ফটাঢোল

জিনছৰ বিলৈ – সোণটো ৰঞ্জন বৰুৱা

ফে’চন যুগে যুগে সলনি হৈ থকা মাল৷ সেই সলনিটোক যি মানুহে গ্ৰহণ কৰিব নোৱাৰে, সি সমাজৰ চকুত আনকালচাৰ্ড জন্তু! গতিকে সমাজৰ চকুত কালচাৰ্ড জীৱ হৈ থাকিবলৈ মানুহে সময়ৰ লগত খোজ মিলাই পোচাক পৰিধান কৰে৷ কিন্তু এই খোজ মিলাবলৈ যাওঁ‌তে কাপোৰক কিমান দুখ-কষ্ট, বিচ্ছেদৰ বেদনা দিওঁ ভাবি চাইছেনে? নাইচোৱা নিশ্চয়, নহয়নে? ৰ’ব, সৰু উদাহৰণ দুটা দিওঁ৷ জিনছকে চাওঁক! আগতে ল’ৰাবোৰে জিনছ পিন্ধিছিল নাভিৰ ওচৰত, ভৰিৰ পানীগাঁ‌ঠি ঢাক খোৱাকৈ৷ আৰু এতিয়াৰ পোৱালিবোৰে পিন্ধা চাওঁ‌ক, দেখিব জিনছ গৈ কঁকালৰ হাঁড় দুডালত ওলমি ৰৈছেগৈ

Read more

ওৱাইন ফ্লু – সোমেশ্বৰ বৰা

ধৰ্মক দোহাই, পৰম্পৰাক দোহাই, তেৰালৈ বুলি মনিছে আগবঢ়োৱা গোলাপী নিচা কণত মগন অৱস্থাটোকে ওৱাইন ফ্লু আখ্যা দিয়া হয়৷ বৰ্তমানৰ নৰ-মনিছ এই বিধ ৰোগত বৰকৈ আক্ৰান্ত৷ চৰকাৰী বিজ্ঞাপন, আইন কানুন সকলো নেচেল, গালো-বালো সব খোলাকটি তাল৷ আবতৰীয়া বেঙেনাই মোক খা মোক খা কৰাৰ দৰে হৰ্ডিং অলিয়ে গ’লিয়ে৷ পিছে এইবোৰে কোনো ফল নধৰে৷ সকলো ধৰণৰ গে’ট- টুগেদাৰ, ফাংচন, মেল-মিটিং আদিত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে৷ এখোপ আগুৱাই ধৰ্মীয় অনুষ্ঠান যেনে ভাওনা, বিয়া আদিলৈও এই ৰোগ শিপাইছে৷ বিশেষকৈ বিয়াৰ ক্ষেত্ৰত এই ৰোগীৰ বাবে

Read more

পাপ আৰু প্ৰায়চিত্ত – হেমন্ত কাকতি

দুপৰীয়া বন্ধবাৰ বুলি মবাইলটো লৈ অলপ বহি আছিলো ৷ টোপনি টোপনি ভাৱ এটাই ছানি ধৰিছিল ৷ হয়তো কালিৰ হেং অভাৰ শেষ হোৱা নাছিল ৷ চকু দুটা মুদি ধেৰ কিবা কিবি চিন্তা কৰি থাকিলো ৷ —— সিদ্ধান্তটো লৈয়ে পেলালো ৷ মানে মই আত্মহত্যা কৰিম ৷ এনে ধিক জীৱন আৰু জীয়াই নাথাকো ৷ সকলোৰে ঠাট্টা মস্কৰা শুনি শুনি মোৰ সহ্যৰ সীমা পাৰ হৈছিল ৷ অলপ বুঢ়া আৰু দেখিবলৈ ইমান বেয়া হলো বুলিয়েই ইমান ইতিকিং ভাল নালাগে ৷ছালডোখৰ কলা বা চুলি কিডাল সৰিলেও

Read more

জয় আই অসমৰ এনিশাৰ বুৰঞ্জী – সুৰেন গোস্বামী

(ওপৰঞ্চিঃ ৭৯-৮৫ৰ অসম আন্দোলন কেৱল বিদেশী বিতাৰণ বিষয়তে সীমাৱদ্ধ নাছিল। এই আন্দোলন জাতীয় একতা -সমন্বয়ৰ পৰিচায়কো আছিল। এই ঐক্য-সম্প্ৰীতিয়ে সৃষ্টি কৰিছিল বহুতো লোকোক্তি,সাধুকথা, গীত-মাত,দুখ-বেদনাৰ কাহিনী, নানা ৰসিক কথা আৰু ঘটনা। প্ৰচাৰিত হৈছিল বহু ঐতিহাসিক বাতৰি, সাধাৰণ বাতৰি, উৰা বাতৰি,মুখ-ৰচক বাতৰি ইত্যাদি। মুঠতে ক’বলৈ গ’লে অসমৰ সমস্ত সাংস্কৃতিক দিশটোকে অসম আন্দোলনে প্ৰভাৱিত কৰিছিল আৰু গতানুগতিক ধাৰাৰ অসমীয়া জাতীয় জীৱনক এটা নতুন দিশলৈ গতি কৰাইছিল। আন্দোলনৰ আন এক কেন্দ্ৰস্থল আছিল বজালী অঞ্চল। ইয়াতেই প্ৰথম শ্বহীদ হৈছিল খৰ্গেশ্বৰ তালুকদাৰ। পুলিচ-চি আৰ পিৰ অত্যাচাৰে

Read more

কৌতুক – সোমকান্ত শইকীয়া

দুজন বন্ধু এবছৰ মানৰ পিছত হঠাত্ ৰাস্তাত লগা লগি হ’ল। ১ম বন্ধু: : কেনেকুৱা খবৰ? ভালে আছা? ২য় বন্ধু: : ভাল ভাল৷ তুমি ভালে আছা? ১ম বঃ (হঠাৎ কিবা এটা মনত পৰাৰ দৰে): : ৰ’বা চোন, তোমাৰ পৰাই সন্দেহটো মাৰি লওঁ —- যোৱা বছৰ যে ঢুকাইছিল — তুমি নে তোমাৰ ভাইটি আছিল? ২য় বঃ: : মই নহয়, মোৰ ভাইটোহে ঢুকাল৷ ১ম বঃ: : এৰা, মই ঠিকেই ভাবিছিলোঁ৷ পিছে কি হৈ ঢুকাল নো? ২য় বঃ: : সাপে খুটিলে৷ ১ম বঃ: :

Read more

খাৰঘৰীয়াৰ আখ্যান – দিপিকা ডেকা

পানীপুৰ নামেৰে এখন গাঁও, তাতেই ঘৰ খাৰঘৰীয়াৰ। পেছাত তেওঁ পশু চিকিৎসক। মানুহৰ ঘৰে ঘৰে গৰু, ছাগলী, কুকুৰ, মেকুৰী চিকিৎসা কৰি ফুৰে। পশু চিকিৎসা কৰি গৃহস্থৰ ঘৰত চাহ-তামোলেৰে মুখ ৰঙীন কৰিহে চকী এৰে। সুবিধা হ’লে মাজে-সময়ে হাঁহ-পাৰৰ মঙহেৰে দুই-এঘৰৰ ঘৰত ভাতৰ জুতিও ল’বলৈ নাপাহৰে। মাহ-হালধিৰে গা ধোৱা সাত-আঠ বছৰে হ’ল, পিছে এতিয়ালৈ ঘৰত ওঁহা-ওঁহা শব্দ শুনিবলৈ পোৱা নাই। তাৰ বাবে অসন্তোষো নাই খাৰঘৰীয়াৰ, বৰঞ্চ সি মনে মনে সুখ হে অনুভৱ কৰে। ঘৈণীয়েকে কেতিয়াবা দুখ কৰিলে কয় বোলে, “ভালেই হৈছে দিয়া। কেঁচুৱা

Read more

কুইক জুক – উৎপলা কৌৰ

যোৱাবাৰ এনেকুৱা দিনতে কাকতিদাৰ গাড়ীখন এক্সিডেন্ট হৈ বহুদিন গেৰেজত আছিল। গৰমৰ বন্ধৰ সময়ত বৌৱে ল’ৰাটোক দাদাৰ লগত জাগীৰোডলৈ পঠিয়াই দিয়ে মাজে মাজে লগত থাকিবলৈ ( আচলতে cid কৰিবলৈ)। কাকতিদা কিন্ত একদম চিকটা নহয় দেই, একদম ডিলাক্স বাছত অহা-যোৱা কৰে। এবাৰ বাছত উঠিল ISBT ত, লগত এটা ডাঙৰ কাৰ্টুন, ঢিলাকৈ পেক কৰা। বাছত উঠি চিটত বহিছে। ড্ৰাইভাৰৰ চিটৰ ওচৰত কাৰ্টুনটো থৈ দিয়াত বাকী যাত্ৰীসকলৰ অসুবিধা হোৱাত কণ্ডাক্টৰে ক’লে – দাদা, এইটো ইয়াত ৰাখিব নোৱাৰিব। -কিয় হে? কিয়??মোৰ বৰ ইম্প’ৰটেন্ট বস্তু আছে

Read more

দক্ষিণ ভাৰতৰ দুৰ্গা মা – পৰী শ্যামলী ভূঞা

দুৰ্গা পূজা আহিলেই প্ৰতিবছৰেই দেৱীৰ প্ৰতিমা আহি মোক সপোনত দেখা দিবলৈ ধৰে৷ দুৰ্গা মাৰ যে ভক্ত মই! এইদৰেই প্ৰতিবছৰেই দেৱী আহে আৰু গুচি যায়৷ পূজা কৰোঁ, সাধনা কৰোঁ৷ দুখ-কষ্ট আতৰি যায়৷ অনাবিল শান্তিৰে মনবোৰ উপচি যায়৷ এইবাৰ দুৰ্গা পূজাৰ সময়ত মই দক্ষিণ ভাৰতত৷ নতুন ঠাই, নতুন দেৱ-দেৱী৷ কাকোৱে চিনিবই পৰা নাই৷ চেহেৰাও বেলেগ, নামো বেলেগ৷ মাক বিচাৰি নাপায় অন্তৰাত্মাতে দেৱীক আৰাধানা কৰিবলৈ ধৰিলোঁ৷ পিছে এইবাৰোঁ সপোনত আহি আহি এগৰাকী অস্পষ্ট দেবীৰ প্ৰতিমাই মোক সদায় আশীৰ্বাদ দি যাবলৈ ধৰিলে৷ তাকে দেখি

Read more

চলনাময়ী নাৰী – কল্পনা প্ৰিয়দৰ্শিনী বৰগোহাঁই

“বৰ্তমান যুগত নাৰী কোনো ক্ষেত্ৰতে পুৰুষতকৈ পিছ পৰি থকা নাই। পুৰুষৰ সমানেই নাৰী সকলো দিশতে আগবাঢ়িছে। যদিও নাৰী পুৰুষতকৈ শাৰীৰিকভাবে দুৰ্বল বুলি সকলোৱে কয় কিন্তু নাৰীৰ বুদ্ধি পুৰুষৰ শক্তিৰ তুলনাত বহুত বেছি।” নাৰী দিৱসৰ বিশেষ দিনটোত আমাৰ কবিতা বাইদেউৰ তিনি ঘণ্টাযোৰা ভাষণটো শেষ হওঁতে প্ৰায় গধূলিয়ে হ’ল। তেতিয়া সময় সাত মান বাজিল, মানে আন্ধাৰ হ’ল। এনেতে গলগলীয়া মাতেৰে সভাৰ এজন আহ্বায়কে জিতু, নিতু আৰু পিকুক ক’লে, “বাইদেউক অলপ আগবঢ়াই দে ঘৰলৈকে। অকলে ভয় কৰিব। আন্ধাৰ হ’ল বহুত।” বাইদেউৱে নুশুনাকৈ সিহঁত

Read more
1 5 6 7 8