ফটাঢোল

ইংৰাজী মেছেজ – ৰুবী বৰা বৰদলৈ

পুৱাই বন্ধু এজনৰ মেছেজ এটা আহিল, মনটো ভাল লাগি গ’ল। মই বোলো দি চাওঁচোন ইংৰাজীতে উত্তৰ এটা! এনেয়ো ইংৰাজী বুলিলে সাহস বোলাটো পলাই ফাট মাৰে! পিচে সেইবুলি আজিৰ যুগত আৰু মই ইংৰাজী নজনা চুক-ভেকুলী হৈ থাকিমনে? ভাৰ্ৱ-চাৰ্বৰ কথা কি আছে? বুজি পালেই ভাষা। ভাষাৰ কাম বুজুৱাটোহে। আন ঠাইৰ মানুহে আহি আমাৰ ভাষাটো কেনেকৈ খিচিৰি পগাই পগাই শিকি লয় সদায় দেখিয়েই আছোঁ। আজি ময়ো সাহস কৰি দিলোঁ মোৰ লিপিকাৰ কি-পেড চলাই। লিখি দিলোঁ ইংৰাজীতে উত্তৰ। ছেণ্ড কৰি দিলোঁ। তাৰ পাছত পঢ়ি

Read more

হাঁহৰ ঠোঁট – মাধুৰ্য গোস্বামী

স্কুলত- মেডাম- কোৱাচোন বৰেণ্য, কিনা হাঁহৰ ঠোঁটলৈকে মঙহ মানে কি? বৰেণ্য- (সেমেনা সেমেনিকৈ)নাজানোঁ মিচ। মেডাম- যোৱাকালি দেখোন কৈছিলোঁ। তেন্তে কি শিকিলা জঁতুৱা ঠাঁচ আৰু খণ্ডবাক্য? বৰেণ্য- মিচ, এইষাৰ কথা কোনে প্ৰথমে কৈছিল সেইটো জানোঁ? মেডাম-(আচৰিত হৈ) কোনে কৈছিল? বৰেণ্য- মোৰ দেউতাই। মেডাম- ধেৎ। কিবোৰ যে কোৱা। বৰেণ্য- নহয় মিচ, সঁচাকৈ। মেডাম-(উৎসুক হৈ) কেনেকৈ? বৰেণ্য- দেউতাই বোলে যিদিনা প্ৰথম নিজৰ পইচাৰে হাঁহ কিনি আনিছিল, সিদিনা হাঁহৰ পঁতাৰ ড্ৰাই ফ্ৰাই আৰু পাখিৰ চুপ বনাই খাইছিল হেনো। আৰু ঠোঁট দুটা ৰাখি থৈছিল। মেডাম-

Read more

চুটকেছৰ চাবি – অতুল নাথ

ঘটনাটো পুৰণি। আমাৰ মোমাইৰ মাজু ছোৱালীৰ বিয়া। দৰা যোৰহাটৰ। মই মাৰ লগতে গৈ বিয়াৰ আগদিনা অৰ্থাৎ জোৰোণৰ দিনাৰপৰাই মোমাইৰ ঘৰত বাহৰ পাতিছোঁগৈ। সম্ভৱ তেতিয়া মই এল পি স্কুলত আছিলোঁ।বিয়া সুকলমে হৈ গ’ল। পূবে ঢলফাট দিওঁতে ছোৱালী উলিয়াই দিলে। সেই সময়ত বিয়া ঘৰত একেবাৰে মিতিৰৰ মানুহখিনিৰ বাদে বাকী মানুহ নাই। বৰযাত্ৰীও প্ৰায় সকলোৱেই ইতিমধ্যে বাচত উঠিছেগৈ। দৰা ছোৱালী একেলগে ওলাই আহিল। আমি পিছে পিছে। ছোৱালীৰ গগন ফলা কান্দোনে আমাৰ মনটো বেজেৰুৱা কৰিলে। বৰযাত্ৰী অহা বাচখন ঘৰৰপৰা অলপমান দূৰৈত ৰাখিছে, কাৰণ মোমাইৰ

Read more

কৌতুক – অমিতাভ মহন্ত

মাকে ফোনত জীয়েকৰ সৈতে কথা পাতি আছে৷ টপিক জীয়েকলৈ অহা নতুন পাত্ৰৰ খবৰ৷ বোধহয় ফোনৰ সিপাৰে জীয়েকৰ ভীষণ আপত্তি৷ মাকে বুজাই আছে, পৰা নাই৷ ময়ো এনেই কাণখন থিয় কৰি থৈছোঁ৷ উপায়হীন হৈ মাকে এইমাত্ৰ শেষ অস্ত্ৰ এৰিলে, – হ’ব দে অ’৷ অলপ চাপৰ হ’লে কিনো ইমান ডাঙৰ কথা হ’ল৷ বিয়াৰ পিছত তাক আমি নাৰিকল পৰা কামত নলগাওঁ নহয়! ☆★☆★☆

Read more

কূটবুদ্ধি নহ’লে বিয়া নকৰাব – সৌৰভ শৰ্মা

১)বিয়াৰ কেইদিনমান পিছত যদি পত্নীয়ে কয়, বেয়া নাপায় যদি খাই উঠি কাঁহীখন বেচিনত থৈ যাব। তেতিয়া কাঁহীখন বেচিনলৈ নিওঁতে কাঁহীৰ হাত ধোৱা পানী অলপ মজিয়াত পেলাই যাব। জীৱনত দুনাই আৰু নকয় । ২)কাপোৰ ৰ’দত মেলি দিয়া কামটো কৰাজন কাপুৰুষ। সেয়ে পত্নীয়ে কাপোৰ মেলিবলৈ দিলে, এনেদৰে দিয়ক যাতে অলপ বতাহ পালেই সৰি পৰে। দুনাই আৰু নকয়। ৩)ভাত ৰান্ধিবলৈ ক’লে পুৰুষে গেঞ্জিত মচলা গুড়ি, হালধি লগাই দাগ লগাব লাগে। এটা গেঞ্জি ধ্বংশ হ’ল কি হ’ল! দুনাই ভাত বনাবলৈ নকয়। অথবা গোটেই পাকঘৰৰ

Read more

কৌতুক – শিল্পাশ্ৰী দাস

পত্নী : হেৰি শুনিছেনে , কথা এটা কওকচোন৷ আপোনাৰ আটাইতকৈ ভয় লগা বস্তু বা কথাষাৰ কি? পতি নিমাত। পত্নী : বোলো হেৰি শুনিছেনে ! কিবা এটা সুধিছোঁ মই৷ একো নামাতিলে যে? পতি : প্ৰশ্নতেই যেতিয়া উত্তৰটো সোমাই থাকে, তেতিয়া নিমাত হোৱাৰ বাহিৰে উপায়নো আছে কি ? ☆★☆★☆

Read more

বলাৎকাৰ – বিতোপন গৌৰাত্ৰ

সৰল মনা পৱন কাইটিৰ বিয়া খন বহু পলমকৈ হ’ল। পিচে ন-বৌজনী..! ককাইটিতকৈ কেৱল বয়সৰ ফালৰ পৰাই নহয়, সকলো ফালৰ পৰাই ডাঙৰ আৰু আহল বহল! পিচে মাষ্টৰনী মানুহজনী কথাই বাৰ্তাই কিন্তু ঠিক- ঠাক। ঘৰখন হ’ল পিচে পা-পোৱালীহে নহ’ল। নহ’ল আৰু নাই! দন্দ খৰিয়াল নোহোৱাকৈ চলি আছে – সেইটোহে আচল কথা। বিএ পাছ অন্তৰ চাফ ককাইটি কথা বতৰা, আলোচনা আদিত মুঠেই পাৰ্গত নহয়। শব্দৰ ইফাল সিফালে সমস্ত বিষয়বস্তুক বুমেৰাং কৰে। এবাৰ চান্দা তুলিবৰ বাবে গাৱঁৰ ল’ৰাহঁত পৱনৰ ঘৰ সোমালে। ইচ্ছাকৃত ভাবেই টকা

Read more

বানান বিভ্ৰাট – চবিনা ইয়াচমিন

১/ এজন কবিয়ে বৰ সুন্দৰ কবিতা লিখে৷ অনুৰাগী অলেখ৷ এদিন তেনে এগৰাকী অনুৰাগীয়ে কবিজনাৰ ফেচবুকৰ বাৰ্তা বাকচলৈ বাৰ্তা প্ৰেৰণ কৰিলে- “ছাৰ আপোনাৰ কবিতা পঢ়ি খুব ভাল পাওঁ৷ মই আপোনাৰ কবিতাৰ নিয়মীয়া পাঠক….(তেনেধৰণৰ আৰু বহুত কথা লিখিলে৷) কবিয়ে উত্তৰ দিলে- “জানি ভাল লাগিল৷” কিন্তু লাগিল নহয় লেঠা৷ ‘জানি’ৰ ‘ই’ কাৰডাল দিবলৈ থাকি গ’ল৷ পিছত অনুৰাগী গৰাকীয়ে খবৰ খাতি কৰিলত কবিজনা সেইগৰাকীৰ সম্পৰ্কীয় ভিনিহিয়েক ওলাল৷ ভনীয়েকে বায়েকক দিলে লগাই ভিনিহিয়েকৰ কথা৷ তেওঁ পত্নীক হাজাৰ বুজায়ো সৈমান কৰিব পৰা নাই যে সেয়া typing

Read more

সঁচাও নহয় মিছাও নহয় – মৌচুমী বৰুৱা

(১) হিউমাছ কি ? উ: এবিধ দেখাত কান্ধুলীৰ নিচিনা মাছ ৷ ইমান কাঁইট আছে মই খাবকে নোৱাৰোঁ ৷ (২) বানপানী কিয় হয় ? উ: শ্লুইছ গেট খুলিলে বানপানী হয় ৷ (৩)ৰেখা কি ? উ: চিনেমা কৰা মানুহ ৷ মই এখনেই চাইছোঁ ‘’খুন ভৰি মাংগ ’৷ (৪)ভক্ত প্ৰহ্লাদ কোন আছিল ? উ: আমাৰ ঘৰৰ ওচৰৰ বুবাই কাইদ’ৰ পুতেকৰ নাম প্ৰহ্লাদ৷ (৫) বাৰ্মুদা ত্ৰিভুজ কিয় বিখ্যাত ? উ: তিনিটা কোণ আছে বাবে এই ত্ৰিভুজ বিখ্যাত ৷ ☆★☆★☆

Read more

কৌতুক – সৌৰভ শৰ্মা

এনে সত্য আছে যাক সততে ৰগৰ বুলি ভবা যায়৷ মোৰ চিনাকি এজনে কইনা চাবলৈ গৈছিলে লগত দুজন বন্ধু লৈ৷ তিনিজনেই ঘোৰ মদাহি৷ ছোৱালীৰ ঘৰত আপ্যায়নৰ পিছত ছোৱালীৰ মোমায়েকে বিবাহ প্ৰাৰ্থী তথা দুই সতীৰ্থৰ চাকৰিৰ আয় উৰ্পাজন সম্পৰ্কে বাৰ্তালাপ কৰি স্বভাৱ চৰিত্ৰৰ দিশত আগবাঢ়িছে৷ মোমায়েক: বোপা তোমালোকে মদ-পানী কিবা খো……… (বাকী বাক্য শেষ নৌহওঁতেই ) তিনি বন্ধু: সমস্বৰে ….. নাই নাই… নালাগে…. আহোঁতে বাটত খায়ে আহিছোঁ৷ (বিশ্বাস কৰক ৫০বছৰ মান বয়সত এজনে বিয়া পাতিলে , দুজন আজিও বৰলা ) ☆★☆★☆

Read more
1 20 21 22 23 24 32