ফটাঢোল

মিলাৰামৰ আত্মজীৱনী – সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা

(একাষাৰ: অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্মলগ্নৰে পৰা আজি পৰ্যন্ত সৃষ্টি হোৱা সমূহ অসমীয়া ব্যংগ সাহিত্যৰ ভিতৰত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ব্যংগ ৰচনাৰাজিৰ স্থান সদায় কিছু ওপৰত। তেওঁৰ হাস্য-ব্যংগ ৰচনাৰ এক সুকীয়া বৈশিষ্ট্য হৈছে যে বহুক্ষেত্রত তেওঁ নিজকেই গোটেই কাহিনীটোৰ কোনো এটা চৰিত্রৰ লগত সাঙুৰি লয়, যাৰ দ্বাৰা আত্ম বিশ্লেষণেৰে খুহুটীয়া ৰসৰ মাত্রা চৰাব পাৰি । “মিলাৰামৰ আত্মজীৱনী”ও তেনেধৰণেই তেওঁৰ এক অপূৰ্ব্ব সৃষ্টি । সময় আগবঢ়াৰ লগে লগে নৱপ্ৰজন্মৰ বহুতেই ৰসৰাজৰ আপুৰুগীয়া সৃষ্টিসমূহৰ ৰস-আস্বাদনৰ পৰা নিলগত অৱস্থান হোৱা যেন পৰিলক্ষিত হৈছে।

Read more

ৰবাৰ্ট আৰু মাইকেলৰ সাধু -ঈশান জ্যোতি বৰা

জন্মৰ সময়ত ককাকে তাৰ নাম থৈছিল ৰতন ৷ পিছে মহাবিদ্যালয়ত পঢ়িবলৈ যোৱাৰ দিনচেৰেক পূৰ্বে পুতেক আৰু গিৰিয়েকৰ উপস্থিতিত মাকে ঘোষণা কৰিলে-“আজিকালিৰ ডেকাল’ৰাৰ নাম হ’বলা এইবোৰ ৰতন-মৰ্টন থাকে ? আফ্ৰিকাৰ হাবিত থকা বান্দৰকেইটাৰো ইয়াতকৈ ভাল নামহে থাকিব ঔ ! অ’তিদন এইটো নামেৰে চলিলি যেনিবা ৷ এতিয়া কলেজলৈ এই ৰতন নামটো কঢ়িয়াই নিলে বন্ধুবোৰে তোক হাঁহিব ৷ আউতডেটেদ বুলি জোকাব ৷ তোৰ লগতে আমাৰো নাক-কাণ নাথাকিব৷ সেয়ে,তোৰ নাম আজিৰেপৰা থ’লো ৰবাৰ্ট ৷ ৰবাৰ্ট হাজৰিকা ৷ ফৰ্ম-ফিল আপ কৰোঁতে নামটো সেইবুলি লিখিবি ৷

Read more

দুৰাচাৰ মিনতি – পৰমাকান্ত দাস

মই দুৰাচাৰ গাঁৱৰ গাৱঁলীয়া নাপাওঁ চহৰৰ আও-ভাও; বুঢ়া সৱেওচোন লংপেণ্টহে পিন্ধে যেন চিনেমাৰ হিৰ’। বুঢ়ী সৱে পিন্ধে মেক্সি চুৰিদাৰ চুলিতো গাঁঠি লয় বেণী; জীয়াৰী সকলে জাৰতো নিপিন্ধে গা-ঢাকি কাপোৰ কানি । ছাত্ৰ- ছাত্ৰী যেন অফিচৰ বিষয়া ম’বাইল বাইক লৈ ফুৰে; কলেজ পঢ়া নামত পাৰ্ক ধাবাত বহি যৌৱনটো উপভোগ কৰে। অফিচৰ অফিচাৰ চৰকাৰী বিষয়া চাৰ্টিফিকেট থকা ডকাইত; বহনি নহ’লে কামকে নকৰে কিযে মতাগোঁসাই গভাইত । চৰকাৰী বিদ্যালয় মধ্যভোজনালয় কণা হাঁহক পতান দিয়ে; ফাঁকিৰামৰ ফাঁকি ছলাহী হাঁহিয়ে মন-প্ৰাণ সকলো হৰে । হেৰা

Read more

এনেকৈয়ে সপোন – অনুৰূপ মহন্ত

কলেজীয়া দিনতেই তাই মোৰ অন্তৰ দখল কৰি পেলাইছিল। তাইক লৈ ভৱিষ্যতৰ সপোন দেখোতে দেখোতেই মোৰ কলেজীয়া জীৱনৰ অন্ত পৰিল৷ কি যে কৰা নাছিলো, তাইৰ হৃদয় জিনিবৰ বাবে! কিন্তু ‘না’-ৰ পৰা কোনোদিনেই তাইৰ উত্তৰ ‘হা’ কৰাব নোৱাৰিলো। অৱশ্যে মোৰ যিহে চেহেৰা! কেনেকৈ বাৰু তাইৰ দৰে ধুনীয়া ছোৱালী এজনীয়ে মোৰ লগত ভৱিষ্যতৰ সপোন ৰচিব পাৰে! গ’ল কথা গ’ল! কলেজ পাৰ কৰাৰো আজি ১০ বছৰ পাৰ হৈয়ে গ’ল। তথাপিও এই চিঙ্গলৰ লেবেলটো আঁতৰাবই পৰা নাই। শুই উঠি পেপাৰখনত চকু ফুৰাই আছিলো। হঠাতে এটা

Read more

মূৰ্খ – বৰ্ণালী ডেকা

২০১১ চনৰ কোনোবা এটা দিনৰ ঘটনা, গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰ ৷ জীৱনত প্ৰথমবাৰ চাকৰিৰ বাবে পৰীক্ষা দিব যাম ৷ পৰীক্ষা কেন্দ্ৰ উলুবাৰী হায়াৰ ছেকেণ্ডাৰী স্কুল ৷ গুৱাহাটীত নতুন, তাতে বিশ্ববিদ্যালয়ৰ পৰা বহুত দূৰ হয় ৷ গতিকে সময়তকৈ দুঘণ্টামান আগেয়ে গৈ হাজিৰ হ’লোগৈ ৷ প্ৰথমবাৰ এনেকৈ কিবা পৰীক্ষা দিম কাৰণে এনেয়ে অলপ ভয় খাই আছোঁ, তাতে আকৌ গেটত এটাই লম্ভিলেই নহয় ৷ বোলে অকলে আহিছা, পঢ়িছানে, নাম কি, ঘৰ ক’ত বহুত কিবা-কিবি প্ৰশ্ন ৷ মনে মনে ভাবি আছো গেটখন কেতিয়া

Read more

কুনিয়াই এই দুটা – নৱজিত বৈশ্য

ঘিটমিটকৰে আন্ধাৰ ধুমাখুন্দা বৈহ্ৰান এটা ভাঙা ছাতাৰ তলোত তুমি আৰু মই দেউতাৰ গজ্জেনি ঘনে-ঘনে চিকিমিকি জপং… খামচা মাৰি ধৈল্লা তুমি মোৰ হাতোত আৰু চিকিমিকি… ৰাস্তাৰ কাখোৰ আইটাটুত দেখলু ছাটামাটা মস্তো এটা চেং… অকাস্মাৎ বাইপেৰেৰ মাত “কুনিয়াই এই দুটা…?!” “ও খট্টে আমি দ্যাআ…!!” [বৈহ্ৰান- বৰষুণ ছাতা- ছাতি আইটাটুত- নলাটোত ছাটামাটা- চকামকা খট্টে- খুড়া] ■■

Read more

আমাৰ বেটা-বেটীবোৰ – কৃষ্ণা বৰা ফুকন

– মাইনা, কি নাম তোমাৰ? – নমস্কাৰ৷ মোৰ নাম শ্ৰী প্ৰিয়াংকু পল্লৱ কাশ্যপ, মই হ’লী ৱাটাৰ স্কুলৰ ক্লাছ টুত পঢ়োঁ। এনেকুৱাকৈ চিনাকি হ’বলগীয়া হোৱা মানুহৰ ঘৰলৈ দ্বিতীয় বাৰ যাবলৈ মোৰ বৰ ভয় লাগে। মই সাধাৰণতে মানুহৰ ঘৰে ঘৰে ঘূৰি-ফুৰি বৰ এটা ভাল নাপাওঁ। দুই এঘৰে সেয়ে মোক বেয়াই পায় নোযোৱাৰ কাৰণে, বোলে – “আমিবোৰৰ ঘৰলৈনো তই ক’ত আহিবি?”, “আজি হাইঠা মাটিত পৰিল অ’…”, “ৰাতিপুৱা বেলিটো পশ্চিমফালে ওলাইছিল হয়নে? তই যে আজি আমাৰ পদূলিটো চিনি পালি!” জাতীয় ডাইল’গবোৰ সেয়ে মোৰ পুৰণি

Read more

প্ৰেমৰ বিলৈ – মেঘালী দিহিঙীয়া

আমাৰ এতিয়া প্ৰেম কৰাৰ দিন উকলিল ৷ বয়স হৈছে ৷ চেনি খোৱাৰ দিন চলি আছে বাৰু, সেইটো বেলেগ কথা ৷ প্ৰেমৰ এই আকালৰ দিনত আগৰ সেই ফটা কাহিনীবোৰ সুঁৱৰিবলৈকে কিবা ভাল লাগে দিয়কচোন, এই বয়সে ভাটি দিয়াৰ দিনতো গাটো কিবা ৰমৰমাই উঠে ৷ হওঁতে নফটা বুলিবলৈ এটাও নহ’ল, যিমানবাৰ প্ৰেমালো গোটেইকেইবাৰ ফটাই ওলাল ৷ তাৰে বহনিবিধ বৰ মৰমৰ, বুকুত এচপ’লিন সানি সাঁচি থৈছিলো আজি বোলো ৰাইজৰ লগতে ভগাই লওঁ ৷ তেতিয়া ক্লাছ এইটত ৷ সৰুতে মানে মই দেখিবলৈ বৰ বেয়া

Read more

দ’স্তানা – মণীষা কাকতি

খং মোৰ বিএফএফ, মানে বেষ্ট ফ্ৰেইণ্ড ফ’ৰেভাৰ ৷ জনা-বুজা হোৱাৰে পৰা যি ’জয়-বীৰু’ টাইপ ফ্ৰেইণ্ডশ্বিপ বেণ্ডডাল বান্ধিলো, কচম খালো.. ‘য়ে দোষ্টি হম নহী তোৰেংগে, তোৰেংগে দম মগৰ, তেৰা চাথ না চোৰেংগে’ ৷ বয়স বঢ়াৰ লগে লগে খং আৰু মই যোগ আৰু পূৰণ নেওতাখন ভালকৈয়ে মুখস্থ মাতিব পৰা হ’লোঁ, কিন্তু বিয়োগ আৰু হৰণ নেওতাখন কোনোপধ্যে জোঁটাবই নোৱাৰিলো ৷ বেছি বলকি নাথাকো, হিষ্ট’ৰী গুচি বুৰঞ্জী হ’ল সেইবোৰ এতিয়া ৷ এনেদৰেই এদিন আমি কৈশোৰত ভৰি দিলোঁ.. একেলগে ৷ আমাৰ এই ফেভীকল যোৰী মানে

Read more

বেজবৰুৱাৰ প্ৰবন্ধাৱলীত হাঁহিৰ ফল্গুধাৰা – জীমণি গগৈ

  সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ বহুমুখী সাহিত্যিক প্ৰতিভা অসমীয়া সাহিত্যৰ পৰম সম্পদ। বেজবৰুৱাৰ প্ৰতিভাই আধুনিক অসমীয়া সাহিত্যৰ সকলো বিভাগতেই বিকাশ লাভ কৰিছে। তেওঁ একেধাৰে কবি, নাট্যকাৰ, সমালোচক, হাস্যৰসিক, গদ্যশিল্পী আৰু সম্পাদক। দৰাচলতে বেজবৰুৱাৰ প্ৰতিভাক আমি তেওঁৰ সৃষ্টিৰাজিৰ সংখ্যাৰে বিচাৰ কৰিবলৈ যোৱাতকৈ গুণগত মানদণ্ডেৰে বিচাৰ কৰাহে সমীচিন হ’ব। অধ্যয়নশীল লোকৰ মনৰ জোখাৰে ভিন ভিন সমলেৰে তেওঁৰ ৰচনাৰাজি পুষ্ট। অসমীয়া সাহিত্যৰ কেওটি দিশতে বেজবৰুৱাৰ অনুপম অৱদানৰ কথা স্বীকাৰ কৰিও এটা কথা বিশেষভাৱে উল্লেখযোগ্য যে বেজবৰুৱা বুলিলেই প্ৰতিজন অসমীয়াৰ পোনছাটেই হাস্যৰসিক বেজবৰুৱাজনৰ কথাহে মনলৈ

Read more
1 32 33 34 35 36 42