অপৰাহ্ণৰ ৰং- জ্যোতিৰূপা কোঁৱৰ খাটনিয়াৰ
মৃত্যু আৰু বাৰ্ধক্য, কিহলৈ আপোনাৰ ভয় বেছি? বাৰ্ধক্যলৈ৷ তেনেহ’লে চিৰতৰুণ হৈ থাকিবলৈ কি কৰিছে আপুনি? … পাৰ কৰি অহা জীৱনৰ কোনোবা এটা ক্ষণত অতৰ্কিতে মুখামুখি হৈছিলোঁ প্ৰশ্নটোৰ৷ মনৰ পুখুৰীত জাকৈ চবিয়াই ঘোলা কৰাৰ পিছতো তুলি আনিব পৰা নাছিলোঁ একো উত্তৰ৷ হাঁহি এটাৰে প্ৰশ্নটোৰ পৰা ফালৰি কাটি আহিছিলোঁ যদিও প্ৰশ্নটোৱে সময়ে সময়ে খুন্দিয়াই থাকে৷ কিমাশ্বৰ্যম! যক্ষৰ প্ৰশ্নৰ উত্তৰত যুধিষ্ঠিৰে কৈছিল, “মানুহৰ চকুৰ আগতে মানুহবোৰ মৰিয়েই আছে; অথচ প্ৰতিজন মানুহে এনেকৈ জীৱন কটাই যেন তেওঁ কোনোদিন নমৰিবই৷” ইয়াতকৈ আশ্চৰ্য কি হ’ব পাৰে৷
Read more