ফটাঢোল

কৌতুক – ৰিতন বৰুৱা

পতি-(মাংসৰ বাটিটো চাই ) হেৰা, এইয়া মাংস কোনে আনিছিল? মইতো ইমান ডাঙৰ ডাঙৰ টুকুৰা বনাই অনা নাছিলোঁ‌। মই সৰু সৰুকৈ কটাই আনিছিলোঁ। পত্নী- (পাক ঘৰৰ ভিতৰৰ পৰা) আপুনি অনা মাংসই সেইয়া। কোনেও অনা নহয়। ৰান্ধোতে পানী পাই অলপ ফুলি গ’ল চাগে। পতি- হেৰা হেৰা, আজি ভাতবিলাকো বৰ ডাঙৰ ডাঙৰ দেখিছোঁহে। কিবা বেলেগ চাউল নেকি? পত্নী- নহয় একে চাউল। পতি- নহয়হে, চোৱাহিচোন, আনদিনাতকৈ মই কিবা ডাঙৰ ডাঙৰ দেখিছোঁ। পত্নী- ( ভিতৰৰ পৰা ওলাই আহি ) হে হৰি, আপুনি ভাত খাবৰ সময়তো

Read more

যমপুৰীত বিবাহিত পুৰুষ – সৌৰভ শৰ্মা

দুৰ্বাদল কাজিয়াৰ পিছত পত্নীয়ে পতিক বিষ খুৱাই হত্যা কৰি নিজেও আত্মহত্যা কৰিলে। চুচাইড কেছ, আৰু বিষ দি হত্যা গতিকে অপঘাটে মৃত্যু হোৱা বাবে দুয়ো চিধা নৰক পালে। যমৰাজে প্ৰশ্ন কৰিলে কাজিয়া কিয় কৰিছিলি। প্ৰশ্ন শুনিয়েই পত্নী গৰাকীয়ে উত্তৰ দিলে নাজানো এইদালে সদায় কিয় যুঁ‌জি মৰিছিল মোৰ লগত। সহ্যৰ বান্ধ চিঙি গ’ল। সেয়ে তাক মাৰি উঠি নিজেও মৰিলোঁ‌। যম–ঃ কথাটো সুধি শেষ নহ’লেই, একেবাৰে পেক পেকনি আৰম্ভ কৰিলিযে। মনে মনে থাক। এইদৰে ধমক দি মতাটোক কাজিয়াৰ কাৰণ সুধিলে। ( সি মুখ

Read more

কৌতুক – প্ৰাঞ্জল ভূঞা

ৰমেনক ঘৈণীয়েকে কৈ আছে যে তাইক হেনো কিবা আইকণিক কাজল এডাল লাগে। ৰমেনে সুধিলে সেইটো আকৌ কি বস্তু! মালতী : সেইডালে চকুত লগোৱা বস্তু। আপুনি বুজি নাপাব। ২২ ঘণ্টা পৰ্যন্ত চকুৰ ভুৰুবিলাক ক’লা হৈ থাকে। ৰমেন : হয় নেকি? তাতকৈ এমাহমান ক’লা হৈ থাকিব পৰা কিবা এবিধ আনি দিওঁ নেকি? তেতিয়া সদায় লগোৱাৰ দৰকাৰ নাই। মালতী: সঁচানে? কি আনি দিবানো? ৰমেন : ভাবিছোঁ Indica 10 minutes লগাই দিওঁ। বহুদিন ক’লা হৈ থাকিব। মালতী : হুঁহ। বেলেগ ভাল কথা নাই মানে।

Read more

ফটাকৌতুক – কমল তালুকদাৰ

পুত্ৰ: অ’ মাঁ, পিতাইক কচোন টকা ২০০ দিবলৈ অসমীয়া অভিধান এখন কিনো৷ মাক: হেৰি শুনিছেনে! বোলো কণটিৰ দেউতাক, পুতেকক হেনো ২০০ টকা লাগে নিদিয়ে কিয়নো? কিবা হেনো অসমীয়া ধান কিনিব। দেউতাক: হেৰৌ; দুটিকৈ গুটি ধানৰ ভঁ‌ৰাল, এইখিনিৰে বছৰ দিন চলি যাব। আহু, শালি, বৰাধানে গিজগিজাই আছে তোক আৰু নতুনকৈ কি অসমীয়া ধান লাগে ঐ? ☆★☆★☆

Read more

ফটা-কৌতুক – তাবিবৰ ৰহমান

পতি: ৰাতিপুৱাই ৰাতিপুৱাই ভাতৰ লগত শিল পালোঁ। ভগৱানে অমৰা গুটিৰ দৰে ডাঙৰ ডাঙৰ দুটা চকু দিছে। শিল কেইটাও চাউলৰ পৰা বাছি উলিয়াব নোৱাৰা নে? পত্নী: ভগৱানে আপোনাকো লোৰ দৰে বত্ৰিশটা দাঁত দিছে। শিল কেইটাও চোবাই খাব নোৱাৰে নে? পতি বেহুচ পত্নী খুচ। ☆★☆★☆

Read more

ফটাকৌতুক – মানসী বৰুৱা

ভেলেণ্টাইন ডে’ৰ দিনা। পাৰ্কত প্ৰেমিক প্ৰেমিকা। প্ৰেমিকা: (প্ৰেমিকৰ হাতত হাত আৰু চকুত চকু থৈ) জান, আজি এই ভাললগা দিনটোত মোক তুমি এনে এষাৰ কথা কোৱা যাতে শুনিলে মোৰ হিয়া কঁপি উঠে, ক’লৈ যাওঁ কি কৰোঁ লাগে… প্ৰেমিক: ( কিছুসময় ইফালে সিফালে চাই) চাল্লা, বাপেৰ আৰু ককায়েৰ আহিছে পলা ঐ….. ☆★☆★☆

Read more

জংগলত ক্ৰিকেট – সৌৰভ শৰ্মা

এক প্ৰতিযোগিতা অনুস্থিত হ’ব জংগলত। বৃহৎ আয়োজন। সকলোৱে নিজৰ দল সাজু কৰি অনুশীলনত নামি পৰিছে। ৱাইল্ড লাইফ ক্ৰিকেট টুৰ্নামেণ্টখনৰ ব্যয় বহন কৰিছে চৰকাৰে। বৰ্তমান বান্দৰ বাহিনীৰ চৰকাৰ শাসনত আছে। সেয়ে বজৰং একাদশে এটা শক্তিশালী দল গঠন কৰি কঠোৰ অনুশীলনত ব্যস্ত। বজৰং একাদশে জানে ক্ৰিকেট মানুহৰ খেল। হাত ভৰিৰ সমান ব্যৱহাৰৰ হয়৷ গতিকে বাঘ, সিংহ, ভালুক আদি হিংস্ৰ জন্তু এনেয়ো হাৰিব। কিন্তু প্ৰত্যাহ্বান আহিব গৰিলা, ছিম্পাজী, কেৰ্কেটুৱা আদিৰ পৰা। বজৰং একাদশৰ একটিং কেপ্তেইন বৰলানন্দ আৰু ভাইছ কেপ্তেইন হলাহল বসন্ত আলোচনাত ব্যস্ত।

Read more

কলগেট এক্টিভ চল্ট – ৰিমঝিম বৰঠাকুৰ

নিমখৰ যে টেমাটো খালী হৈ আছে ভাজিকণত দিবৰ সময়তহে ৰহিলা খুড়ীৰ মনত পৰিল। ৰাতিখননো ক’ত দোকান খোলা থাকিব তথাপিও খুড়াক কথাটো কৈ থৈ আহিল, : হেৰি নহয় নিমখ অকমানো নাই, ভাজিখন বনাবলৈ লৈহে মনত পৰিল। ওলাই যাব নেকি কোনোবা দোকান খোলা থাকিবও পাৰে। খুড়ীৰ কথা শুনি টিভি চাই থকা খুড়াই টিভিত চকু ৰাখিয়েই গহীনকৈ উত্তৰ দিলে, : ঘৰত নিমখ নাথাকিলে কিনো হ’ল, কলগেটত আছে নহয়। আজি ভাজিখনত কলগেট এক্টিভ চল্ট অকমানকে দি চাবা নেকি? ☆★☆★☆

Read more

কৌতুক – কমল তালুকদাৰ

মালিকে তেখেতৰ ঘৰত ঘৰুৱা কাম কাজ কৰা এজন ল’ৰা ৰাখিছে। ল’ৰাজন কাম-কাজত ভাল, কিন্তু বৰ অঘাইটং। কিবা নহয় কিবা এটা যত থাকেই৷ তামাম কামোৰ টাইপ। এদিন মালিকে তাক বজাৰ কৰিবলৈ পঠিয়াইছিল, সি কি কৰিলে তাৰেই আভাস এটা দিছোঁ তলত। ১/ ঘৰৰ পৰা ওলাই গৈয়ে বিপৰীত  ফালৰপৰা আহি থকা এখন ৰিক্সাক ৰখাই , : অ’ই ৰিক্সা বন্ধু, তিনি আলিলৈ যাবি? ( যিটো ফালৰ পৰা ৰিক্সাখন আহি আছিল।) : অ’ দাদা যাম। : দে, তেনেহ’লে ঘূৰাই ল! ৰিক্সাক ঘূৰিবলৈ দি সি গৈ

Read more

কৌতুক  – কমল তালুকদাৰ

(১) দুগৰাকী চিনাকি মহিলা, মন্দিৰত লগ পালে দুয়ো। পূজা-অৰ্চনা কৰি বাহিৰলৈ ওলাই আহিছে। ১ম মহিলা:  ঐ তই সদায় আহ নেকি মন্দিৰলৈ? ২য় মহিলা: ওহোঁ, আজি মানে মোৰ হাবীৰ জন্মদিন। সেয়েহে অলপ… ১ম মহিলা: অ’ সেইকাৰণে ইমান দেৰিলৈ মূৰ দোঁৱাই আছ। পিচে কি ক’লি ভগৱানক, পিছৰ জনমতো এইজনাকে পতি হিচাপে পঠিয়াবলৈ ক’লি নেকি? ২য় মহিলা: নহ’লে কি? ইমান বছৰে ঘঁহি-পিহি, কোবাই-ধুৱাই একেবাৰেই ৰেদিমেদ পতি বনাই লৈ পিছৰ জনমত বেলেগৰ হ’বলৈ দিম নেকি? (২) মাঘ বিহুৰ কথা, দুগৰাকী চহৰৰ মহিলাই মোবাইলত কথা

Read more
1 16 17 18 19 20 32