ফটাঢোল

অসমীয়া প্ৰবাদ -প্ৰবচন, ফঁকৰা-যোজনাত হাস্য-ব্যঙ্গ ভাবৰ প্ৰকাশ-শাশ্বতী শৰ্মা

অসমীয়া ভাষাৰ আপুৰুগীয়া সম্পদ হ’ল, প্ৰবাদ-প্ৰবচন আৰু ফঁকৰা-যোজনা৷ লোক সাহিত্যৰ অমূল্য সম্পদ এই প্ৰবাদ-প্ৰবচন আৰু ফঁকৰা-যোজনাৰ বুকুতেই  ৰক্ষিত হৈ আছে অসমীয়া জনজীৱনৰ শতিকাযোৰা জ্ঞানৰ মণি-মুকুতা৷ প্ৰবাদ-প্ৰবচন বা যোজনা শব্দ ইংৰাজী Proverb ৰ প্ৰতি শব্দ হিচাপে ব্যৱহাৰ কৰা যায়৷ ড° নবীন চন্দ্ৰ শৰ্মা দেৱে ‘লোক সংস্কৃতি’ গ্ৰন্থত এইবোৰক স্থিৰীকৃত বাক্ বৈশিষ্ট্য(Fixed -Phrase geners) আখ্যা দিছে৷ প্ৰবাদবোৰ সংক্ষিপ্ত হয়৷ এইবোৰ মানুহৰ বুদ্ধি নিষ্ঠা পৰম্পৰাগত উক্তি৷ সমজাতীয় ঘটনাৰ ৰিজনি দিবলৈ প্ৰবচন ব্যৱহাৰ কৰা হয়৷ এই ক্ষেত্রত প্ৰবচনবোৰত আমাৰ জ্ঞানৰ ভঁৰাল, নৈব্যক্তিক সম্পত্তি ৰৈ

Read more

অসমীয়া ব্যংগ সাহিত্য : এক চমু অৱলোকন-শ্ৰী মুনিন্দ্ৰ বৈশ্য

সুখ-দুখ, হাঁহি-অশ্ৰু, বিৰহ-বেদনা, আনন্দ-ফূৰ্তি, ব্যংগ-কৌতুক, খং-ৰাগ, ঠাট্টা-মস্কৰা, উপলুঙা-পেংলাই আদিৰ সমষ্টিয়েই আমাৰ জীৱন। ইয়াৰপৰা কোনেও পৰিত্ৰাণ নাপায়। জীৱন মানেই সংগ্ৰাম- জীয়াই থকাৰ সংগ্ৰাম। লাগিলে মানুহেই হওক কিম্বা ইতৰ প্ৰাণী। মানুহ হ’লে সুন্দৰ জীৱন যাপনৰ সংগ্ৰাম। স্বচ্ছল জীৱন যাপনৰ সংগ্ৰাম। সুখ প্ৰাপ্তিৰ সংগ্ৰাম। মানুহ সুখ প্ৰত্যাশি। হাঁহি-ফূৰ্তি-আনন্দ কৰি এটা সাৰ্থক জীৱন কটাবলৈ বিচাৰে। কিন্তু সুখ জানো গছত লগা বস্তু? সুখ প্ৰাপ্তিৰ মূল মন্ত্ৰই হৈছে জীৱনটো উপভোগ আৰু উদযাপন কৰাৰ কৌশল আহৰণ কৰা। এই কৌশলবোৰ হৈছে মানুহৰ জীৱনৰ একো একোটা অভিন্ন আৰু অবিচ্ছিন্ন

Read more

থলুৱা লোক-কলাৰ শৈলীৰে নিৰ্মিত নাটক-ড৹ চাহিন জাফ্ৰি

বিংশ শতিকাৰ সত্তৰৰ দশকৰপৰা এচাম নাট্যশিল্পী আৰু নাট্যকলাৰ লগত জড়িত সমালোচক পৰম্পৰাৰ প্ৰতি সচেতন হৈ উপলব্ধি কৰিলে যে- ইউৰোপীয় কলা-কৌশল আৰু ৰীতি নীতিৰ মাজেদি ভাৰতীয় চিন্তাৰ গভীৰতা প্ৰকাশ নাপায়৷ কাৰণ ইউৰোপীয় জীৱনবোধৰ লগত ভাৰতীয় জীৱনবোধৰ যথেষ্ট অমিল দেখা যায়৷ ভাৰতীয় জীৱন দৰ্শনৰ স্বকীয়তা তথা গভীৰতা ভাৰতৰ নিজস্ব শিল্প ৰীতিৰ মাজেদিহে পৰিস্ফূট হৈ উঠিব পাৰে৷ গতিকে ভাৰতীয় নাট্যশিল্পই পাশ্চাত্য ৰীতিৰ পৰিৰ্বতে প্ৰাচীন ভাৰতৰ লোককলা আৰু পৰম্পৰাগত নাটৰ পদ্ধতি গ্ৰহণ কৰিব লাগিব৷ ভাৰতবৰ্ষত অতি প্ৰাচীন কালৰপৰাই সূত্ৰধাৰ বা তেনে ঘোষক চৰিত্ৰৰ মাজেৰে

Read more

গুৰুজনাৰ অপূৰ্ব সৃষ্টি সত্ৰ আৰু সত্ৰীয়া সংস্কৃতি-বিন্দু ৰাজবংশী কলিতা

মহাপুৰুষ শংকৰদেৱৰ সংস্কৃতিয়ে শোড়শ শতিকাৰপৰা এতিয়ালৈ মানৱ সমাজৰ মাজত প্ৰেম অমৃতৰ নদী বোৱাই আছে। শংকৰী ধৰ্মৰ আদৰ্শ, ৰীতি-নীতিসমূহ জনগণৰ মাজত প্ৰচাৰ কৰিবলৈ শ্ৰীমন্ত শংকৰদেৱে নামঘৰ আৰু সত্ৰ প্ৰতিষ্ঠা কৰিছিল। ধৰ্মীয় অনুশাসনৰ জৰিয়তে শংকৰদেৱে সমাজ আৰু সামাজিক জীৱনৰপৰা অন্ধবিশ্বাস, কু-সংস্কাৰসমূহ আঁতৰ কৰিবলৈ বিচাৰিছিল। শংকৰ দেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ কোনো আড়ম্বৰতা নাই। সমতা আৰু মানৱতাৰ ভেটিত সুন্দৰ সমাজ এখন প্ৰতিষ্ঠা কৰাটোৱেই তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল। মানৱতাৰ মুক্তিৰ বাবে অন্ধকাৰ দূৰ কৰি পোহৰ সিঁচিবলৈ তেওঁ অক্লান্ত চেষ্টা কৰিছিল। সাম্য আৰু সমতাৰে এখন নিকা সমাজ

Read more

হাতী-মানুহৰ সংঘাত দূৰীকৰণত ‘হাতীবন্ধু’ৰ প্ৰশংসনীয় প্ৰচেষ্টা-ধীৰেন শইকীয়া

ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাটাও সংবাদ মাধ্যমত ‘হাতীবন্ধু’ নামৰ এই স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ কৰ্মকুশলতাৰ বিষয়ে বিভিন্ন সংবাদ প্ৰকাশ হৈ আহিছে। নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী বৃহত্তৰ অঞ্চলটোত হাতী-মানুহৰ দীৰ্ঘদিনীয়া সংঘাত দূৰ কৰিবৰ বাবে নগাঁৱৰ চাপানালাৰ নিকটৱৰ্ত্তী ৰংহাং কাৰ্বি গাঁৱত গঢ়ি উঠিছে হাতীবন্ধু’ নামৰ সংস্থাটো। ‘হাতীবন্ধু’ৰ নেপথ্যত আছে গুৱাহাটীৰ প্ৰদীপ কুমাৰ ভূঞা, নগাঁৱৰ চাপানলাৰ বিনোদ দুলু বৰা, মেঘনা ময়ুৰী বৰা আদিৰ দৰে প্ৰকৃতিপ্ৰেমীসকলৰ একান্ত ইচ্ছাশক্তি। উল্লেখ্য যে ২০১৫ চনত ‘চেঞ্চুৰী এচিয়া’ই দেশৰ ভিতৰতে সৰ্বাধিক বন্যপ্ৰাণী উদ্ধাৰ কৰাৰ বাবে সন্মান প্ৰদান কৰিছিল বিনোদ দুলু বৰাক। ইফালে ‘গ্ৰীনগাৰ্ড’

Read more

বৃষ্টি আনয়নৰ লগত জড়িত বিভিন্ন ধৰণৰ লোকবিশ্বাস-কলচুম বিবি

প্ৰাচীন কালৰেপৰা আমাৰ সমাজ ব্যৱস্থাত পৰম্পৰাগতভাৱে কিছুমান ৰীতি-নীতি, আচাৰ-অনুষ্ঠান প্ৰচলন হৈ আহিছে। এই ৰীতি-নীতি, আচাৰ-অনুষ্ঠানৰ আধাৰ হৈছে লোকবিশ্বাস। ব্যক্তিৰ জীৱন-মৃত্যু, আকাশ-পৃথিৱী, ৰ’দ-বৰষুণ, জীৱ-জন্তু সম্পৰ্কীয় বিভিন্ন ধৰণৰ বিশ্বাসসমূহৰ বাবেই লোকসমাজত বিভিন্ন ধৰণৰ আচাৰ-অনুষ্ঠান এটা প্ৰজন্মৰপৰা আন এটা প্ৰজন্মলৈ প্ৰচলিত হৈ থাকে। মানৱ সভ্যতাৰ লগত বৰষুণৰ ওতঃপ্ৰোত সম্পৰ্ক। কৃষিৰ লগত জড়িত লোকসকলৰ বাবে ই এক অধিদৈৱিক শক্তি। যাৰ বাবে তেওঁলোকে বৰষুণ বিচাৰি যজ্ঞত হোম দিছিল। অনাবৃষ্টিৰ ফলত যিদৰে খৰাং হয় সেইদৰে অতিবৃষ্টিৰ ফলতো মানৱ জীৱন বিপদাপন্ন হয়। কৃষি কাৰ্যৰ সময়ত যাতে বৰষুণ

Read more

গুৰুজনাৰ জীৱনত কোচৰজাৰ অৰিহণা-মুনিন্দ্ৰ বৈশ্য

জন্মভূমি অসমত হাড়ক মাটি কৰি নতুনকৈ প্ৰৱৰ্তন কৰা ‘নৱ বৈষ্ণৱ ধর্মটোৱেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ প্রতি নামি অহা শংকাৰ একমাত্ৰ আৰু প্রধান কাৰণ হৈ পৰিছিল। কাৰণ সেই সময়ৰ অসমৰ সমাজ ব্যৱস্থা অভ্যস্ত আছিল যুগ যুগ ধৰি চলি অহা মহাআড়ম্বৰপূৰ্ণ পূজা-পাতল আৰু ব্যয়বহুল যাগ-যজ্ঞত। য’ত ধৰ্মৰ নামত অধর্ম আৰু সংস্কাৰৰ নামত চূড়ান্ত দুৰাচাৰে সমাজখন গিলি পেলাইছিল। নৰবলি পর্যন্ত দিয়া হৈছিল কিন্তু “এক দেৱ এক সেৱ, এক বিনে নাই কেৱ” মূল মন্ত্ৰেৰে গুৰুজনাই প্রধানতঃ সমাজ সংস্কাৰৰ উদ্দেশ্যে প্ৰৱৰ্তন কৰা সৰল, উদাৰ, গণতান্ত্রিক

Read more

কন্যা সন্তানক ভাল পাবলৈ শিকক- নয়নমণি দত্ত নেওগ

পৃথিৱীৰ প্ৰত্যেক গৰাকী নাৰী বা পুৰুষে বিবাহৰ পাছত এটি সন্তানৰ কামনা কৰে। তাৰবাবে বহুলোকে নামঘৰ, মছজিদ নতুবা মন্দিৰৰ দুৱাৰে দুৱাৰে গৈ ভগৱানৰ ওচৰত নৈবেদ্য আগবঢ়াই মূৰ দোঁৱায় আৰু কিমান দুখ-যন্ত্ৰণাৰ পাছত এটি দেৱশিশু তেওঁলোকৰ জীৱনলৈ আগমন ঘটে সেইকথা এগৰাকী পিতৃ-মাতৃৰ বাহিৰে কোনেও বুজি নাপায়। কিন্তু এইসকল পিতৃ-মাতৃৰ মাজতো এনে বহুলোক আছে যিসকলে এনে কষ্টৰ মাজেদি এটি সন্তান জন্ম দিয়াৰ পাছত বা প্ৰসৱ হোৱাৰ আগতেই যেতিয়া সেই সন্তানটি কন্যা সন্তান বুলি গম পাই তেতিয়া তেওঁলোকে সেই কন্যা সন্তানটিক গৰ্ভতেই শেষ কৰে

Read more

“জীৱশ্ৰেষ্ঠ মানুহতকৈ চৰায়ে বেছি গছ ৰোৱে, আমি কেৱল গছ কাটোঁহে”, যাদৱ পায়েং- ধীৰেন শইকীয়া

মানুহজনৰ বয়স ছাপন্ন। এতিয়াও তেওঁ দোকমোকালিতে উঠি এফালৰপৰা সদায় সেউজ হাবিখনৰ চৌদিশে ঘূৰি ফুৰে, মাজে মাজে দেশে বিদেশে অৰণ্য সংৰক্ষণৰ কথা ক’বলৈ সভা সমিতিলৈও মাতিলে যায়। তেওঁৰ হাবিখনত গঁড়, হৰিণ, বাঘ, শিয়াল, জহামাল, বান্দৰ, বনকুকুৰা, হাতী, বিবিধ প্ৰজাতিৰ সৰীসৃপ, পখিলা আদি চৰি ফুৰে, পিচে সকলোবোৰকে তেওঁ পুত্ৰ বা বন্ধু যেন জ্ঞান কৰে, সিহঁতেও মূৰ দাঙি এবাৰ চাই একো অপকাৰ নকৰে চিনাকি মানুহজনক। এসময়ত “মোকেই কাট, তথাপি তহঁতে মোৰ মৰমৰ গছবোৰ নাকাটিবি”, মানুহজনে তাহানি এনেকৈ কৈয়েই নিজহাতে ৰোৱা গছবোৰ কাটিবলৈ অহা

Read more

অসমীয়া বিজ্ঞান নাটকৰ এটি চমু আভাষ-ড° চাহিন জাফ্ৰি

সাম্প্ৰতিক নাট্য সাহিত্যৰ ভিতৰত এক উল্লেখযোগ্য নাট্যধাৰা হৈছে বিজ্ঞান নাটক৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাসমূহক জনসাধাৰণৰ মাজত জনপ্ৰিয় কৰি তোলাৰ প্ৰচেষ্টাৰে এচাম নাট্যকাৰে বিজ্ঞান নাটক সৃষ্টি কৰিছিল৷ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ৰমবৰ্ধিত ব্যৱহাৰৰ বাবে জনসাধাৰণক আকৰ্ষিত কৰি তুলিবলৈ হ’লে ব্যাপক, কাৰ্যদক্ষ আৰু ধাৰাবাহিক প্ৰচাৰৰ প্ৰয়োজন আছে৷ এনে প্ৰচাৰৰ অন্যতম কাৰ্যদক্ষ আৰু আকৰ্ষণীয় সাধন হ’ল নাটক৷ ইয়াকেই আমি বিজ্ঞানভিত্তিক নাটক, বিজ্ঞানৰ নাটক বা চমুকৈ বিজ্ঞান-নাট বুলি ক’ব পাৰোঁ৷ এই নাটকসমূহক কল্পবিজ্ঞান নাটক বুলিও কোৱা হয়৷ বৈজ্ঞানিক চিন্তা-চৰ্চাক কল্পনাৰ ৰঙেৰে সজাই তোলাৰ বাবেই কল্পবিজ্ঞান নামাকৰণ

Read more
1 2 3 4 5 6 24