গুণোৎসৱ – পৰী পাৰবীন
গুণোৎসৱৰ শেষৰদিনা পৰীক্ষাৰ চেন্টাৰসমূহত টহল দি থাকোতে এডিচি ছাৰৰ ফোন আহিল। ধৰিবলৈ পালোহে, “ক’ত আছা তুমি?” “ছাৰ নাহৰকটীয়াত।” “ইমিদিয়েট উত্তৰ হাতীমূৰা স্কুললৈ আহা।” ইমিদিয়েট! নাহৰকটীয়াৰ পৰা সেইখনলৈ দুঘন্টাৰ ৰাস্তা। “ছাৰ কিবা সমস্যা হৈছে নেকি ?” ছাৰ গৰম, গৰগৰাই উঠিল, “সমস্যা হৈছে কাৰণেতো কৈছো। তাত হেনো প্ৰধান শিক্ষয়িত্ৰীয়ে কম মেধাৰ লৰা ছোৱালীবিলাকক পৰীক্ষা দিবলৈ আহিব নালাগে বুলি কৈছিল। কোনোবাই ডিচিক অভিযোগ কৰিছে। যোৱা সোনকালে এনকুৱাৰী কৰা। ল’ৰা ছোৱালীবিলাকক মাতি আনা।” “অ’কে ছাৰ। কিবা কৰোঁ।” ৰামুকাইক ক’লো, “ৰামুকাই চৈধ্য নম্বৰ গীয়েৰ লগোৱা।
Read more