ফটাঢোল

ফাত্ৰাভাষ – জ্যোতিৰূপম দত্ত

(১) – সৌ ফালে চা চোন!! সেই ল’ৰাটো, দেখিছনে? বৰ ধনী ঘৰৰ ল’ৰা৷ – পিন্ধা-উৰাত তেনেকুৱা নালাগে অৱশ্যে৷ চিনি পাৱ নেকি? – নাপাওঁ৷ – তেনেহলে কেনেকৈ গম পালি? – তাৰ মুখৰ পৰা বৰ বেয়া গোন্ধ ওলাইছে৷ – ধেই!! মুখৰ গোন্ধৰ লগত ধনী-দুখীয়াৰ কি সম্পৰ্ক? বুজি নাপালো৷ – তাৰ মুখৰ পৰা পিয়াজৰ গোন্ধ ওলাইছে! আজিৰ দিনত এনেদৰে সোপাসোপে পিয়াজ খাবলৈ ধনী মানুহ হবই লাগিব!! (২) – মিস্তিৰি! আউৰ কিতনাজন হে? – দুই জন৷ ৰামপ্ৰসাদে ইগিংতেৰে মোক বাৰাণ্ডাৰ বেঞ্চখনতে বহিবলৈ কলে৷ চেলুনখনৰ

Read more

দেতা – অসীমা শইকীয়া দত্ত

সৰুৰে পৰা মোৰ নামটো বৰ ভাল পোৱা নাছিলো। সৰুতে যিয়েই সুধে সিয়েই কয় সীমা ডাল ক’ত থলি। এই নামৰ সীমা বিবাদ মোৰ দেউতাৰ লগত বহুত দিনলৈকে চলিলে কি নাম থলে মোৰ। নামৰ ক্ষেত্ৰত দেউতাই যি দিলে তাকে পিন্ধি ললো আমি। দাদাৰো নামৰ মাজত দেউতাৰ ভক্তিত এলপিৰ পৰা মেট্ৰিকৰ সময়লৈকে নাৰায়ণ শুই আছিল।পিছত সি নামৰ মাজত শুই থকা অনন্ত শয্যাৰ নাৰায়ণক জগাই উঠাই শুদা নামটো ৰাখিলে। অলপতে ঘৰলৈ গৈছিলো। ফেৰীতে পালো মাজু বাৰ লগৰ এজনী। নাম বহুবল্কী।মোৰ চেহেৰাৰ বাৰ লগত মিল

Read more

বুদ্ধত্ব-প্ৰাপ্তি – চয়ন বৰদলৈ

হায়াৰ ছেকেণ্ডাৰীলৈকে অসমীয়া বিষয়টো পাঠ্যক্ৰম হিচাপে পঢ়িছিলো৷ তাৰ পিছত পাঠ্যক্ৰম হিচাপে অসমীয়াৰ লগত যোগাযোগ নাই। নম্বৰৰ তুলনাৰে নহয়, অসমীয়াত ইমান বেছি গাধা নাছিলো। বেলেগবোৰতকৈ ভাল ভাল নম্বৰেই পাইছিলো (যদিও পৰীক্ষাত পোৱা নম্বৰ উপেক্ষণীয় বিষয়)। তাৰ পিছত ‘লাইন’ বেলেগ হ’ল। মোৰ লগৰ কিছুমান মূলসুঁতিতে থাকি গ’ল আৰু অধ্যৱসায় আৰু একাগ্ৰতাৰ জড়িয়তে এতিয়া অসমীয়া সাহিত্যৰ বিভিন্ন দিশত বিশ্লেষণাত্মক গৱেষণা কৰিছে। কোনো কোনোজনে গল্প লিখিছে, কোনোৱে কবিতা লিখিছে। মই আজিকালি পঢ়ুৱৈ। কিছুমানৰ কবিতা বুজোঁ, বেছিভাগৰে নুবুজোঁ। নুবুজোঁ মানে কিছুমানৰ কবিতা দেখিলে পেটতে হাত-ভৰি

Read more

বুক ফেয়াৰ – বিকাশ শইকীয়া

কেতিয়াবা অফৱাৰ্ড চিটুৱেচনত পৰি যাওঁ, না ঘৰ কা হওঁ না ঘাট কা, কিন্ত কিছুদেৰিৰ পাছত গম পাওঁ যে, মোৰ নিচিনা ধোবী কা ডগ বহুত আছে, তেতিয়া মনটো একেবাৰে পাতলি যায়। বুক ফেয়াৰলৈ গৈছো, চাণক্য দা অহাৰ কথা আছে, একেলগে কিতাপ চিলেক্ট কৰি কিনিম, ১৪ দিন অনবৰতে পঢ়িম…… বুক ফেয়াৰ পাই চাণক্য দা লৈ ফোন কৰিলোঁ। -“ক’ত?” -“আৰে তই পালিহিয়েই নেকি? ইমান জলদি? মোৰ অলপ দেৰি হ’ব।” -“কিমান দেৰি?” -“এঘন্টামান লাগিব।” ঘড়ীটোলৈ চালো, চাৰি বাজি পঞ্চলিশ মিনিট, পাঁচটা বজাত টাইম আছিল,

Read more

আই এম ইন ইউ.এচ.এ – অঞ্জলি গগৈ বৰগোহাঞি

কালিৰ কথা বুজিছে! বুজিছে বুলি ক’লেই কেনেকৈ বুজি পাব, নহয় জানো! ৰ’ব, কথাটো ভালকৈ বুজাই কৈছোঁ। সেই আমাৰ তাপেশ্বৰ মানে মানুহজন, পুৱা খাই বৈ ন বজাত অফিচলৈ গ’ল। কি কৈছে, -“তাতে কি হ’ল?” শুনক আকৌ তাৰ পিছত কি হ’ল। মইও মানে ঘৰুৱা কাম-কাজ কৰি আজৰি হলোঁ, এই ধৰক এঘাৰ বাজি ত্ৰিশ মান বজাত। তাৰ পিছত মোবাইল ডাটা খোলাৰ লগে লগে কিটলিং কৈ মেচেজৰ ৰিংটন আহি গ’ল নহয়। Whatsapp মেচেজ আছিল, তাকো আমাৰ তাপেশ্বৰৰ। মইও মনে মনে ভাৱিলোঁ, -“আউ বালক কৃষ্ণ,

Read more

সৰ্বোত্তম উপহাৰ – ডা° বিকাশ বৰুৱা

হাততে ৰচিদ বহীৰ নিচিনা কিবা এখন লৈ যেতিয়া তিনি-চাৰিজন মানুহ একেলগে আহে, সাধাৰণতে কিহবাৰ চান্দা তুলিবলৈ অহা যেনেই লাগে। বিশেষকৈ মাহটো যদি মাৰ্চৰ পৰা আগষ্টৰ ভিতৰত হয়, তেনেহলে সেয়া নিৰ্ঘাত ‘বাপতিসাহোন’। মানে অসমীয়াই কোনোপধ্যেই ‘নাপাতি থাকিব নোৱাৰা’ অতি হেঁপাহৰ ৰঙালী বিহুটি। যদি জানুৱাৰীত আহে তেনেহলে সৰস্বতী, অক্টোবৰমানত হ’লে দুৰ্গা পূজা। ইয়াৰ বাহিৰেও বছৰটোত কিমান কি ওলাই থাকিব, নেদেখাজনায়ো নাজানে। কলেজ ফাংচনৰ পৰা আৰম্ভ কৰি নাট্যমন্দিৰ, শিৱমন্দিৰ, আছু, সাহিত্যসভা, নমামি, শংকৰ উৎসৱ..। কোনোবাই বঙাইগাওঁত এটা নামঘৰ সাজি আছে, তাৰ বাবে পইচা

Read more

মৰম-চেনেহ – সৌমিত্ৰ যোগী

এতিয়া কেৱল যে আগৰ পাঁচশ আৰু হাজাৰটকীয়া নোটহে নচলে এনে নহয়, আগৰ নিয়ম-চিয়মবিলাকো আজিকালি নচলে। আৰু আইন-আদালত, অফিচ-কাছাৰী বুলিয়ে নহয়, সকলো ক্ষেত্ৰতে তেনেকুৱা, পুৰণি নিয়ম নচলে। ধৰি লওক যোগ সাধনা। আগতে মানুহে যোগ সাধনা কৰিছিল শৰীৰ-মন সুস্থ ৰাখিবলৈ। এতিয়া যোগ সাধনা কৰা হয় দুৰ্নীতি নিৰ্মূল কৰিবলৈ, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বঢ়াবলৈ আদি। ঠিক তেনেকৈয়ে, সাহিত্যৰ মাজলৈ আহক। আগতে আছিল – কবিতা লিখাই কবিতা লিখে, উপন্যাস লিখাই উপন্যাস, গল্পকাৰে গল্প, তাৰ পাছত এই আটাইবোৰ প্ৰকাৰক সমালোচকে সমালোচনা কৰে। কিন্তু সম্প্ৰতি অসমীয়া সাহিত্যত

Read more

কোৱাভাতুৰী – জ্যোতিৰূপম দত্ত

– ল’ৰাজনে কি কৰে ? এইটোহে মিলিয়ন ডলাৰৰ প্ৰশ্ন ! আজিকালি এইটো প্ৰশ্ন অনবৰতে মোৰ মুখতে লাগি থাকে৷ হাটে-বজাৰে, বিয়া-সবাহে, ৰেলে-বাছে চিনাকী মানুহ লগ পালেই আষাৰচেৰেক কথা হোৱাৰ পাছতেই মানুহে মোক সোধে – – ছোৱালীলৈ ল’ৰা চাইছে নেকি ? মোৰ চিনাকী ল’ৰা এজন আছে৷ বৰ ভাল৷ মিলিব দুয়োটা৷ ছোৱালীজনীক ভালকৈ পঢ়ালো, সমাজৰ ৰীতি-নীতিৰ জ্ঞান দিলো, লেখত লবলগীয়া হোৱাকৈ, গুণী-জ্ঞানী কৰিবলৈ, স্বাৱলম্বী হোৱাকৈ তাইক গঢ় দিলো৷ বৰ্তমান তাই এগৰাকী শিক্ষিত, স্বাৱলম্বী ছোৱালী৷ স্বভাৱ-চৰিত্ৰও ভালেই৷ এতিয়া তাইৰ বিয়াখনলৈ মন মেলিছো৷ অৱশ্যে হায়াৰ

Read more

অনলাইন দন্দুৰী – অসীমা শইকীয়া দত্ত

“অসীমা আজি যেনেতেনে আহিবি তই ৷ দৰকাৰ আছে মোৰ ৷” বৰমাৰ ফোন, কি বা হ’ল! ফেচবুক একাউণ্ট এটা খুলি দিছিলো অলপতে ৷ আবেলিলৈ আজৰি হৈ গ’লোঁ ৷ বাৰণ্ডাতে বৰ্ত্তা বহি আছে ৷ “যা আমাৰ অনলাইন দন্দুৰী ভিতৰত আছে ৷” বুজিলো সেয়া বৰমাক কাট্ মাৰি কোৱা হৈছেল ৷ ভিতৰ পালোগৈ, বৰমাৰ মোক ধৰি বিননি, “তই খুলি দিয়া ফেচবুকতো উভালি দে ৷ নহলে বৰ্ত্তাৰে মোক খেদিব ৷ নাম দিছে ‘অনলাইন দন্দুৰী’ ৷ তই আছ নহয় লিষ্টত কচোন কি কৰিলোঁ মই?” মই বুজিলো,

Read more

বে-ৰে-কিং নিউজ – মনজিত

যোৱা কালিৰ ঘটনা… ফেচবুকৰ লগত নিৰৱচ্ছিন্নকৈ ওতঃপ্ৰোতভাৱে জড়িত এগৰাকী সুজলা সুফলা শস্য শ্যামলা ষোড়শী যুৱতী মানে আমাৰ এঞ্জেল তুলতুলিয়ে পুৱাতেই দিয়া “#GD_Mrng_GUYzzzz ” বোলা আপডেটটোৱে নগদ এঘণ্টালৈকে এটাও লাইক কমেণ্ট নোপোৱাত যুৱতীগৰাকী বেয়াকৈ হতাশগ্ৰস্ততাত ভুগি অত্যন্ত ফ্ৰাষ্ট্ৰেটেড হৈ বেহুচ অৱস্থাতে ক’মাত গুছি যায়। হাতত ইচমাৰ্ট ফোন খামুচি থকা অৱস্থাতে তেওঁক ততাতৈয়াকৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ “#I_See_You” ত ভৰ্তি কৰোৱা হয়….। বিচাৰ্য্যৰ বিষয় হৈছে যে নিতৌ “#Gd_Mrng” আৰু “#Gd_N8” বুলি আপডেট দি কমেও ৫oo/৫৫০ টা লাইক আৰু ১২০/১২৫ টা কমেণ্ট লোৱা যুৱতীগৰাকীৰ

Read more
1 68 69 70 71 72