ফটাপ্ৰেম – পৰী পাৰবীন
প্ৰেমকাহিনী নাম্বাৰ ১: কলেজলৈ গৈছো আৰু । এহ! নহয় হে , তাৰো অকণ আগৰ পৰা কওঁ । স্কুলত পঢ়ি থকা দিনৰ কথাৰে আৰম্ভ কৰো দেই। তেতিয়াই তামাম প্ৰেম মোৰ । সমানে সমানে পঢ়াতো চিৰিয়াচ মই । কিতাপৰ তলত বিস্ময় লুকুৱাই লৈ ৰঞ্জিৎ চাৰিংগীয়া, প্ৰশান্ত কুমাৰ দাস , জীমণি চৌধুৰীৰ গল্প পঢ়ো । ডায়েৰীত প্ৰেমৰ কবিতা লিখোঁ । গান লিখোঁ । হিটলাৰ দাদাই পাব বুলি খিৰিকীৰে গান লিখা কাগজৰ টুকুৰাবোৰ পেলাই দিওঁ । টুকুৰাবোৰ উৰি গৈ কাষৰ ঘৰত পৰেগৈ । কাষৰ
Read more