ফটাঢোল

চাহনগৰী, প্ৰিয় ব্যক্তিৰ সান্নিধ্য, এটি উমাল গধূলিৰ কিছু কথকতা আৰু কিক্ শব্দটোৰ খেলা

আচম্বিতে ফোন নম্বৰটো পাইছিলো তেখেতৰ । প্ৰিয় ব্যক্তিগৰাকীৰ ফোন নম্বৰ হাতত পৰাটোৱেই আচলতে এটি পথৰ দুৱাৰ মুকলি । ময়ো যেন এটি পথৰ সন্ধান পালোঁ । নাম্বাৰটো লৈ সেউজীয়া বুটাম টিপিছিলো । এখন গ্ৰন্থৰেই অসমৰ চুকে কোণে বিখ্যাত হৈ পৰা প্ৰচাৰবিমুখ লেখকগৰাকীক লগ পোৱাটো আমাৰ বাবে এক সফলতা নুবুলি নোৱাৰি, কাৰণ তেখেতে ব্যৱহাৰ কৰা ছদ্মনামত আচল ব্যক্তিগৰাকীক লগ পোৱাটো ইমান মুখৰ কথা নহয় । প্ৰথম ফোনকলটোতে তেখেতৰ আপোনত্বৰে ভৰা কথা শুনি তবধ মানিছিলো, চিকুটি চাইছিলো, “সঁচাকৈনে, সঁচাকৈয়ে মই তেখেতৰ লগতে কথা

Read more

কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্যৰ সৈতে অন্তৰংগ আলাপ

: শ্ৰোতাসকলে ‘চিত্ৰগীত’ অনুষ্ঠানত এইবাৰ শুনিবলৈ পাব দ্বীপেন বৰুৱা আৰু নমিতা ভট্টাচাৰ্যৰ কণ্ঠত ‘মৰমী’ বোলছবিৰ এটি গীত – ঘোষকৰ ঘোষণাৰ পাছতেই ৰেডিঅ’ত বাজি উঠে – ‘আলফুলীয়া কপৌফুল অ’ দেহি ক’ত পালা চিৎ বিয়াকুল। হাবি ভাঙি দেখিলোঁ অ’ বিৰিখ বগাই ছিঙিলোঁ কোন হাঁহি এই পাহি বনৰীয়া ফুল’ ৰেডিঅ’ত গীতিমালিকা বা চিত্ৰগীত শুনি ডাঙৰ হোৱা প্ৰজন্মটো বা তাৰেও আগৰ প্ৰজন্মৰ কাৰণে যি কেইগৰাকী অসমীয়া গায়িকা প্ৰাতঃস্মৰণীয়, তেওঁলোকৰ ভিতৰত নমিতা ভট্টাচাৰ্য অন্যতম। সত্তৰ-আশীৰ দশকৰ বহু কেইটা বহুলভাৱে জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল নমিতা ভট্টাচাৰ্যই।

Read more

শ্ৰীযুত ৰথীন্দ্ৰ নাথ গোস্বামীৰ সৈতে অন্তৰঙ্গ আলাপ

এগৰাকী সাহিত্যিক,সফল প্ৰশাসনিক বিষয়াও আছিল, তেখেত বিজ্ঞানীও…’টম এণ্ড জেৰি’ক ঢুকি নোপোৱা দিনতে অসমৰ সাহিত্যপ্ৰেমীক ‘চিচিং’ নামৰ চৰিত্ৰ এটাৰে মোহাচ্ছন্ন কৰিবপৰা এগৰাকী সফল কথাশিল্পী৷ এই বৰ্ষৰ সাহিত্য অকাডেমী শিশু সাহিত্য বটাঁ বিজয়ী ৰথীন্দ্ৰ নাথ গোস্বামী দেৱক লগ কৰিছিলোঁ তেখেতৰ মনৰ কথা জানিবলৈ৷ ফটাঢোল: নমস্কাৰ৷  ৰথীন্দ্ৰ নাথ গোস্বামী: নমস্কাৰ৷ ফটাঢোল: নমস্কাৰ গোস্বামীদেৱ।মই ‘ফটাঢোল’ৰ তৰফৰপৰা আপোনাৰ লগত আপোনাৰ জীৱনৰ কৰ্ম- অভিজ্ঞতাৰ ভিত্তিত দুআষাৰ কথা পাতিব খুজিছোঁ।আশা কৰোঁ আপুনি সহায়-সহযোগ কৰিব। ৰথীন্দ্ৰ নাথ গোস্বামী: নিশ্চয়।মই ‘ফটাঢোল’ গোটৰ সমূহ সদস্য-সদস্যাৰ লগতে আপোনাকো এই সংখ্যাৰ সাক্ষাতকাৰৰ

Read more

সাক্ষাৎকাৰ 

ডিজিটেল সাহিত্যৰ জগতখনত যিসকল অসমীয়াই নিজকে প্ৰতিষ্ঠা আৰু উপস্থাপন কৰাত সফল হৈছে, তাৰ ভিতৰৰে এটা উল্লেখযোগ্য নাম হ’ল পুষ্পাঞ্জলী দত্ত দাস৷ বৰ্তমানে স্বতন্ত্ৰ ডিজিটেল মেডিয়া কনচাল্টটেণ্ট ৰূপে কৰ্মৰত শ্ৰীমতী দাস প্ৰকৃতাৰ্থত নৱ প্ৰজন্মৰ বাবে আদৰ্শ৷ তেখেতৰ কৃতিত্বৰ কাহিনী youstory.com তো সবিস্তাৰে প্ৰকাশ হৈছিল৷ ফটাঢোলৰ তৰফৰপৰা তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ, এই যাত্ৰাটোৰ লগত জীৱনৰ পৰিক্ৰমাৰ বিষয়ে জানিবলৈ৷ ফটাঢোল: আপোনাৰ শৈশৱ কাল, পঢ়া-শুনা আৰু ঘৰখনৰ বিষয়ে জনাব। পুষ্পাঞ্জলী: মোৰ শৈশৱ পাৰ হৈছে বৰপেটাত। স্কুলীয়া শিক্ষা তাতেই শেষ কৰি মই বজালী কলেজৰ পৰা

Read more

সাক্ষাৎকাৰ

তেখেত নাটকৰ এক বৰ্ণাধ্য যাত্ৰা৷ কৰ্ণাটকৰ পৰা অসমলৈ এই সেন্দুৰীয়া পথৰ তেখেত এক অক্লান্ত সাংস্কৃতিক কৰ্মী,নাটকৰ কথা হাড়ে হিমজুৱে বুজি পোৱা পুৰণা নাট্যকৰ্মী৷  তেখেত ভাগিৰথী৷ অভিনেত্ৰী তথা নাট্য পৰিচালনাক এক নতুন মাত্ৰা প্ৰদান কৰা এই গৰাকী শিল্পীৰ আমি লগ কৰিছিলোঁ,তেখেতৰ মনৰ কথা জানিবলৈ৷ ফটাঢোল: বাইদেউ নমস্কাৰ জনালোঁ ফটাঢোলৰ পৰা।  ভাগিৰথী: নমস্কাৰ জনালোঁ ময়ো ফ: বাইদেউ আমি আপোনাৰ লগত সাক্ষাৎকাৰ হিচাপে নহয় ঘৰুৱাভাবেহে কথা পাতিম। আলোচনা কৰিম নাটকৰ বিষয়ে, আপোনাৰ পছন্দৰ বিষয়ে, আপোনাৰ বিষয়ে জানিব খুজিম। ভাগি: ময়ো ঘৰুৱাভাবে কথা পাতিলেই

Read more

সাক্ষাৎকাৰ

অসমৰ লেখত ল’বলগীয়া কাকত-আলোচনীৰ সাহিত্য পৃষ্ঠা শুৱনি কৰা এটি পৰিচিত নাম কমল শৰ্মা। বিশিষ্ট ঔপন্যাসিক,গল্পকাৰ কমল শৰ্মাৰ ইতিমধ্যে প্ৰকাশিত কেইবাখনো উপন্যাসে পাঠকৰ মন জয় কৰিবলৈ সক্ষম হৈছে । উত্তৰ-পূৱ গ্ৰন্থমেলাত সৰ্বাধিক বিক্ৰীহোৱা গ্ৰন্থকেইখনৰ অন্যতম  “কেঞ্চাৰ হস্পিতেলৰ বিষণ্ণ গধূলি” উপন্যাসখন লেখকৰ সাহিত্যপ্ৰতিভাৰ অন্যতম চিনাকি। ব্যক্তিগত বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মৰত,সততে প্ৰচাৰ,সাক্ষাৎকাৰ আদিৰ পৰা আঁতৰি থকা লেখক ঔপন্যাসিক কমল শৰ্মাৰ সৈতে আমি ফটাঢোলৰ হৈ কথা পাতিছিলোঁ। তেখেতৰ কঠোৰ  জীৱন সংগ্ৰামৰ সমান্তৰালভাৱে সাহিত্য চৰ্চাৰ যি যাত্ৰা, সেই যাত্ৰাৰ সৈতে পৰিচিত হৈ আপুনিও গাব পাৰে

Read more

মাধুৰীমা ঘৰফলীয়াৰ সৈতে অন্তৰংগ আলাপ

অসমৰ শিশু সাহিত্যৰ জগতখনত সাম্প্ৰতিম সময়ত প্ৰত্যয়জনক ভাবে নিজস্ব পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা তাকৰীয়া নাম কেইটাৰ ভিতৰত তেখেতো এগৰাকী৷ তেখেত ফটাঢোল গোটৰো জন্মলগ্নৰে পৰা জড়িত এগৰাকী সদস্যা তথা শুভাকাংক্ষী৷ সাহিত্য একাডেমীৰ শিশু সাহিত্য শিতানৰ পুৰস্কাৰ বিজেতা শ্ৰী মতী মাধুৰীমা ঘৰফলীয়াক লগ কৰিছিলো আমি, তেখেতৰ সম্পৰ্কে জানিবলৈ৷ ফটাঢোল: নমস্কাৰ৷  মাধুৰীমা ঘৰফলীয়া: নমস্কাৰ৷ ফটাঢোল: আপোনাৰ শৈশৱকালৰ বিষয়ে জানিব বিছাৰিম! ঘৰ,পৰিয়াল ইত্যাদি৷  মাধুৰীমা ঘৰফলীয়া: শিৱসাগৰ জিলাৰ বকতা নেমুগুৰিৰ ভকত গাঁৱত মোৰ জন্ম হৈছিল। সাধুকথা বা গল্পবোৰত যেনে এক ভিন্ন ধৰ্মাৱলী সমাজৰ বিষয়ে

Read more

বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়াৰ সৈতে অন্তৰংগ আলাপ

অসমৰ অভিনয় জগতৰ এটা চিনাকি নাম, বিষ্ণু খাৰঘৰীয়া৷ কলাত্মক বা বাণিজ্যিক দুয়োটা ধাৰাৰে ছবিতে নিজৰ অভিনয়েৰে দৰ্শকৰ মাজত সমাদৰ লাভ কৰা এইগৰাকী বৰেণ্য অভিনেতাৰ মনৰ কথা জানিবলৈ আমি ঢাপলি মেলিছিলোঁ মৰাণত অৱস্থিত তেখেতৰ বাসগৃহলৈ৷ ফটাঢোল : চাৰ, প্ৰথমেই আপোনাক ‘ফটাঢোল’ গোটৰ সকলো সদস্যৰ তৰফৰ পৰা নমস্কাৰ আৰু অভিনন্দন জনাইছোঁ৷ ‘বিষ্ণু খাৰঘৰীয়া’ সমগ্ৰ অসমৰে পৰিচিত আৰু অতি আদৰৰ এটা নাম৷ আমি প্ৰথমেই জানিব বিচাৰিম ‘বিষ্ণু খাৰঘৰীয়া’ৰ শৈশৱৰ বিষয়ে৷ ক’ত তেখেতৰ জন্ম, কেনেদৰে অতিবাহিত হৈছিল তেখেতৰ শৈশৱ? বিষ্ণু খাৰঘৰীয়া : শৈশৱ মানে

Read more

“বাগান শ্ব”ৰ পৰা “নেত্ৰ কাই”লৈ- অৰুণ হাজৰিকা

‘অৰুণ হাজৰিকা’ নামটো অসমৰ প্ৰায় প্ৰতিজন নাট্যপ্ৰেমী,চিনেমাৰ প্ৰতি আগ্ৰহ থকা দৰ্শকৰ বাবে এটা চিনাকি নাম৷ ব্যংগ অভিনয়ক সম্পূৰ্ণ অকৃত্ৰিম আৰু বাস্তৱিক ৰূপত প্ৰতিফলিত কৰি শ্ৰোতা-দৰ্শকৰ মন জয় কৰা অৰুণ হাজৰিকাক আমি লগ ধৰিছিলো তেখেতৰ বোকাখাটত থকা নিজা বাসগৃহত৷ খুব সৰল,নিৰহংকাৰী অৰুণ দাক আমাৰ আগমণৰ কথা কৈ আৰম্ভ কৰিছো আলাপ,তেখেতৰ জীৱনৰ সকলো দিশ সামৰি৷ ফটাঢোল : দাদা,নমস্কাৰ জনালোঁ৷  অৰুণ হাজৰিকা: নমস্কাৰ৷ ফটাঢোল: দাদা, একেবাৰে আৰম্ভনিৰ পৰা জানিবলৈ বিচাৰিম আপোনাৰ জীৱনটোৰ কথা৷ আজিৰ অৰুণ হাজৰিকা হোৱাৰ আগতে শৈশৱ,আপোনাৰ ঘৰখন,পঢ়া-শুনা আৰু দুষ্টামিবোৰৰ কথা৷

Read more

কথাশিল্পী অতনু ভট্টাচাৰ্যৰ সৈতে অন্তৰংগ আলাপ

তেখেতৰ ব্যাপ্তি এজন সু-লেখক হিচাপে৷ এখন প্ৰতিষ্ঠিত আলোচনীৰ সম্পাদক, সাহিত্যৰ ধাৰাটোক পাঠকৰ আৰু অধিক ওচৰ চপাই নিয়া “গল্পকথা” নামৰ অনুষ্ঠানটোৰ স্ৰষ্টা৷ তেখেতৰ গল্প সংকলন “ওভটনি যাত্ৰা আৰু অন্যান্য গল্প”,”নীলাৰ কাৰণে অলপ ভালপোৱা”,”বৰষুণৰ চেতাৰ” “চেঁকুৰ”, “ৰঘূনাথ কাপোৰ পিন্ধা”ৰ পৰা কাব্য সংকলন “সহযোদ্ধা”, “অশ্লীল ৰাতিৰ কবিতা”, “জীৱনৰ ভগ্নাংশ”, আৰু “প্ৰাপ্তি অপ্ৰাপ্তি” লৈ প্ৰতিটো গল্প-কবিতায়ে জীৱন, সুখ-দুখৰ নিৰ্মোহ প্ৰতিফলিত ৰূপ৷ কথাশিল্পী শ্ৰীযুত অতনু ভট্টাচাৰ্যদেৱক লগ ধৰিছিলোঁ, তেখেতৰ জীৱন তথা সাহিত্য যাত্ৰা সম্পৰ্কে কিছু কথা জানিবলৈ৷ ফটাঢোল: নমস্কাৰ। কবি, গল্পকাৰ, গল্পকথক অতনু ভট্টাচাৰ্যৰ বিষয়ে

Read more
1 2 3 7