সত্যমেৱ জয়তে – ধীৰাজ দাস
প্ৰাচীন কালৰ ভ্ৰমণকাৰী সকলৰ টোকাসমূহ এখন দেশৰ অনুসন্ধিৎসু সকলৰ বাবে অমূল্য সম্পদ। এনে এক সম্পদেই হ’ল মেগাস্থিনিচৰ টোকা। সেই টোকাত মেগাস্থিনিচে লিখি থৈ গৈছে যে, ভাৰতীয় সকলে মুখে মুখেই চুক্তি কৰিছিল আৰু সেই চুক্তি মনে-প্ৰাণে পালন কৰিছিল আৰু কোনো ভাৰতীয়কে মিছা কথা কোৱা বুলি অভিযুক্ত কৰা হোৱা নাছিল। আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিবলৈ আহি ভাৰতীয় ৰজাসকলৰ সৈন্য শক্তি কিমান ডাঙৰ তাৰ তথ্য আগতীয়াকৈ সংগ্ৰহ কৰোঁতে ভাৰতীয়সকলৰ সত্যবাদিতাই গ্ৰীক সৈন্যবাহিনীক প্ৰভূত সহায় কৰিছিল। ‘প্ৰাণ যায়ে পৰ বচন না যায়ে’ এনে প্ৰবাদ তাহানিৰ
Read more