ফটাঢোল

বৈৰাগী নেতা – মানসী বৰা

: এই অসম প্ৰদেশত অতীজৰপৰা অসমীয়াৰ গাত দুই ধৰণৰ বতাহ লাগি আহিছে আৰু লাগি থাকিবই৷ প্রথমটো হৈছে বাপতিসাহোন বিহুৰ বতাহ আৰু দ্বিতীয়টো হৈছে সময়ে সময়ে নিৰ্বাচনী বতাহ এইবুলি তামোল পকতিয়াই পকতিয়াই লিখন হাজৰিকাই কেৰমবোর্ড খেলি থকা ল’ৰামখাক কৈ যায়৷ বকুলী গাঁৱত আবেলি আবেলি পৰম্পৰাগত ভাবে গাঁৱৰ ডেকামখাই চাৰি আলিৰ মোহনৰ দোকানত সেইদৰে কেৰম, তাছ খেলি আড্ডা মাৰে৷ তাতে গৈ লিখন হাজৰিকাই নিজৰ নিৰ্দিষ্ট ভংগীত চেলাউৰী মাৰি মাৰি সকলোৱে শুনাকৈ ক’লে, : গুৰুজনাৰ আশীৰ্বাদ শিৰত লৈ ভাৱিছোঁ এইবাৰ ময়ো পঞ্চায়ত ইলেকচন

Read more

ফটাঢোল – নিতুল বুঢ়াগোহাঁই

ফটাঢোল নবজাবি ককাই বুকুখন বিষাব, ফটাঢোল বজালে হেনো বহাগীয়ে বিনাব। কোনোৱে কয় বোলে ফটাঢোলৰ চেৱতহে নাচনীৰ ককাঁল ভাঙে। কোনোৱে আকৌ কয় ফটাঢোলৰ চাপৰতহে মেঘ ককাইৰ হাঁহি বিৰিঙে। মেঘৰ হাঁহিয়ে যেন মাতাল কৰি তোলে ধৰাৰ বুকু, জীপাল কৰি তোলে আঘোণা কাইৰ সেমেকা চকু। ফটাঢোল নবজাবি ঐ ককাই ময়ূৰীয়ে নাচিব, ফটাঢোল বজালে হেনো বহুৱা বুলি হাঁহিব। এই ফটাঢোলেই যদি মাতাল কৰিব পাৰে ধৰাৰ বুকু, জীপাল কৰিব পাৰে সহস্ৰজনৰ চকু, তেন্তে তেন্তে বজামেই বজামেই এই ফটাঢোল সকলোৰে মনবোৰ কৰি নিটোল।। ☆★☆★☆

Read more

ৰাশিফল – নীলাঞ্জনা মহন্ত

শুনিয়োক সৰ্বজন জয় ৰাম বোলা৷ আধুনিক ৰাশিফল এহি প্ৰস্তাবিলা৷৷ ক্ষমিয়োক জ্ঞানীজন এহি অধৰ্মীক৷ বুদ্ধিহীন হৈয়া কৰন্ত ধেমালি ক্ষন্তেক৷৷ অবোধ অবলা হামু নাহি কোনো ডিগ্ৰী৷ প্ৰস্তৰ আঙ্গুঠি কদাপি না কৰিয়া বিক্ৰী৷৷ এহিমতে সাহস কৰিয়া দিয়া বিধান৷ নিজ ৰাশি বিচাৰ, নিজা অনুষ্ঠান৷৷ পদঃ মেষ ৰাশিৰ যদি হুয়া আছে হংসবধৰ যোগ৷ দান কৰিবেক এক ডজন ভকতক ভোগ৷৷ তেহে পাবেসে মহা সৌভাগ্যৰ মুকুতাৰ মালা৷ উদৰে পাতিহাঁহে নহ’লে কৰিবক ডিচেন্ট্ৰিৰ খেলা৷৷ বৃষ ৰাশিৰ আছে বৰলা বৰলী যদি কোনো মনুষ৷ তাহাৰ মিলিব নিশ্চয় কোনো মিলমিলিয়া হাস্যৰস৷৷

Read more

“জান” মানেই বিপদ – চবিনা ইয়াছমিন

কি যে দিন কাল আহিল হেৰৌ! আমাৰ প্ৰেচৰ পৰা ওলায়ে ৰাস্তাটো৷ কাষতে পাচলি বিক্ৰী কৰা দদাইদেউ দুজনমান বহে৷ মই আকৌ ঘৰলৈ ঘূৰি আহোঁতে তাৰ পৰাই পাচলি কিনি আনো৷ কালিও কিনি আছোঁ কিবা কিবি৷ হঠাতে হৈ চৈ লগাত উভতি চাই দেখিলোঁ চেঙেলীয়া ডেকা এজনক উৰাই ঘূৰাই মানুহ এগৰাকীয়ে নিজৰ কান্ধত ওলোমাই নিয়া বেগটোৰে কোবাইছে৷ মই একে দৌৰে কাষ পালোঁগৈ৷ মানে মই প্ৰেচৰ পৰা ওলাই আহোঁতে ল’ৰাজনে ফুটপাথটোতে ভৰিৰ ওপৰত ভৰ দি বহি ফোনত কথা পাতি আছিল৷ মোৰ হাতৰ পৰা টকা পাঁচশ

Read more

কৌতুক – দেৱজিত শইকীয়া

শ্ৰীমান থুলুক দত্তই পঞ্চায়ত ইলেকচনৰ নমিনেচন পেপাৰ চাবমিট কৰিছিল, পিছে কেঞ্চেল হ’ল৷ কাৰণ থুলুকে ফৰ্মত লিখিছিল লিংগঃ লিংগ নিৰ্ধাৰণ এতিয়ালৈ কৰা নাই, ক’ব নোৱাৰিম। (ব্ৰেকেটত লিখিছিল “আইন মতে দণ্ডনীয় বোলে সেয়ে জন্মতে মা দেউতাইও মোৰ লিংগ নিৰ্ধাৰণ নকৰালে মইও ভয়তে নকৰিলোঁ ৷ গতিকে নাজানোঁ ) ☆★☆★☆

Read more

অভাৰ স্মাৰ্ট পুতুকন – দীপাংকৰ চৌধুৰী

বন্ধৰ দিনত পুতুকনৰ বেলেগ কাম একো নাথাকে। অন্য বাৰত যদি সি ৰাতিপুৱা ৮টালৈ শুই থাকে, বন্ধৰ দিনত পাৰিলে গোটেই দিনটোৱেই শুই থাকিব বিচাৰে। কিন্তু মাকৰ সেই সদায় বাজি থকা গালিৰ কেছেটটো যেতিয়া অসমীয়া নিউজ চেনেলৰ নিউজ ৰিডাৰজনৰ দৰে উশাহ নোলোৱাকৈ অনৰ্গল বাজিবলৈ আৰম্ভ কৰে শেষত অনিচ্ছাস্বত্বেও গালিকেইটাৰ উৎপাতত সি ১০বজাত উঠিবলৈ বাধ্য হয়। দেৱালীৰ দিনাৰ কথা, বেচেৰা দেউতাকেও হ’ল বুলিনো কিমান কৰি থাকিব৷ বয়সো হৈ আহিছে,তথাপি এলেহুৱা স্বভাৱৰ পুতেকলৈ ৰৈ নাথাকি টানিটুনি কামবোৰ কৰি গৈ থাকে৷ ইফালে ৰাতিপুৱা ভতিজাকটোৱেও ফুলজাৰি,জলকীয়া

Read more

শংকা – মণিষা কাকতি

ছেহ্! আজি বহুত পলম হ’ল। পুৱাৰ বেলি ওলাওঁ ওলাওঁ । মাকে এনেয়ে চিন্তা কৰি মৰে। এতিয়ালৈকে চাগৈ কি কি বেয়া চিন্তা কিছুমান মনলৈ আনি ভনীয়েক আৰু দেউতাকৰ মূৰটো চোবাই আছে পাত্তা নাই। এই লগৰকেইটাৰ কাৰণেহে। ‘যাবি ৰহ’ ‘যাবি ৰহ’ কৰি এইখন কৰিলে। তাৰ ঘৰলৈ যাওঁতে যে টাউনখন পাৰ হৈ যাব লাগিব, আড্ডাৰ কোবত সেইটো চিন্তা সিহঁতৰ মূৰৰপৰা ওলাইয়ে গৈছিল। টাউনখন এতিয়া আতংকৰ অন্য নাম। নিশা হ’লেই প্ৰাণ পাই উঠে মাতালৰ ৰাগীত। সেই ভিক্ষাৰীটোযে! কি অপৰাধ আছিল তাৰ? দোকানৰ বাৰাণ্ডাত শুই

Read more

ফটা পদ্য – জিতা ফুকন

প্ৰকৃত নাম জিতা ফুকন মোৰ বিয়াৰ পিছত হ’লো বৰঠাকুৰ বাৰ বছৰে লিলিমাই কৰি এতিয়া হ’লো ঘৰৰ বুঢ়ী। চৰু কেৰাহী হেতা বাটি জীৱনত বহু লটিঘটি এইবোৰ ধৰোতেই জীৱন গ’ল জীৱনত একো কৰাই নহ’ল | এনেকৈয়ে এদিন জীৱনৰ বাটত অঞ্জন বাবুক লগ পালোঁ তেওঁৰ যহতে আজি মই ফটাঢোলৰ সদস্য হ’লো। দিনটোত এবাৰ ঢোলটো বজাওঁ নহলে দেখোন শান্তি নাপাওঁ ঘৰৰ কামবোৰ সদায়ে কৰো ঢোল বজাবলৈও নাপাহৰো। ইমানবোৰ ঢুলীয়া নাচনী আছে কাকনো চাবা কাক এৰিবা পাছে এজনে বোলে হাহঁ খায় বাকীবোৰে মূৰৰ পাখি গুচায়।

Read more

ফটা প্ৰেম – সৌৰভ শৰ্মা

প্ৰেম আহে প্ৰেম যায়। ফটা প্ৰেম, একপক্ষীয় প্ৰেম, ব্যৰ্থ প্ৰেম, বিভিন্ন প্ৰেম। কিন্তু ৮ বছৰীয়া প্ৰেমৰ অন্তত জাতি-ভেদৰ প্ৰাচীৰ ভাঙি মোৰ পত্নীক অগ্নিক সাক্ষী কৰি আনিছিলোঁ। ঈশ্বৰৰ মহিমা! ইংৰাজী কেলেণ্ডাৰ মতে বিয়াৰ তাৰিখটোও এক অনবদ্য তাৰিখ আছিল। ২০-১০-২০-১০। মানে দিন আৰু মাহটোৰ পৌনঃপৌনিক চনটো আছিল। ২০১০ চনৰ ২০/১০ত বিয়া কৰাইছিলো। বিৰক্তি লাগিছে নহয়নে? মোৰ বিয়া, প্ৰেম এইবোৰ পঢ়ি কি লাভ? বিৰক্তি হ’বয়েই। ধৈৰ্য্য ধৰি পঢ়ক, হাৰ্ট এটেক নহয়, অলপ হিয়াৰ বেথা হ’ব পাৰে। ষ্টেফি গ্ৰাফকো ভাল পাইছিলোঁ, অন্ধ প্ৰেমিক আছিলোঁ।

Read more

ৰিস্ক – বৰ্ণালী ফুকন

-ঐ ক’ত পালি বে মা..টো ? বাবলিৰ কথা শুনি সেমেনাসেমেনি কৰি পাৰ্থই সুধিলে। -কাৰ কথা কৈছ ? -কিয় কালি যে তোৰ গাড়ীত এজনীক দেখিলোঁ৷ কি চেপ বে৷ -সেইজনী মোৰ ঘৈণী বে! -কি কৱ বে? যোৱা সপ্তাহত সোণাপুৰত লগপোৱাজনী তই ‘ঘৈণী’ বুলি চিনাকি কৰি দিছিলি দেখোন৷ -নহয় বে, সেইদিনা সেইজনী মিতালী আছিল৷ মোৰ বেটচ্ মেট্ এসময়ৰ৷ তই মিতাৰ সন্মুখত যা তা কৱ বুলি ছেহ্কি মাৰিলোঁ৷ -মোকো চিনাকি কৰি দিবি না৷ ময়ো কেতিয়াবা কফিৰ কাৰণে লৈ যাম৷ -হ’ব দে৷ পাৰ্থই মনত পেলাবলৈ

Read more
1 7 8 9 10 11 115