ফটাঢোল

অথন্তৰ – ছয়নিকা বৈশ্য

লিখিব লগা ঘটনাটো হোষ্টেল লাইফত ঘটা ঘটনা। হোষ্টেল লাইফ বুলি ক’লে কি ফিল হয় একমাত্ৰ হোষ্টেলত থকাবোৰেহে অনুভৱ কৰিব পাৰে। বাথৰুমত লাইন পতা, ডাইনিং হলত চাহ ভাত খোৱাৰ সময়ত হোৱা আদ্দা, গধূলি ছাদত গৈ ফ্ৰেছ হাৱা লোৱা,ৰুমে ৰুমে গৈ আদ্দা দিয়া, সঁচাকৈ হোষ্টেল এৰাৰ পিছত বহুত মিছ কৰা যায় সেইবোৰ দিন! এতিয়া আহোঁ আচল ঘটনালৈ .. হোষ্টেলত আমাক দুদিন মাংস আৰু এদিন কণী দিয়ে। বৃহস্পতিবাৰ আৰু ৰবিবাৰ মাংস আৰু মঙলবাৰে কণী। মাংস বহুতৰে প্ৰিয় গতিকে সকলোৱে আশা কৰি থাকে যে আজি

Read more

বিভিন্নজনৰ একলম – বৰ্ণালী ফুকন

পোনপ্ৰথমে আলোচনীখনৰ সম্পাদনাৰ দায়িত্বত থকা সকলোলৈকে আন্তৰিক অভিনন্দন জনালোঁ৷ শুভ আৰু সফল হওক এই যাত্ৰা৷ প্ৰথমৰে পৰা এতিয়ালৈ গ্ৰুপটোৰ এটা কথাই মোক আকৰ্ষিত কৰি আহিছে সেইয়া হৈছে ইয়াৰ প্ৰতিজন সক্ৰিয় সদস্যই আলোচনীখন সৰ্বাঙ্গ সুন্দৰ কৰিবলৈ যেন বদ্ধ পৰিকৰ৷ মানুহক হাস্য-ব্যংগ ৰচনাৰে হহুঁৱাব পৰাটো এটি কলা৷ যান্ত্ৰিকতাৰে ভৰা পৃথিৱীত নিৰ্দোষ হাস্যৰস আৰু কটু ব্যঙ্গৰ জৰিয়তে আমাক হাঁহিৰ খোৰাক যোগাইছে এই “ফটা ঢোল আলোচনী”খনে৷ কোনোবাই যদি জীৱনৰ জটিল পাকচক্ৰত পৰি হাঁহিবলৈ পাহৰিছে তেন্তে আহক, ‘ফটা ঢোল’ আলোচনীখনে আপোনাক হাঁহিৰ খোৰাক যোগাব৷ প্ৰতিখন

Read more

বিভিন্নজনৰ একলম -অবিনাশ শৰ্মা

অসমীয়া ভাষা সাহিত্যৰ অন্যতম অংগ হাস্য-ব্যঙ্গৰ উকা চোতালত “ফটা ঢোল” ই-আলোচনীখন এটা ধূলিকণা মাথোঁ৷ আলোচনীখন এবছৰীয়া হ’ল৷ ন-পুৰণি লেখক লেখিকাৰ হাস্যৰসেৰে পূৰ্ণ প্ৰতিটো খণ্ডৰ প্ৰতিটো লেখাই আলোচনীখনৰ মানদণ্ড বহু ওপৰলৈ লৈ গৈছে৷ গল্পই হওক কিম্বা কাৰ্টুন, প্ৰবন্ধ কিম্বা ভিন্নস্বাদ প্ৰতিটো শিতান প্ৰতি খণ্ডতে সদা নতুনহৈ ওলায়৷ আলোচনী খনে অকল হাঁহিৰ খোৰাকেই দিয়া নাই, দিছে নতুন লেখক সকলক এখন মঞ্চ৷ আলোচনীখনৰ সম্পাদনা সমিতিৰ প্ৰতিজন সদস্যই কৰি অহা অক্লান্ত পৰিশ্ৰমৰ ফলত ইমান সুন্দৰ সুন্দৰ সংখ্যা কেইটা পঢ়িবলৈ পাই তেওঁলোকক ধন্যবাদ জনাইছোঁ৷ আগলৈ

Read more

বিভিন্নজনৰ একলম – বিশ্বজিৎ গগৈ

এটা ঈৰ্ষণীয় আৰু ফাঁকত পৰি ৰোৱা উদ্দেশ্যৰে ফটা ঢোলৰ জন্ম দিয়াসকললৈ ধন্যবাদ। হঁহা আৰু হঁহুৱাব পৰাটো দুৰূহ কাম, অন্ততঃ আজিৰ দিনত। সেইফেৰা কাম কৰিবলৈকে নগৰে চহৰে ‘লাফিং ক্লাৱ’ খুলিও মানুহে ৰুটিনমাফিক হাঁহিবলৈ বিচাৰিছে। ‘ফটা ঢোলে’ খুউব সতৰ্কতাৰে হাঁহিবোৰ টানি আনি অনলাইনযোগে ৰাইজলৈ এৰিছে। এয়া সাহিত্যৰ লগতে সমাজসেৱাও। ‘ফটা ঢোল’ তাৰ ঢেপেক ঢেপেক মাতেৰেই আগবাঢ়ি যাওক, এয়ে আশা কৰিলোঁ। অ’ এটা কথা, কিছুমান লিখনিত এটা বাক্যৰ শেষত দিয়া ‘দাড়ি’ চিনটো প্ৰায়ে আখৰটোৰ লগত লাগি যোৱাৰ দৰে দেখা যায়। আপোনালোকে এইবিষয়ে নিশ্চয়

Read more

বিভিন্নজনৰ একলম – ধৰিত্ৰী শৰণীয়া

ফটা ঢোল গোটটোৰ আশাসুধীয়া চেষ্টাৰ ফল হ’ল এই ইণ্টাৰনেট আলোচনীখন। আলোচনীখনে এবছৰ পাৰ কৰিলে। বিভিন্নজনৰ কষ্টই ৰং ল’লে আৰু আজি আলোচনীখনে দোপত দোপে জনপ্ৰিয়তাৰ দিশত গতি কৰিছে। বহুজনৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হোৱা ব্যতিক্ৰমী আলোচনীখনত দ্বিগজ লিখকসকলৰ লগতে আগত ক’তো লিখি নোপোৱা লিখকসকলৰ লিখনিসমূহক স্থান দিয়াত তেওঁলোকৰ মনোবল বঢ়াত সহায় কৰিছে। আশা ৰাখিছোঁ আলোচনীখনে এনেদৰেই আৰু বহুত নতুন লিখকৰ জন্ম দিব, যিসকলে ক’ব যে, মই প্ৰথম ফটা ঢোলত লিখিছিলোঁ। জয়তু ফটা ঢোল। ☆★☆★☆

Read more

যেনে কুকুৰ তেনে টাঙোন – অনিমা দাস 

পল: ঐ বাবলু তই টাঙোন ডালত কিয় ক’লা ৰং ঘঁহি আছ? বাবলু: যোৱা কালি তোৰ দেউতাই মোৰ দেউতাৰ লগত কথা পাতি থাকোঁতে কোৱা শুনিছিলো যেনে কুকুৰ তেনে টাঙোন দিব লাগে হেনো। আমাৰ বাটত কেইটামান ক’লা কুকুৰে সদায়েই কাজিয়া লাগি থাকে। সেয়ে সিহঁতক কোবাবলৈ ক’লা ৰং ঘঁহি আছোঁ। ☆★☆★☆

Read more

বিভিন্নজনৰ একলম – অৰ্চনা কলিতা

ফেচবুকৰ হাস্য-ব্যংগ গোট ফটা ঢোলৰ দ্বাৰা প্ৰকাশিত ‘ফটা ঢোল’ ই-আলোচনীখনে অসমীয়া হাস্য-ব্যংগ সাহিত্যক এক নতুন মাত্ৰা দিবলৈ সক্ষম হৈছে। বৰ্তমানৰ ব্যস্ততাময় একঘেয়ামী জীৱনবোৰত মানুহে হাঁহিবলৈয়ো পাহৰি যায়। তেনেস্থলত যোৱাবছৰ জুলাই মাহৰ পৰা প্ৰতিমাহে প্ৰকাশ হৈ অহা ‘ফটা ঢোল’ ই-আলোচনীখনে আমাৰ দৰে পঢ়ুৱৈক নিশ্চয় আকৰ্ষিত কৰিছে। হাস্য-ব্যংগ সাহিত্যৰ প্ৰতিটো দিশেই আলোচনীখনে সামৰি লোৱা বুলি ক’ব পাৰি। প্ৰতিটো শিতানেই আকৰ্ষণীয়। অসমীয়া হাস্য-ব্যংগ সাহিত্যত ‘ফটা ঢোল’ ই আলোচনীখন এক মাইলৰ খুঁটিৰূপে পৰিগণিত হওক। ‘ফটা ঢোল’ ই-আলোচনীৰ উত্তৰোত্তৰ কামনা কৰিলোঁ। জয়তু ফটা ঢোল। ☆★☆★☆

Read more

বিভিন্নজনৰ একলম – জয়ন্ত দাস

ফটা ঢোলৰ মই তেনেই নতুন সদস্য৷ কোনে মোক ইয়াত অন্তৰ্ভুক্ত কৰিলে গম নাপাওঁ, ইয়াৰ জৰিয়তে তেওঁলৈয়ো মোৰ ধন্যবাদ যাচিলোঁ৷ ফটা ঢোলৰ বিভিন্ন লিখনিবোৰ পঢ়ি সঁচাকৈয়ে মই বৰ আপ্লুত৷ হাস্যৰসৰ মাজেদি সমাজৰ বিভিন্ন সমস্যা ইয়াত অবলোকন হৈ আছে৷ কিন্তু ইয়াতকৈও মোক বেছি আগ্ৰহী কৰি তোলে মাহৰ প্ৰথম তাৰিখটোতে প্ৰকাশ পোৱা আলোচনীখনে৷ সঁচাকৈয়ে খুব উৎকৃষ্ট মানদণ্ডৰ লিখনি প্ৰকাশ হৈ আছে৷ ইয়াৰ প্ৰতিটো শিতানেই খুব মনোগ্ৰাহী আৰু হাস্যৰসেৰে পৰিপূৰ্ণ৷ প্ৰকাশক মণ্ডলীক ধন্যবাদ যাচিছোঁ তেওঁলোকৰ কৰ্তব্যনিষ্ঠাৰ বাবে৷ আলোচনীখনৰ লগতে ফটা ঢোল গোটটিৰ দীৰ্ঘায়ু কামনা

Read more

শিক্ষক আৰু ছাত্ৰ – অনিমা দাস 

শিক্ষক-(পিটকনক উদ্দেশ্য কৰি) ঐ পিটকণ যোৱা সপ্তাহত “আমাৰ গাঁও” কবিতাটো মুখস্থ কৰিবলৈ দিছিলোঁ হ’লনে মুখস্থ? পিটকণ- প্ৰথমৰ খিনি হৈছে ছাৰ।মাজৰ খিনি অলপ অলপ পাৰো ছাৰ। শিক্ষক – যেনেকৈ হৈছে তেনেকৈয়ে মুখস্থ দিয়া। পিটকণ – আমাৰ গাঁও শুৱনি আমাৰ গাঁওখন অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে নাই যে তল সৰা। শিক্ষক – পিছৰ লাইনটো বেলেগ হ’ল যে? পিটকণ- হয় ছাৰ। তল সৰা ফল নাথাকেই। সব বান্দৰে খাই তহিলং কৰে। শিক্ষক- ইয়াৰ পিছৰ খিনি মুখস্থ দিয়া। পিটকণ- শুৱনি

Read more

ডেৰ ইঞ্চি ডাঙৰ হ’ল – প্ৰদীপ বৰা

মোৰ পেটটো ডেৰ ইঞ্চি ডাঙৰ হ’ল কেনেকৈ! তাকো ধৰকচোন দুঘণ্টাৰ পিছতেই৷ দুপৰীয়া চেন্নাই মহানগৰীৰ নাংগামবাক্কামৰ চিমচ্ হস্পিতালৰ পৰা আহি এপ’লো চাইল্ড হস্পিতালৰ ওচৰৰ বৰলুইত ৰেষ্টুৰেণ্টৰ কাষৰ ৰেষ্টুৰেণ্টখনত কিছু সময় জিৰণি লোৱাৰ পিছত বৰলুইত ৰেষ্টুৰেণ্টৰ অসমীয়া ৰান্ধনি তেজপুৰৰ ৰাজু লামাই ফোন কৰিলে “দাদা আহক ভাত হ’ল” লৰালৰিকৈ মোৰ সহযাত্ৰী নৰেন শইকীয়াক ক’লোঁ ব’লা ভাত কেইটা খাই আহোঁ৷ তেওঁ বোলে সোনকালে ব’লক আজি মাটন আছে৷ মই বোলো মোৰ যে বি পি আছে৷ যাইকি নহওক বিশুদ্ধ নিৰামিষ হ’লেও ৰাজুৰ হাতৰ সম্পূৰ্ণ অসমীয়া জুতিৰ

Read more
1 52 53 54 55 56 115