ফটাঢোল

লংকালৈ যোৱা সেই প্ৰথম দলঙখন (মুল- হৰিশংকৰ পৰচাই) – ভাবানুবাদঃ ৰিণ্টুমনি দত্ত

গড়কাপ্তানী বিভাগৰ উচ্চপদস্থ বিষয়া বাবুৰামে হঠাতে চাকৰিৰ পৰা অব্যাহতি লোৱাত মফচলীয় চহৰখনত যথেষ্ট বুবু-বাবাৰ সৃষ্টি হ’ল। সৰু চহৰখনৰ সকলোৰে মুখে মুখে কেৱল বাবুৰামৰ এই আকস্মিক সিদ্ধান্তৰ বিষয়ে আলোচনা। কাৰোবাৰ মতে বাবুৰামে এক বৃহৎ পৰিমাণৰ উৎকোচ লৈ ধৰা পৰাৰ ভয়ত হঠাৎ চাকৰিৰ পৰা অব্যাহতি ল’লে, কাৰোবাৰ মতে বাবুৰামে শহুৰেকৰ ঘৰৰ ফালৰ পৰা এক বিশাল ধনৰাশি উপহাৰ হিচাপে পালে আৰু সেই ধনেৰে বাবুৰামে নতুন ব্যবসায় আৰম্ভ কৰিবলৈ মনস্থ কৰিছে। পিছে বিভিন্নজনৰ প্ৰশ্নৰ বাবুৰামৰ ওচৰত এটাই উত্তৰ আছিল – তেওঁ ভগৱান শ্ৰীৰামৰ সেৱাত

Read more

নেপচুন যাত্ৰা – সমুজ্জ্বল কাশ্যপ

নেপচুন ভৱনৰ পৰা ইন্টাৰ প্লেনেট ভিজা খন লৈ দৌৰা-দৌৰি ঘৰ পালোঁহি। বোলো খবৰটো দিওঁ মানুহজনীক। “অ’ ৰা শুনিছা? টিকট পালোঁ হে।” “ইয়ে হয়? যাব পাৰিম মানে এইবাৰ আমিও?” “পাৰিম পাৰিম, টালি টোপোলা বন্ধাহে কথা এতিয়া। সোনকাল কৰা বুজিছা, পোন্ধৰ দিন পিছতেই আমাৰ যোৱাৰ দিন ঠিক হৈছে।” যোৱা তিনি বছৰৰ পৰা চেষ্টা কৰি আছো দুয়ো নেপচুনলৈ যাবলৈ। মানে নেপচুন গ্ৰহৰ কথা কৈছো। লগৰ বোৰে গৈ তাতে মাটি বাৰিও কিনিলে হেনো! আমাৰহে Inter Planet Visa খন হোৱা নাছিল ইমান দিনে। ভাষাটোৱেই শিকিব

Read more

ফটা-ঢোল এডভেঞ্চাৰ – হেমন্ত কাকতী

পাৰ্ট-১ ঋণমুক্ত জীৱনৰ আনন্দই সুকীয়া৷ যোৱাকালিতো তেনেই হৈছিল, প্ৰায় পোন্ধৰ বছৰ আগতে বাংগালুৰৰ পৰা এৰি অহা কোম্পানী এটাৰ ‘পি-এফ’ ৰ কিছু পইচা পৰহি পাইছিলো৷ ইজন সিজন কৰি বহুজনৰ ধাৰবোৰ বুকু ফিন্দাই যোৱা কালি ঘূৰাই দি ৰাতি এবটল ‘গড়মাৰ্কা’ ডিঙিলৈকে ভৰাই পুৱা প্ৰায় বাৰটালৈকে শুই আছিলো৷ এওঁৰ খেচখেচনি শুনি শুনি অৱশেষত যেনিবা বিছনাৰ মোহ ত্যাগ কৰিলো ৷ মুখহাত ধুই লাল চাহকাপ নিজে বনাই ‘কুকিচ’ এখন লৈ আগফালৰ বাৰান্দা খনতে বহি ৰাস্তাইদি যোৱা মানুহৰ আলেখলেখ চাই আছিলো৷ কিমানপৰ বহি আছিলো ক’ব নোৱাৰো৷

Read more

ছীট – দিগন্ত কুমাৰ ভট্টাচাৰ্য

মেট্ৰিক পৰীক্ষা দি উঠিছোঁ সেইবেলি। চুবুৰীৰ অকণদাৰ বিয়া। দেহে-কেহে খাটিবলৈ হাতত অফুৰন্ত সময়। অকণদাৰ ভনীয়েক অনুপমাই বিয়াৰ আগদিনা হাতৰ মুঠিতে দিয়া পাণখনত চূণেৰে লিখি দিছিল তিনিটা বৰ্ণ- আই এল ইউ! পাণখিলা বুকুৰ মাজত ৰাখি থৈছিলো বহু দেৰি। নতুনকৈ গজিবলৈ আৰম্ভ কৰা বুকুৰ নোমবোৰে চূণ লাগি বগা বৰণ লৈছিল। পলকতে বিয়াখন আপোন বিয়া, ঘৰৰ বিয়া যেন বোধ হ’বলৈ ধৰিছিল। দৰা বহি যোৱা মাৰুতি গাড়ীখনতে ছীট এটি খালী আছিল। অনুপমাই জোৰ কৰিছিল তাতেই বহিবলৈ। খিৰিকীৰে মুখখন উলিয়াই বাছত বহি যোৱা আন সমনীয়া

Read more

উত্তৰাধিকাৰ – ভাস্কৰ শৰ্ম্মা

(শিক্ষামন্ত্ৰীৰে শিক্ষা সচিবৰ বৈঠকৰ ৰেঙনি:) শিক্ষামন্ত্ৰীঃ কওকচোন, কি আপত্তি আহিছে জিলা শিক্ষা বিষয়াসকলৰ পৰা ? শিক্ষা-সচিবঃ সকলো জিলাৰপৰা নহয় ছাৰ। উজনিৰ দুখন আৰু নামনিৰ পাঁচখন জিলাৰপৰা আপত্তি আহিছে নিম্ন বুনিয়াদী পাঠ্যক্ৰমক লৈ। শিক্ষামন্ত্ৰীঃ কি আপত্তি তাকে কওক । বেছি পেঘেনিয়াই থাকি লাভ কি ? শিক্ষা-সচিবঃ ছাৰ, ইংৰাজী পাঠ্যক্ৰমটো অধিক জটিল হৈ পৰিছে বুলি ব্লক অফিচাৰসকলৰ যোগেদি আপত্তি আহিছে। বহুকেইজন প্ৰধান শিক্ষকে জনাইছে যে যি পৰ্যায়ৰ পাঠ্যক্ৰম প্ৰভাইড কৰা হৈছে, সেইবোৰ পঢ়ুৱাবলৈ শিক্ষকসকল অপাৰগ হৈ পৰিছে। প্ৰথম-দ্বিতীয় শ্ৰেণীৰ পাঠ্যপুথিত voice, narrationৰ

Read more

লিমাৰিক – উদিত বৰুৱা

বিমুদ্ৰাকৰণত মৰিল হাজাৰটকীয়া, নল মৰি গজালি দুহেজাৰটকীয়া, চুটকেচতে ধৰিব দুই কোটি, দুৰ্নীতিকাৰীৰ লাগিব জুতি, (নক’লেও হ’ব) শাসক-দুৰ্নীতিৰ প্ৰেম পৰকীয়া। স্বাধীন লোক বিপদজ্জনক ৰাষ্ট্ৰযন্ত্ৰৰ, সততাৰে জীয়াই থকা অতি কষ্টকৰ, অখিলহঁতক বন্দী কৰে, গৌৰীহঁতক হত্যা কৰে, বগলত ছুৰি, মুখত গান গণতন্ত্ৰৰ। কালৰো কাল তদন্তৰ কাল, দুৰ্নীতিৰ শিৰোনাম প্ৰশাসনিক পাল, মূৰৰপৰাই গেলে মাছ, বিষয়া ঘোচত পাছ, বিচাৰিলেই হ’ব জানো কৰ্মচাৰী ভাল? জুবিনদাই ভাল পায় খুঁটা বগায়, বহুতেই তাতে হুৱা-দুৱাখন লগায়, মাতিবলৈকো নেৰে, বদনামো কৰে, কোনোযে নহয় কম বুজিছে বুজায়। গলধনত পেলাই লৈ দীঘলকৈ

Read more

কৌতুক – অনুৰাধা দেৱী

শিক্ষকঃ কোৱাছোন , অৰ্জুন ,আমেৰিকাৰ ৰাস্ট্ৰপতিৰ নাম কি? অৰ্জুনঃ মই নাজানো চাৰ৷ শিক্ষকঃ এই সাধাৰণ প্ৰশ্নটোকে নাজনানে৷ অৰ্জুনঃচাৰ , মই প্ৰশ্ন এটা সুধো৷ শিক্ষকঃ সোধা, মই নজনা কথা সুধিলে বৰ ভাল পাওঁ৷ অৰ্জুনঃ চাৰ আমাৰ গাওঁৰ গাওৱুঢ়াজনৰ নাম কি? শিক্ষকঃমই আকৌ তোমাৰ গাওঁৰ গাওবুঢ়াৰ নাম কেনেকৈ জানিম৷ আৰু মই জানিলে কি লাভ হ’ব? অৰ্জুনঃ আপুনি ওচৰৰ গাঁওখনৰ গাওঁবুঢ়াজনৰ নামটোকে নাজানে৷মই আকৌ আমেৰিকাৰ ৰাস্ট্ৰপতিৰ নাম কেনেকৈ জানিম, আৰু জানিলে বা মোৰ কি লাভ হ’ব৷ ☆★☆★☆

Read more

অফিচে ঘৰে-বাহিৰে – ভাস্কৰজ্যোতি দাস

দৃশ্য-১ ঘোচ(উৎকোচ) নিদিও, নলওঁ বছৰটোৰ আৰম্ভণিতে চিয়েমে অফিচত হোৱা মিটিং এখনত আহি কৈ গ’ল -“সকলোৱে এটা কথা হৃদয়ত বহাই ল’ব লাগিব৷ আৰু সেয়া হ’ল -“নিদিও আৰু নলওঁ”৷ সেইমতে সকলোৱে হৃদয়ত বহালে৷ উপায়ুক্তৰ নিৰ্দেশমতে অফিচৰ গেটৰ পৰা আৰম্ভ কৰি, ক’ৰ্টয়াৰ্ড, ক’ৰিডৰলৈকে প্ৰায় ২০ খন মান লোহাৰ ফলক লগাব লাগে৷ আৰু তাত লিখিব লাগে “ঘোচ(উৎকোচ) নিদিও, নলওঁ”৷ দায়িত্ব দিয়া হ’ল আমাৰ ADC X ক৷ আলিৰ ফেব্ৰিকেশ্যনৰ দোকানখন ডাঙৰ হ’ল৷ আগতে সৰু আছিল৷ আমাৰ ঘৰৰ RCC পাৰ্টটোৰ গ্ৰীল সিয়েই বনাইছিল৷ বেচ অমায়িক৷ আজিকালি

Read more

প্ৰতিপালন – ধ্ৰুৱ কাশ্যপ

তেওঁক দেখিয়েই প্ৰজ্ঞানৰ আশে পাশে থকা গোটেইকেইজন চেঙেলীয়াই হাতৰ চিগাৰেট পেলাই ফৰিংচিটিকা দিলে ৷ সি সিটো পাৰে মুখ কৰি চিগাৰেট হুপি আছিল বাবে তেওঁক দেখাই নাপালে ৷ তেওঁ প্ৰজ্ঞানৰ ওচৰলৈ আহি পিছফালৰপৰা চিগাৰেটটো তাৰ হাতৰপৰা কাঢ়ি ল’লে৷ ঘটনাৰ আকস্মিকতাত পিছফালে ঘূৰি চায়েই তেওঁক দেখা পাই প্ৰজ্ঞানৰ অৱস্থা ‘ফাট মেলা বসুমতি পাতালে লুকাও’ৰ দৰে হ’ল ৷ তেওঁ প্ৰজ্ঞানৰ ফালে কেইমূহুৰ্তমান চালে আৰু চিগাৰেটটো তন্ন তন্নকৈ পৰীক্ষা কৰি পেলাই দিলে৷ আৰু তাৰ পিছত শান্তভাৱে ক’লে “ধেই কে%& বাপেৰৰ নাম মাটিত মিলালি তই৷

Read more

সংখ্যাটোৰ আঁৰৰ কথা – জীমনি গগৈ

সংখ্যাটোৰ আঁৰৰ কথা–জীমনি গগৈ অক্টোবৰ মাহৰ শেষৰ ফালে প্ৰস্তাৱটো আহিছিল – ডিচেম্বৰ মাহৰ “ফটাঢোল” ই-আলোচনীখনৰ সম্পাদনাৰ দ্বায়িত্ব ল’ব লাগে। একে আষাৰে না কৰিছিলো। আনুষংগিক কেইবাটাও কাৰণৰ লগতে প্ৰধান কাৰণটো আছিল, ই-আলোচনী এখন সম্পাদনা কৰাৰ ক্ষেত্ৰত যিধৰণৰ কাৰিকৰী দিশসমূহৰ কথা থাকে, সেই সম্পৰ্কে নূন্যতম জ্ঞানখিনিও মোৰ নাছিল। কিন্তু মোৰ এই অজ্ঞতাক নসাৎ কৰি আলোচনীখনৰ লগত পূৰ্বৰে পৰা জড়িত থকা লোকসকলে গোটেই কথাবোৰ এনেকৈ সহজ কৰি বুজাই দি মোৰ আগত দাঙি ধৰিলে যে মনৰ মাজত ভাল কাম এটা কৰাৰ হেঁ‌পাহটোৱে উকমুকাই উঠিল।

Read more
1 3 4 5 6 7 9