ফটাঢোল

ছেমিনাৰ-ৰঞ্জিত কুমাৰ শৰ্মা

নাৰ্ছিং হোম এখনৰ স্বত্বাধিকাৰীয়ে চহৰখনত বিলাসী হোটেল এখন স্থাপন কৰিছে৷ ইমানদিনে স্থানীয় লোকসকলে যিখন হোটেলক বিলাসী বুলি গণ্য কৰিছিল সেইখন হোটেলতকৈ অধিক সা-সুবিধা থকা হোটেল এইখন৷ এই হোটেলখনতে ছেমিনাৰ এখনৰ আয়োজন কৰা হৈছে— গ্ৰামাঞ্চলত নাৰী সবলীকৰণ বিষয়ক ছেমিনাৰ৷ ছেমিনাৰখনৰ আয়োজক হ’ল ‘ৱৰ্ক ফ’ৰ দ্য ভিলেজ’ নামৰ এন জি অ’ এটা৷ চহৰখনত থকা স্থানীয় মহিলাৰ স্বেচ্ছাসেৱী সংগঠন এটাৰ সহায়ত ছেমিনাৰখনৰ আয়োজন কৰা হৈছে৷ এন জি অ’টোৰ সভানেত্ৰীগৰাকী ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ পত্নী৷ আনহাতে সম্পাদিকাগৰাকী আকৌ এজন উচ্চপদস্থ আৰক্ষী বিষয়াৰ পত্নী৷ দুয়ো ৰাজ্যৰ

Read more

থিংক বিগ, ডু নাথিং-ভিক্টোৰিয়া হাজৰিকা

নহয়, এনেকৈ থাকিলেতো নহ’ব, লগৰ সকলোৱে লকডাউন বুলি কিবা নহয় কিবা কৰিছে, অন্ততঃ কোনোৱে একো কৰিব নোৱাৰিলেও বিয়াকে পাতি পেলাইছে। অন্য নহ’লে অন্ততঃ ফেচবুকৰ টাইম লাইনতটো জিলিকাইছে যুগ্মজীৱন প্ৰতিছব্বিখন। দহজনৰ মাজৰ আলোচ্য বিষয় হৈছে সিহঁতৰ যুগ্মজীৱন, জীৱনলৈ সলনি আহিছে সিহঁতৰ, ছোৱালীবোৰে বোৱাৰী হৈ  ফাৰ্ষ্ট কিটচেন বুলি নহ’লে বা বেষ্ট ইন ল’ বুলি গিৰিয়েকৰ ঘৰৰ মানুহৰ লগত ফ’টো দিছে, ল’ৰাবোৰে মানুহজনী নহ’লে বা ঘৰৰ লখিমী বুলি ফ’টো দিছে। সেইদিনা আনকি সিয়ে টিউচন কৰা দশম শ্ৰেণী ছোৱালীজনীয়ে এচটা সেন্দূৰ আঁকি গিৰিয়েকৰ বুকুত

Read more

গায়কৰ দৰ-দাম- সোণটো ৰঞ্জন বৰুৱা

: গায়ক হ’বনে? ভাল বিধৰ? : কোনবিধ লাগিব বাইদৌ, নতুন নে পুৰণা? : ভাইয়া, আগৰবাৰ পুৰণা নিছিলোঁ, সৱ জুঠা ওলালে, নতুন দিয়া।  : কিমান দিম বাইদৌ? : ঘৰত সৰুকৈ কিবা এটা পাতিছোঁ, ২০-২৫ জনমান মানুহ হ’ব। কিমান ল’লে হ’বগৈ বাৰু? : তিনি কিলোমানে হৈ যাব,…. “ঐ পোৱালী, বাইদৌক নতুন গায়ক তিনিকিলো পাল্লা কৰি দে… সৰু সৰু দিবি…”  : সৰু সৰু নালাগে, ডাঙৰ দিয়া।  : বাইদৌ, ডাঙৰ ল’লে  দুই-চাৰি পিচ উঠিব, সৰু সৰু ল’লে সকলোৰে ভাগত এক-আধা পিচ পৰিব …  :

Read more

পইচা কেনেকৈ পানীত পৰে-কৃষ্টি কেন

এবাৰ এখন গাঁৱলৈ এজন ডাঙৰ উদ্যোগপতি আহিল। আহি তাতেই এটা অফিচ পাতিলে কিবা ব্যৱসায় বঢ়োৱাৰ ক্ষেত্ৰত। গাঁৱৰ মানুহবোৰৰ তেখেতৰ ঐশ্বৰ্য বিভুতি দেখি আচৰ্যৰ সীমা নোহোৱা হ’ল। দুদিন যোৱাত সেই উদ্যোগপতিজনে ঘোষণা কৰিলে যে, যিয়ে তেওঁক এটা বান্দৰ ধৰি আনি দিব পাৰিব তেওঁ সেইজনক ১০০ টকা দিব।গাঁৱৰ মানুহবোৰৰ মাজত কথাটো প্ৰচাৰ হৈ গ’ল। যিহেতু সেইখন গাঁৱত বান্দৰৰ অভাৱ নাছিল, আৰু গাঁৱৰ সকলো মানুহ বান্দৰৰ উৎপাতত অতিষ্ঠ হৈছিল, তেনেস্থলত সকলোৱে ভাৱিলে এটা বান্দৰৰ বিনিময়ত ১০০টকা দিব? মানুহজন ইমান মূৰ্খ! ভালেই হ’ল আমিও

Read more

এটা সূক্ষ্ম অনুভৱৰ সৈতে – বন্দিতা জৈন

বৰ্তমান সকলো লোকৰে যোগাযোগ আৰু নিজকে সক্ৰিয় ৰখাৰ প্ৰধান আহিলা ম’বাইল। কিছুসংখ্যকৰ বাবেতো এনে অৱস্থা হৈছে গৈ প্ৰাণ যায়, ম’বাইল না যায়। কিন্তু এইটো মানি লওঁ কুফল যিমান নহওক ম’বাইলটোৰ নটিফিকেশ্যনৰ শব্দ নুশুনিলে মনবোৰ বেয়া লাগি থাকে দেখোন। টিভি, কম্পিউটাৰ যিমান নহওক ম’বাইল অবিহনে কম লোকেই চলে। আজিকালি দামী ম’বাইল লৈ বিশেষ ভংগীত চ্চাল এটা দিবলৈ নোৱাৰিলে তুমি কিহৰ কিটো! এই ভাবটো বহুতৰে আহে, বেছি টিনএইজাৰ ল’ৰা-ছোৱালীয়ে অথবা নতুন ধনীসকলে। লাগিলে ঘৰত পইচাৰ জৰুৰী যিমান নহওক কিয় চ্চালটো মেইন। যি

Read more

অদূৰ ভৱিষ্যতে ‘উবেৰ’এ  কি কি কৰাৰ সম্ভাৱনা আছে-হিমাংশু ৰাজখোৱা

‘উবেৰ’ত কেব এখন বুক কৰিলে দিম্পল কলিতাই। অলপ সময়ৰ পাছত- : ছাৰ, কোনখিনিত আছে? : নুনমাটি চেক্টৰ ওৱানত আছোঁ। উজান বজাৰলৈ যাম। : ছাৰ, আপুনিতো কালি আপোনাৰ মাক ফোন কৰি কৈছিল আজি গোটেই দিনটো আপুনি আপোনাৰ ৰূমতে থাকিব। : আৰে বাদ দিয়া না তোমাক কিয় লাগে? আৰ্জেণ্ট কাম আহি গৈছে। দাদা এজনক লগ কৰিবলৈ যাওঁ। : এঃ ছাৰ, আপুনি মিছা কিয় কৈছে? অলপ সময়ৰ আগতেটো আপুনি ৰিয়া নামৰ ছোৱালী এজনীক মেছেজ দিছে, লগ কৰিবলৈ যাম বুলি। : তাতে তোমাৰ কি

Read more

প্ৰাণ ৰাখবি মোৰ- নাজিয়া হাচান

অকণমানি ৰঙা পৰুৱা এটা দঁতাল হাতী এটাৰ মেৰুদণ্ডত গৈ বহিল। ইমানপৰে মাটিৰ পৰা বগাই বগাই হাতীৰ পিঠিত বহা ৰঙা পৰুৱাটোলৈ হাতীটোৱে নীৰৱে চাই থাকি, শেষত গলখেকাৰি মাৰি গৰগৰীয়া কণ্ঠৰে ৰঙা পৰুৱাক সুধিলে, : কি অ’ পৰুৱা, কথা নাই বতৰা নাই তই ইমানকণি জীৱই, মোৰ দৰে এইহেন বিয়াগোম প্ৰাণী এটাৰ পিঠিত একেকোবে উঠি বহিলিহি যে! তোৰ কি অলপো ভয় নালাগিল নে মোলৈ? প্ৰশ্নভাগ তাক কোনে কৰিলে বুলি সি মূৰ ঘূৰাই ইফালে সিফালে চাই কাকো নেদেখি, শেষত এই প্ৰশ্ন হাতীৰেই হ’ব বুলি

Read more

মেট্ৰিকৰ ৰিজাল্ট দিয়াৰ পিছত-আৰমান হাজৰিকা

আমি যেতিয়া হাইস্কুল শিক্ষান্ত পৰীক্ষা দিছিলোঁ, সেই সময়ৰ প্ৰায় দুবছৰ আগলৈকে এই শিক্ষান্ত পৰীক্ষাৰ ফলাফল বা জনপ্ৰিয়ভাবে কোৱা, ‘মেট্ৰিকৰ ৰিজাল্ট’ বাতৰি কাকতত ওলায়। বাতৰি কাকতৰ প্ৰায় ডেৰ/দুই পৃষ্ঠামান জুৰি ‘Abhayapuri’ চেণ্টাৰৰ পৰা আৰম্ভ কৰি ‘এল্ফাবেটিকেলি’ সজাই একাদিক্ৰমে সমগ্ৰ অসমৰে প্ৰতিটো চেণ্টাৰৰ ৰিজাল্ট ওলায়। প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিভাগৰ ৰিজাল্টত ৰোল নম্বৰটোৰ লগতে, যদি কোনোবাই কোনো বিষয়ত ৮০% বা তাতোতকৈ বেছি নম্বৰ পাইছে, তেনে সেই বিষয়কেইটাৰ প্ৰথমৰ আখৰটোও(Letter) লগতে ছপা কৰি লিখি দিয়ে। সেইটো কাৰণতে আমাৰ অসম মুলুকত, কোন ছাত্ৰই কেইটা

Read more

ব্যংগ চিনেমাৰ শক্তিশালী পৰিভাষা : নিউটন-নয়নমণি হালৈ

২০১৭ চনত মুক্তি পোৱা পৰিচালক অমিত মাচুৰকাৰৰ ‘নিউটন’ চিনেমাখন এখন সাৰ্থক ব্যংগ চিনেমা৷ সাহিত্যৰ নিচিনাকৈ চিনেমাতো সমাজ সংস্কাৰ, দায়বদ্ধতা আৰু মানুহৰ মনত জাগৰণ আনিবলৈ ব্যংগই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ চিনেমা জগতৰ কিংবদন্তী পুৰুষ চাৰ্লি চেপলিনৰ চিনেমাৰ পৰিভাষাও আছিল মূলতঃ ব্যংগ৷ হাঁহিৰ চলেৰে তেওঁ মানুহলৈ বাৰ্তা পঠিয়াব পাৰিছিল। সম্প্ৰতি বলিউডতো এনে বহুতো হাস্যব্যংগ চিনেমা নিৰ্মাণ হ’বলৈ ধৰিছে, যাৰ বিষয়বস্তু অতিকে স্পৰ্শকাতৰ অথচ ব্যংগৰ মাধ্যমেৰে তাক তচনচ কৰি দিয়া হৈছে৷ ‘নিউটন’ এনে এখন চিনেমা৷ এইখন চিনেমাই ভাৰতীয় গণতন্ত্ৰৰ সৌন্দৰ্যশালী ৰূপটোৰ আঁৰৰ পয়ালগা

Read more

ভোগমনৰ কঁঠাল- অজান অনুভৱ বৰা

ভোগমনক বাৰু চিনি পাইনে? অঁ‌ অঁ‌ ঠিকেই, সেই ফটা গাঁৱৰ লেৰেলাৰ সেই গেৰেলা পুতেকটো যে, তাৰ কথাই কৈছোঁ। এহ ৰ’ব, কঁঠালৰ লগত ভোগমনে জ্বলাই মাৰিছে। সিদিনা  কি হ’ল জানেনে নাই পিচে? মাকে তাক পাকঘৰৰ পৰা মাতি আছে, : অ’ বাবা এইফালে আহচোন। ভোগমনে তাৰ দুই ইঞ্চি ডাঙৰ পেটডাল আগলৈ ঠেলি পাকঘৰলৈ সোমাই গ’ল, : ক মা, কি হ’ল? : এঃ ৰ, পেটটো বৰ এটা ভাল নহয় বুইছ। তই দাইলখিনি চাবিচোন, মই সাউতকৈ গাটো ধুই আহোঁ। “হ’ব মা” বুলি শলাগি ভোগমনে

Read more
1 9 10 11 12 13 84