ফটাঢোল

বাৰিষা – কাজল প্ৰিয়া

বৰুৱা বর্তাৰ ল’ছালি মুঠেই সাতটা। নিচেই সৰু সংসাৰ, তাকে লৈ বর্তাৰ অন্তৰত অকণো দুখ নাই। ল’ছালিমখাও ইটোতকৈ সিটো চৰা । এটাই যদি মুঠেই বত্ৰিছ দিন গা নোধোৱাকৈ থাকে,আনটোৱে আকৌ নাকেৰে ওলমি থকা বৰলৰ টোপ নিজৰেই উৎপাদন বুলি সাউৎকৈ জিভাৰে টানি গিলি থয়। পৰহি দিনাৰ কথা, বৰুৱা বর্তাৰ ডাঙৰটো পুতেক বাৰিষা চন্দ্ৰ বৰুৱাই কেৰপাইৰ মাজুজনী জীয়েক ভুদুকীলৈ চিঠি এখন দিছিন৷ তাকে লৈ হৈ-চৈ লগাই মেচি দা ঘূৰাই কেৰপাই আহি বর্তাৰ ঘৰ পালেহি। কেৰপাইৰ চকুত জুই দেখি বৰুৱা বৰ্তাই লাহেকৈ সুধিলে- :

Read more

শুভ-সমাপ্তি – উৎপলা কৌৰ

আগৰেপৰা বোলে জেঠুৱে জেঠাইক কৈ আছিল “এইবাৰ আমাৰ এনিভাৰ্চেৰীত তোমাক ডাঙৰ, আঙুলিৰে চলাব পৰা মোবাইল এটা দিম। লগতে ফেচবুক আৰু ‘হোৱাটচ্এপ’ এটাও দিম।” দুমাহমান আগতে দিল্লীৰ পৰা অহা মাইনুৰ খবৰ এটা লওঁ বুলি সোমাওঁতে জেঠাইয়ে মোক কথাটো কৈছিল। কথাটো শুনি মোৰ মুখৰ পৰা চাহৰ লগত চোবাই থকা পিঠা ওলাই দৌৰ মাৰিব খুজিছিল৷ কোনোমতেহে কৃত্ৰিম কাঁহ দুটামান মাৰি নিজকে সংযত কৰি থ’লোঁ। সেই কথাৰ এসপ্তাহমানৰ পিছত দেওবাৰ এটাত দুপৰীয়া ভাতকেইটা খাই থকাৰ সময়তে জেঠাইৰ ফোন আহিল- “মইনা, গধূলি বেলেগ কাম নাই

Read more

বিহুৰ বিষয়ে এখন ৰচনা (২০৫০ চন) – ভাষ্কৰজ্যোতি দাস

আমাৰ নেছন ইণ্ডিয়াৰ পূব ডাইৰেক্সনত চান-ৰাইজ হোৱা দেশ বুলি ককাহঁতে কোৱা এচেম নামৰ ষ্টেট এখন আছিল৷ ইয়াৰ মানুহবিলাকে যিকোনো কাম কৰিমলৈ চেম ফিল কৰাৰ বাবে এই ষ্টেটখনৰ নাম এচেম আছিল৷ এইখন ষ্টেটত আগতে বিহু নামৰ এটা চিজনেল ফেষ্টিভেল চলিছিল৷ এই এচেম নামৰ ষ্টেটখনত আগতে বিভিন্ন কাষ্ট, এথনিক গ্ৰুপ এক হৈ এই বিহুটো চেলিব্ৰেট কৰিছিল বুলি ককাহঁতৰ সময়ত চলা নিউজ পেপাৰৰ পৰা আমি জানিছোঁ৷ এই বিহুক অসমীয়াৰ বাপতি-সাহোন বুলি কৈছিল যদিও ইয়াৰ মিনিং এংল’ এছামিজ অক্সফ’ৰ্ড ডিক্সনেৰীত নাই৷ ফাৰ্ষ্ট বিহুটো ৰঙগালী

Read more

বেপাৰী – প্ৰণৱ সিংহ

উৰুকাৰ দিনা বজাৰত ভাল দাম পাম বুলি সৰিয়হৰ তেল আৰু দৈৰ টেকেলি কেইটামান নিছিলোঁ । গাড়ীৰ পৰা নমাবলৈ লওঁতেই গ্ৰাহকে হেতা-ওপৰা লগালেহি৷ খালী বটলতেই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা তেল আছিল ৷ সামান্য ভয় আছিল;জানোচা লেবেল আৰু ভাল পেকেটিং নোহোৱাৰ বাবে কোনেও সেইখিনি নলয়৷ কিন্তু তেলখিনি ভবাতকৈ সোনকালে আৰু ভাল দামতেই বিক্ৰী হ’ল৷ পঁচিশটা টেকেলিৰ দৈয়ো গ্ৰাহকে উচিত মূল্যতেই কিনিলে ৷ দৈ আৰু তেল বিক্ৰী কৰি আনদিনাৰ দৰে বজাৰখন অলপ ঘূৰাৰ মানসেৰে দোকানসমূহত চকু ফুৰাই গ’লোঁ ৷ অলপ দূৰত কলগেট বিক্ৰী

Read more

কিড্‌নেপ – তৃপ্তি বৰা

সৰুতে মই খুব দুষ্ট আছিলোঁ ৷ য’লৈকে মন যায় গুচি যাওঁ,যি মন যায় কৰোঁ৷ লগত এজাক সৈন্য-সামন্ত৷ মই সকলোৰে দলপতি৷ বাহিৰত দলপতি হৈ থাকি মনৰ ইচ্ছামতে যিহকে পায় তাকে কৰি ঘৰত আহি লাগিলে দেউতাৰ পিটনেই খাম,তথাপিও আপত্তি নাই৷ পিটিব হে আৰু..তাতেনো কি হ’ল ৷ সেইবুলি ভাললগা কামটো নকৰিম নেকি? আইতাৰ ভাষাত মই আছিলো “বাঘৰ আগতেল খাইতী”৷ এতিয়া আহিছোঁ মূল ঘটনালৈ৷ ১৯৯৮ চনৰ জানুৱাৰী মাহৰ কোনোবা এটা কালিকা লগা শনিবাৰৰ কথা৷ মই তেতিয়া পঞ্চম শ্ৰেণীৰ ছাত্ৰী৷ গাঁৱৰ স্কুলৰ পৰা নতুনকৈ চহৰৰ

Read more

চেকবুকৰ চহী – হিৰন্ময় বৰুৱা

হৰিচন্দ্ৰ বৰুৱা চাকৰিত সোমোৱাৰ দুদিনমান পিছৰে ঘটনা ৷ তেওঁৰ বন্ধু নৱ সেইদিনা প্ৰথমবাৰৰ বাবে বেংকলৈ গৈছিল৷ হাতত খুৰীয়েকে দিয়া ‘চেক’খন৷ বেংকত দীঘলীয়া শাৰী ৷ কাউণ্টাৰত আমাৰ হৰিচন্দ্ৰ ৷ এঘণ্টামান ৰৈ যেনিবা নৱ গৈ কাউণ্টাৰৰ সন্মুখত উপস্থিত হ’ল৷সি টকা উলিয়াবলৈ বুলি ‘চেক’খন বৰুৱালৈ আগবঢ়াই দিলে ৷ বৰুৱাই নৱক ক’লে-“চেকখনৰ পিছফালে ছিগনেছাৰ মাৰা৷” নৱই পিছে একো বুজি নাপালে ৷ বোলে-“কি মাৰিম?” তিনিবাৰকৈ বুজোৱাৰ পিছতো সি বুজি নোপোৱাত হৰিচন্দ্ৰই ভাবিলে-ইয়াকে এনেকৈ কৈ থাকিলে কথা নিসিজিব৷ সেয়েহে বৰুৱাই লাহেকৈ নৱক ক’লে-“চিঠি লিখি পাইছা নহয়?

Read more

দুটিমান অণু গল্প – মৃদুস্মিতা অংকুৰ ৰাজ

(১)ওলট-পালট মিঃ দৰবধৰা আৰু মিচেছ দৰবধৰানি এদিন ডাক্তৰৰ ওচৰলৈ গ’ল৷ মিঃ দৰবধৰাই গৈ পায়ে তেওঁৰ খুলশালিয়েও যে ডাক্তৰৰ ওচৰতে চিকিত্সা লৈ আছে, তাকে বুজাই থাকোঁতে ডাক্তৰে হঠাতে সুধিলে-“পত্নীৰ নামটো কি?” সেইসময়ত খুলশালিৰ ইতিবৃত্ত কোৱাত বিভোৰ হৈ থকা দৰবধৰাই পত্নীৰ নাম বুলি খুলশালিৰ নামটোকে কৈ দিলে ৷ মিচেছ দৰবধৰানিৰ উঠিল নহয় খংটো টিঙিচকৈ ৷ ডাক্তৰৰ ওচৰৰ পৰা যাবলৈ ওলাই হঠাতে মিচেছ দৰবধৰানিয়ে ডাক্তৰক ক’লে,“ছাৰ মোৰ স্বামীদেৱৰ নামটো সোধক আকৌ৷” ডাক্তৰে কিবা বুজি পোৱাৰ আগতেই তেওঁ আকৌ ক’লে, “দিগন্ত দৰবধৰা দেই, যাওঁ

Read more
1 5 6 7 8 9