ফটাঢোল

মোৰ শৈশৱৰ লগৰী – ধৰিত্ৰী শৰণীয়া

আতা(ককা)মোৰ শৈশৱৰ লগৰী। মোৰ জীৱন-বাটত প্ৰভাৱ পেলোৱা এক জীৱন্ত দলিল। মই প্ৰায় দেৰ বছৰ বয়সৰ পৰা আতাহঁতৰ লগত মানে মাৰ মাকৰ ঘৰত আছিলোঁ। দেউতাৰ ভাগৰ  আইতা-আতাক দেখাৰ সৌভাগ্য নহ’ল। মই বোলে সৰুতে মাৰ মাক আইতাক মা আৰু দেউতাক আতাক পিতা বুলি মাতিছিলোঁ। মোৰ শৈশৱ তেওঁলোকৰ লগতে সংপৃক্ত। বুঢ়ী আইৰ সাধুৰ প্ৰতিটো সাধুই নিৰক্ষৰ আতাৰ কণ্ঠস্থ  আছিল। দুটা সাধুক লগ লগাই এটা কৰি সুন্দৰকৈ উপস্থাপন কৰিব জানিছিল তেওঁ। কথাই কথাই ফকৰা-যোজনা কোৱা আতাৰ প্ৰতিটো কথাই আছিল ৰসাল। সৰুতে মোক পিঠিত লৈ

Read more

সূত্ৰপাত – বিকাশ শইকীয়া

আমি সকলোৱে জানোঁ,আমাৰ নগেন এজন জাতীয়তাবাদী নেতা। তেওঁ কোনো মতে মেট্ৰিকটো পাছ কৰি আৰু আগবাঢ়িব নোৱাৰিলে। গাওঁ-অঞ্চলৰ বিয়া সকামত মনোনিৱেশ কৰি এজন সুদক্ষ ‘বিয়া-সকাম খোৱা যুৱক’ হিচাপে বহু আগতেই খ্যাতি অৰ্জন কৰি থৈছে। বিয়া-সকাম খোৱাৰ যদি কিবা বঁটা এটা থাকিলহেঁতেন!অৱশ্যে জাতীয়তাবাদ তেওঁ কৰিহে আছে। এতিয়াও নেতা হ’ব পৰা নাই। চৰকাৰে মাজুলী ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকাৰ দৰে নগেনেও নেতা হ’বলৈ চেষ্টা কৰি আছে। হ’ব নে নহ’ব-সেইয়া সময়হে ক’ব৷ সুৰা-বহিষ্কাৰৰ বাবে মাত মাতি সমাজ-সচেতন লোক হিচাপেও নগেন চিহ্নিত হৈছে৷ সকলোৱে ভাল

Read more

আশাবাদী গাধ – হেমন্ত ভট্টাচাৰ্য

বহুদিনৰ পাছত অন্য এখন ঠাইত চাৰ্কাচ দেখুৱাবলৈ গৈ এটা গাধই তাৰ বন্ধু,আনটো গাধক লগ পালে । মুকলি মনেৰে জংগলৰ ঘাঁহ খাই,মুক্ত জীৱনৰ সোৱাদ পাই প্ৰথমটো গাধ তেতিয়ালৈকে বেচ নোদোকা হৈ পৰিছিল । তাৰ আগৰ চেহেৰাই সলনি হৈ ডেকা গাধৰ দৰে হৈছিল । সেই কাৰণে দুই নম্বৰ গাধই প্ৰথমে তাক চিনিবই পৰা নাছিল । কিছু কথা-বতৰা হোৱাৰ পাছতহে দুই নম্বৰ গাধই এক নম্বৰ গাধক চিনি পালে । প্ৰাৰম্ভিক কথা-বতৰাৰ পাছত এক নম্বৰে দুই নম্বৰৰ স্বাস্থ্যৰ এই অৱনতিৰ কাৰণ সুধিলে । কাৰণ

Read more

ৰেডুৱা – হেমন্ত ভট্টাচাৰ্য

মই তেতিয়া নিচেই সৰু ৷ থাকোঁ নলবাৰীৰ গাঁৱৰ ঘৰত ৷ সেইসময়ত টিভিতো বেলেগ কথা,গাঁৱৰ কোনো ঘৰতে ৰেডিঅ’ও নাছিল৷ দেউতাই ৰে’লৱেত চাকৰি কৰিছিল বাবেই ৰেডিঅ’ এটা কিনিলে৷ ৰেডিঅ’টো কিনাৰ দিনাৰ পৰা আমাৰ যে কি ফূৰ্তি ! স্কুললৈ যোৱা বন্ধ হৈ গ’ল ৷ কেৱল মোৰ বা আমাৰ ঘৰৰ ল’ৰা-ছোৱালীবোৰৰে নহয়,গাঁৱৰ সকলো ল’ৰা-ছোৱালীৰে স্কুললৈ যোৱা বন্ধ হৈ গ’ল ৷ আমাৰ নলবৰীয়া ভাষাত ৰেডিঅ’ক ৰেডুৱা বুলিছিলোঁ৷ ৰেডুৱাটো অনাৰ পিছতো আন এটা লেঠা থাকি গ’ল-তাক ‘ফিট্’ কৰা । তেতিয়া গাঁৱত বিজুলী-বাঁতি নাছিল ৷ আৰু সেই

Read more

বাঁহৰ তলৰ যখিনী – মৃগাংক শইকীয়া

কঠালগুৰি গাঁৱৰ পূজা-পাতল বুলিলে এজনেই মানুহ-হৰিপদ শৰ্মা। আলিমূৰৰ মুকুন্দ দোকানীৰ ঘৰৰ সত্যনাৰায়ণ পূজাভাগ অঁতাই পূজাৰী ঘৰমুৱা হয় মানে ৰাতি প্ৰায় দুপৰেই হ’ল। হওতে দোকানীৰ পুতেক ৰাজেনে বাইকত উঠাই একেবাৰে ঘৰতে থৈ অহাৰ কথাষাৰ কৈছিল পূজাৰীক। “নালাগে দে অ’ বোপাই,ঈশ্বৰে ভৰি দুখন দিছে যেতিয়া খোজৰেই যাম৷ বাঁহনি-তলেৰে পোনাই দিলে এখন তামোলৰহে বাট৷” ঘৰলৈ বুলি লোৱা মাহ-প্ৰসাদৰ টোপোলাটোৰ গাঁঠিটো মাৰি মাৰিয়েই পূজাৰীয়ে কথাষাৰ ক’লে। চিপচিপকৈ বৰষুণ এজাকো আৰম্ভ হৈছে। নামঘৰটোৰ ওচৰৰ আঘোনী পেহীৰ ভড়াঁলৰ তলত থকা কুকুৰকেইটা বৰ চোকা, দিনতেই মানুহ বাঘে

Read more

এটা বাছযাত্ৰাৰ কাহিনী – দিগন্ত বৰা

কেইবছৰমানৰ আগতে ফেচবুকৰ কবিতা গোট এটাৰ মিট্ এখনলৈ গৈছিলোঁ। হৈছিল কাজিৰঙাত। যোৰহাটৰ পৰা কাজিৰঙালৈ যাবলৈ এওঁ দিলে টকা দহটা। মই বোলোঁ-“তুমি পাগল হ’লা নেকি? যোৰহাটৰ পৰা কাজিৰঙালৈ কিমান দূৰ জানানে?” এওঁ বোলে-“জানো। এইটো এটা পৰীক্ষা বুলি ধৰি লোৱাচোন। সামান্য পৰীক্ষাটোত পাছ কৰিব নোৱাৰিলে জীৱনৰ কঠিন পৰীক্ষাত কিদৰে পাছ কৰিবা?” কথাষাৰ মোৰ ইজ্জতত লাগিল। দহ টকাটো এওঁক গতাই কাজিৰঙালৈ বুলি ওলাই আহিলোঁ। আহি আহি বাছ এখনৰ ছিট এটাত আৰামত বহি ল’লোঁ। মনত বহুত চিন্তা,লগতে উৎকণ্ঠা। কাষৰ ছিটটোত খুউব সুন্দৰী যুৱতী এগৰাকী।

Read more

কলকাতাত লটিঘটি – প্ৰাঞ্জল বল্লভ গোস্বামী

বোধহয় ১৯৯৮ চন। জীৱনত প্ৰথমবাৰৰ বাবে কলকাতালৈ গৈছিলোঁ। ইতিমধ্যে চাকৰি আৰম্ভ হৈছে।মই হিন্দী আৰু ইংৰাজী অলপ-অচৰপ ক’ব পাৰিছিলোঁ যদিও বাংলা আগতে একেবাৰে নাজনিছিলোঁ। কিন্তু ১৯৯৩ চন মানৰপৰা চখতে বাংলা ক’বলৈ আৰু পঢ়িবলৈ অভ্যাস কৰিছিলোঁ। সেয়ে য’তে সুবিধা পাওঁ বাংলা কোৱা আৰম্ভ কৰিছিলোঁ। এনেকৈ কওঁতে মোৰ সকলো চিনাকী মানুহে বাংলা ক’ব পাৰিছোঁ বুলি শলাগিবলৈ ধৰাত অচিনাকি মানুহৰ আগতো বাংলা ক’বলৈ আৰম্ভ কৰিছিলোঁ । প্ৰায়ে কথা পতাৰ পিছত মই বাংলা ঠিকেই ক’ব পাৰিছোঁনে নাই -সোধাটো অভ্যাসত পৰিণত হৈছিল। সকলোৱে মোক বাংলা ক’ব

Read more

পয়মাল – মৌচুমী গগৈ

১) আজি মালা মালিকনী বাইদেউ আৰু তেওঁৰ লগৰ দুগৰাকীৰে সৈতে নতুনকৈ অহা চিনেমাখন চাবলৈ যাব। তাই আজিলৈকে চিনেমা হল ওচৰৰপৰা দেখাই নাই, চিনেমা চোৱাতো দূৰৰে কথা। যথাসময়ত মালাহঁত গৈ চিনেমাহলত উপস্থিত হ’লগৈ। বাইদেউহঁতে বাহিৰৰ দীঘলীয়া শাৰীত থিয় হৈ টিকট কাটি, খাবলৈ কিবাকিবি অলপ কিনি লৈ নিৰ্দিষ্ট আসনত বহিলগৈ। মালাই চিনেমাহলৰ ভিতৰত সোমাই ইফালে সিফালে চাই ততেই পোৱা নাই। চিনেমা আৰম্ভ হোৱাৰ আগমূহূৰ্তত জাতীয় সংগীতটো বাজি উঠিল। উপস্থিত সকলো নিজৰ নিজৰ ছীটৰপৰা উঠি থিয় হ’ল। একো বুজিব নোৱাৰিলে যদিও মালাইও সকলোৰে

Read more

আকৌ কুৰুক্ষেত্ৰৰ আখৰা– দেৱজিত শইকীয়া/মানস শইকীয়া

খণ্ড : এক : নামঘৰত নালাগে বুজিছা বিজয়, মিটিংখন দত্তৰ ঘৰতে দিয়া৷ নামঘৰত মোৰ মাটিত বহিবলৈ অলপ প্ৰব্লেম হয়, জানাই নহয়৷ কাকতিদাই বিজয়ক কথাষাৰ কৈ দত্তলৈ মানে ৰিণ্টুমনি দত্তলৈ ফোন লগালে৷ ৰিণ্টুমনি দত্ত, গাঁৱৰ উন্নয়ন সমিতিৰ সম্পাদক৷ সম্পাদক মানে হাতে কামে একোতো নায়েই, ৰাজহুৱা মেল মিটিঙতো ছাঁটোকে দেখা পোৱা নাযায়৷ সহকাৰী সম্পাদক বিজয়েই সকলো কৰিবলগীয়া হয়৷ যোৱাবছৰ নতুন কমিতি গঠন কৰাৰ আগে আগে নামঘৰ উন্নয়নৰ বাবে পঞ্চাশ হাজাৰ টকাৰ দান আৰু নামঘৰৰ বাটচ’ৰাটো ককাকৰ নামত দিম বুলি কাৰোবাৰ আগত কোৱাৰ

Read more

সাক্ষাৎকাৰ – বৈদুৰ্য্য বৰুৱা

  নব্বৈৰ দশকত বিস্ময় আলোচনীৰ পাতত অপু আৰু চেণ্টুদা নামৰ দুটি চৰিত্ৰই ভুমুকি মাৰিছিল। দুয়োকে কিতাপৰ চৰিত্ৰ যেন অনুভৱ হোৱাই নাছিল, দুয়োকে একেবাৰে প্ৰাণৱন্ত যেন লাগিছিল। অপু, চেণ্টুদা এই দুয়োটা চৰিত্ৰকে পাঠকে অত্যন্ত আগ্ৰহেৰে আঁকোৱালি লৈছিল। ইয়াৰ পিছতেই পঢ়ুৱৈৰ দাবী অনুযায়ী অপু, চেণ্টুদাৰ ইটোৰ পাছত সিটো কাহিনী লেখকজনে লিখি উলিয়াইছিল। এইসমূহ চিৰিজ জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণ আছিল বৰ্ণনাৰ চমৎকাৰিতা। তদুপৰি চেণ্টুদাৰ মুখৰ সানমিহলি অদ্ভূত ভাষাটোৱেও পাঠকক আমোদ দিয়াৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাইছিল। এই জনপ্ৰিয় চৰিত্ৰকেইটাৰ স্ৰষ্টাজন আছিল বৈদুৰ্য্য বৰুৱা। অপু

Read more
1 84 85 86 87 88 115