ফটাঢোল

বয়স কেনেকৈ ধৰি ৰাখিব-বিনীতা বৰশইকীয়া

ইমানকৈ বুজাইছোঁ শ্ৰীমতীক, নাই। আই লাভ ইউ বুলিও সাতচল্লিছবাৰমান ক’লোঁ। তথাপিও বুজিছেনে, কেৰেপকে নকৰে! বোলে, “যাম বুলিছোঁ, যামেই” হেনো।  মই বোলো, হম দিল দে চুকে চনম, হম সাথ সাথ হ্যে নাই বুজিছেনে তথাপিও হিলাব নোৱাৰিলোঁ। তেওঁ বোলে, “হম বেৱফা হৰগিজ ন থে মগৰ হম ৱফা কৰ ন চকে” বুলি সাউতকৈ ওলাই গ’লেই নহয়। ময়ো পিছে পিছে গৈ চিঞৰি চিঞৰি কৈছোঁ‌, অ’ পিয়া পিয়া কিউ ভুলা দিয়া .. নাই ৰখাব নোৱাৰিলোঁ। ইমানকৈ বিয়াৰ আগতে দুয়ো একেলগে চোৱা হিন্দী চিনেমাৰ কলিবোৰ টেঁটু

Read more

বৰঙণি- পার্থ প্ৰতীম শৰ্মা

সভাপতিগৰাকীয়ে চাগে মোক বেয়া পালে। পালেও উপায় নাই। তেওঁলৈ মোৰ সন্মান আছে, পিচে এইটো কথাত মই তেওঁক হয়ভৰ দিব নোৱাৰোঁ।  চাকৰিৰ ব্যস্ততা এৰি দুৰ্গা পূজাৰ চুটি বুলি পূজাৰ কেইদিনমান আগতে ঘৰ পালোঁ। এদিন আবেলি কেন্দ্ৰীয় পূজা কমিটিৰ সভাপতি সমন্বিতে প্ৰায় ১০গৰাকীমান মানুহ ঘৰলৈ আহিল। দুৰ্গাপূজাৰ বৰঙণি বিচাৰি। দেউতা নাই। ময়েই কথা পাতিবলৈ আৰম্ভ কৰিলোঁ। সভাপতিগৰাকী বিদ্যালয় এখনৰ শিক্ষক আছিল।  গণিত পঢ়াইছিল। আজি কেইবছৰমান আগতে অৱসৰ ল’লে। এতিয়া সামাজিক অনুষ্ঠানবোৰৰ কামত খুউব ঘূৰে। ভাল লগা কথা। মানুহবোৰ ব্যস্ত হৈ থাকিলে ভাল।

Read more

ষ্ট্ৰেইট চুলিৰ ৰূপহী-সাক্ষৰজ্যোতি মহন্ত

কলেজৰ দিনৰ কথা ৷ দুপৰীয়া ক্লাছ নাছিল সেইদিনা। ডিপাৰ্টমেণ্টৰ পৰা ওলাই মই, আকাশ, লক্ষ্য, শিৱ আৰু লগৰ কেইটামান কলেজ তিনিআলিতে লগ হ’লোঁ। শিৱই ক’লে, :  ব’ল ব’ল অভিনন্দন যাওঁ, তাতে চাহ এপাক খাওঁগে। আড্ডা মাৰি মাৰি শেষত পইছা দিবলৈ আহিছিলোঁহে, আকাশে ক’লে,  : ঐ Suman (হোটেল)ৰ ওচৰত ৰৈ থকা ছোৱালীজনী চা, মজা লাগিছে বে। লক্ষ্য : অঁ, মজা বে। ধীৰাজ : তাকে Back Side ৰ পৰাই ইমান ধুনীয়া লাগিছে, Front ৰ পৰাটো চাগে আৰু চালিয়া !! আকাশ : ষ্ট্ৰেইট কৰা

Read more

উৰহঁৰ খং ভগা ধাৰিত- শ্বাহ নাৱাজ আহমেদ

মই বিয়া খাই বৰ ভাল পাওঁ মানে বিয়াঘৰৰ খানা হে, মানুহ নাখাওঁ৷ আচলতে খোৱা মানে বিয়াঘৰলৈ যোৱাটোৱেই মোৰ বহুত প্ৰিয়৷ কি যে আচৰিত পৰিবেশ বিয়া ঘৰ৷ জুন জুলাই মাহৰ গৰমতো আমি পুৰুষবোৰৰ কিমান যে ঠাণ্ডা লাগে অ’৷ কোট-ছুইট পিন্ধিমেই৷ জীৱনত ক’তো টাই নিপিন্ধিলেও বিয়া ঘৰত দৰাই হওক বা বাটিচেট লৈ বিয়া খাবলৈ যোৱা কেইজনেই হওক সকলোৱে টাই পিন্ধেই৷ চুৰিয়া কামিজ পিন্ধি বিয়া খাবলৈ কিয় যাম হে!  আৰু আমাৰ মহিলাবোৰৰ আকৌ ডিচেম্বৰৰেই হওক বা জানুৱাৰী মাহেই হওক ঠাণ্ডা একেবাৰেই নালাগে৷ এয়া

Read more

আণ্টি-পাপৰি গোস্বামী

‘হেল্লো আণ্টি… ’ মহিলাগৰাকীয়ে চিৰি বগাই ওপৰলৈ আহি থাকোঁতেই কাষৰ ফ্লেটটোত থকা ল’ৰাটোৰ কথাত হতচকিত হৈ পৰিল। ল’ৰাটো যোৱাৰ পিছত বহুপৰ তেওঁৰ কাণত বাজিয়েই থাকিল, আণ্টি…. আণ্টি…. আণ্টি….  আইনাৰ সন্মুখত তেওঁ নিজকে বহুপৰ চাই থাকিল। নিজকে বহুপৰ খুঁটিয়াই চালে। কাণৰ কাষৰ চুলিকেইডালে ৰূপালী বৰণ লৈছে। সেয়ে ল’ৰাটোৱে তেওঁক আণ্টি বুলি মাতিলে। সন্ধিয়া গিৰীয়েক অফিচৰ পৰা অাহি পোৱাত ‘আণ্টি’ৰ বিষয়টো উলিয়াই মানুহজনীয়ে দুখ প্ৰকাশ কৰিলে। গিৰীয়েকে লগে লগে উপায় হিচাপে গোডৰেজ হেয়াৰ কালাৰৰ পেকেট এটা উলিয়াই দিলে।  পিছদিনা পাৰ্টিলৈ বুলি দুয়ো

Read more

চেং চৰাই-জয়ন্ত গগৈ

ব’হাগ বিহুৰ পিছতে নগঞা (নগাঁও) মজুমদাৰ পেহা-পেহী ওলালহি। পেহা-পেহী বহু দিনৰ মূৰত ফুৰিবলৈ আহিছে। পেহাই অৰুণাচলৰ খাৰচাঙত কেইবাবছৰে কাঠৰ ব্যৱসায় সূত্ৰে আছিল আৰু তেনেকৈয়ে আমাৰ পৰিয়ালৰ সৰুগৰাকী পেহীৰ লগত সংসাৰ আৰম্ভ কৰিলে। এনেদৰেই নগাঁও আৰু নাহৰকটীয়া- এই দুই ঠাইৰ মিতিৰৰ সম্বন্ধ এটি গঢ় লৈ উঠিল। ঠাই ভেদে থকা ৰীতি-নীতিৰ বাবেই প্ৰথমে দুই ঠাইৰ মিতিৰৰ মাজত অলপমান অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল। বিশেষকৈ দুই-এক বিশেষ খাদ্যাভাসৰ অলপ অচৰপ অমিল আছিল। যাৰ বাবেই পেহাহঁতৰ নগঞা কোনো মিতিৰ ফুৰিবলৈ আহিলে সেই বিশেষ কিছুমান

Read more

মনৰ কৌপাত খুলি-অৱন্তী গোস্বামী

আজি কিছুদিনৰ পৰা বিয়াৰ নিমন্ত্ৰণ বুলি ক’লে আগৰ দৰে মনত উৎসাহ নোহোৱা হৈছে। এতিয়াতো এই মহামাৰী বুলিয়েই এৰাই চলিব লগা হৈছে, কিন্তু তাৰ আগতেও বিয়াৰ প্ৰতি মানুহৰ যি এটা সাংঘাতিক টান আছিল, আজিকালি সেইটো প্ৰায় নোহোৱাৰ দৰে হৈছে। অৱশ্যে মোৰ আজি বহু বছৰ বিয়া বুলি ক’লে গৃহস্থই বেয়া পাব বুলি কথাষাৰ ৰাখিবলৈহে যোৱা আৰু খোৱা হয়৷ বেয়াও নালাগে। পাৰিলে মোৰ খাদ্যৰ হিচাব-নিকাচ নিজে কৰি চাইহে ডায়নিং হললৈ গতি কৰো‍ঁ! আমাৰ গৃহস্থইতো বিয়াত উপস্থিত হৈ কৰণীয়খিনি কৰি দাঁত খৰকিয়াই যি ৰভাৰ

Read more

আত্মনিৰ্ভৰ-অমিতাভ মহন্ত

বিয়াৰ এসপ্তাহ পাছতেই অনলে বুজি উঠিছিল যে তাৰ মানুহজনী, মানে নিশাৰ ক’ৰবাত কিবা এটা গণ্ডগোল আছে৷ মানে, ঠিক বুজাবলৈ দিগদাৰ৷ দেখাত সকলো ঠিক, কিন্তু ক’ৰবাত যেন কিবা এটা! বিশেষকৈ অন্তৰঙ্গ মুহূৰ্তবোৰত৷ অৱশ্যে ইমান ভাবি থাকিবলৈ অনলৰ সময়, ধৈৰ্য্য দুয়োটাৰে অভাৱ৷ তথাপিও… বিয়াৰ বিশদিনমান পাছৰ কথা৷ সিদিনা প্ৰচণ্ড বৰষুণ৷ অনলৰ মুড উঠিল খিচিৰি আৰু অমলেট খোৱাৰ৷ কিন্তু এই বৰষুণত কণী কিনিবলৈ যায় কেনেকৈ? দোকানখন প্ৰায় এক কিলমিটাৰ দূৰত৷ তথাপি নিশাক সি তাৰ মনৰ ভাৱ জনালে৷ খোৱা মেজত বহি অনল আচৰিত৷ তাৰ

Read more

মছলা- জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ 

মাহৰ শেষত আদা-নহৰুৰ বাকলি গুচাবলৈ পালে তানসেনৰ আত্মাই দখল কৰি পেলাই মোৰ ভেলটো৷ পিয়াঁজ নহয় যেন উপহাৰৰ জিলিক-মিলিক বাকলিহে গুচাইছোঁ, ইমানেই সুখী হৈ পৰোঁ৷ ক’লা পলিথিনৰ সৰু টোপলাটো মোৰ এজনীয়া সংসাৰৰ পাৰৰ বাহ যেন  পাকঘৰটোত থৈ ইটো কোঠাৰ বিছনাখনত বহি গান আৰু আদা-নহৰুৰ বাকলি সমানে বখলিয়াই আছোঁ৷ আহিল সৰু বাইদেউৰ ফোন, : বাবু, ভিনদেউৰাৰ লগৰ এজন কিবা কামত গৈছিল৷ এতিয়া ঘূৰি আহিবলৈ গাড়ী নাপাব যে তোৰ ৰূমলৈকে যাবলৈ কৈছে৷ অলপ ভালকৈ আদৰ-যতন ল’বি নহ’লে ভিনদেউৰে মনত দুখ পাব৷ এইবোৰ মোৰ

Read more

সুনীল চেট্টীৰ বডি-সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

চিনেমা পাগল সময়ৰে কাহিনী এইটো। স্কুলৰপৰা পলাই হলত চিনেমা চাবলৈ যোৱাৰ মজাই বেলেগ আছিল। স্কুলৰ অঘাইটং তিনি চাৰিজন লগ হৈ বাছৰ বডীৰ ওপৰত চহৰলৈ গৈ চিনেমা চোৱাৰ যি আমেজ সেইটো আজিকালিৰ ল’ৰা ছোৱালীয়ে সাধুকথা বুলি ভাবিব। চহৰলৈ দূৰত্ব মাথোঁ‌ সাত কিলোমিটাৰ কিন্তু বাছত সময় লাগে প্ৰায় দেৰ ঘণ্টা। বাছত মানুহ কিমান যাব পাৰে সেইটো ফেভিকল বিজ্ঞাপনৰ ট্ৰাকখনৰ কথা ভাবি অনুমান কৰি লওক। সাত কিলোমিটাৰ ৰাস্তাত দেৰ ঘণ্টা লাগিলে ৰাস্তা কেনেকুৱা হ’ব পাৰে সেইটোও চাগে ইতিমধ্যে আপোনালোকে বুজি উঠিছেই। বাছৰ বডীৰ

Read more
1 12 13 14 15 16 84