ফটাঢোল

কৰৱা চৌথ – দিগন্ত কুমাৰ ভট্টাচাৰ্য

২৭ অক্টোবৰ, শনিবাৰ আজি। অ’ফিচ বন্ধ আমাৰ, কিন্তু জৰুৰী কাম এটাৰ কাৰণে সন্ধিয়ালৈ এক-দুইঘণ্টাৰ কাৰণে অ’ফিচলৈ যাব লগা হ’ব পাৰে। ৰাতিপুৱাই শ্ৰীমতী মালাক কথাটো ক’লোঁ। : আজি শনিবাৰেও যাবা অ’ফিচলৈ? নগ’লে নহয়? : নগ’লে হ’বও পাৰে কিন্তু এক-দুইঘণ্টাৰ বাবে গ’লে তোমাৰনো কি ইমান প্ৰ’ব্লেম? মালাই ইমান ‘না’ দেখোন নকৰে কেতিয়াও। কেতিয়াবা আকৌ নাথাকিলে তেওঁ ভালহে পাই যেন লাগে। সেইখিনি সময়ত তেওঁ আপোনমনে মোবাইলটো লৈ দূৰৈত থকা ভনীয়েকহঁতক ভিডিঅ’ কল কৰিব পাৰে, ফেচবুকত কোন বান্ধৱীয়ে পূজাত কি কি কাপোৰ পিন্ধি ঘূৰিলে

Read more

জীৱনৰ সৌৰভ – সৌৰভ শৰ্মা

দৃশ্য-১ টিঙৰ চালিৰ আছাম টাইপৰ এটা ঘৰ, চালিৰ অ’ত ত’ত লাগি থকা বগা কোমোৰাৰ সৈতে গছজোপা। কেমেৰাই ৱাইড এংগোলৰ পৰা গোটেই ঘৰটো তথা চালিত লাগি থকা কোমোৰাবোৰ ফ’কাছত আনি লাহে লাহে কেমেৰা ঘূৰাই আনি চোতাললৈ আহে। এখন পৰিষ্কাৰ, চিকুন চোতাল দেখুওৱা হয়। চোতালত এখন চকীত বহি আছে প্ৰধান শিক্ষক দেৱেন তামূলী (ৰোলটো হেকাদাই কৰিব দেই!) কেমেৰাৰ জৰিয়তেই ছবিখনৰ কাহিনীটোৰ চৰিত্ৰখিনিক চিনাকি কৰাই দিয়া হ’ব। কৃতী শিক্ষক তামূলীৰ অৱসৰ পাবলৈ মাত্ৰ ৬মাহ আছে। কিন্তু কৰ্মজীৱনত কৃতি শিক্ষকৰ ৰাষ্ট্ৰপতিৰ বটাঁ পোৱা তামূলী

Read more

টকাৰ মহিমা – চিন্ময় দাস

টকা টকা টকা, টকাৰ প্ৰেমত পৰি মানুহ অাধাবয়সতে হয় ককা৷ কিন্তু টকাই বিচাৰি থাকে মৌকা, যাতে দিব পাৰে প্ৰত্যেককে ধৌকা৷ টকাৰ লগত যিয়ে ৰাখে সম্পৰ্ক, ডাড়ি চুলি কৰি পেলাই পকা৷ শেষত তাৰ ৰৈ যায় মাথো জঁকা। ধাৰ দিয়া টকা যদি ওভতাই দিব নোৱাৰে, মালিকে কৰি পেলাই লাল তাৰ টিকা৷ টকা টকা নমৰিবা একা টকাক বাদ দি জীৱনত কিবা শিকা৷ ☆★☆★☆

Read more

মোৰ ক্ষেত্ৰত এনে হৈছিল – নিপুল ভট্টাচাৰ্য্য

দুবছৰৰ আগৰ কথা৷ মই ৰৈ আছিলোঁ আৰ্য বিদ্যাপীঠ কলেজৰ সমুখত বন্ধু এজনৰ অপেক্ষাত৷ কলেজৰ ল’ৰা ছোৱালীৰে ভৰি আছিল ঠাই টুকুৰা৷ এনেতে তিনিজন কলেজীয়া ল’ৰা আহি মোক মাত লগালে, : দাদা অলপ সহায় লাগিছিল আপোনাৰ পৰা৷ মই ল’ৰা তিনিজনৰ মুখলৈ চালোঁ, সৰু ল’ৰা৷ মুখ কেইখন চাই অমায়িক যেনেই লাগিল৷ মই সুুধিলোঁ, : কি সহায় লাগে কোৱা পাৰিলে নিশ্চয় কৰিম৷ তেতিয়া এজনে ক’লে, : দাদা আজি আমাৰ ফাইনেল পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণৰ দিন, কিন্তু প্ৰব্লেম হৈছে ইয়াক লৈ৷ ওখ ল’ৰাজনলৈ দেখুৱাই এজনে ক’লে৷

Read more

শ্বাদী ডট কম: নিৰ্মালী বৰমুদৈ

নাই নহ’ব আৰু৷ শান্তি নাই ক’তো। নিজৰ মতে থাকিবলৈ নিদিব যেন পাইছোঁ। এইবুলি স্কুলৰ পৰা আহি মোবাইলটো খুচৰি চালোঁ। কিন্তু এয়া কি? বহুত চেষ্টা কৰিও মনত পেলাব পৰা নাই। কনটেক্ট লিষ্টখন চালোঁ, তাতো নাই। কি হ’ব বাৰু এতিয়া! ধেৎতেৰি মাথাটো মোৰ ইমান বেয়া নে? সাধাৰণ কথা এটা মনত নাথাকে। কেনেকৈ স্কুলত পঢ়াই আছোঁ নিজৰ ওপৰতে সন্দেহ হৈছে। ঘৰত কৰবাত মই নজনাকৈ আছে নেকি বাৰু? ঠিকেই ঘৰতে আছে চাগে? মনতে ভাবিলোঁ, কালিলৈ দেওবাৰ। স্কুল বন্ধ। ভবাৰ লগে লগে এখন ভৰি গাড়ীত

Read more

ছেল্ফি কাণ্ড – সুনীল কুমাৰ বৰা

কথাটোত আগতে কোনেও পাত্তা দিয়া নাছিল। মানুহটোৱে ৰুটিন মাফিক মদ খায়। ৰাতিপুৱা, দুপৰীয়া আৰু সন্ধিয়া । এই তিনিওটা প্ৰহৰতে,তিনিটা নির্দিষ্ট সময়ত। কাউৰীৰ লগতে মানুহটোৱে শােৱাপাটী এৰে। গােহালিৰ পৰা গৰু উলিওৱাৰ লগতে কেতবােৰ নিত্য নৈমিত্তিক কাম কৰি মানুহটো চোতাল পায়গৈ। আমজোপাৰ তলত অথবা লিচুজোপাৰ তলত অথবা বগৰীজোপাৰ তলত, এইদৰে ‘ঋতুভেদে মানুহটোৱে স্থান সলনি কৰি তলসৰা ফলবােৰ জব্দ কৰে। ঠিক এইখিনি সময়তে হকাৰটো আহি মানুহটোৰ পদুলি পাৰ হয়। পদুলিমখৰ কেকুঁৰিটোত জমা হৈ থকা সৰু সৰু শিলগুতিবােৰত লাগি হকাৰষ্টোৰ চাইকেলখন খিলিংখালাংকৈ বাজি উঠে।

Read more

Surf excel, Easy wash আৰু মই – চন্দনা দাস

তেতিয়া মই দ্বাদশ শ্ৰেণীৰ ছাত্ৰী। মই আৰু মোৰ বান্ধৱী এজনীয়ে ইংৰাজীৰ টিউচন কৰিবলৈ যাওঁ স্কুলৰে বাইদেউ এগৰাকীৰ ঘৰত। তেওঁ এনেই টিউচন নকৰে।কিন্তু আমি জোৰ কৰাত কৰিলে কিন্তু ফিজ নল’লে। সেইদিনা আমাৰ টিউচনৰ শেষৰটো দিন আছিল। মাঘ মাহৰ ৪ তাৰিখ। সকলোৰে ঘৰে ঘৰে কম বেছি পৰিমাণে ভোগালীৰ ভোগ। বাইদেৱে আমাক চাহ খাই আহিবলৈ ক’লে। আমিও ভালেই পালোঁ। ইমান ঠাণ্ডা। সন্মুখত চাহৰ ধোঁৱাই মনটোৰ লগতে দেহতো গৰম গৰম ফিলিং আনি দিলে। যথাসময়ত চাহ আহিল। পিৰিচত ভিন ভিন লাড়ু পিঠাৰ বাহাৰে মোক খা

Read more

ফেচবুকৰ গান্ধাৰী – তৃষ্ণা সোনোৱাল

“মিছাকৈনো কিয় ক’ম, এইখিনিত মোৰ মোল বুজা কোনো নাই, তোৰ লগতে যি অলপ চৰ্চা কৰো সেইখিনিয়ে। তাকো তই কেৱল শ্ৰোতাহে, তোৰপৰা শিকিব লগাও একো এটাই নাই।” মোৰ শলাগি থকাৰ বাহিৰে অন্য উপায় নাছিলেই। বাইকৰ চকা পাংচাৰ। মেকানিক, টায়াৰ দুয়োটা বিচাৰি ওলাই আহিছিলো। দেউতাৰ যি কৌটিকলীয়া স্কুটাৰখন লৈ আহিছোঁ সেইখনৰো অৱস্থা তথৈবচ। চৰ্দি লগা গাহৰিৰ মাতৰ দৰে যিটো শব্দ ওলাইছে ঔ, এনে বুলি জনা হ’লে বোৰ্খা এটাকে পিন্ধি ল’লোহেঁতেন। ৰাস্তাৰ ছোৱালীমখাৰো যি হাঁহি। আৰে স্কুটাৰ বাদ দেনা, চুৰত চোৱা চুৰত। তোমালোকৰ

Read more

সংখ্যাটোৰ আঁৰৰ কথা- নয়নমনি হালৈ

সাম্প্ৰতিক সময়ত চ’ছিয়েল মিডিয়াৰ গুৰুত্ব আৰু ভূমিকাৰ কথা কোনেও নুই কৰিব নোৱাৰে৷ আন বহুতো সৃষ্টিশীল কামৰ লগতে চ’ছিয়েল মিডিয়াই একে মনৰ কিছুসংখ্যক মানুহক একেডাল এনাজৰীৰে বান্ধি ৰাখিছে৷ পৰিৱৰ্তিত আজিৰ সময়ত চ’ছিয়েল মিডিয়া এখন সমাজ, এটা পৰিয়াল৷ তেনে এজন পৰিয়ালৰ সদস্য যেন মানুহে এদিন ফোন কৰিলে, বোলে নয়ন, তুমি আমাৰ “ফটাঢোল” ই-আলোচনীখনৰ এটা মাহৰ সম্পাদক হ’ব লাগে৷ মই বোলো “দাদা, আপুনি ভুল ঠাইত বল পেলালে৷” কিন্তু মোৰ ওপৰত তেখেতৰ অগাধ বিশ্বাস- “পাৰিবাহে তুমি৷ আৰু তোমাৰ লগত আমিও থাকিমে নহয়৷”  ইয়াৰ পিছতো

Read more

চাণক্য বনাম মেকিয়াভেলী – সঞ্জীৱ মজুমদাৰ

আজিৰপৰা প্ৰায় দুহেজাৰ তিনি শ বছৰৰ আগতে ভাৰতবৰ্ষত এগৰাকী অতি তীক্ষ্ণবুদ্ধি সম্পন্ন শিক্ষাগুৰু, ৰাজগুৰু, আইন প্ৰণেতা, কূটনীতিজ্ঞ, মানবতাবাদী আৰু অৰ্থনীতিবিদৰ জন্ম হৈছিল। এইজনা বিচক্ষণ তথা মহান ব্যক্তিয়েই ভাৰতৰ ইতিহাস ৰচনা কৰিছিল। তেখেতৰ নাম আছিল বিষ্ণুগুপ্ত ওৰফে চাণক্য বা কৌটিল্য। আধুনিক যুগৰ ৰাজনীতি বিজ্ঞানীসকলে চাণক্যক প্ৰাচীন ভাৰতৰ মেকিয়াভেলী বুলি কয়। প্ৰসংগক্ৰমে এইখিনিতে মেকিয়াভেলীৰ বিষয়ে অকণমান জনাইছোঁ। চাণক্যৰ দৰেই নিকলো মেকিয়াভেলী আছিল পোন্ধৰ শতিকাৰ নৱ জাগৰণৰ সময়ৰ এগৰাকী কূটনীতিজ্ঞ, ৰাজনীতিজ্ঞ, ইতিহাসকাৰ, দাৰ্শনিক আৰু লিখক। ইটালীত সূত্ৰপাত হোৱা নৱজাগৰণৰ সময়ছোৱাৰ আটাইতকৈ বিচক্ষণ আৰু

Read more
1 14 15 16 17 18 115