ফটাঢোল

জিপিএচৰ যাদু, ফাই-ফাই ৰাস্তা আৰু পৰুৱাই পোৱা এটা দিনৰ সাধু-খনিন্দ্র ভূষণ মহন্ত

দাদা-বৌ বৰহাটত থাকে। সি ফোন কৰিলেই কয় – আহি যা, পূৰা ফুৰিম।  আজি যাম, কাইলৈ যাম কৰি থাকোঁতেই বহুদিন গ’ল। এবাৰ জৌচ উঠিল – হয় বৰহাট, নহয় বৰহাট – মানে যামেই। দুদিনত প্লেন কৰি গুচি গ’লোঁ বৰহাটলৈ। লগত বৰতাৰ ছোৱালীজনী। গৈ পোৱাৰ দিনা ৰাতিয়েই আমাৰ চাৰিজনীয়া সংসদত ‘বিল পাচ’ হ’ল যে – আমি কাইলৈ ফুৰিবলৈ যাম। ক’লৈ যাম ঠিক নাই, কিন্তু যাম পুৱা আঠ বজাত, আহি ঘৰ সোমাম নিশা দহমান বজাত। কথা মতেই কাম কেনেকৈ হ’ব যদিহে আমাৰ মহিলা সন্থা

Read more

এটা বিনামূলীয়া দৰৱ আৰু অলপ অপেক্ষা-মল্লিকা শৰ্মা বৰদলৈ

সৰুতে আমি বৰ শান্ত শিষ্ট আছিলোঁ। ইমানেই শান্ত যে শুই থাকিলেহে আমালৈ মৰম লাগিছিল ঘৰৰ মানুহৰ। তেনেকুৱা শান্ত বয়সৰে কথা এটা প্ৰায়েই মনত পৰে। তেতিয়া সপ্তম শ্ৰেণীত পঢ়ি আছোঁ। দৌৰা জঁপিওৱাৰ প্ৰকোপত মোৰ মাজে মাজে ভৰি এখন বিষাই থাকে। আমাৰ বিদ্যালয়ৰ কাষতে “আৰ্মী কেম্প” এটা আছে। দেউতাই ক’লে, আহোঁতে কেম্পৰ ডাক্তৰক দেখুৱাই আহিবিচোন। তাতে ভাল ডাক্তৰ থাকে। দেখুৱাবলৈও সুবিধা। পাৰিবি দে বুলি সাহসো দিলে। মই আৰু মোৰ বান্ধৱী সেইদিনাই দেউতাই কোৱামতেই ডাক্তৰৰ ওচৰ পালোঁগৈ। বৰ বিশেষ বিচাৰিবলগীয়া নহ’লেই। তাৰ আগতে

Read more

শুভযাত্ৰা- ৰমেন কুমাৰ দাস

হাফ, ছেমি, মিনি আদি লকডাউনবোৰৰ বাবে বহুদিনৰ পৰা শহুৰৰ ঘৰমুৱা হ’ব পৰা নাছিলোঁ। ইফালে শ্ৰীমতীৰ খেচখেচনি সিফালে খুলশালীৰ আবদাৰ। হওঁতে মোৰো মনটো উচপিচাই নথকা নহয়, আগতে শহুৰৰ ঘৰলৈ যোৱা পথছোৱা পকী যদিও পথাৰৰ মাজৰ আলিৰ দৰেহে আছিল। শুনিবলৈ পাইছোঁ, এতিয়া ৰাস্তাটো হেনো ফ’ৰলেনযুক্ত কৰি আছে। শহুৰৰ ঘৰলৈ যোৱাৰ আপাহতে নতুন ৰাস্তাটোও এপাক চাই অহাৰ ইচ্ছা এটাই মনৰ মাজত কেতিয়াবাৰ পৰাই জুমুৰি দি আছিলহি। তাতে ইউৰোপৰ দেশলৈ যাব নোৱাৰিলেও শহুৰৰ ঘৰলৈ যাব পৰাকৈ হ’লেও ভেকচিন এপালিও লৈছোঁ। গতিকে সকলো মিলাই আজি

Read more

অতিথি… কিবা এটা ভৱ-দীক্ষিতা বৰা

পৰীক্ষাৰ শেষত ঘৰতে থাকি থাকি আমনি লগাত কেইদিনমানৰ কাৰণে ফুৰি আহোঁ বুলি ডাঙৰ জেঠাইৰ ঘৰলৈ ওলালোঁ। জেঠাইৰ ঘৰতো কেৱল জেঠাই আৰু জেঠপেহা, বাইদেউক বিয়া দিলে আৰু দাদাও চাকৰিৰ প্ৰয়োজনত দূৰে দূৰে থাকে। মই যাম বুলি শুনি দুয়ো বৰ ভাল পালে, কেইদিনমান বেছিকৈ থকাকৈ মাতিলে। ময়ো উলাহৰ মাদলীটো হৈ টালিয়ে-টোপোলাই গৈ ওলালোঁগৈ। পিচে ডাঙৰ জেঠাইৰ ঘৰ পাইহে বেলেগ খবৰ এটা গম পালোঁ, ৰমলা জেঠাই আহিব হেনো। কিছু পৰৰ আগে আগে খবৰটো দিছে, পিছদিনা জীয়েককো লৈ ৰমলা জেঠাই বহু যুগৰ মূৰত চেনেহৰ

Read more

ফেইচবুক ষ্টেটাচ-বিনীতা বৰশইকীয়া

লগৰবোৰে সদায় সদায় ফেইচবুকতআপডেটাই থাকে- “মোৰ সৰু সৰু সুখবোৰ”  “মোৰ এধানি এধানি সুখবোৰ” চাই চাই ময়ো ভালেই পাওঁ। লাইক কমেণ্টো কৰোঁ। কিন্তু কেতিয়াবা কেতিয়াবা মোৰো সৰু সৰুকে এচকল দুচকল দুখ লাগে দিয়কচোন। মই কথাবোৰ ভাবি ভাবি মন মাৰি থকা দেখি শহুৰৰ পুতেকে সুধিলে,  : কিয় মন মাৰি আছা প্ৰাণেশ্বৰী? তেনেকৈ সুধি দিয়াত মোৰ সৰসৰাই নিমখীয়াসোপা ওলাই আহি বিয়াৰ পিছতে  “আজিৰ পৰা এইটো তোমালোকৰ শোৱনি কোঠা দেই” বুলি চমজাই দিয়া কোঠাটো গোটেই চপচপীয়া কৰি পেলালে। উপায় নাপাই মপডাল আনিবলৈ বুলি উঠোঁতে

Read more

অশ্বত্থামা হত কিন্তু ইতি গজ -অমূল্য কুমাৰ কলিতা

অভিযন্তা পাপুৰ কলেজ শিক্ষয়িত্ৰী ঘৈণীয়েকে পাঁচ দিন একেলগে কলেজ বন্ধ থকাৰ বাবে, বন্ধৰকেইদিন তাৰ কোৱাৰ্টাৰত কটোৱাৰ উদ্দেশ্যে আজি ৰাতিপুৱা দহ বজাত আহি পাবহি৷ তাৰ বিয়া হোৱা বেছি দিন হোৱা নাই; এয়া প্ৰথমবাৰৰ বাবে তাৰ থকা ঠাইলৈ আহিব তাই৷ সেয়েহে ৰাতিপুৱা পাঁচ বজাতে উঠি সি ড্ৰাইভাৰজনৰ সৈতে মিলি কোৱাৰ্টাৰটোত চাফাই অভিযান চলাইছে। চাফাই কৰিবলৈ বিশেষ একো নাই; মাথোঁন আজি ছয়মাহমান ধৰি বেডৰূমৰ কাষৰ ৰূমটোত জমা কৰি থোৱা, সি গলাধকৰণ কৰা সোমৰসৰ খালী বটলবোৰ এখন ডাঙৰ বস্তাত ভৰাই বস্তাখন সম্পূৰ্ণ হোৱাত মুখখন

Read more

ফটা ডাকঘৰ খোলা, পোষ্ট বক্স বন্ধ -পদ্মজা বৰুৱা মহন

ডাকঘৰ বুলি লিখি থোৱা চাইনব’ৰ্ডখনৰ কাষতে কেৰেচকৈ ব্ৰেকডাল ধৰি চাইকেলখন ৰখালে জাচিংফাই আৰু লাহেকৈ নামি বাহনখন ঠেলি ঠেলি ডাঙৰ গছজোপাৰ তলত ষ্টেণ্ড কৰি থ’লে। এনেকৈ বৰকে এইফালে অহা নহয়, আজিহে কাপোৰ এটা চিলাবলৈ বুলি দৰ্জী দোকানৰ ফালে আহিছিল। তেনেতে আকৌ বায়েক ব্লকচেংফাই বোলে, : শুনচোন, মোৰ কাম এটা কৰি দে। : নোৱাৰোঁ দেই, মই কাম চাম কৰিব। জাঙুৰ খাই উঠিছিল জাচিংফাই। কিন্তু বায়েকে যেতিয়া ক’লে, তেনেহ’লে পঞ্চাশ টকাটো নহ’লেও হ’ব… : হ’ব বাৰু কৰি দিম। কিন্তু মোক টকাটো আজিয়েই লাগিব। জাচিংফাই

Read more

লটিঘটি-পঞ্চী প্ৰিয়া দাস

মানুহৰ জীৱনত কিমান যে ঘটনা ঘটে। তাৰ মাজতে কিছু ঘটনাই কন্দুৱাই, কিছুৱে হঁহুৱাই। কিছু ঘটনাই মনত বেয়াকৈ আঘাতো দি যায়। কিন্তু তাৰ মাজৰে ভালৰ বাবে ঘটা ঘটনাবোৰক শিক্ষা হিচাপে লৈ আগুৱাই যাব লাগে।  বয়স হৈ অহাৰ লগে লগে মনটোও সৰু হৈ আহে বুলি কয় যে, একেবাৰে সঁচা কথা এইষাৰ। আমাৰ মা ঘৰখনত ভাই-ভনীৰ ভিতৰত সৱতকৈ ডাঙৰ। বয়সে ৫০ চুলে। দেখাত সুস্থ যেন লাগিলেও মাৰ ভিতৰি ভয় ভাব এটা সোমাইছে। কেতিয়াবা হঠাৎ কোনোবা বংশৰ মানুহ ঢুকালে বুলি শুনিলে তেওঁ ভয় খাই।

Read more

বিড়ি জালাইলে- স্বপ্নালী বৰদলৈ

আগৰদিনৰ বহুতো বয়ঃসস্থ মহিলাই বিড়ি খায়। সৰুতে দেউতাৰ বায়েক মানে আমাৰ জেঠায়ে মনে মনে খোৱা দেখোঁ। আমাৰ ঘৰলৈ থকাকৈ আহিলে জেঠাইক বিড়িৰ কথাটো লৈ লটিঘটি কৰোঁ। মায়ে আমাক ধমকি দিয়ে। পিচে মাৰ ধমকিলৈ কেৰেপ নকৰি মই জেঠাইক কাকুটি-মিনতি কৰি মোৰ সন্মুখত বিড়ি খাবলৈ বাধ্য কৰোঁ। জেঠায়ে লাজ লাজকৈ বিড়িটো এহোপা মাৰে আৰু মই চাই থাকোঁ কেনেকৈ ধোঁৱাৰ কুণ্ডলী পকাই বতাহত মিলি যায় আৰু দি যায় এক ধুনীয়া সুগন্ধ! বিড়িৰ গোন্ধ ভালপোৱা মানুহ আছে নে বাৰু? বেলেগৰ কথা নাজানো মই পিচে

Read more

দ্য ৰিটাৰ্ণ জাৰ্ণী- উজ্জ্বল দিপ্লু গগৈ

সেই বিশেষ দিনটো আছিল ২০১৫ চনৰ জাৰকালিৰ কোনোবা এটা শুক্ৰবাৰ৷ এই বাৰটো আমাৰ সহকৰ্মীসকলৰ বাবে উদযাপনৰ দিন৷ কাৰণ সেইদিনা সাপ্তাহান্তিক৷ শুক্ৰবাৰে বিয়া নকৰা আটাইকেইটা ল’ৰা গোট খাই, ৰাতিটো পাৰ্টী চলে, পাছদিনাখন দুপৰীয়া সময়ত সাৰ পাই গোটেইবোৰৰে নেমু পানী খোৱাৰ প্ৰতিযোগিতা বাঢ়ে৷ সেইদিনাখন অৱশ্যে সাপ্তাহান্তিক উদযাপনৰ পৰিকল্পনা কাৰোৰে নহ’ল৷ আচল ফূৰ্তিবাজ ল’ৰা আটাইকেইটাই ঘৰলৈ যাবলৈ বাছ আৰু ট্ৰেইনৰ টিকেট কৰিছিল, শুক্ৰবাৰে ৰাতি গৈ শনিবাৰ আৰু দেওবাৰে দিনটো ঘৰত কটাই ৰাতি ঘূৰি আহি সোমবাৰে ডিউটিত জইন কৰিবহি৷ অফিচৰ ডিউটি ক্ষতি নকৰাকৈ ঘৰৰ

Read more
1 9 10 11 12 13 70