ফটাঢোল

ঠিকাদাৰ বন্ধু- সুকুমাৰ গোস্বামী

স্কুলত কেইটামান শ্ৰেণী আমাৰ লগত পঢ়া বন্ধুৱে ঘৰুৱা অসুবিধাৰ বাবে আধাতে শিক্ষা জীৱন সামৰিব লগাত পৰিছিল৷ পঢ়া-শুনাত বৰ উত্তম নাছিল যদিও খেল-ধেমালিত বন্ধু সৰুৰে পৰা আগৰণুৱা, গতিকে সেইটো হিচাপত সকলোৰে প্ৰিয়৷ স্কুল এৰাৰ পিছত বহু বছৰলৈ বন্ধুৰ লগত সম্পৰ্ক নোহোৱাৰ নিচিনাই হৈছিল, কেতিয়াবা কেতিয়াবা ভুটুংকৈ দেখা দিয়ে আৰু জানিব পাৰোঁ যে সি গুৱাহাটীৰ কোনোবা কাৰখানাত কাম কৰি আছে৷ আজিকালি উপাৰ্জন ভালেই৷ যি সময়ত আমি পিতাৰ হোটেলত ভাত খাই ধদুৱামী কৰি থাকোঁ সেই সময়ত বন্ধুৱে নিজৰ ভৰিত থিয় দিছে, ভালেই লাগে

Read more

বিদেশীপ্ৰেমী মামী- ধূৰ্জ্জতি কাকতি

মই  ডিগ্ৰীত পঢ়ি থকা দিনৰে ঘটনা৷ জেঠাইৰ ল’ৰাৰ বিয়াত যোৰহাটলৈ গৈছিলোঁ৷ জেঠাইৰ সৰু ল’ৰা অৰ্থাৎ দাদাৰ  লগত সম্বন্ধীয়া মামা এজনৰ ঘৰলৈ গ’লোঁ৷ মামাৰ বোৱাৰীয়েক মানে বৌগৰাকীয়ে ক’লে ব’লা আমাৰ মাহঁতৰ ঘৰতো বিয়ালৈ  মাতি আহিবা৷ আমিও বৌৰ লগত বৌৰ মাকৰ ঘৰলৈ গ’লো৷ বৌগৰাকীয়ে ঘৰত নামিয়ে ভনীয়েকক সুধিলে  “মামী ঘৰত আছেনে?”  ভনীয়েকে আছে বুলি ক’লে৷ আমি ড্ৰয়িং ৰুমত সোমালোঁ৷ ড্ৰয়িং ৰুমটো ধুনীয়া, যীশু খ্ৰীষ্টৰ ডাঙৰ এখন ফটো আছে৷ তেনেতে  বৌগৰাকীয়ে মাত দিলে “মামী আহা চিনাকী কৰাই দিওঁ”৷ মানুহ এগৰাকীয়ে ওলাই আহি নমস্কাৰ

Read more

ৰ্স্মাট মা- বৰ্ণালী মূদৈ

ৰুহিৰ মাকে এটি নতুন স্মার্টফোন কিনিছে। এইটো যুগত অকমান স্মার্ট ন’হলে হয় নেকি? আৰু স্মার্টফোন থাকিব, অথচ তাত ফেচবুক, ইনষ্টা, হোৱাটচ্-এপৰ একাউণ্ট নাথাকিব! সেইটো কি হয় নেকি? হাইয়াৰ চেকেণ্ডৰী পঢি থকা ৰুহিৰ মা, তেওঁ ফেচবুক আইডি খুলিছে আকৌ “অবুজন ছোৱালী” বুলি! দিনে এক ঘণ্টা কৰি মুঠতে ২৪খন ফটো আপলোড কৰে ফেচবুকত৷ ফটোবোৰত কেপচন থাকে, ‘চুলিত ৰং লগালোঁ গাইজ’, ‘ডিম সিজাই আছো গাইজ’। গাইজ নামৰ এই কুল শব্দটো শিকিছে তেওঁৰ ছোৱালী ৰুহিৰ মুখৰ পৰা। সেই প্রতিটো বাক্যৰ শেষত গাইজ শব্দটো লগাই

Read more

এখন শাৰী – নিলাক্ষী কাকতী

: উফ, অফিচৰ পৰা আহিয়েই বসন্তই বেগটো ডাইনিংখনতে  থৈ দেহাটো চোফাখনত এৰি দিলে৷ এবাৰ আৰ চকুৰে পত্নী ববিতাৰ ফালে চালে৷ সি ঘৈণীয়েকৰ মুখৰ নক্সা দেখিয়েই বুজি পালে আজি বতৰ গোমা৷ বোধকৰোঁ ধুমুহাৰ আগজাননী৷ বিয়া হোৱাৰ দুবছৰ ধৰি এনে গোমা পৰিৱেশ মাহেকে পষেকে দেখিয়ে আহিছে৷ মনতে ভাবিলে আজি সি একো নুসোধে৷ খাল কাটি ঘৰিয়াল চপাই একো লাভ নাই৷ কোনেনো জানি বুজি কঁদো বৰলৰ বাঁহত হাত দিব? তাতে আজি অফিচত বচে তাৰ মূৰটো বাৰুকৈয়ে চোবাইছে৷ আৰু নোৱাৰি। : ‘টিং’ ‘ঠং’ থেকেচ’ ‘থুং’,

Read more

ব্ৰেকিং নিউজ-ৰঞ্জিত কুমাৰ শৰ্মা৷

: হেৰি আপুনি টি ভিৰ আগত বহিলে যে? নাযায় নেকি? দেৰীকৈ গ’লে আহোঁতেও পলম হ’ব৷ গিৰীয়েকে টিভিটো লগাই ছোফাখনত বহি লোৱাত ৰুবী চৌধুৰীয়ে মাত দিলে৷ চহৰখনতে থকা ৰুবীৰ পেহীয়েকৰ ঘৰত নাৰায়ণ পূজাৰ আয়োজন কৰিছে৷ পেহীয়েকে কালিয়েই ফোনেৰে নিমন্ত্ৰণ দি থৈছে, “জোঁৱাইকো লগত লৈ আহিবি৷” এনেদৰে মতাৰ পিছত নোযোৱাকৈ জানো থাকিব পাৰি? : তুমি কাপোৰ পিন্ধাগৈ যোৱা৷ তোমাৰ সাজোন-কাচোন হয় মানে মই বাতৰিটোকে চাওঁ৷ মোৰনো কি? ছাৰ্ট-পেণ্ট পিন্ধি জোতাযোৰ ভৰিত সুমুৱালেই হ’ল৷ পত্নীক কথাষাৰ কৈ জনাৰ্দন চৌধুৰীয়ে ৰিম’টটোৰ বুটাম টিপিলে৷ :

Read more

এপ্ৰিল ফুল- কৌশিক দাস

জীৱনৰ জীৱনত আজিৰ দিনটোৱেই বোধকৰো আটাইতকৈ ক’লা দিনৰূপে চিহ্নিত হৈ ৰৱ । অৱশ্যে ইতিপূৰ্বেও বহুকেইটা সৰ্ব নিন্দিত ঘটনা তেওঁ সংঘটিত কৰি উঠিছিল । কিন্তু কোনেও তেওঁৰ নোম এডালো লৰাব পৰা নাছিল । আইনলৈ আগবাঢ়ি যোৱা খোজবোৰ এটা এটাকৈ জীৱনৰ স্বমহিমাত দিশাহীন হৈ পৰিছিল । প্ৰশ্ন যিয়েই যিমান নকৰক স্থিতপ্ৰজ্ঞ জনমানসে জীৱনহঁতৰ আশীষধন্য হোৱাৰ প্ৰতিহে আগ্ৰহ প্ৰকাশ কৰে । নকৰিব কিয় । পদপথৰ দোকানী নৰেন, হীৰেণ হঁতেও বুকু ফিন্দাই দাবী কৰে……… __”মানুহৰ বাবে জীৱনে যথেষ্ঠ কৰিছে । ৰাস্তা বনাইছে, দলং সাজিছে

Read more

মঞ্চগাঁথা-পাৰ্থপ্ৰতিম শৰ্মা

এয়া মোৰ প্ৰথম প্ৰেমৰ কথা। মানে নাটকৰ কথা। মানুহ এৰি কিবা ভাল পাওঁ বুলিলে প্ৰথম নাটকৰ কথাই মনলৈ আহে। সেয়ে নাটকক প্ৰেম বুলিয়েই ধৰি থওঁ। মঞ্চত প্ৰায়েই কিছুমান নঘটিবলগীয়া ঘটনা ঘটে। কিছুমান ঘটনা দৰ্শকে ধৰিব পাৰে, কিছুমান ঘটনা অভিনেতাসকলে খুব নিপুণতাৰে দৰ্শকৰ চকুৰ আঁৰ কৰে। আৰু কেতিয়াবা কিছুমান এনেকুৱা ঘটনা ঘটে যে সেয়া অভিনেতাগৰাকীৰ ফুটাকপাল বুলি কোৱাৰ বাহিৰে আন একো বাট নৰয়। সেই বিশেষ নাটকখনত মোৰ ভাওঁ আছিল এজন পগলা ধৰণৰ মানুহৰ। সমাজৰ শোষণৰ বলি হৈ হিতাহিত জ্ঞান হেৰুৱাই সকলো

Read more

শহুৰ আৰু বোৱাৰী-পৰিহাৰ শৰ্মা 

এজন ল’ৰাই ছোৱালী চাবলৈ গৈছে। এনেতে  ছোৱালীৰ বাপেক আহি সোধ-পোছ কৰিবলৈ ধৰিছে। “বোলো বোপা ক’ৰ পৰা আহিছা, নাম কি, কি কৰা, মাটি বাৰী কিমান।” ল’ৰাই কলে “শুনক শহুৰ বুঢ়া ম‌ই ভাই বেকাৰ সন্থাৰ সভাপতি, নাম খিতিকান্ত, ঘৰ হেটেমতোলাত আৰু মই ভাই  এক কথাৰ মানুহ ছোৱালী দিয়ে যদি বিয়া পাতিম নিদিলে নাই মুঠতে মই এক কথাৰ মানুহ।” বুঢ়াই ভাবিলে  জোঁৱাই বহুত ডাঙৰ চাকৰি কৰে বহুত  সম্পত্তি আছে  ছোৱালী দিব পাৰি।বিয়া হৈ গ’ল ভালে কুশলে। পিছে বিয়ালৈ মইও গৈছিলোঁ।খালো দে এসাঁজ। টিকাত

Read more

ভাইৰাছ- পঞ্চি প্ৰিয়া দাস

মাত্ৰ পঞ্চাশ টকা কেজি ব্ৰইলাৰৰ দাম শুনি ভোলাই  তাতেই অলপ সময় ৰৈ দিলে। ঘৰখনত ল’ৰা-ছোৱালীকেইটাই মাংস অকণৰ মুখ নেদেখা প্ৰায় এমাহেই হ’ল। পেন্দুকণা ল’ৰাটোৱে ওচৰৰ দেবেন মিস্ত্ৰীৰ ঘৰত মাছ-মাংস ৰন্ধাৰ গোন্ধ পালে  মাক মালতিক কমখন আমনি কৰেনে? দেবেন মিস্ত্ৰীয়ে সদায় পাঁচশ টকা হাজিৰা পাই। সিহঁতৰ কাৰণে আধাকেজি মাংস কিনাটো বহুত ডাঙৰ কথা নহয়। সি দুশ/তিনিশ হাজিৰা পাই হে, ক’ৰপৰা জোৰা মাৰিব? কিন্তু এই কিবা কৰুণা(Corona)নে কি বেমাৰ এবিধ চালানি মাছ-মাংস সৱতে বিয়পিছে বুলিও শুনিবলৈ পাইছে। এনেও সিহঁতৰনো ক’ত মাংস খোৱাৰ

Read more

লোকেল মাছ-মৌচুমী গগৈ

বীৰেণ দত্তই অফিচলৈ বুলি সাজু হৈ দ্ৰয়িং ৰূমৰ স্কুটাৰখন উলিয়াই তেওঁ অফিচলৈ ৰাওনা হ’ল আৰু নিজৰ মাজতে ভোৰভোৰাই কৈ গ’ল, “চাকৰি শেষ হ’বলৈ আৰু দুবছৰো নাই তথাপিও আজিলৈকে সময় মতে এদিনো অফিচ নাপালোগৈ।সদায়েই কিবা নহয় কিবা এটা লেঠা ঘৰখনত থাকিবই।ঘৰখন কেনেকৈ চলাই আছোঁ মইহে জানো। মোৰ ঘৰখন এতিয়া বিসম্বাদীৰ ঘাটি। ল’ৰা -ছোৱালী হাল হ’ল বিসম্বাদী, শ্ৰীমতী হ’ল বিসম্বাদীৰ লিডাৰ। ঘৰখনত মোৰ নেতৃত্বক লৈয়েই লাহে লাহে শংকা হৈছে। সিহঁতৰ দিনে দিনে বেলেগ বেলেগ ডিমাণ্ড।ইফালে শ্ৰীমতীৰতো ডিমাণ্ড আছেই। শ্ৰীমতীয়ে মুখৰ আগতে কয়,

Read more
1 31 32 33 34 35 72