যা দিন থা। ৱ’ লমহে, ৱ’ য়াদে… মইনা পাৰিজাতত গান শিকিছিলোঁঁ৷ গানতকৈ গাটো বেছি হিলে বাবে ছাৰে মোক খুটা এটাত আউজি ল’বলৈ দিয়ে। সবেই গায় লগতে চকু মুদি ময়ো বেবাওঁ পুৰা৷ এদিন সমবেত গাই আছোঁ লগৰবোৰ চুপ হ’ল৷ মই থল থল কে টেটু ফালি আছোঁ ভেড়াৰ দৰে৷ গম নেপাওঁ অকলে যে গাই আছোঁ। ভিতৰৰ পৰা 

Read more

শেষ দিন-বৈদুৰ্য্য বৰুৱা

যোৱা ডিচেম্বৰৰ ‘কা’ আন্দোলনৰ সময়ৰ কথা।চাৰিওফালে হাহাকাৰ, হাজাৰ হাজাৰ উগ্ৰ জনতা, প্ৰতিবাদ, দগমগিয়া টায়াৰৰ জুই, ক’লা ধোঁৱাৰে আকাশ চানি ধৰিছে। গুলিয়া-গুলি, কাৰফিউ, কেইবাদিনো ধৰি লক-ডাউন। ৰাস্তালৈ ওলাবলৈ ভয়! পিঠিত কেতিয়া কোন পক্ষৰ মাৰ পৰে ঠিক নাই! সেইসময়ত সকলোৰে চিন্তা, এইদিন কেতিয়ালৈকে চলে কোনো ঠিক নাই, গতিকে ঘৰত খোৱাবস্তু যোগাৰ ৰখাহে কথা। জীয়াই থাকিব লাগিব। চিধা কথা, সামৰ্থ্য অনুসৰি যিমান দিনলৈ পাৰি সিমান দিনলৈ খোৱা বস্তু যোগাৰ ৰখাটোৱেই জ্ঞানীৰ কাম। ময়ো যিহেতু এজন জ্ঞানীলোক গতিকে সেইদিনৰ কোনোবা এটা দেওবাৰে ৰাস্তাৰ কাষত

Read more

স্বৰ উৎপাদন-ৰঞ্জিত হাজৰিকা

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগেদি এসময়ত নিশা সম্ভৱ দহমান বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান এটা প্ৰচাৰ হৈছিল৷ গান-বাজনা সিমান বেয়া নাপাওঁ বাৰু৷ কিন্তু ধ্ৰুপদী সংগীতৰ কোনো জ্ঞান মোৰ নাই৷ গতিকে সেইটো অনুষ্ঠানৰ প্ৰতি মোৰ বিশেষ আগ্ৰহৰ কথাও নাই৷ তথাপি বুজাই-নুবুজাই চকু-টকু মুদি বেছ চমঝদাৰৰ দৰে অনুষ্ঠানটো মই প্ৰায়ে শুনিছিলোঁ৷ আগ্ৰহ নথকা সত্ত্বেও মই কিয় শুনিছিলোঁ সেই অনুষ্ঠানটো? আচলতে সেই সময়ত মনোৰঞ্জন বুলিবলৈ ৰেডিঅ’টোৰ বাহিৰে আছিলনো কি? তদুপৰি আমি ককাই-ভাইকেইটাই নিজেই মেৰামতি কৰি কৰি ঘৰৰ ৰেডিঅ’টোৰ অৱস্থা যে ইতিমধ্যে শোচনীয় কৰি থৈছোঁ৷ যোৰহাটৰ

Read more

আপুনি বিৰাট হট- শংকৰ শৰ্মা

অফিচৰ পৰা আহি বেগটো টেবুলত থৈ ভৰি হাতকেইখন ধুই বিছনাত এনেয়ে দীঘল দিছে। পত্নীয়ে আগবঢ়াই দিয়া ৰঙা চাহ কাপে দিনটোৰ অৱসাদ কিছু দূৰ কৰিলে। সন্ধিয়াৰ এই ৰঙা চাহ কাপৰ বাবে মই সদায় উদগ্রীৱ হৈ থাকোঁ। অফিচতাে মই ৰঙা চাহেই খাওঁ। তথাপিও পত্নীৰ মৰম সনা চাহ কাপৰ সােৱাদ সুকীয়া। অফিচৰ পৰা আহি আধাঘন্টা মান মই সদায় জিৰণি লওঁ। এইখিনি সময়ত পত্নীৰ লগত দুই-এটা কথাৰ বাহিৰে মই বিশেষ কথা নাপাতােঁ। তেঁৱাে মােৰ এই বিশেষ সময়খিনিৰ কথা জানে। এইখিনি সময় তেঁৱো নিজৰ কামত

Read more

যেতিয়া কথাবোৰে মূৰত ধৰে- বাসৱদত্ত দাস

হঠাৎ এদিন যদি এনেকুৱা হৈ যায়, আপুনি লগ পোৱা মানুহবিলাকৰ দেহত যদি সাংবাদিকসকলৰ স্বভাৱবিলাক সুঁচৰিবলৈ ধৰে, তেন্তে তেওঁলোকৰ আচৰণবোৰনো কেনেকুৱা হʼব? ধৰা হওক, আপোনাৰ এজন প্ৰিয় বন্ধু, তেওঁৰ ঘৰলৈ আলহী খাবলৈ গৈছে৷ হঠাৎ তেওঁ যদি এজন সাংবাদিকৰ নিচিনাকৈ আচৰণ কৰিবলৈ ধৰে, আপোনাক আদৰি অনা পৰিৱেশটো অলপ এনেকুৱাধৰণৰ নহʼবনে : : এয়া আমাৰ সৈতে আহি ইতিমধ্যে উপস্থিত হৈছেহি আমাৰ বন্ধু; বন্ধু, কেনে লাগিছে আপোনাৰ ইয়ালৈ আহি? : ……………………… : নিশ্চিতভাৱে কʼব লাগিব যে বন্ধুবৰে মুখেৰে একো নামাতিলে৷ এয়া বন্ধুৱে মোনাত হাত

Read more

জনতা কাৰফিউ “জেই কাৰুণা মাঈকী জেই”- নিৰ্মালি সন্দিকৈ

পোৱালিকণক মুখ হাত ধুৱাই জা-জলপান খুৱাই পঢ়া টেবুলত বহাই পাপনকাইৰ বৰগীত ঘোষাভাগ মিহিকৈ লগাইছোহে; পোৱালিয়ে বোলে, “মা ছাউণ্ড কমোৱা। কিবা হৈছে। শুনানা।” ছাউণ্ড দেখোন যেনি তেনি হৈছে। যি টিখন বাজিছে। পিছে দৰাই আদৰিলে নে, ৰাসত শংখচূড়েই ওলাইছিলনে, আঘোণমহীয়া পথাৰৰ ধান খাবলৈ হাতীয়ে ওলাইছিল নে পানী তোলা ৰাইজ বাজলৈ ওলাইছিল তত্ নেপালো! বাকী যি হওক নহওক পাকঘৰৰ পৰা লাচিতৰ গতে ওলাই অহা কাঁহী বাতি, হেতা চামুচ, ভগা টিং, চৰু কেৰাহীৰ আৱাজটো চুচুক চামাককে চোনিয়া জেঠাইৰ মাকৰ ঘৰৰ পৰা অহা কৰুণা মামাৰ

Read more

এতিয়া হস্তিনাপুৰত- সোণটো ৰঞ্জন বৰুৱা

হস্তিনাপুৰৰ এচিৰ বতাহেৰে বাতানুকূল কুৰুকুলৰ ৰাজ সভা। সন্ধ্যা সময়৷ সভাকক্ষত মাত্ৰ ধৃতৰাষ্ট্ৰ আৰু প্ৰধান পৰামৰ্শদাতা শকুনিয়ে ফুচফুচাই কিবা বিষয়ত আলোচনা কৰি আছে। বাকী সকলো সভাসদ ইতিমধ্যে মনোৰঞ্জনৰ বাবে দিহাদিহি প্ৰস্থান কৰিছে। অৱশ্যে শকুনি য’ত প্ৰধান পৰামৰ্শদাতা, তাত বাকী সভাসদৰ সভা শুৱনি  কৰাই একমাত্র কাম। তেনেতে শকুনিৰ অতি বিশ্বস্ত সহকাৰী এজনে অতি বেগেৰে প্ৰৱেশ কৰি তেওঁৰ কাণে কাণে কিবা খবৰ দিলেহি। অলপ সময় কিবা ভাবি শকুনিয়ে সহকাৰীক আদেশ দিলে, : দ্ৰোণাচাৰ্য্যক আমাৰ গুপ্ত কক্ষলৈ তাৎক্ষণিক তলব দিয়া। সাৱধান, যাতে খবৰ ভীষ্মৰ

Read more
1 28 29 30 31 32 72