ফটাঢোল

বাঘ আৰু গাধ – ভাস্কৰ গগৈ

এদিন এটা বাঘ আৰু গাধৰ মাজত তর্ক হ’ল। বাঘে ক’লে আকাশখন নীলা আৰু গাধই কলে কলা।দুয়োটাই ৰাজ দৰবাৰ পালেগৈ।ৰজাই বিবাদ শুনি বাঘক জেইলত ভৰাবলৈ আদেশ দিলে।বাঘে কলে মইটো শুদ্ধ আছিলো, মোক কিয় জেইল দিলে? ৰজাই কলে, তই গাধৰ লগত তর্ক কৰিছিলিয়ে  বা কিয়? ☆★☆★☆

Read more

ইঔ ইঔ – প্ৰণব জ্যোতি দত্ত

গুৱাহাটীৰ ৰেল ষ্টেচনত ট্ৰেইনৰ বাবে অপেক্ষা কৰি কৰি ভাৰতীয় ৰেইলউৱেৰ পোহনীয়া ম’হ কেইটা বধি আছো৷ এফালে গেলা গৰমৰ মৰমৰ অত্যাচাৰ৷ তেনেতে সন্মুখত ইঔ এটাৰ আবিৰ্ভাৱ৷ মূৰত বাতি এটা ভৰাই কটা চুলি, কপালত মামৰে ধৰা দুদালমান পৰি আছে৷ পিন্ধনত পঞ্জাৱী চাৰ্ট এটা তলৰ ডুখৰ কাটি পিন্ধী লৈছে ( তেনে কিবা নতুন ফেচনৰ চুলা উলাইছে যদিও নাজানো দেই)৷ আঁঠুৰ ওপৰৰ পৰা ফুলি থকা তলৰখিনি চেপ খোৱা(আগতে চিনেমাত প্ৰাণে ৰজা দিনৰ ভিলেইন ল’লে তেনেকুৱা পেণ্ট জাতীয় কিবা পিন্ধা দেখিছিলো) পেণ্ট জাতীয় কিবা আৰু

Read more

কদোঁবাহ – বিতোপন গৌৰাত্ৰ

ৰাতিবোৰ চুটি কৰাৰ কৌশল তাই লাহে লাহে আয়ত্ত কৰিলে৷ সোনকালে ভাত পানী খাই শুই থকাটো তাইৰ অভ্যাস হৈ পৰিল৷ কি কৰিব, কৰিব কি? মাতলৈ বোললৈ কোনো যে নাই! আগফালে বাঁহৰ দুৱাৰখনত দাংডাল লগাই চুৱাপাতনিত এৰেহাবোৰ ছটিয়াই আহিছিলহে মাথোঁ, ‘নবৌ শুলে নেকি..’ মাতলৈ বোললৈ এই প্ৰভাত বোলা ল’ৰাটোৱেই যি আহে৷ কেলৈ জানো সি আহিলে তাইৰ উদং বুকুখনে এসোপা জোনাক বিচাৰি পায়৷ আউসীৰ বিদীৰ্ণ হৃদয়ৰ চকুলোৰ ধাৰ সি দেখে নে নেদেখাৰ ভাও জোৰে তাই সেইটোও নাজানে৷ ‘অ’ প্ৰভাত, নাই, ভাত কেইটা গিলিলো,

Read more

পা ফু চিৰিজ, দস্যু ভাস্কৰ ইত্যাদি – হিৰণ্যজ্যোতি দাস

অসমীয়া সাহিত্যৰ সবাতোকৈ উপেক্ষিত ধাৰাটো হ’ল ৰহস্য সাহিত্য বা ডিটেক্টিভ সাহিত্য ৷ ৰহস্য সাহিত্যই অসমীয়া পাঠকৰ মন পাই ঠিকেই, কিন্তু সমালোচকৰ দৃষ্টি নাপায় ৷ অসমীয়া ভাষাৰ প্ৰথম ৰহস্য চিৰিজ লিখিছিল স্বৰ্গীয় কুমুদেশ্বৰ বৰঠাকুৰে ‘গোলাই চিৰিজ’ নামেৰে ৷ গোলাই নামৰ চোৰ এটাৰ দুঃসাহসিক চুৰি কাৰ্যৰ বিৱৰণ আছিল এই চিৰিজটোত ৷ চল্লিশৰ দশকৰ মাজভাগত আন এজন ৰহস্য সাহিত্যিকে অসমীয়া সাহিত্যত ভূমুকি মাৰে ৷ তেওঁ হ’ল প্ৰেমনাৰায়ণ দত্ত ৷ প্ৰেমনাৰায়ণ নামেৰে তেওঁ ৰচনা কৰে ‘ পা ফু চিৰিজ’ৰ প্ৰথমখন গ্ৰন্থ ‘দিন ডকাইত’ ৷

Read more

ফটাকেঁথা – অত্ৰেয়ী গোস্বামী

স্নেপশ্বটঃ১ শাহু-বোৱাৰীৰ বৰ মিল৷ দুয়ো স্বল্পভাষী৷ শাহুৰ সেলেঙি বোৱা কোৱাৰিয়েদি ওলোৱা মিচিকিয়া হাঁহিটো পকা থেকেৰা হেন মুখখনত ৰান্ধনীবেলি যেন লাগে৷ বোৱাৰীৰ আকৌ কপালত সূৰুযটো জিলিকি থাকে৷ দুয়ো মিলি বাৰীখন বৰ চালে চকু ৰোৱাকৈ পাতিছে৷ বোৱাৰী মাষ্টৰণী৷ স্কুললৈ যোৱাৰ আগত বাৰীখনত এপাক মাৰি যায়৷ এবাৰ পুতেকে দেৱদাৰুৰ পুলি আঠোটা আনিলে৷ গেটৰ পৰা সোমাই অহাৰ পৰা দুয়োফালে চাৰিটাকৈ ৰুব৷ মাকৰ কাঢ়া নিৰ্দেশ “তামোলগছ কাটিব নোৱাৰিবি৷” সময়ত যেনিবা সাপো মৰিল, লাঠিও নাভাগিল৷ এদিনৰ কথা৷ গৰমৰ দিন৷ শাহু-বোৱাৰী আগফালে বহি আছে৷ বোৱাৰীয়ে কিবা এটা

Read more

লটিঘটি: ৰক্তদান দিৱসৰ – ৰাজীৱ শৰ্মা

১৪ জুন।ৰক্তদান দিৱস।সুন্দৰ চিন্তাৰ সুন্দৰ দিন।মোৰ মনটো পুৱাৰেপৰাই ভাল লাগি আছে।আজিলৈ কমেও দহ ইউনিট তেজ মই দান কৰিছো বিভিন্ন ব্যক্তিক,বিভিন্ন কাৰণত।কাৰোবাৰ যদি দূৰ্ঘটনা,কাৰোবাৰ অসুখ বা কাৰোবাৰ ৰক্তহীনতা ৰোগৰ বাবে।কিন্তু এইবাৰৰ কথা সুকীয়া। আজি লগত মই মোৰ পত্নীকো লৈ যাম উদ্দেশ্য মোৰ লগতে তেওঁকো এই মহান দানত ভাগ ল’বলৈ দিয়া। যোৱাবছৰ বিয়াৰ পাছৰেপৰা মই এওঁক এইবিষয়ে কম লেকচাৰ দিয়া নাই।ৰক্তদানৰ উপকাৰিতা সম্পৰ্কে কিবা ভাৱক বা নাভাৱক , মোৰ লেকচাৰ শুনি শুনি অৱশেষত এওঁ আজিৰ দিনটোত মোৰ লগতে ৰক্তদান কৰিবলৈ মান্তি হ’ল।কিন্তু

Read more

এদিনৰ লিপি – Englishমীয়াত – ৰুবী বৰা বৰদলৈ

: Oh my God ইমান দেৰি হ’ল! sandalযোৰ ক’ত? হেৰা, good morning! আজি মোৰ schoolলৈ late হ’ল আৰু। তুমি উঠাচোন। বিচনাখন set কৰি থৈ আহিবা দেই। দৰ্জাখনৰ hookটো খুলি ওলাই আহিলো bedroomৰপৰা। Bathroomত tapeটো খুলি বাল্টিটো full কৰিলো। Mugটোৰে পানী লৈ floorত ঢালিলো। Brussত toothpaste লৈ দাঁত brush কৰি মুখ ধুই towelৰে মচিলো। Geyserটোৰ switch on কৰি চিধাই kitchenত সোমালো। Filterৰপৰা glassত লৈ পানী খালো। Lighterটোৰে gas stoveটো on কৰি saucepanটোত পানী বঢ়াই দিলো চাহৰ বাবে। চাহ হয় মানে cup-plate

Read more

বিশ্বকাপ ফুটবল’২০৪৬ চন (ভাৰত আৰু ব্ৰাজিল) – ঈশ্বৰ প্ৰসন্ন বৰা

যিমান পাৰি সোনকালে দোকান বজাৰ কৰি ঘৰ সোমালো—ক্লাবলে সোনকালে আহিব লাগিব। আজি ৱৰ্ল্ড কাপ ফুটবলত প্ৰথম বাৰৰ বাবে ভাৰত ব্ৰাজিলৰ মুখা মুখি হব।সমগ্ৰ দেশ ফুটবল জ্বৰত আক্ৰান্ত।প্ৰথম বাৰলে ভাৰতে কোৱালিফাই কৰিছে।আমাৰ কথা আকৌ আৰু সুকীয়া।অসমৰ দুজনে খেলিছে— চিবচান্দ টিমূং আৰু ভূপেন বৰা।ভূপেনক আকৌ মই সৰুৰে পৰাই জানো।গতিকে কথাই সুকীয়া।ডাঙৰ স্ক্ৰীন লগাইছো ক্লাবত,সকলোৱে একেলগে চাম।অসমৰ দুজনে বিশ্বকাপত খেলিব—তাতে আকৌ ভূপেনেই মূল ষ্ট্ৰাইকাৰ,কিবা বুজাব নোৱাৰা আনন্দ। অসমীয়া স্পৰ্টচ চেনেলত লগাই ললো। ভাল লাগিব।অসমীয়াত কমেন্টেৰী শুনাৰ মজাই বেলেগ। মন ভাল লগা পানীয় আৰু

Read more

সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহা – অসমী গগৈ

প্ৰজন্ম! শব্দটোৰ মাজত যেন নিহিত আছে অসীম শক্তি, বিপুল সম্ভাৱনা। তাৰ লগতে নতুন শব্দটো যোগ হৈ মানুহৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সকলোৱে আশা কৰে অগতানুগতিক অভূতপূৰ্ব কিবা এটাৰ সন্ধান যেন নতুন প্ৰজন্মই দি যাব। কিন্তু বৰ্তমান কাৰ্যক্ষেত্ৰত নতুন প্ৰজন্মই সকলোকে হতাশহে কৰিছে। আঙলিৰ মুৰত লেখিব পৰা দুই এজনৰ বাহিৰে সামগ্ৰিকভাৱে চাবলৈ গ’লে নতুন প্ৰজন্মই সকলো ক্ষেত্ৰতে অনীহা দেখুওৱাহে পৰিলক্ষিত হৈছে। সৃষ্টিশীল বা উৎকৰ্ষশীল কোনো দিশৰ প্ৰতি যেন তেওঁলোকৰ আগ্ৰহ নাই। এনে বিলাক কথাৰ উদাহৰণেৰে কাগজৰ পৃষ্ঠা ভৰাই পেলাব পাৰি, কিন্তু

Read more

পণ্ডিত গোঁসাই – মীনাক্ষী বৰুৱা

এই খহোঁ,এই খহোঁকৈ নাকটোৰ আগ অংশত ওলমি থকা গান্ধী ফ্ৰে’মৰ চশমাযোৰৰ ওপৰেদি কুঞ্জলতাৰ বাওঁহাতখন চাই পণ্ডিত গোঁসাইয়ে স্বগতোক্তি কৰিলে- “পশ্চিম দিশত পৰিবি বুজিছ! লৰালৰি কৰি লাভ নাই৷ কুৰি পাৰ হ’ব!” ছোৱালী যে কুৰিতে বুঢ়ী এই কথা কুঞ্জলতাই জানে৷ গাঁৱৰ সমনীয়া আটাইকেইজনী এতিয়া একোটা একোটাৰ মাক হ’লেই! “কিবা এটা কৰি অলপ আগুৱাব নোৱাৰিনে আতা?”(গোঁসাইক সকলোৱে ‘আতা’ বুলিয়েই মাতে)৷ পণ্ডিত গোঁসাইয়ে কুঞ্জলতাৰ হাতখন অধ্যয়ন কৰি থাকিয়েই মূৰটো লাহে লাহে লৰাই দিলে৷ পণ্ডিত গোঁসাইৰ প্ৰকৃত নাম দধি মহন্ত৷ অঞ্চলটোৰ মানুহে “পণ্ডিত গোঁসাই” বা

Read more
1 63 64 65 66 67 115