ফটাঢোল

চেনাইধনৰ পাৰ্লাৰ – তৃষ্ণা সোনোৱাল

“ধেত তেয়িকা, শনি চাইকেল ক’ৰবাৰ। কা মুটো কয়িবলে চেইন পয়ি দেখাইছ। কিবা খং উঠিলে ভাঙি গুৱাগুয়ি কয়ি দিম গম পাবি জানিছ।”, চেনাইধনে থেকেচা মাৰি ভোৰভোৰাই উঠিল। ঘামে ধুৱা মুখ খনি ৰুমালখনেৰে মচি তাই আকাশলৈ চালে। নাই ডাৱৰৰ চিন চাব নাই একেবাৰে। ৰাস্তাটোত দূৰ দূৰণিলৈকে মানুহৰ সাৰ সুৰ নাই। অগত্যা চাইকেলখন ঠেলি ঠেলি তাই আগবাঢ়িল। চেনাইধন পায়গৈ মানে চ’কত তেতিয়া ভীৰ বাঢ়িছে। ভৰতৰ দোকানৰ পৰা পানী এবটল লৈ দৌৰাদৌৰিকৈ তাই পাৰ্লাৰ খনৰ ভিতৰত সোমাল। গ্ৰাহক কেইবাগৰাকীও আছে। মালিকনী বাইদেউৰ ঘোপা চাৱনিক

Read more

ঢৌ – মল্লিকা শৰ্মা বৰদলৈ

: ঐ, জ’ক এটা পঠিয়াও পঢ়িবি! : কি জ’ক? : মজ্জা জ’ক এটা। : একো বেয়া নহয়তো? : এহ, নহয় দে, অকণমান বেয়া পঢ়িলে নমৰ তই। : চৰ লাগে? কিমান ক’ব লাগে সেইবোৰ মোক নিদিবি বুলি? : সেইকাৰণেতো তই ইমান ব’ৰ। বৰ সতী, সাৱিত্ৰী একেবাৰে। : সতী সাৱিত্ৰী নহয়, কিন্তু মই ভাল নাপাওঁ এইবোৰ, জানই দেখোন। : এটা কাম নকৰ কিয়, গেৰুৱা বসন পিন্ধি, তুলসীৰ মালা ডিঙিত ওলমাই, দীঘলকৈ ফোঁট লৈ সেই যে “দোতোৰা” নে কি, সেইটো লৈ মন্দিৰৰ সমুখত

Read more

এইচ আই ভি – পৰী পাৰবীন

কম্পিউটাৰটো শ্বাট ডাউন কৰি অংগদ নিজৰ ফাৰ্মৰ পৰা ওলাই আহি বাইক ষ্টাৰ্ট দিলে। গধূলিটো বৰ মনোমোহা হৈ উঠিছে। নিয়ন লাইটৰ পোহৰত জোনাক সনা গুড়ি গুড়ি বৰষুণজাকৰ মাজত তাৰ অনাই বনাই ঘূৰি ফুৰিবলৈ মন গ’ল। পিছে এতিয়া সময় নাই। ৰাগিনী ৰৈ আছে তালৈ। সিহঁতে আজি একেলগে ৰেষ্টুৰেন্টত ডিনাৰ কৰাৰ কথা। তাৰ পিছে মন গৈছে ৰাস্তাৰ কাষৰ ধোঁৱা বলি থকা চাহ একাপ আৰু মুৰমুৰিয়া পপ এটাৰ সোৱাদ লোৱাহে। ৰাগিনীয়ে পপ খাবলৈ ভাল নাপায়, মুখৰ সমস্ত মেকআপ বেয়া হৈ যায় হেনো। ওঁঠৰ লিপষ্টিকবোৰ

Read more

বকুলি জেঠাইৰ গুৱাহাটী অভিজ্ঞতা – মৃদুলা গগৈ

শাওণ মাহৰ প্ৰখৰ ৰ’দ। ফেনৰ বতাহো গাত নালাগে। গছৰ তলত বহি থাকিলেহে গাটো শাঁত পৰে। দুপৰীয়া ভাত পানী খাই গছৰ তলতে চুবুৰিটোৰ প্ৰায়বোৰে বহি কথাৰ মহলা মাৰে। পুৰুষসকল এফালে আৰু মহিলাসকল আনফালে। তামোল-পাণৰ লগতে কেতিয়াবা কঁঠাল, তিয়ঁহ, আনাৰসো ভোগ কৰিবলৈ পোৱা যায়। লগে ভাগে খোৱাৰ আমেজেই বেলগ দিয়কচোন। সেইদিনা আকৌ কোনোবা এজনীয়ে তিয়ঁহ উলিয়ালেহি। এজনীয়ে কটাৰীখন লৈ জাঁপ মাৰি খালটো পাৰহৈ কলপাত এখন আনি তিয়ঁহ কাটিবলৈ আৰম্ভ কৰিলে। ঘৰখনৰ পৰা কোনোদিনে বাহিৰ নোহোৱা বকুলি জেঠাইও সেইদিনাৰ মেলখনত উপস্থিত আছিল। কোনোদিনে

Read more

বন্ধৰ দিনৰ য়াম্মী টে’ষ্টি ব্ৰেকফাষ্ট – ৰুবী বৰা বৰদলৈ

সপ্তাহৰ মূৰত দেওবাৰটো পাওঁ বন্ধৰ দিন বুলি। যোৱা দেওবাৰে বন্ধৰ দিন বুলি মই বোলো ব্ৰেক-ফাষ্টটো সকলোৱে ভাল পোৱাকৈ যোগাৰ কৰোঁ। আনদিনা পুৱাৰ চাহকাপেই খোৱা নহয় ভালকৈ। সকলোৰে স্কুল, অফিচ থাকে। ৰাতিপুৱা কাৰো মুখলৈ চাবলৈ সময় নাই। সকলোৰে লগতে ময়ো সময় মতে কৰ্মস্থলী পাবগৈ লাগে। ল’ৰা-ছোৱালীয়েতো চাহ নাখায়েই, ডাঙৰ দুজনৰ এজনে বাৰু আৰামত বহি পে’পাৰ চাই চাই চাহকাপ খায়, পিচে মই নিজৰ চাহকাপ চেঁচা পানী হোৱাৰ পিছত একেসোহাই গলাধঃকৰণ কৰি চাহ খোৱাৰ নামটো কৰোঁ। খোলা দিনত যি খিনি কাম কৰোঁতে দুঘণ্টা

Read more

উফ্ ৰক্ষা – সদানন্দ ভূঞা

ৰাতিপুৱাৰে পৰা বুকুখন অলপ অলপ বিষাই আছিল। কিবা অলস অলস ভাৱ এটাই বৰকৈ আমনি কৰি আছিল। দেহাটোত কিবা ভাগৰ ভাগৰ লগা যেন লাগি আছিল। খাবলৈও বৰ এটা মন যোৱা নাছিল যদিও যেনেতেনেহে খোৱা হৈছিল। তাৰমাজতে চাকৰিৰ ব্যস্ততায়ো আজি ভালেখিনি কষ্ট দিলে। ঘৰৰ সকলোৱে মোৰ অৱস্থা দেখি কিংকৰ্তব্যবিমুঢ় হ’ব বুলি ভাবি যিমান পাৰি সিমান সহজ হৈ থাকিবলৈ যত্ন কৰিছোঁ। তথাপিতো তাৰ মাজতে যেন কেতিয়াবা কেতিয়াবা বিষটো এনেকৈ মোচৰ মাৰি ধৰে যেন বুকুখন খামুচি ধৰিম। কিন্তু যেনেতেনে সহ্য কৰি থাকোঁ। নিশা দহমান

Read more

ৰূপালী জয়ন্তী – জয়ন্ত শৰ্মা

ডিটিপি খিনি কৰি উঠাৰ পিছতেই অংকুৰৰ ফোন আহিল। :এইটো প্ৰেছত বোলে কোনোবাই ‘ৰূপজ্যোতি যুৱক সংঘ’ বুলি পেড এটা বনাই নিছে। তহঁতে এটা কাম কৰ বুজিছ। ৰূপজ্যোতিতো ‘ৰূপহী’ বনাই দে। নামটোত গাঁৱৰ চেণ্টি এটাও থাকিব। চেহ্। আকৌ ৰিচিপ্ত বহীৰ পেড সলাই প্ৰিণ্ট উলিয়াই অনালৈ অলপ দেৰিয়েই হ’ল। মিটিঙ আৰম্ভ হলেই। মানুহ একেবাৰেই কম। তথাপিও কিবাকৈ আগত গৈ তেওঁ দেখাকে আমি কেইটাই কথাই প্ৰতি ইমানেই হাত চাপৰি বজাব আৰম্ভ কৰিলো যে তেওঁৰ মুখখনো উজ্জ্বল হৈ পৰিল। ‘তেওঁ’ মানে ‘এখেত’ যোৱাবাৰৰ আমাৰ সমষ্টিৰ

Read more

ফটাপ্ৰেম – মিতালী চহৰীয়া

চলনাধাৰী অনলাইন প্ৰেমৰ এইটো মোৰ দ্বিতীয় কাহিনী। তেতিয়া মোৰ নাৰ্চিং ট্ৰেইনিং শেষ হোৱা নাই, অন্তিম ছমাহ আছিল। শেষৰ ছমাহ ইনটাৰ্নশ্বিপ আছিল। পঢ়াৰ ধান্দা একেবাৰেই নাই। “ফেচবুক”ৰ নিচাই মোক ভাঙুৰীৰ নিচাৰ দৰে গ্ৰাস কৰিছিল। এদিন মোৰ কাহিনীৰ আগন্তুকৰ বন্ধুত্বৰ আহ্বান আহিল। ময়ো লাহেকৈ গ্ৰহণ কৰিলোঁ। দেখিলোঁ ল’ৰাজন ডাঙৰ, মোতকৈ সাত আঠ বছৰ মান ডাঙৰেই হ’ব বয়সত। তেওঁ মেছেজ কৰিলে, মই ৰিপ্লাই কৰিলোঁ দাদা সম্বোধনৰেই । ঘৰ ক’ত কি সেইবোৰ কথাও পাতিলোঁ। লাহেকৈ ফোন নং দিয়া লোৱাও হ’ল । তেওঁ ক’লে, “তোমাৰ

Read more

সম্পাদকলৈ চিঠি – নীলাঞ্জনা মহন্ত

মৰমৰ সমপাদক ডাঙ্গৰীয়া, ফটা ঢোল অলপ বয়স হৈছে সেয়ে যুক্তাক্ষৰবোৰত অলপ হিকটিয়াও মাজে মাজে, খেমিব আৰু৷ লিখিলোঁ এইবাবেই যে হোৱাই নোহোৱাই হঠাৎ অনেকেই আজি মোৰ নাম লোৱাত মোৰ খুব হিকটি আৰু চৰচৰণি আহিছে৷ ততেই পোৱা নাই৷ ৰাইজলৈ গোহাৰি মোক সঁচাই গুৰুত্ব দি অনুগ্ৰহ কৰি কিবা ভাল কাম একোটা এই ধৰক গছপুলি এডালি ৰোৱা বা দৰিদ্ৰক এসাঁজ আন্তৰিকতাৰে খুওৱা ধৰণৰ কিবা কৰিছে যদি হ’ব বাৰু৷ পিচে হেৰৌ, তাকে নকৰি হকে বিহকে তিনিবৰণীয়া কাপোৰ পিন্ধি বা প্ৰফাইল বদলাই বা চেলফি এপাত শেলৰ

Read more

বৃহন্নলা – বিতোপন গৌৰাত্ৰ

” অ’ অ’ অ’ লা লা লা… অ’ অ’ অ’ লা লা লা লা.. আলি ঢাকি পৰ শালিকী / অগা দেৱা কৰ শালিকী…” তাৰ এই জন্মজাত স্বভাৱটো, মানে ‘মাইকী মুৱা’ কাৰবাৰটো কেৱল গান মাত্ৰতে আৱদ্ধ নহয়।থকা খোৱা, পিন্ধা উৰা, খোজ কাটল সকলোতে..!কাৰোবাৰ বাবে ই ৰং ৰহইচৰ কাৰণ ৷ আৰু আপোন মাকজনীৰ বাবে..? এৰাব নোৱাৰা তিক্ততা! বাৰিষাৰ সেমেকা কৃষ্ণ বৰণৰ পিছল চোতালখনতে থকা কাপোৰ মেলা ৰছিডালত চাৰ্টটো ওলমাই সি মাকক চিঞৰিলে। “মা অ’মা.. “ একমাত্ৰ সন্তান দীপকৰ মাত শুনি মাক প্ৰতিভা

Read more
1 40 41 42 43 44 115