ফটাঢোল

ফটাপ্ৰেম – সুপ্ৰিয়া সূত্ৰধাৰ

ফেচবুকত প্ৰশ্ন আৰু উত্তৰৰ আমোদজনক খেল এখন চলি থাকে৷ সকলোৱে কিবাকিবি প্ৰশ্নৰ উত্তৰ দি থকা প্ৰায়ে দেখোঁ৷ মই কোনোদিনে দি পোৱা নাছিলোঁ৷ কালি অলসভাবে ফেচবুক খুঁচৰি থাকোঁতে হঠাৎ এটি প্ৰশ্ন আহিল৷ প্ৰশ্নটো আছিল, “এনে কি উক্তি আছে, যি আপোনাৰ জীৱনৰ আদৰ্শ হিচাপে গঢ় লৈ উঠিছে?” মই ভাবিলোঁ ইয়াৰ উত্তৰটো আজি মই দিম৷ দিলোঁ উত্তৰটো৷ দিয়াৰ লগে লগে দেখোঁ মোৰ ফেচবুক বন্ধু-তালিকাৰ কেইজনমান ভব্য-গব্য ব্যক্তিয়ে সেই উত্তৰক খুব শলাগিছে৷ উত্তৰটো আছিল, “Don’t cry for anything… search, and you can get substitute…”

Read more

ভুত ভৱিষ্যত – বৈদুৰ্য্য বৰুৱা

পুৱা শুই উঠিছিলোহে! চাহকাপ হাতত লৈ আগফালৰ বাৰাণ্ডাতে বাতৰি কাগজখন লৈ বহি আছিলো৷ “গুড মৰ্ণিং…দাদা..” এনেতে দেখিলো সন্মুখৰ ৰাস্তাটোৱেদি কোনোবা এটাই মোৰ ফালে চাই চিঞৰি কোবাকোবিকৈ আগবাঢ়িছে৷ ভালকৈ চাই দেখো সেইটো বাসু৷ “ঐ…বাসু কেনি যাৱ? ..ৰ..ৰ…ৰ..” মই চিঞৰি উঠিলো তাক দেখি৷ বাসুক সতকাই লগেই পোৱা নাযায়,…আজি হঠাতে পাইছো…গতিকে চাঞ্চতো এৰিব নোৱাৰি….। মোৰ চিঞৰ শুনি বাসু ৰৈ গ’ল৷ ময়ো গেটৰ ফালে আগবাঢ়ি গলোঁ… “কেনি যাৱ ঐ বাসু….ইমান লৰালৰিকৈ?” “ এ..দাদা কি ক’ব?….মানে…মহা সমস্যা এটাত পৰিলো…।” বাসুৱে কিছু উচপিচ কৰিলে৷ “ক চোন

Read more

গৰুৱে মানুহৰ বিষয়ে লিখা ৰচনাখন – দেৱজিত শইকীয়া

“মানুহ” আৰম্ভণি: মানুহ এবিধ অপকাৰী ঘৰচীয়া জন্তু ৷ ইহঁত দুঠেঙীয়া যদিও পুৰ্বপুৰুষ সকল চাৰিঠেঙীয়া আছিল বুলি নিজকে গৰ্ব কৰে ৷ ইহতঁৰ ঠেং দুখনক ভৰি বুলি কয় আৰু ভৰিৰে খোজ কঢ়াৰ ওপৰিও ভুল কৰি উঠি ভৰিত ধৰি মাফ খোজা কাৰ্যতো ব্যৱহাৰ কৰে ৷ ইহঁতৰ নিজৰ মাজতে লাট মৰা তথা লেং মৰা ইত্যাদি কাৰ্যত সিদ্ধহস্ত ৷ আগফালৰ ঠেংদুখন ভৰিৰ তুলনাত পয়া লগা যাক হাত বোলা হয় ৷ হাতেৰে ইহঁতে খোৱা আৰু হেৰি ধোৱা দুয়োটা কাৰ্য সম্পাদন কৰে ৷ কিছুমান মানুহৰ হাত লৰ

Read more

ফটা লিমাৰিক – হেমেন ডেকা

১) নিমাখিত হাঁহজাকৰ হ”ব নেকি বিলাই নিশ্চিত আপদ সৌবোৰ পৰিভ্ৰমী চৰাই সিহঁতৰ আছে চোকা ঠোঁট সঞ্চিত শক্তিও মজবুত নিউ নিউ কৰি ফেঁচাই দেখোঁ কুৰুলীয়ায়৷ ২) হাতেৰে নামাৰি মাৰিব দেশ কূট-বুদ্ধিৰে হাজাৰজনে দেখোঁ সোঁৱৰাই বাৰে বাৰে ৰজাৰহে সঁহাৰি নাই ৰাইজে কৰে হায় হায় হাদৈ আজিয়ে খাই ল বুলি কোনেনো সিঁয়াৰে৷ ৩) বৰ্তমান আশাহত ভৱিষ্যত অনিশ্চিত সপোন খাস্তাং বকে লাং পাং ভাং টানি অভিভূত৷ ৪) খায় বহু গৰিহণা নাই ক’তো অৰিহণা বুদ্ধি নৰম মাথা গৰম নিচাত লুপ্ত চেতনা৷ ৫) কৰ্মত শিথিল হাত

Read more

ননচেন্স! – জ্যোতিৰূপম দত্ত

আই ঐ! মূৰতে পৰিল ঔ! উস! মৰিলো! … দৌতাসকল! আমি হেবাংবোৰক আপোনালোকে বাৰুকৈয়ে কোব কেইটামান সোধাইছে৷ কোব খায়েই আছো লগতে সৌ সিদিনাৰ কথাবোৰো পাগুলি আছো৷ আপোনালোকৰ মুখনিসৃত বেদবাক্য শুনি আমি অজগৌবোৰে গড্ডলিকা প্ৰবাহত উটি গৈ দলে বলে ভোট দি আপোনালোকৰ বাবে অমৰাৱতীৰ যাত্ৰা সুগম কৰি তুলিছিলো৷ আপোনালোকে ৰাজধানীৰ স্বৰ্গপুৰীত দিব্যসুখ লাভ কৰা খবৰ পাই আমি মুৰুখমতিবোৰে পৰম হৰিষত মত্ত হৈছিলো৷ ৰাজধানীৰ দিব্যসুখ প্ৰাপ্ত হৈ আপোনালোকৰ উলাহ দেখি পৰম আহ্লাদত আমাৰ চকু জাপ খাই আহিছিল৷ আমি গজমূৰ্খ এপালে কিমান যে সপোন

Read more

ভাষাৰ আঁৰৰ ভাষা – সঞ্জীৱ মজুমদাৰ

আদিম যুগত জুইৰ ওপৰত মানৱজাতিৰ নিয়ন্ত্ৰণ আৰু পৰৱৰ্তী সময়ত চকাৰ আৱিষ্কাৰে মানৱ সভ্যতাৰ সূচনা মেলিছিল। ইয়াৰ মাজতে মানৱজাতিৰ অতি উৎকৃষ্ট সংযোজন আছিল ভাষাৰ আৱিষ্কাৰ বা ব্যৱহাৰ, যিয়ে মানুহক অন্যান্য ইতৰ প্ৰাণীৰ পৰা পৃথক পৰিচিতি প্ৰদান কৰিছিল। ক্ষুধা নিবাৰণৰ বাবে চিকাৰৰ সময়ত কৰা হৰ্ষোল্লাস, বন্য জন্তুৰ হিংসাৰ পৰা পৰিত্ৰাণ পাবলৈ কৰা ভয়াৰ্ত চিৎকাৰ বা আকাৰে-ইংগিতে বিপদৰ আগজাননী দিবলৈ কৰা অংগ সঞ্চালন -এই সকলোবোৰ সামৰি কালক্ৰমত মানুহে কন্ঠস্বৰৰ দ্বাৰা শব্দৰ সৃষ্টি কৰি ইজনে-সিজনৰ স’তে মত বিনিময় কৰিবলৈ শিকিলে। প্ৰত্নতত্ব আৰু নৃতত্ব বিভাগৰ

Read more

ফটাপ্ৰেম – হেমন্ত কুমাৰ বৰা

প্ৰথম প্ৰেম বুলি পাতনি মেলিছো যদিও, টেকনিকেলি সেয়া কিজানি এই অধমৰ দ্বিতীয় বা তৃতীয় প্ৰেমহে হ’ব৷ পাঠকে সেয়া পঢ়ি উঠি নিজেই সিদ্ধান্ত ল’ব৷ আমুকা এনেও অলপ অকালপক্ব, আবতৰতে পকা ফল, সকলো কামতে দৰকাৰতকৈ বেছি আগবঢ়া৷ চাৰিবছৰমান বয়সতে দাদাক ঘৰৰ ওচৰৰ এল. পি. স্কুললৈ অহা যোৱা কৰা দেখা পাই, ঘৰত কাকো নোকোৱাকৈ, মনে মনে হাতত ছিলেট এখন লৈ ময়ো স্কুল ওলাইছিলোগৈ৷ হেড মাষ্টৰকে ধৰি, অন্যান্য মাষ্টৰসকল, ঘৰৰ পৰা মাতি অনা ককা আৰু খুৰায়েও বুজাই বঢ়াই ঘৰলৈ ওভতাই নিব নোৱাৰিলে৷ বৰঞ্চ মোৰ

Read more

ভাষা বিভ্ৰাট – দেৱজিত শইকীয়া

১) মিঠা নাই গোৱালপাৰা জিলাৰ এখন ভিতৰুৱা ঠাইত মোৰ লগৰ এজনে টেটৰ চাকৰি পালে৷ মাজুলীৰ পৰা গৈ বেচেৰাই সুধি সুধি মাদ্ৰাছা স্কুলখন কোনো মতে ওলালগৈ৷ লগৰ এজনে ঘৰ এটা চাই দিলে৷ প্ৰথম দিনাৰ পৰাই আৰম্ভ হ’ল অভিজ্ঞতা৷ সন্ধিয়াৰ সাজৰ বাবে বজাৰ কৰিবলৈ গৈ দেখিলে যে বেপাৰী এজনে বিড়ি হুপি হুপি ৰঙালাও আৰু পানীলাও কেইটামান লৈ বহি আছে৷ লগৰজনে তেওঁলোকৰ ভাষা নাজানে বাবে বেপাৰীক চকুৰ ইংগিতেৰেই ৰঙালাও কেইটা দেখুৱাই ‘কি নাম’ আৰু ‘কিমান দাম’ সুধিলে৷ বেপাৰীজনে বিড়িৰ ধোঁৱা এসোঁপা এৰি ক’লে,

Read more

নাম বিভ্ৰাট – বৰ্ণালী গগৈ

গুৱাহাটীত ভাৰাঘৰ লৈ থাকিম বুলি স্থিৰ কৰাৰ পিছত দেখিলো মোৰতো পঢ়া টেবুল, আলমাৰি এটা আৰু বেতৰ ঝুলা চকী এখনৰ বাহিৰে একোৱেই নাই৷ গতিকে বিছনা এখন আৰু গেছ এটা লৈ দিয়াৰ দায়িত্ব ভাইটিক (সি আগৰে পৰাই গুৱাহাটীত থাকে) দি মই ড্ৰয়িং ৰুমত থ’বলৈ চকী টেবুলৰ চেট এটা আৰু এখন ডাইনিং টেবুল লোৱাৰ চিন্তা কৰিলো৷ ঘৰৰ পৰা মোক প্লাষ্টিকৰ চকী দুখনমানকে কিনি কাম চলাবলৈ কৈছিল। কিন্তু মোৰ সেইবোৰত একেবাৰে মন নাখাইছিল৷ মোৰ পছন্দৰ বস্তু হ’ল বেতৰ ফাৰ্ণিচাৰ আৰু মই ঠিকেই কৰি লৈছিলো

Read more

ফটা-সাক্ষাৎকাৰ – অভিজিত কলিতা

এই পৰী বোলা ছোৱালীজনী ভাল নহয়। সেইদিনা খবৰ এটা লওঁ বুলি তেখেতৰ অফিচলে গ’লো; বঢ়িয়াকৈ চাহ মিঠাই খুৱাই, মিঠা মিঠা কথা কৈ মোক ফচাই দিলে নহয়, বোলে এই সংখ্যা আলোচনীৰ বাবে সা‍ক্ষাৎকাৰ মই লৈ দিব লাগিব। মই চালে বেৰে কোবাই নাই নুই কৰি চালো, পিছে তেওঁ নাচোৰবান্দা। মোক তামাম জেক মাৰিলে,বোলে মই হেনহে, তেনহে, মই নকৰিলে এইটো কাম কোনেও কৰিব নোৱাৰে। মই বুজি পালো যে মোৰ পৰা কাম উলিয়াবলৈ জেক মাৰি আছে। কিন্তু শেষত গৈ না কৰিব নোৱাৰিলোগৈ। এনেও সুন্দৰী

Read more
1 66 67 68 69 70 115