ফটাঢোল

নমতা বিয়া  খাবলৈ  গৈ হোৱা লটিঘটি-অগ্নিভ দত্ত

তেতিয়া আমি কটন কলেজৰ প্ৰথম বৰ্ষৰ ছাত্ৰ৷ এছ আৰ বি মানে ছেকেণ্ড মেছৰ আবাসী৷ ৰাতিপুৱা শুই উঠি মুখত ব্ৰাছদাল লৈ এটা ক’ৰিদৰৰ পৰা আনটো ফালে থকা পানীৰ টেপটোলৈ খোজকাঢ়ি গৈ আছোঁঁ৷ অলপ পাছত দেখোঁ নটিছ বৰ্ডৰ ওচৰত বিৰাট ভিৰ৷ সাধাৰণতে সেইখিনিত ভিৰ হ’লে গম পাওঁ- ধুমকেতু ওলাইছে৷ ধুমকেতু মানে হ’ল লেটনাইট ওলোৱা ৱাল মেগাজিন৷ কোনে উলিয়াই, কোনে লিখে একো গম নোপোৱাকৈ ওলায় সেই মেগাজিন৷ কোনোবাটোৰ প্ৰেমকাহিনী, কাৰোবাৰ বিৰহৰ কাহিনী কাৰোবাক কামোৰ বা কেতিয়াবা প্ৰাপ্তবয়স্কৰ বাবে লিখা মুখৰোচক কথাৰে ভৰ্তি থাকে

Read more

গৰম চাহ-ৰিমী ভূঞা

প্ৰকাশক লগ পাইছিলোঁ প্ৰথম চাকৰিটোৰ প্ৰশিক্ষণৰ সময়ত৷ প্ৰকাশ, মই আৰু লগৰ অন্য দুজন সন্ধিয়া অফিচৰ তলতে থকা গণেশৰ গুমটিত  চাহ একাপ খাইহে ঘৰমুৱা হওঁ। তেতিয়াই গম পাইছিলোঁ, প্ৰকাশ চাহৰ নামত পাগল৷ সেই অলপ সময়ৰ ভিতৰতে সি চাৰি কাপমান চাহ খায়। সি হেনো দিনটোত ২০ কাপৰো অধিক চাহ খায়। যা হওক সি কিমান চাহ খাই সেইটোলৈ আমাৰ ক’বলগীয়া একো নাই। সমস্যাটো হৈছে আমাৰ বপুৰাক গৰম চাহ লাগে৷ ক’বলৈ গ’লে আমাকো গৰম চাহ লাগে,  সেই চাহ কাপেই ফু-ফু কৰি মুখলৈ নিওঁতে কিমান

Read more

অলৌ গুটি তলৌ গুটি-পৰী নেওগ

বাসন্তীহতঁৰ ঘৰত জীয়েকে এইকেইদিন বিভিন্ন ধৰণৰ ৰেচিপিৰ খাদ্য বনাই আছে। আগতে পাকঘৰৰ ওচৰলৈও নোযোৱা মণিয়ে এইকেইদিনত নতুন নতুন খাদ্যবস্তু ৰান্ধিবলৈ যত্ন কৰিছে। মুঠতে বন্ধৰ দিনকেইটাৰ বাবে ফেচবুক আৰু ইনষ্টাগ্ৰামত ‘কুকিং_ডায়েৰী’ বুলি পৃথককৈ এলবাম এটাই বনাই লৈছে। আচলতে সঁচা কথাটো হ’ল, সামাজিক মাধ্যমত সকলোৱে ফ’টোবোৰ দি আছে, তাইনো পিছপৰি থাকিবই বা কিয়? ঘৰৰ মানুহখিনিৰ এটাই ভাল হৈছে ভালে বেয়াই হ’লেও মণিৰ হাতেৰে কিবা খাবলৈতো পাইছে। মণিৰ আজিকালি কিবা এটা খোৱাৰ আগত ফ’টো এখন মাৰি আপডেট দিলেহে ভোক মৰে। মাজতে এদিন মণি

Read more

বডী লেংগুৱেজ- মানসী বৰা

বডী লেংগুৱেজ হ’ল মানৱ শৰীৰৰ ভাষা। ইয়াক আদিম ভাষা বুলিও কোৱা হয়। মানুহৰ খোজ কঢ়াৰ ধৰণ, হাত-ভৰিৰ ভংগিমা, থিয় হৈ থকাৰ ঢং, এইবোৰে হেনো কথা কয়। কোনো মানুহৰ সৈতে কথোপকথন নহ’লেও মানুহজনৰ চাল-চলন কিম্বা আচৰণ দেখি মানুহজনৰ ব্যক্তিত্ব বুজিব পাৰি। শ্বাহৰুখ খানৰ ষাঠি  ডিগ্ৰী এংগুলত বেঁকা হৈ হাত দুখন মেলি দিয়া সেই বিশেষ ভাংগিমাটো! সেইটো এটা আকৰ্ষণীয় বডী লেংগুৱেজ৷ দৰ্শক পাগল হৈ যায়। সেইদৰে  অমিতাভ বচ্চনৰ থিয় হোৱা সেই বিশেষ ভাংগিমা, মাধুৰীৰ ভুৱন ভুলোৱা হাঁহি বা কোনো ৰাজনৈতিক নেতাৰ বিশেষ

Read more

অথশ্ৰী প্ৰেংক ভিদিওৰ কথা- সম্পূৰ্ণা গৌতম

“বেংগলোৰৰ পৰা সোনকালে গুছি আহ। মই মৰাৰ  আগতে তোৰ বিয়াখন চাই যাব পাৰিলেই শান্তি আৰু।” -“আকৌ বিয়াৰ কথাকেই ক’লি। এইবোৰ নক’বিচোন আইতা। কিয় বাৰে বাৰে বিয়াৰ কথা কৈ থাক? কিয় বুজি নাপাৱ, মই…”,  কথাষাৰ শেষ কৰিবলৈ নাপাওঁতেই আইতাকে আকৌ ক’লে- “আমাৰ সেই ভূপেনৰ ল’ৰাটোও বেংগলোৰতে থাকে নহয়। আমি কথা আগবঢ়াব খুজিছোঁৱেই। তোৰ কিবা ক’বলগীয়া আছে নেকি?” -“কোন ভূপেন?” -” ভূপেন আক’। কেলেই সেই যে ভূপেন…, মালতীৰ ককায়েকৰ আগৰজনী ঘৈণীয়েকৰ মাহীয়েকৰ ল’ৰা। সেই ভূপেনৰে ল’ৰাটো। বৰ ভাল বুলি শুনিছোঁ। তোৰ লোকেচনতে,

Read more

বিলৈ- হিমাংশু শৰ্মা

ঘৰত মানুহ বুলিবলৈ মাক আৰু দিগন্তই, তাকো বেচৰকাৰী প্ৰতিষ্ঠান এটাত কাম কৰাৰ বাবেই সিও বাহিৰে বাহিৰে ঘূৰি ফুৰিব লাগে। কামৰ পৰা আহি লগৰ বন্ধুৰ লগত আদ্দা দি ঘৰলৈ আহোঁতে ৰাতি প্ৰায়েই দেৰি হয় । অহাৰ লগে লগে মাকৰ দৈনন্দিন কেছেটখন আৰম্ভ হৈ যায়। সি অকণো বেয়া নাপায়, কাৰণ এইবোৰ এতিয়া তাৰ বাবে অভ্যাসত পৰিণত হৈছে। মাকে ক’লে বুলিও সি এতিয়াই বিয়া নাপাতে আৰু পাতিবও নোৱাৰে । মাকে কিন্তু নামানে। মাকক দিনটো মনোৰঞ্জিত কৰি ৰাখিবৰ বাবে তাৰ কিবা নহয় এটা কিবা

Read more

পেৰা চুৰিৰ বিলৈ- অভিজিৎ গোস্বামী

ঘটনাৰ নায়কৰ ৰূপত অমুকাই আছিলোঁ। কাহিনী ১৯৯৭ চন মানৰ হ’ব লাগে। সেই সময়ত মিঠাইৰ প্ৰতি মোৰ এটা বৰ বেলেগ ধৰণৰ নিচা আছিল। সতকাই লোভ সম্বৰণ কৰিব নোৱাৰিছিলোঁ। মিঠা হ’লেই হ’ল আৰু, গুৰ-চেনীও বাদ নপৰিছিল৷ গতিকে, বাকী মিঠাই হ’লেতো আৰু কথাই বেলেগ আছিল। সাধাৰণ এটা উদাহৰণ দিওঁ আপোনালোকক, মোৰ ১০ বছৰ মান বয়সত মিঠাই খোৱাৰ উৎপাত দেখি দেউতাই এদিনাখন ১ কেজি গুৰ আনি, মোক চকুৰ আগত বহুৱাই একেবাৰতে খাবলৈ দিছিল। চাওঁচোন ই নো কিমান মিঠা খাব পাৰে! সেইদিনা মই সফলতা পোৱা

Read more

হোষ্টেলত পহৰা- আৰাধনা বৰুৱা

তেতিয়া নৰ্থ লক্ষ্মীমপুৰ কলেজত গাৰ্লছ হোষ্টেল আছিল মাত্ৰ এটা৷ কেম্পাছত দুটা বিল্ডিং৷ আৰচিচিটো নিউ ব্লক আৰু আছাম টাইপৰটো অ’ল্ড ব্লক, দুয়োটা ব্লকৰ মাজতে ডাইনিং হল৷ প্ৰতি বছৰ ৰূমবোৰ ৰ’টেশ্যন হয়৷ ডিগ্ৰী ছেকেণ্ড ইয়েৰত অ’ল্ড ব্লকৰ সাত নম্বৰ ৰূমটো মোৰ আছিল৷ তেতিয়া বোধকৰো গৰমৰ দিন৷ ছোৱালীবোৰে ৰাতি দেৰিলৈকে খিৰিকী খুলি পঢ়ি থাকে৷ হ’ষ্টেলৰ বাউণ্ডাৰী ৱালখনৰ গাতে লাগি  ৰাস্তাটো৷ অ’ল্ড ব্লকৰ খিৰিকীবোৰ লোৰ শলা লগোৱা, গ্ৰীল নাছিল৷ কাঠৰ দুৱাৰবোৰ আছিল ওপৰত ছিটকণি থকা আৰু ওপৰৰ ফালে গ্লাছ থকা৷ এদিন ৰাতি দুইমান বজাত

Read more

ভালদিনৰ ট্ৰেইলৰ-নিৰুপম কোঁচ

চলক্ চলক্ কৈ ভাত কেইটা নাকে মুখে সুমোৱাই, আচলতে খাব লাগে কাৰণে খাই, ওলালোঁ আন্ত বিশ্ববিদ্যালয়  পূৱ মাণ্ডলিক যুৱ মহোৎসৱলৈ, কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় দলৰ আজি বিহু আছে। চাব লাগিবই। শৰীৰতো দেখাত বেয়া হ’লেও যিমান খিনিলৈকে পৰা যায় ফিট-ফাট হ’বলৈ চেষ্টা কৰিলোঁ। যি কি নহওক যুৱ মহোৎসৱলৈ যামতো বাকী বহু কথা আহি পৰে। অলপ সুগন্ধী জাতীয় বস্তু পদ লগাই গ’লে ভাল বুলি ভাবি অনুৰাগ বৰুৱা দেউৰ ৰূমৰ পৰা পাৰফিউমৰ বটলতো লগাতকৈ বেছিখিনি মাৰি ল’লোঁ… কাৰণ যুৱ মহোৎসৱতো, বাকী বহু কথা আহি

Read more

লাঞ্ছিত আৰু শোষিত লেখক- হেমন্ত কুমাৰ কাকতি

পৃথিৱীৰ মহান কবি সাহিত্যিকসকলৰ সৃষ্টিৰাজী সদায় স্বতঃস্ফূৰ্তভাবে ওলাই আহি পাঠকৰ হৃদয় দখল কৰে৷ কিন্তু আমাৰ দৰে কম প্ৰতিভাধাৰী মনুষ্যই যদি কিবা গল্প, কবিতা বা অন্যান্য শিল্প কৰ্ম আদিৰ সৃষ্টি কৰিব খোজে, তেনেহ’লে সেয়া বলপ্ৰয়োগ অবিহনে সম্ভৱ নহয়! কিবা এটা লিখিবলৈ আপোনাৰ যদি বলপ্ৰয়োগ কৰিব লগা অৱস্থা হৈছে তেনেহ’লে বুজিব সেয়া আপোনাৰ সময়ৰ অপচয়ৰ বাহিৰে একোডাল নহয়৷ সেই সময়ত আপুনি অন্তৰ্আত্মাৰ ‘আৱাজ’ শুনি ‘ইম্মিদিয়েট’ সকলো সামৰি থৈ দুপৰীয়া বা ৰাতিলৈ কি খাব, ঘৰখনত চাউল দাইল কিবা আছেনে নাই সেইবোৰ চিন্তা কৰক!

Read more
1 25 26 27 28 29 70