ফটাঢোল

বেটাৰহাফ – বৰ্ণালী পাঠক

কইলতা আৰু কইলতানীৰ প্ৰতিটো কথাতে এখন অদৃশ্য যুঁজৰ সূচনা লাগে। উদ্দেশ্য মাথোঁ এটাই। নিজকে আনটোতকৈ শ্রেষ্ঠ প্ৰতিপন্ন কৰা। যোৱা সপ্তাহত কইলতাৰ কলেজীয়া বন্ধু দুজন সপত্নীক লৈ ফুৰিবলৈ আহিছিল। তিনিওটা যোৰাৰ মাজত ভাল আদ্দা  জমি উঠিল। হাঁহি-ধেমালিৰ মাজতে কইলতাই এপাকত ক’লে, : Wife means “without information fighting everytime.” খিলখিলাই হাঁহিৰ জোৱাৰ আহিল পুৰুষকেইজনৰ ওঁঠত।আলহী পত্নীদুগৰাকী নিশ্চুপ হৈ শুনি থকাৰ বিপৰীতে খুব গহীন ভাৱত কইলতাতকৈও নিখুঁত উচ্চাৰণেৰে কইলতানীয়ে  কৈ উঠিল, : No…actually it means “with idiot forever”. এইবাৰ পুৰুষ পাৰ্টি থতমত খাই

Read more

জীউ বিনা যাউ কাহা-ডা০ প্রাঞ্জল জ্যোতি দত্ত

হাস্পাতালৰ ৱাৰ্ডত ভৰ্তি হৈ থকা ৰােগীকেইজনক পুৱা এবাৰ চাই যোৱাটো নিয়ম। প্রচলিত ভাষাত ৰাউণ্ড দিয়া। সেই কামফেৰাকে কৰি যাওঁ বুলি গাড়ীখনৰ পৰা নামি হাস্পাতালৰ বাৰাণ্ডাখনত ভৰি দিব খােজোতেই কাণত পৰিলহি হিন্দী গান এটাৰ এশাৰী – “তুনে প্যাৰ কিছি ছে কিয়া হে’। দেখিলােঁ বাৰাণ্ডাত পাৰি থোৱা দীঘল লােহাৰ বেঞ্চ এখনত বহি বিশ-বাইশ বছৰীয়া ল’ৰা এটা মােবাইলত গান শুনাত ব্যস্ত। কাষেৰে কোন আহিছে বা পাৰ হৈ গৈছে তেনেবিধৰ বেমতলবৰ কথালৈ ভ্ৰূক্ষেপ কৰিবলৈ তাৰ ওচৰত সময় নাই যেন লাগিল। আঠ বাজিছেহে। ৰােগীৰ পৰিয়ালৰ

Read more

এক বাল্টি কাপোৰৰ দাম-উজ্জ্বল দিপ্লু গগৈ

গুৱাহাটীৰ জু-ৰ’ডত ভাড়াঘৰ এটা লৈছিলোঁ৷ কৰ্মস্থলীলৈ যাবলৈ মটৰেৰে ১৫মিনিট সময়ৰ দূৰত্ব৷ ৰাতিপুৱা ওলাই যাওঁ, গধূলি আহি সোমাওঁ৷ কাপোৰবিলাক তেনেকেই জমা হৈ যায় দিনকদিনে৷ প্ৰথম কথাটো হ’ল ধুবলৈ সময় নাপাওঁ আৰু দ্বিতীয়টো হ’ল মোৰ এলেহুৱা স্বভাৱটো৷ কাপোৰ খচি খচি ধুবলৈ বহাটো মোৰ কাৰণে পৰ্বত খহোৱাতকৈ কোনো গুণে কম কষ্টৰ কাম নাছিল৷ কেতিয়াবা কাপোৰ তেনেদৰেই জমা হৈ থাকি যায়৷ এসপ্তাহ, দুসপ্তাহ, তিনিসপ্তাহ……এইদৰেই৷ কেতিয়াবা চাৰ্ট-পেণ্টকেইটাই বিদ্ৰোহ ঘোষণা কৰি ৰূমটোত গোন্ধ বিয়পাই দিয়ে৷ বিদ্ৰোহ দমন কৰিবলৈ তেতিয়া কাপোৰকেইটাক বিসৰ্জন দিয়াৰ বাহিৰে আন উপায় নাথাকেগৈ৷

Read more

পুতুক’ণৰ বুদ্ধি-পল্লৱী কৌশিক শৰ্মা 

: ঐ পুতুক’ণ আজি স্কুল নাযাৱ নেকি হে? : গৈ আছোঁ ৰ’ । গাইজনী পথাৰত এৰাল দি আহোঁ।  : নাপাহৰিবি , আজি কিন্তু তোৰ পাল।  ব্ৰেক নোহোৱা চাইকেলখন চকুৰ আগেদিয়েই দুৰন্ত গতিত দৌৰাই নিয়া নবীনলৈ পোন্দোৱাকৈ চাই , পুতুক’ণ গাইজনী খেদি খেদি পথাৰ অভিমুখে ৰাওনা হ’ল। জগতৰ সমস্ত খং সেই মুহূৰ্তত তাৰ মূৰটোতে থুপ খাই , মগজুটো যেন ঘোলা কৰি পেলালে। চাল্লা… বেটাহঁতে কলৰ সোৱাদ ল’ব আৰু বাকলিটো তালৈ দলিয়াব। শ্রেণীৰ ভিতৰতে ঘিটিৰা-মিটিৰা হ’ল বুলিয়েই সদায় সদায় সেই পালোৱানহেন ল’ৰাকেইটাৰ

Read more

নোকোৱাই ভাল!-চন্দামিতা শৰ্মা

: মৰিচা শাক বেচিবলৈ আহিছে নেকি হে ? শাক বেচা ল’ৰাটোৰ মাতটো শুনা যেন পালোঁ।  দাড়ি খুৰোৱা ৰেজৰডাল সোঁগালখনৰ  ওপৰেদি পিচলাই নি থকাৰ পৰাই শ্ৰীমতীক চিঞৰিলোঁ।  দেওবৰীয়া বিশেষ সাঁজ ৰান্ধিবলৈ ইউটিউব খুচৰি থকা শ্ৰীমতীয়ে লগে লগে ভেকাহি মাৰি উঠিল। : হেৰা থোৱাহে মৰিচা শাক! নামটোতে কিবা নিগেটিভ  ফিলিং আহে। নাখাওঁ দেই মই। “নিগেটিভ ফিলিং?”  ভাগ্যে গালখনৰ এবখলা নগ’ল। দাড়ি খুৰোৱা পৰ্বটো কোনোমতে সামৰি গামোচাখনেৰে মুখ-হাত মচি ছোৱালীজনীৰ ওচৰ পালোঁগৈ। তাই ব্যস্ত লেপটপত। খোৱা আৰু শোৱাৰ বাদে অইন সকলো সময়তে কাণৰ  পৰা

Read more

নতুন জোতাযোৰ-মৌচুমী গগৈ

যোৱা সপ্তাহত অনলাইনত স্পোৰ্টচ শ্বো এযোৰ অৰ্ডাৰ কৰিছিলোঁ।কালি জোতাযোৰ আহি ঘৰ পালেহি।ভালদৰে বহাই লৈ খা- খবৰ লৈ থাকোঁতেই পতিদেৱে জোতাযোৰ ধুনীয়া লাগিছে বুলি মাত এষাৰ দিলেহি।জোতাযোৰৰ লগতে ময়ো গপতে গঙ্গাটোপটো যেন হৈ ক’লোঁ —– : মোৰ পচন্দৰ বস্তুবোৰ সদায়েই ইউনিক হয় ।গতিকে ভাল নলগাৰ প্ৰশ্নই নাহে।  এইবাৰ সেইজনে ক’বলৈ ধৰিলে …… : মই যে ইমান ডাঙৰ কথাটো জনাই নাছিলোঁ নহয়!মই সদায়েই নিজকে তেনেই সাধাৰণ মানুহ বুলিয়েই ভাবি আছিলোঁ।আজিহে মোৰ ইমান গুণ আছে বুলি গম পালোঁ।আজিৰপৰা মোৰ মাটিত ভৰি নপৰিবই যেন

Read more

ৱৌ বলেগা লেকিন কৰনেক‍া নেহী-সঞ্জীৱ কুমাৰ মহন্ত

আজিৰ পৰা ৭/৮ বছৰমানৰ আগৰ কথা। উজনিৰে খুব ব্যস্ততাপূৰ্ণ ঠাই এখনৰ মোৰ সম্পৰ্কীয় ভাইটি এটাৰ বাস্তৱ কাহিনী। সৰস্বতী পূজাৰ দিন। স্কুল কলেজৰ ল’ৰা-ছোৱালীৰ বাবে এটা বিশেষ দিন। ছোৱালীৰ লগতে ল’ৰাবোৰেও অলপ নিজকে হেণ্ডচাম সজাই ওলাই যায়, পূজাতকৈ অন্য বিশেষ উদ্দেশ্যও থাকে বহুতৰে। আমাৰ দিনত নাছিল বৰ বেছিকৈ। কিন্তু ২০১০/’১১ চনমানৰ পিছৰ পৰা আমাৰ বৈদ্যুতিন সংবাদ মাধ্যমসমূহৰ কৃপাত সৰস্বতী পূজাত সৌন্দৰ্য্যৰ প্ৰতিযোগিতাও দেখিবলৈ পোৱাৰ সৌভাগ্য হৈছিল আৰু লগতে তেতিয়াৰপৰা দেখিবলৈ পাইছিলোঁ একো একোজন বিশ্বকৰ্মাৰূপী যুৱকৰ লগত একোগৰাকীকৈ দেৱী সৰস্বতী (সকলো নহয়

Read more

এজন মন্ত্ৰী আহিছিল-অৰ্চন শৰ্মা

জীৱনটো সুন্দৰকৈ চলি গৈ আছিল। নতুনকৈ জইন কৰা ছোৱালীজনীৰ সৈতে চেনি খাই খাই ৰাতিলৈ চিনেমা চোৱাৰ প্লেন বনাই আছিলোঁ। তেতিয়াই মেনেজাৰে বৌম এটা সুন্দৰকৈ মোৰ মূৰত পেলাই দিলে, :ভাই, আজি অসমৰপৰা চেণ্ট্ৰেল মিনিষ্টাৰ আহিব, তই লগত থাকিব লাগিব ! লাগি গ’ল হুৱা -দুৱা। মিনিষ্টাৰ অহা বুলিলেই হোটেলৰ মানুহবোৰৰ অৱস্থা কাঢ়িল হয়, কি কি যে ফৰমাইচ ঔ ! তাতে অসমৰ কেইজনৰ নখৰা আৰু বেছি। কিবাকৈ কথাটো মেনেজ কৰিব পাৰি নেকি বুলি ভাবি মেনেজাৰক ক’লো, :ছাৰ, মই নহ’লে নহ’বনে, মোৰ গাটো অলপ

Read more

জুই- কৌশিক দাস

দিম্পলৰ কথা মতে কাগজ কলম উলিয়াই ল’লোঁ। তাক হেনো জুইসুলভ লেখা এটা লাগে৷ মূৰটোতো একোৱেই নহা হৈছে৷ তাকে ভাবি আছোঁ কাৰ, কি, কেনে কাহিনী দিওঁ! এবাৰ ভাবোঁ চৰকাৰক গালি পাৰি কিবা এটা  লিখোঁ, ফিৰ ভাবোঁ নহয় গালি দি জেলত সোমাই থকাতকৈ অলপ তেল দি চৰকাৰৰ ভাল ল’ৰা হৈ থকাই ভাল। তাতে তেলৰ লগত জুইৰ ৰাহি-যোৰাও ভাল!  : হেৰা, “মিঠাতেল” শ্ৰীমতীৰ শব্দত অকণমান চিন্তাতে পৰিছিলোঁ। নাই নাই, “মিঠাতেল”ৰ দৰে সামান্য অজুহাতত হেডছাৰ কিম্বা হেমছাৰক দোষী সাব্যস্ত কৰিব নোৱাৰোঁ৷ ড্ৰাগছ বেপাৰীক এনকাউণ্টাৰ

Read more

ব্ৰেকআপ- বিদিশা শইকীয়া

কিমানলৈকে মানুহে ক্ষমা কৰিব পাৰে। অন্তৰে কিমানখিনিলৈকে আঘাত সহিব পৰা ক্ষমতা আছে মানুহৰ। কিমান? এইকেইদিন এইটো প্রশ্ন নিজকেই বহুবাৰ  কৰিলোঁ। উত্তৰো বহুত পালোঁ। কিন্তু মোৰ লগত যি হ’ল, ইমানখিনিৰ পিছতো সকলো পাহৰি সম্পৰ্ক এটি ধৰি ৰাখিবৰ অনুমতি কোনো এটা উত্তৰতেই নাহিল।  সেয়ে সিদ্ধান্তটো একপক্ষীয়ভাৱে লৈয়েই পেলালোঁ। এনেয়ো, মানুহ এনেকৈ জীয়াই থাকিব নোৱাৰে। এদিনটো শেষ কৰিবই লাগিব।                      সেয়ে আজিয়েই সকলোবোৰ খুলি কৈ দিলোঁ। : এদিন ইমান স্বাৰ্থপৰ হ’বাগৈ বুলি ভবা নাছিলোঁ। মোৰ

Read more
1 6 7 8 9 10 72