ফটাঢোল

চেকগেট – সঞ্জীৱ কুমাৰ ভট্টচাৰ্য

আপুনি যদি গাঁও বা চুবুৰী বা ক’লনি আদিৰ দৰে যিকোনো এটা স্থানত পৰিয়ালসহ স্থায়ীভাৱে বসবাস কৰে আৰু যোৱা কিছুবছৰ ধৰি কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থাকিবলগীয়া হৈছে তেনেহ’লে আপুনি আপোনাৰ গাঁওত সোমাওতে বিভিন্নধৰণৰ চেকগেটৰ মুখামুখি হব।আহকচোন তেনেকুৱা কেইখনমান চেকগেটৰ কথা আলোচনা কৰো। বুদ্ধিজীৱিৰ গেটঃ আপোনাৰ গাঁওখনত থকা অৱসৰপ্ৰাপ্ত চৰকাৰী চাকৰিয়াল সকলে এইটো ফৈদ প্ৰধানত নিয়ন্ত্ৰন কৰে যদিও দুই এজন অৱসৰ হৱলগীয়া মানুহো এইটো ফৈদত সোমাই থাকে।এইটো ফৈদৰ গড় বয়স ষাঠি আৰু সদস্যৰ সংখ্যাও বৰ বেছি নহয়।নিজৰ ফৈদটো মুষ্টিমেয় কেইজনমানৰ ভিতৰতে সীমাবদ্ধ

Read more

বুদ্ধেশ্বৰৰ দেৱী দৰ্শন – ৰঞ্জিত কুমাৰ শৰ্মা

বাহিৰত বৰষুণজাকে ধাৰাসাৰ ৰূপ ল’লে। ফিৰ-ফিৰিয়া বতাহে বৰষুণজাকক কোবাইছে। হঠাৎ বিদ্যুৎ সংযোগো নোহোৱা হৈ পৰিল। ইনভাৰ্টাৰৰ চুইচটোও বন্ধ কৰি থোৱা আছিল বোধহয়। কোঠাটো আন্ধাৰ হৈ পৰিল। কাগজ-কলম লৈ বিছনাতে বহি থকা বুদ্ধেশ্বৰে ফোনত থকা টৰ্চৰ পোহৰেৰে ইনভাৰ্টাৰৰ কাষ চাপিবলৈ বুলি ভাবি বিছনাতে ৰখা আই ফোনটো খেপিয়াই বিচাৰিলে। কিন্তু তেনেতে দুৱাৰখন হঠাৎ জোৰেৰে মেল খাই গ’ল। মুহূৰ্ততে চকুত চাট মাৰি ধৰা তীব্ৰ পোহৰ এচমকা কোঠাটোলৈ সোমাই আহিল। বুদ্ধেশ্বৰে চকুহাল মুদি দিলে। কিছু সময় পিচত বুদ্ধেশ্বৰে লাহে লাহে চকু দুটা মেলিলে। চকু

Read more

আতংকবাদী – অৰবিন্দ গোস্বামী

আতংকবাদীৰ কোনো জাতি, ধৰ্ম নাথাকে। আতংক বিয়পাই সুখী জনগণৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰি আপোনজনৰ সৈতে শত্ৰুতাৰ জন্ম দিয়াই আতংকবাদীৰ কাম। আতংকবাদী কোনো কাৰণতে ক্ষমাৰ যোগ্য নহয়। কিন্তু এই আতংকবাদীক যদি পূজা কৰিবলগা হয় তেন্তে! কৰিবনে আপুনি পূজা? মই কওঁ যে আপোনালোকে আতংকবাদীক পূজা কৰি আছিল, কৰি আছে আৰু আগলৈও কৰি থাকিব। হয়, মই সেই গণেশৰ বাহন মূষকৰ বংশধৰ আৰু হনুমানৰ বংশধৰসকলৰ কথাই কৈছোঁ। এই দুই প্ৰকাৰৰ আতংকবাদীয়ে সেই ঠাইত আতংকৰ সৃষ্টি কৰে য’ত ইহঁতৰ সংখ্যা বেছি। এই দুইধৰণৰ আতংকবাদীৰ সংগঠনৰ

Read more

ষ্টেণ্ডাৰ্ড’ বন কৰা মানুহজন – কুকী কল্পিতা মহন্ত

গৰমৰ দিনবোৰ বৰ অশান্তিদায়ক। উৎকট গৰম আৰু ইফালে মহৰ কামোৰ বোৰ আছেই। অকল মহেই নে, পোক পৰুৱাৰ পৰা আদি কৰি সাপ, বেং ভেকুলীলৈকে কি কি যে নোলায় নহয়! তাতে যদি আকৌ ঘৰৰ বাৰী খনত ঘাঁহ বন অলপ বেছি থাকে এই সকলোবোৰ মিলি বাৰীখন একেবাৰে কাজিৰঙা অভয়াৰণ্য যেনেই হৈ পৰে। বৰষুণৰ মাত্ৰা যিহেতু গৰমৰ দিনত অলপ বেছিকৈ হয় ফলস্বৰূপে ঘাঁহ বনবোৰো আকাশলংঘী হ’বলৈ বেছি দিন নালাগে। কেইবছৰমান আগৰ এনে গৰম দিনৰে কথা। আমাৰ ঘৰত নিয়মীয়াকৈ কাম কৰা ‘ককাই’জন বেমাৰত পৰি এক-ডেৰমাহ

Read more

বেয়া ৰাস্তাৰ কাৰণ – ঈশ্বৰ প্ৰসন্ন বৰা

: এইটো ৰাস্তা নে কি হা? পুখুৰী হয় পুখুৰী, ইয়াত মাছ জীয়াই ‘বিজিনেছ’ কৰিব পাৰিবি৷ ওখোৰা মোখোৰা ৰাস্তাটোৱেইদি গাড়ীখন চলাই চলাই বিৰক্ত হৈ ঈশানৰ মুখৰ পৰা আপোনা আপুনি ওলাই আহিল৷ : আৰে ভাই, তোৰ দৰে জনাবুজা লোকে এইবোৰ কথা নুবুজিলে কেনেকৈ হ’ব, মানে টুবি ফ্ৰেংক; এডুকেটেড পিপল চুড হেভ দিচ এবিলিটি টু ফাইণ্ড আউট দি হিদেন এজেণ্ডা। : চুপ থাক, কথাই কথাই হিডেন এজেণ্ডাৰ কথা নক’বি।আহ, তাৰ ইংলিছ শুনা৷ বিকাশৰ কথাত ঈশান বেছিহে বিৰক্ত হ’ল। পুনৰ ভেকাহি মাৰি সুধিলে৷ :

Read more

থুপৰী_কইনা – নাজিয়া হাচান

— হেৰি নহয় বোৱাৰী, ময়দাখিনি মাৰি তুমি লুচী কেইখনমানো বেলি থোৱা। মই ফটাফট ভাজি দিম। আমৰ আচাৰ আৰু আলু মটৰৰ ভাজিখন আছেই নহয়, আলহীৰ বাবে হৈ যাব। –অ’ মা, লুচী কেইখন ময়ে ভাজিম দিয়ক। আপুনি..। –এহ! নেলাগে, তুমি ইমান গৰমত জুইত পৰি পৰি লুচী ভাজিবলৈ নেলাগেহে। তুমি ধুনীয়াকৈ সাজি-কাচি ওলাই থাকিবা। নহ’লে ন কইনাৰ মুখখন শাহুৱেকে কাম কৰোৱাই কৰোৱাই ক’লা কৰি পেলালে বুলি ক’ব আলহীয়ে দেখি। আজিকালি মানুহহে যি! শাহু বোৱাৰীৰ মাজত মিল দেখিব পৰাকৈ চকুহাল চাফা নহয় নহয়! বুলি

Read more

পত্নী সকলৰ মনৰ কথা – দীপাংক বৰা

( শিৰোনামটো দেখি ভুল নুবুজিব । তেৰা সৱৰ মনৰ কথা বুজিব পৰা ক্ষমতা মোৰতো নায়েই…  স্বয়ং ব্ৰহ্মাৰো নাই । কথাবোৰো মোৰ নহয় । মই মাথোঁ নিমিত্তহে । দুদিনমান আগতে পুৰণা বাতৰি কাকত কিনিবলৈ অহা বেপাৰীটোৰ বস্তাৰ ভিতৰত বিবাহিতা মহিলা এগৰাকীৰ  ডায়েৰী এখন উদ্ধাৰ হৈছিল ।  সেইখনৰ কিয়দংশহে সম্পাদিত ৰূপত   ৰাইজৰ আগলৈ আগবঢ়াইছোঁ । ) পত্নী বিলাকক লৈ সৃষ্টি কৰা কৌতুক, হাস্যৰসাত্মক তথা ব্যংগাত্মক লেখাবোৰ পঢ়ি কেতিয়াবা বিৰাট খঙ উঠে মোৰ । সমজুৱাকৈ ব্যক্ত কৰিব নোৱৰা অশ্ৰাব্য গালি কিছুমান মুখলৈ আহে

Read more

বাটে-ঘাটে – খনিন্দ্ৰ ভূষণ মহন্ত

(১) ডাকঘৰত কিবা কাম এটা আছিল। আজি যাম-কাইলৈ যাম কৰি থাকোঁতে থাকোঁতে প্রায় এসপ্তাহ পাৰ হ’ল। এই কথাই কথা নহয় বুলি সেইদিনা কলেজৰ পৰা বাহিৰে- বাহিৰেই পোনাই দিলোঁ। বাহিৰত চৌফলীয়া ৰ’দ যদিও অমুকা সেইবোৰলৈ কেৰেপ কৰা প্রাণী নহয়। জনাই জানে বাৰু। বেগত থকা ‘চান-গ্লাচ’যোৰ লগাই ল’লোঁ। কলেজৰ মূল তোৰণখন পাৰ হৈছোঁ মাত্র, পাছফালৰ পৰা কোনোবাই মাতিলে, “মহন্ত, কেনিবা যায় হ’বলা?”- ছাৰ এজনে হাতত দীঘল নালৰ ক’লা ছাতি (আমি সেইটো বুঢ়া ছাতি বুলি কওঁ) এটা লৈ আহি আছে। মই মনতেহে বোলোঁ,

Read more

এটা নষ্ট ৰাতিপুৱা – আদিত্য জ্যোতি বৰঠাকুৰ

এই দুনীয়াখনত যে মানুহবোৰ আছে, আচলতে এই মানুহসোপাৰ কাণ্ড-জ্ঞান বোলা বস্তুটোৰ সাংঘাটিক অভাৱ আজিকালি, চাল্লা গোটেই দুনীয়াখন ফটুৱাৰে ভৰি পৰিল৷ এই আজি ৰাতিপুৱাৰ কথাকে ধৰক, ঘৰৰ গেটৰ সন্মুখত কোনোবাই তামোলৰ পিকেৰে ৰঙা-ৰাঙলি কৰি থৈ গৈছে৷ মানুহে ইমান যত্নেৰে ঘৰ-বাৰী সাজি চাফ-চিকুনকৈ থাকিবলৈ লয় আৰু এচামে য’তে ত’তে ঘৰৰ আগত লেতেৰা কৰি থৈ যায়৷ হেৰ’, পিককন যদি চম্ভালিব নোৱাৰ, নেখাবি আক’ তামোল৷ মনতে এইসোপাকে পাগুলি ঘৰৰ সন্মুখত পিক পেলোৱাজনক গুৱালগালি এজাউৰি দি সি অফিচলৈ বুলি ওলাল৷ দিনটোৱেই বেয়া আজি তাৰ৷ আনদিনা

Read more

ফুটনিৰ ফটাঢোল – অসীমা শইকীয়া দত্ত

মাৰ স্মাৰ্টনেচ দেখি এল পিত থাকোঁতে ভাবি লৈছিলোঁ মা গণিত কিতাপৰ সদা মৰলৰ সৈতে একে লগৰ। অঙ্ক ইমানেই বেয়া পাওঁ কোনে লেখিলে বুলি নাম চাইছিলোঁ। সদা মৰল। নিজে নমৰিল মোক মাৰি গ’ল অ’ সদাদা বুলি গণিতখনতে পৰি পৰি কান্দোঁ। কম পিটন খাওঁ ভাজক ভাজ্যৰ লগত! মায়ে পঢ়ুৱাই মোক। নিজৰ ভাজি দেই যায়। এইফালে মই ভাজি দেৱাই পেলাওঁ মাৰ মেথা তথাপি নোৱাৰালৈকে নেৰে। মায়ে যিটো ফিটত থাকে ডক্টৰেট ডিগ্ৰীতো সৰু সুৰা মাৰ বাবে। ভাল লাগিছিল অনুকৰণ কৰিছিলোঁ মাৰ সেইটো গুণ। যেতিয়া

Read more
1 36 37 38 39 40 72