ফটাঢোল

উন্মাদনাৰ ফালে,মূল: বীৰেন্দ্ৰ জৈন ,অনুবাদ-দিম্পল কলিতা 

হে আত্মহত্যা কৰিবলগীয়াসকল!আত্মহত্যা নকৰিব, কাৰণ ইয়াৰ ফলাফল দেখা সম্ভৱ নহয়। এনে অন্ধ কাম ঠিক নহয়। এই প্ৰচেষ্টাত অৱশ্যে বেছিভাগ সাহসীয়েই বিফল হয়, যিসকলে পিছলৈ দেখিছে যে বিফলতাই মানুহক সদায় উপহাসৰ পাত্ৰ কৰি তোলে।আত্মহত্যাত ব্যৰ্থ হোৱাৰ পিছত যি অসুবিধা হয় সেয়া দেখি যেন আত্মহত্যা কৰা উচিত।এই বিফলতাই পূৰ্বৰ ব্যৰ্থ প্ৰচেষ্টাৰ পটভূমিতকৈ অধিক পতিয়নযোগ্য কাৰণ দিয়ে। বাইদেউ, ময়ো আইনী বিশেষজ্ঞৰ দৰে কোৱা নাই যে এয়া অপৰাধ আৰু পবিত্ৰ তথা মহান দেশৰ মহান নাগৰিকে অপৰাধ সংঘটিত কৰিব নালাগে, নতুবা এজন প্ৰচাৰকৰ দৰে এই

Read more

মূল:ফুচকা কাহিনী,লিখক-মানৱ মণ্ডল:ভাবানুবাদ-অঞ্জু মহন্ত

মণ্ডল পাৰাৰ মানৱ বাবু। তেওঁ প্ৰতিটো কথাতে ফুচকাৰ প্ৰসঙ্গ টানি আনে। যেনেকৈ সেইদিনা বটৰ তলত এজনী মহান লেখিকাৰ কবিতাৰ চৰ্চা হৈছিল আৰু মানৱ বাবুৱে কবিতাৰ প্ৰসঙ্গটো ঘূৰাই পকাই আকৌ ফুচকাৰ প্ৰসঙ্গ লৈ আহিল। মই এদিন তেওঁক অকলে লগ পাই সুধিলোঁ, : আচ্ছা মানৱদা, সদায়ে আন কথাৰ মাজতো ফুচকাক আনে কিয় কওকচোন? এই ফুচকাৰ লগত আপোনাৰ সম্পৰ্কটোনো কি?  দাদাই ক’লে, : মই বাৰে বাৰে ফুচকাৰ কথা কিয় কওঁ জান? এই ফুচকাক লৈ মোৰ জীৱনত এটা বৰ দুখৰ গল্প আছে।  কিছুবছৰৰ আগৰ

Read more

মূল: বেচাৰামবাবু,লেখক: বলাইচাঁদ মুখোপাধ্যায়: ভাষান্তৰ-মুনমুন সৰকাৰ 

গেলামালৰ দোকানী হৰিশে সন্ধিয়া আহি বুজাই থৈ গ’ল যে, যোৱা মাহত ২৭.৭০ টকা পাবলগীয়া আছিল আৰু অনতিপলমে সেয়া দি দিয়াটো জৰুৰী। এইমাত্ৰ অফিচৰ পৰা আহি পোৱা বেচাৰামবাবুয়ে ক’লে –  : বাৰু এইবাৰৰ দৰমহাৰ টকাখিনি পালেই…! তাৰপিছত তেওঁ বাহিৰৰ বাৰান্দাত বহি চিঞৰিবলৈ ল’লে – “হেৰৌ, চাহ লৈ আন।”   চাহ আহিল লগতে আহিল চুবুৰীৰ হৰিবাবু, নবীন ৰয়, বিধু ক্লাৰ্ককে আদি কৰি চাৰি পাঁচজন মান ভদ্ৰলোক। নানানটা কথাৰ লগতে চাহ খোৱা পৰ্বও চলি থাকিল। আড্ডা চলি আছিল, তাৰ মাজতে বেচাৰাম বাবুৰ  জী পুঁটি

Read more

মূল : বনফুল,কবি-বলাইচাঁদ: ভাবানুবাদ- ৰাজশ্ৰী শৰ্মা

জানেনে? আমি আগতে আছিলো সিংহ                     মধ্য এছিয়া দেশত, যদিও এতিয়া ইফালে সিফালে                    ঘূৰিছো এই বেশত। চকুত আমাৰ আছিল অগনি                শিৰত কেশৰৰ তাজ, নখত জ্বলিছিল দীপ্ত সূৰুয                কণ্ঠত বাজিছিল বাঁজ। লম্ফ জম্ফ কৰি হৈছিলোঁ              পৰ্বত মৰুভূমি পাৰ, একে হাতোৰাই মাৰিলো কত              হাতী ঘোঁৰা আৰু গঁড়। নাজানো আমাৰ পূৰ্বপুৰুষৰ              কি যে বিস্মৃতি হ’ল, খাইবাৰ পাচ অতিক্ৰম কৰি              এই দেশলৈ আহি গ’ল। বহু শতিকা এই শীৰ্ণ দেশত              বাস কৰাৰ হৈ গ’ল, এই দশা হৈছে হায় আমাৰ             কণ্ঠত আৰু নাই জোৰ। ধোঁৱাৰ ভয়তে পলাওঁ

Read more

হাস‍্যৰসৰ কবি পদ্মশ্ৰী চুৰিন্দৰ শৰ্মাৰ সৈতে সাক্ষাৎকাৰৰ কিছু সংগ্ৰহ-চৈয়দা চেমিম ইচলাম

২০১৩ চনত আমাৰ ভাৰতৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীযুত প্ৰণৱ মুখাৰ্জীৰ দ্বাৰা পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰা ভাৰতীয় কবি সাহিত্যিক সন্মানীয় চুৰিন্দৰ শৰ্মাৰ নাম নিশ্চয় সকলোৱে জানে। ১৯৪৫ চনত চনত হাৰিয়ানাত জন্ম গ্ৰহণ কৰা আৰু দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত শ্ৰীৰাম কলেজ অৱ কমাৰ্চৰ পৰা স্নাতক ডিগ্ৰীধাৰী কবি চুৰিন্দৰ শৰ্মাই কৌতুক আৰু হাস্যৰসৰ বাবেই বিশেষভাৱে নিজৰ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছিল। পিছলৈ এনেধৰণৰ হাস্যৰসৰ সাহিত্য চৰ্চাকেই তেখেতৰ পেচা হিচাপে গ্ৰহণ কৰিছিল। সেই সময়ত দূৰদৰ্শনকেন্দ্ৰৰ পৰা প্ৰচাৰ কৰা কিছু অনুষ্ঠানত তেখেতৰ অনুষ্ঠান উপভোগ কৰা আজিও মনত আছে।    

Read more

মূল: বুদ্ধু, লেখক:জিম কৰবেট, অনুবাদ-নয়নমণি হালৈ

(জিম কৰবেটৰ নাম নুশুনা শিক্ষিত ভাৰতীয় লোক নাই বুলিলেই হয়৷ এজন প্ৰকৃত অৰণ্যপ্ৰেমী, ভাৰতবৰ্ষত বন্যপ্ৰাণী সংৰক্ষণ আন্দোলনৰ বাটকটীয়া, সৰ্বোপৰি এজন পাকৈত চিকাৰী হিচাপে জিম কৰবেট আমাৰ সকলোৰে পৰিচিত৷ জিম কৰবেটৰ ব্যাঘ্ৰ চিকাৰৰ কাহিনীপুথি ‘জাংগললোৰ, কুমায়ুনৰ নৰখাদক, ৰুদ্ৰপ্ৰয়াগৰ চিতা, টেমপল টাইগাৰ্চ’ আদি আজিও অসামান্য জনপ্ৰিয়৷ কিন্তু এয়াই জিম কৰবেটৰ শেষ পৰিচয় নহয়৷ জিম কৰবেটৰ সকলোতকৈ ডাঙৰ পৰিচয়টো হ’ল তেওঁ এজন অসাধাৰণ লেখক আৰু মানৱপ্ৰেমী৷ সেইসময়ত ভাৰতবৰ্ষৰ বিশেষকৈ উত্তৰ ভাৰতৰ গ্ৰামে-গঞ্জে বসবাস কৰা সাধাৰণ মানুহৰ দুখ-যন্ত্ৰনাৰ শেষ নাছিল৷ এইবোৰ মানুহৰ সৈতে জিম

Read more

মূল: জগাদাৰ বজাৰ,লেখক : আলপনা,অনুবাদ-অঞ্জু মহন্ত

জগাদাক বজাৰলৈ পঠিয়াই এতিয়া খঙত জ্বলি- পকি টিঙিৰি তুলা হৈ আছে বুলিবৌ। জৰ্দাপাণ চোবাই চোবাই চোতালৰ চুকত পিক পেলাই জগাদাই ক’লে, : এক কেজি মিছামাছ আৰু এককেজি পুঠিমাছ আনিছোঁ। মিছামাছেৰে লাউ আৰু পুঠিমাছেৰে চচ্চৰি, দাইল আৰু পুঠিমাছ ভজা কৰিবা। বুলি বৌৱে বেগখন উলোটাই এটা চৰিয়াত ঢালি দিয়েই নাকত সোপা দি ক’লে, : ইস! কি পঁচা গোন্ধ। লগে লগে মাখিৰ দল উৰি আহিছে? এই পঁচা মাছসোপা কিনি আনিবলৈ মন গ’ল কেনেকৈ তোমাৰ? বুলি বৌৰ মেজাজ দেখি জগাদাই মনে মনে ঘৰৰ পৰা

Read more

মূল: মূৰ্খ হোৱাৰ আনন্দ,লেখক : মায়ংক ছাক্সেনা,অনুবাদ-দিম্পল কলিতা

“মই কি জানো” মন্ত্ৰ জপ কৰক, জীৱনত সফল হওক৷ না সন্তানৰ… না ধনৰ… নতুবা খ্যাতিৰ… নতুবা লাভৰ… যদি পৃথিৱীত কিবা সুখ আছে, তেন্তে মাত্ৰ এজন মূৰ্খ হওক৷ বিশ্বাস কৰক বা নকৰক, মূৰ্খ দেখা আৰু মূৰ্খ হোৱাত যি আচৰিত সুখ পোৱা যায়, সেয়া পৃথিৱীৰ কোনো বিলাসীতা আৰু ঐশ্বৰ্য্যত পোৱা নাযায়। বহুতে আপোনাক মূৰ্খ দেখাৰ উপকাৰিতা ক’ব, কিন্তু ক’ব কেনেকৈ মূৰ্খ হ’ব পাৰি আৰু কেনেকৈ বিশ্বৰ সকলো বুদ্ধিমান মানুহে মূৰ্খ হৈ মজাৰ জীৱন কটাব ধৰিছে। মুদ্ৰাস্ফীতি তুংগত, চৰকাৰ অলস হৈ বহি আছে।

Read more

মূল: দেৱী,গল্পকাৰ: মুন্সী প্ৰেমচান্দ,অসমীয়া ভাঙনি-মুনমুন সৰকাৰ

ৰাতি সেমেকিছিল। মই বাৰান্দাত থিয় হৈ আছিলোঁ। সন্মুখৰ আমিনোদৌল্লা পাৰ্কখন যেন টোপনিত লালকাল দি পৰি আছিল। অকল ইছলাম ধৰ্মী ফকিৰৰ নিচিনা দেখাত মহিলা এগৰাকী বেঞ্চ এখনত বহি আছিল। পাৰ্কৰ বাহিৰত ৰাস্তাৰ কাষত মগনীয়া এজন থিয় হৈ আছিল, ৰাস্তাৰে অহা-যোৱা কৰা প্ৰত্যেকক ৰখাই আশীৰ্বাদ দি আছিল লগতে কৈ আছিল, “আল্লাহৰ শপত, ভগৱানৰ শপত এই অন্ধ মানুহজনক অলপ সহায় কৰক।” ৰাস্তাত লাহে লাহে মানুহ আৰু গাড়ী-মটৰৰ ভিৰ কমি আহিছিল। মানুহ থকালৈকে মগনীয়াজনৰ মাতটো ভালকৈ শুনিব পৰা হোৱা নাছিল, এতিয়া মানুহ নথকাত একেই

Read more

মূল: পাঠশালাৰ পণ্ডিত মহাশয়,গল্পকাৰ:বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়,অনুবাদ-উপাসা ভাগৱতী

(মিজানুৰ ৰহমান কল্লোলৰদ্বাৰা সম্পাদিত ‘দুই বাংলাৰ মজাৰ গল্প ‘নামৰ কিতাপখনৰ প্ৰথম গল্প বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ‘পাঠশালাৰ পণ্ডিতমশাই’ৰ অনুবাদ)  ০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০০  টোপ টোপ কৰি পানী পৰি আছে, মই ছাতি এটা মূৰত লৈ গাঁৱৰ ৰাস্তাৰে খোজকাঢ়ি আছিলো৷ বৰষুণজাক অলপ বেছি হৈ আহিল৷ তেতিয়া পথৰ কাষৰ আঠচালা বোলা আঠখন চালেৰে সজা মন্দিৰৰ পানীপোতাৰ তলত আশ্ৰয় ল’লোঁ৷ দেখিলঁ, ভিতৰত কিছুমান ল’ৰা বহি পঢ়ি আছে৷ এজন পণ্ডিত মহাশয়ে বাংলা পঢ়াইছে৷ কাণ পাতি অলপ পঢ়াই থকাখিনি শুনিলোঁ৷ দেখিলোঁ পণ্ডিত মহাশয়ৰ ব্যাকৰণৰ প্ৰতি বৰ অনুৰাগ৷ এটা উদাহৰণ দিছোঁ৷ পণ্ডিত মহাশয়ে

Read more
1 2 3 22