আলিবাটটো – অভিজিত কলিতা
আমাৰ গাঁৱৰ ঘৰৰ আগেদি এটা কেঁচা আলি আছিল, একা বেঁকাকৈ যোৱা আলিটোৱে কেইবাখনো গাঁও চুই গৈছিল। মূল বাটৰ পৰা সোমাই বহুদূৰলৈকে মানুহৰ ঘৰ নাছিল, দুইফালে কেৱল ধাননি পথাৰ। বাৰিষা দুইকাষৰ পথাৰবোৰ পানীৰে চপচপীয়া হৈ পৰিলে আলিটো ৰূপত বন্ধা সেউজীয়া মণি এধাৰ এটা যেন লাগিছিল। তথাপিও দূৰৰ গাঁৱৰ পৰা স্কুলত কলেজত পঢ়িবলৈ অহা ছোৱালীবোৰে কিন্তু পথাৰৰ মাজৰ ‘শ্বৰ্টকাট’ বাটটো এৰা নাছিল। চেণ্ডেলযোৰ হাতত লৈ মেখেলা কোঁচাই সিপাৰৰ গাঁওখনৰ পৰা পথাৰৰ বোকা পানী ফালি আহিছিল। আলিটো পোৱাৰ পাছত পথাৰৰ পানীৰে ভৰি ধুই
Read more