কাৰ্টুন – দীপজ্যোতি তালুকদাৰ
দীপজ্যোতি তালুকদাৰ
Read moreদীপজ্যোতি তালুকদাৰ
Read moreদৃশ্যপট : এটা শ্বপিং মল। প্রেমিকাৰ বিয়াৰ পিছত, সেই ব্যর্থ প্রেমিকৰ সৈতে পুৰণি প্রেমিকাৰ বহু দিনৰ পাছত দেখা দেখি হ’ল। (সুধো নুসুধোকৈ) প্রেমিকা : বিয়া পাতিছা? ব্যর্থ প্রেমিক : নাই। প্রেমিকা : কিয়? কেতিয়াও বিয়া নাপাতা নেকি? ব্যর্থ প্রেমিক : পাতিম। কিন্তু চৰ্ত আছে। হয় তুমি তোমাৰ স্বামীক এৰি মোৰ লগত আকৌ বিয়া হোৱা, নহয় তোমাৰ দৰেই এজনীক বিচাৰি দিয়া। প্রেমিকা : ঠিক আছে, বিচাৰিম বাৰু। (প্ৰেমৰ নাটকৰ যৱনিকাবোৰ সাধাৰণতে এনেকুৱাই হয়, কিন্তু এইবাৰৰ যৱনিকা অলপ বেলেগ) প্রেমিকা : মোৰ
Read moreআমাৰ নগেন এটা ইন্টাৰভিউ দিব গ’ল। ইন্টাৰভিউৱাৰ – তুমি বৰ্তমান কি কৰি আছা। নগেন – ইন্টাৰভিউ দি আছোঁ চাৰ। ইনটাৰভিউৱাৰ – নহয় পেছা হিচাপে কি কৰা। নগেন – একো নকৰো মই এজন নিবনুৱা। ইনটাৰভিউৱাৰ – নিবনুৱা যদি ঘৰতে থাকা নিশ্চয়। ঘৰত থাকিলে কি কৰা। মাক ৰন্ধা বঢ়া বা দেউতাক কিছু কামত সহায় কৰা তেনেহ’লে। নগেন – নহয় চাৰ। দেউতাই কিনি দিয়া মটৰ বাইক খন লৈ ঘূৰি ফুৰো আৰু মন গ’লে বা সুবিধা পালেই অসম বন্ধ দিওঁ। ★★★★
Read moreতৃতীয় খণ্ডত। এটাৰ পাছত এটা ধুমুহাই চুৰমাৰ কৰি যোৱা মণিৰ হতাশাগ্ৰস্ত মনৰ খবৰ পাই ঢপলিয়াই আহিল কুন্তল। জীৱন্ত মূৰ্তিলৈ ৰূপান্তৰিত হোৱা মণিৰ হৃদয় পুনৰ জীপাল কৰি তুলিবলৈ কুন্তলক সময় লাগিল। অহৰহ প্ৰচেষ্টা আৰু বুজনিত মণিৰ মনত পুনৰ কুন্তলৰ প্ৰতি মৰম- ভালপোৱ জাগি উঠিল। চিৰজীৱন সুখে দুখে সংগ দিয়াৰ প্ৰতিশ্ৰুতিৰে সমাজক সাক্ষী কৰি কুন্তলে মণিক নিজৰ কৰি ল’বলৈ সিদ্ধান্ত ল’লে। (জোৰোণ) চাওঁতে চাওঁতে বিয়াৰ দিন চমু চাপি আহিল৷ আগতেই ঠিক কৰা মতে বিয়া দুদিনীয়া হ’ব৷ আগদিনা জোৰোণ আৰু পাছদিনা বিয়া৷ সৱৰে
Read moreগ্ৰুপ মিটত যাবলৈ খুব হেঁপাহ থকাৰ পিছত যাব নাপায় বৰুৱানী আৰু বৰ্মননীৰ আলোচনা৷ বৰুৱানী: হেৰি শুনিছে বৰ্মননী, এই শৰ্মাৰ কাৰণে হৈছে সব৷ অ বাইদেউ এথানে আইছি আহক আহক৷ মই বৰ্মননী নহয় (বৰ্মনে গুৱাহাটীলৈ আহি জিভা ঘূৰাব শিকিছে অলপমান।) হিচাপত তালুকদাৰনীহে৷ মানে মোৰ মানুহজন তালুকদাৰ৷ বৰুৱানীয়ে মিলমিলিয়া হাঁহিটো মাৰি কলে, বৰুৱানী: বুইছো বাৰু৷ চুলি সৰি তালু ওলোৱা মানুহবোৰৰ উপাধি তালুকদাৰ থাকে নেকি? বৰ্মননী: কি বুইছেহে বাইদেউ? মাচৰাজ সূতা না ধলা৷ বৰুৱানী: হে কি কয়? বুজিছেক বুইছে কওঁ৷ বহুত শব্দয়ে সলালো গুৱাহাটীত
Read moreচোৰ… চোৰ কেইপ্ৰকাৰৰ বাৰু? ৰ’ব, তাৰ আগতে কওকচোন চোৰ কাক বোলে? আপুনি কেতিয়াবা কাৰোবাৰ ঘৰলৈ চোৰক আমন্ত্ৰণ কৰা দেখিছে নে শুনিছে? কি হ’ল উচাপ খাই উঠিল যে? সন্দেহ কৰিছে নহয় মই চোৰৰ বিষয়ে কি বা ক’বলৈ গৈছোঁ বুলি৷ হাঃ হাঃ চোৰৰ মন পুলিচ পুলিচ বুলি কোৱা বাক্যটো পাহৰিলে হ’বলা৷ আজিকালি ডিজিটেলাইজেছনৰ এই যুগত চোৰৰো চুৰি কাৰ্যৰ উত্তৰণ ঘটিছে৷ তাহানিৰ সিন্ধি দিয়া চোৰ আজিকালি পাবলৈ নাই৷ আজিৰ এই যুগত কেতিয়াবা চোৰক গৃহস্থই নিজেই আমন্ত্ৰণ জনাবলগীয়া হয়৷ কিয়বা? কোনো মৰে হাড়ে হাড়ে
Read moreশ্ৰদ্ধেয় ৰাইজ, আজি মই আপোনালোকক এনে এটা কথা ক’বলৈ গৈ আছোঁ যে পোনপ্ৰথম আপোনালোক সন্দিহান হ’ব৷ এনে ভুল ভাবো আহিব পাৰে যে মোৰ মগজুৰ বিকৃতি ঘটিছে৷ আচলতে তেনে একো হোৱা নাই৷ অতবছৰে চিকিৎসাবৃত্তিত থাকিও মোৰ পঢ়া শুনা শেষেই নহ’ল৷ বয়সহে বহুত হ’লগৈ, কিন্তু বাৰেপাছি পঢ়ি থাকিবলৈয়ে বাধ্য হ’লোঁ৷ কালি নিশাও শ্ৰীমতী আৰু জীয়ৰী শোৱাৰ পিছত মই প্ৰায় ডেৰঘণ্টা এজন ৰোগীৰ বিষয়ে অধ্যয়ন কৰিব লগাত পৰিলোঁ৷ তাৰ পিছত ৰাতি প্ৰায় দুই বজাত শুলোঁ৷ ৰাতি টোপনিত থাকোতেই পৰমাত্মা সদাশিৱই স্বয়ং প্ৰকট হৈ
Read moreযোৱা ব’হাগত ধুম-ধামেৰে বিয়াখন পাতিলো৷ চেনেহী পদুমীয়ে প্ৰেয়সীৰ পৰা পত্নীৰ মৰ্যাদা পালে৷ প্ৰেয়সীক পত্নীৰূপে লাভ কৰাৰ সুখ-মাদকতা অতুলনীয়৷ মোৰ বুকুখন অনাবিল সুখ, আনন্দ আৰু সোণালী সপোনেৰে উপচি পৰিল৷ তিনি বছৰ জোৰা আমাৰ প্ৰেম আছিল৷ বিয়াৰ পূৰ্বে পদুমীয়ে মোক প্ৰতিশ্ৰুতি দিছিল- “বিয়াৰ পিছত ঘৰখনৰ সম্পূৰ্ণ দায়িত্ব মোৰ৷ ঘৰখন মই সুন্দৰকৈ চম্ভালি লম৷” পদুমীৰ এই প্ৰতিশ্ৰুতিয়ে মোক বহুত সুখী কৰিছিল৷ আনন্দ দিছিল৷ তাইৰ প্ৰতি এবুকু কৃতজ্ঞতাত অন্তৰ ভৰিছিল৷ মই কৈছিলো, “মা-দেউতাৰ মই জ্যেষ্ঠ সন্তান৷ পৰিয়ালৰ ডাঙৰ বোৱাৰী হিচাপে তুমি বহুত দায়িত্ব কান্ধ
Read moreসাহিত্যৰ ৰসসমূহৰ অন্যতম ৰস হ’ল ব্যংগ৷ মানুহে নিজৰ ঘৰখনৰ পৰা আৰম্ভ কৰি সমাজখনৰ বিভিন্ন ক্ষেত্ৰত নানান ত্ৰুটিৰ সন্মুখীন হয়৷ এই ত্ৰুটিসমূহৰ বিৰুদ্ধে যি বক্ৰোক্তিপূৰ্ণ তীক্ষ্ণ অনুভূতি তাকে ব্যংগ বুলি কোৱা হয়৷ ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক, ধৰ্মীয় আদি সমাজৰ বিভিন্ন ক্ষেত্ৰসমূহতো নানান অসমানতা প্ৰত্যক্ষ কৰা হয়৷ অন্যায়, অনৈতিকতা, সুবিধাবাদ, দুমুখীয়া নীতি, নিৰ্লজ্জতা আদিৰে ভৰপুৰ এই ৰোগাক্ৰান্ত সমাজৰ তিক্ত সোৱাদ সমাজৰ প্ৰায় সকলোৱেই কম বা বেছি পৰিমাণে লাভ কৰে৷ এই তিক্ততাবোৰ যদি জীৱনৰ সৈতে সাক্ষাত্কাৰ বুলি ধৰা হয় তেন্তে এই ৰোগাক্ৰান্ত সমাজব্যৱস্থাৰ
Read moreটুলখন জোৰা দি কোনোমতে পাকঘৰৰ স্লেপখনৰ পৰা পকামিঠৈৰ টেমাটো নমাইছিলহে জুনুক জুনুককৈ বাজি উঠা শব্দটোত পখিলা চক খাই উঠিল ! টেমাটো আগৰ ঠাইতে থৈ টুলৰ পৰা নামে মানে জুনুক জুনুক শব্দটো কাষ পালেহি ! -অ’ আমাৰ আইদেউ মানে ইয়াত আছেহি ! নবৌ… -মাক আক কিয় মাতিছা পেহী ? পেহীয়েকৰ চিঞৰত পখিলা বিৰক্ত হৈ উঠিল । -নহ’লে পাছত মাৰে চিঞৰ-বাখৰ লগাব নহয় মিঠৈবোৰ কোনটো ভূতে খাই শেষ কৰিলে বুলি ! কৃত্ৰিম খঙেৰে পেহীয়েকো কোৱা কথাষাৰ শুনি পখিলা ভয় খাই গ’ল ।
Read more