ফটাঢোল

ফেচবুক প্ৰেম — অসীমা শইকীয়া দত্ত

: অ’ পাপুবা, মই ল’ৰা এটা ঠিক কৰিলো। : বঢ়িয়া। ক’ৰ ল’ৰা ঐ? : ফেচবুকৰ। : চৰকাৰে ফেচবুক বুলি কেতিয়া নতুন জিলা খুলিলে? মই বহুত কথা নেজানো অ’! পঞ্জাৱ নেশ্যনেল বেঙ্কো সিদিনা নীৰৱেহে চিনাকি কৰোৱাই থৈ গ’ল। : ধেত! নহয় অ! ল’ৰাটোৰ সৈতে ফেচবুকত চিনাকী হ’লো। থাকে বাংগালুৰুত। : হৰি! নাগেৰি, মৰিবলৈ জেগা নেপালি! ফেচবুকত আমাৰ ইয়াৰ বাৰী লুৰুকাটোৱেও বাংগালুৰু বুলিয়েই দিয়ে। লোকৰ বাৰী ঘৰৰ ফটোও নিজৰ বুলি দিয়ে। হেণ্ডচাম লোকৰ মতামানুহটোও নিজৰ প্রেমিক বুলি দিয়ে হেৰৌ।ফেচবুকতে মানুহ আৰু সমাজ

Read more

ডাক্তৰ – ডা° পাৰ্থ সাৰথি ভূঞা

“আপুনি ডাক্তৰনে কি হে? ইমান জমনি লিখে।” “আপুনি ডাক্তৰ হ’ব নালাগিছিল দেই”। “দাদা, প্ৰফেশ্যন সলালে নেকি?” …এনেধৰণৰ মন্তব্য আজিকালি প্ৰায়ে পাওঁ। মই ভাবোঁ‌, ইয়াৰ কাৰণ হ’ল, ডাক্তৰসকলক ৰাইজে আনতকৈ অলপ বেলেগ বুলি ভাবে। সাধাৰণ মানুহৰ দৰে আমিও যে আবেগ, অনুভূতি, বন্ধু, বান্ধৱ, পৰিয়াল থকা একো একোজন লোক সেই কথা বহুতৰ মনলৈ নাহে। পিছে প্ৰান্তিকৰ পাতত দৈনন্দিন লিখা ৰসৰ ভঁৰাল ডাঃ বিকাশ বৰুৱাৰ পৰা লৈ আজিৰ তাৰিখতো বহু চিকিৎসকে ৰসাল আৰু তত্ত্বগধূৰ বিভিন্ন ৰচনা পেপাৰে পত্ৰই লিখিয়ে আছে। মই ভাবোঁ‌ ডাক্তৰ

Read more

শনি – পূৰ্ণাক্ষী ভট্টাচাৰ্য্য

এইবাৰৰ শনি একদম ষ্টাইলিচ্ শনি। সৰুৰে পৰা দেখা বহু সপোনৰ মাজত অন্যতম আছিল একোছা দীঘল, ঘন চুলিৰ অধিকাৰী হোৱা। সৰুতে টিভিত চুপাৰ ভাচমলৰ এড দেখি ভাবিছিলোঁ যে এদিন হ’লেও চুপাৰ ভাচমল লগাই তেনেকুৱা দীঘল চিধা চুলি পাম। কিন্তু বছৰৰ পাছত বছৰ গৈ থাকিল আৰু সপোনটো লাহে লাহে ধোঁৱাচাঙত উঠিল। বাস্তৱত পালোঁ‌ মৰাপাটৰ লেখীয়া, ৰঙা -মটীয়া বৰণৰ কেইডালমান চুলি। চুলিকোছা বুলি ক’বলৈ হাতৰ মুঠিত কেতিয়াও চুলি নোসোমাইছিলেই। দুটা আঙুলিৰেও চুলিকেইডাল ধৰিব পৰা গৈছিল। চুলিতো চুলিয়েই। তাৰ ওপৰত আছিল চুলিৰ ‘কাট্’। হিষ্ট্ৰী

Read more

গুণোৎসৱ – পৰী পাৰবীন

গুণোৎসৱৰ শেষৰদিনা পৰীক্ষাৰ চেন্টাৰসমূহত টহল দি থাকোতে এডিচি ছাৰৰ ফোন আহিল। ধৰিবলৈ পালোহে, “ক’ত আছা তুমি?” “ছাৰ নাহৰকটীয়াত।” “ইমিদিয়েট উত্তৰ হাতীমূৰা স্কুললৈ আহা।” ইমিদিয়েট! নাহৰকটীয়াৰ পৰা সেইখনলৈ দুঘন্টাৰ ৰাস্তা। “ছাৰ কিবা সমস্যা হৈছে নেকি ?” ছাৰ গৰম, গৰগৰাই উঠিল, “সমস্যা হৈছে কাৰণেতো কৈছো। তাত হেনো প্ৰধান শিক্ষয়িত্ৰীয়ে কম মেধাৰ লৰা ছোৱালীবিলাকক পৰীক্ষা দিবলৈ আহিব নালাগে বুলি কৈছিল। কোনোবাই ডিচিক অভিযোগ কৰিছে। যোৱা সোনকালে এনকুৱাৰী কৰা। ল’ৰা ছোৱালীবিলাকক মাতি আনা।” “অ’কে ছাৰ। কিবা কৰোঁ‌।” ৰামুকাইক ক’লো, “ৰামুকাই চৈধ্য নম্বৰ গীয়েৰ লগোৱা।

Read more

বিয়া আজিৰ আৰু কালিৰ – উত্তৰা শৰ্মা বৰুৱা

সময়ৰ বোকোচাত বিয়াৰ পৰিৱৰ্তন গাঁ‌ৱৰ এঘৰত বিয়া মানে গোটেই গাওঁখনৰে বিয়া।তাহানি দেই। তামোল পাণ এযোৰ দি ভৰষা ধৰিলেই হ’ল আৰু বাকী দায়িত্ব ৰাইজে মূৰ পাতি লয়। বাৰীৰ গছডাল বগৰাই খৰি ফলাৰ পৰা কাষৰ গাঁৱত বৰ কেৰাহী বিচৰাৰ পৰা বিশ মাইল আঁতৰৰ পৰা চাইকেলত বান্ধি দৈ টেকেলী অনালৈকে। ৰভা-পৰলাৰ কথা নকলোৱে। খাজুৰী গছৰ পাতেৰে ডিজাইন বনাই কাঠৰ তক্তাত নমস্কাৰ লিখি ডেকাবোৰে গেট বনাই নিশাটো। মহিলা সকলৰো বিধে বিধে কাম, অতখন বিয়াৰ চিৰা খুন্দাৰ পৰা আখৈ, মুৰি, সান্দহ খুন্দালৈকে। এজাক মান সোমাই

Read more

অথঃ দাঁ‌তৰ সংবাদ – সৌৰভ জ্যোতি বৰ্মন

“দাঁতেই দেৱ, দাঁতেই সেৱ দাঁত বিনে নাই কেৱ ।” (গুৰুজনাৰ এই মন্ত্ৰ শাৰীক এনেকৈ ব্যৱহাৰ কৰাৰ বাবে ক্ষমা বিচাৰিছোঁ‌।) এতিয়া আহোঁ‌ আচল কথাটোলৈ। কি জানে! আজি চাৰি পাঁচদিন ধৰি এনেকুৱা লাগিছে যেন মোৰ শৰীৰত দাঁত কেইটাৰ বাদে আৰু বেলেগ একোৱেই নাই। সেইকেইটাতেই যেন মোৰ সমস্ত জীৱন, সেইকেইটাৰ কাৰণেই যেন মই জী আছোঁ। একো বুজা নাই নহয় আপোনালোকে! কেনেকৈনো বুজিব মই গছত গৰু নুঠা কথা কিছুমান আগ গুৰি নোহোৱাকৈ কৈ থাকিলে… দাঁতৰ বিষ! বুজিছে দাঁতৰ বিষ। দাঁতৰ বিষেই জীৱন যেন হৈ

Read more

অভিজ্ঞতা – প্ৰাঞ্জল অনুভৱী

যাত্ৰী: দুপৰীয়া চিটি বাছেৰে দিশপুৰৰ পৰা পল্টন বজাৰলৈ উভতিছোঁ। মোৰ সন্মুখৰ চিটত দুজন যাত্ৰীয়ে কথা পাতিছে। প্ৰথম যাত্ৰী: কণ্ডাক্টৰ দচ তেহা বেছি নিলো কেন? দ্বিতীয় যাত্ৰী: এচি বাছ যে তাই। প্ৰথম যাত্ৰী: এছি বাছ? এটা আবাৰ কি? দ্বিতীয় যাত্ৰী: গায় ঠাণ্ডা হাৱা লাগছে না? প্ৰথম যাত্ৰী: ঠাণ্ডাৰ দিনে এছি না নিলে কি হয়না? দ্বিতীয় যাত্ৰী: বাছটাই যে এচি। প্ৰথম যাত্ৰী: ধুৰ বেটা! বিড়ি খাৱাৰ দহ তেহা এমনি গেলো। কবি বন্ধু: বন্ধু পেচাত ঠিকাদাৰ। হঠাতে এদিন হুৰমুৰকৈ তেওঁ মোৰ কোঠালৈ সোমাই

Read more

মোৰ ফে'চবুক যাত্ৰাৰ সেই ৰোমাঞ্চক কাহিনী – দিপালী বসুমতাৰী

“ফেচবুকে কি দিলে?” বুলি যদি কোনোবাই মোক একাষাৰে সোধে…মই ক’ম,-“ই মোক কাহানিয়ো নভবা, নেদেখা বিচাৰি নোপোৱা বহুতেই….(?) দিলে।”..স্মার্ট ফোনটো লোৱাৰ পিছৰে পৰা ল’ৰাটোক ‘ ৱাট্ চ- এপ’ আৰু ‘ফেচবুক’ একাউণ্টটো খুলি দিবলৈ জোৰ দিলোঁ। সি নিদিয়েহে নিদিয়ে ৷ ক’লে ..”নালাগে দে .., এইবোৰ ভাল বস্তু নহয়।” মই কলোঁ ..”কি আৰু ভাল হ’ব লাগে..মইতো য’তে -ত’তে হাত নিদিওঁ নহয়।” এইদৰে গ’ল দহদিন মান ৷ আকৌ ক’লোঁ, “দে না বাবা! মোৰ লগৰ সবৰে ‘ৱাটচ্- এপ’ ,’ফেচবুক’ আছে,। সিহঁতে মোৰ কণ্টেকত আহিবলৈ বিচাৰি

Read more

পেডমেন আৰু পদ্মাৱত – ৰুপল নাথ

যোৱা দেওবাৰৰ কাহিনী৷ সপ্তাহৰ আন দিন কেইটাত ঘৰত থাকিবলৈ সুবিধাই নাপাওঁ৷ কোনো বন্ধৰ দিন হ’লে বেলেগ কথা; এনেয়ে হ’লে বিভিন্ন কামত ঘৰৰ বাহিৰতে বেছিভাগ সময় পাৰ হয়৷ ৰাতিটোহে ঘৰত থাকিবলৈ পাওঁ৷ সেইবাবে সুবিধা পালেই পৰিয়ালটো লৈ এপাক ফুৰিবলৈ ওলাই যাওঁ। সেইদিনা কিন্তু কেনিও ওলাই যোৱাৰ মন নাছিল। দিনটো ঘৰতে কটাম বুলি ৰাতিপুৱাই ঠিৰাং কৰিলোঁ‌৷ শ্ৰীমতীয়ে কিন্তু নামানে, আজি ক’ৰবালৈ এপাক যাবই৷ কথাটো অযুক্তিকৰ নহয়৷ ঘৰ, চাকৰি, ল’ৰা-ছোৱালীৰ লগত লাগি থাকোতেই সময়বোৰ পাৰ হয়৷ মিটিৰ-কুটুমৰ ঘৰলৈ এপাক যাবলৈও সময় নোলায়৷ সেইবাবে

Read more

এখনি ফটা ৰচনা : গা – খগেশ সেন ডেকা

ঘপহকৈ ‘গা’ বুলি নোকোৱাই ভাল৷ ক’লে সাংঘাটিক সমস্যা হোৱাৰ প্ৰৱল সম্ভাৱনা৷ গান গাওঁ গাওঁ কৰি উচপিচাই থকা কোনোবাই ‘গা’ বুলি কোৱাৰ লগে লগে একোকে নাচাই কাণৰ পৰ্দা ফাটি যোৱাকৈ কণ্ঠত গৰ্দভ ৰাগ তুলিব পাৰে৷ তেতিয়া কিন্তু হাই বিপি বা হৃদৰোগীয়ে নিজক চম্ভালা টান হৈ পৰিব৷ গতিকে ’গা’ হৈছে আগ-পিছ চাই বুজি উচ্চাৰণ কৰিবলগীয়া অসমীয়া ভাষাৰ এটা বিশেষ শব্দ৷ সকলো কথাৰে দুটা দিশ থাকে৷ আমাৰ ঢোলটো ফটা হ’লেও তাৰো নিঃসন্দেহে দুটা দিশ আছে৷ এফালত মাৰিৰ কোব আৰু আনফালত আঙুলিৰ বুলন৷ তালৰ

Read more
1 62 63 64 65 66 72