ফটাঢোল

অ’ বিদেশী বন্ধু- জিতা ফুকন

ফেচবুক কৰিবলৈ লোৱাৰ পৰা অসমীয়া বন্ধু বহুত পালোঁ৷ বিদেশী বন্ধুৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট বহুত আহি থকা দেখি গ্ৰহণ কৰিবলৈ মন গ’ল৷ পালোঁ এজন সূদূৰ আমেৰিকাৰ৷ নামটো Jimmy৷ অইল কোম্পানীত কাম কৰে৷ প্ৰথমে হাই হেল্ল’ তাৰপিছত নাম ধাম পতা৷ সুন্দৰ কথা-বতৰাৰে দিনবোৰ পাৰ হ’ল৷ মই টোপনি যোৱাৰ সময়ত মাজৰাতি সিফালৰ পৰা “গুডমৰ্ণিং” আহে৷ মোৰ “গুডমৰ্ণিং” ত সেইফালে “গুড নাইট” আহে৷  এদিন ফোন নম্বৰ হোৱাটচ এপ নম্বৰ ল’লে৷ তাৰপিছত ফোন কৰিবলৈও ধৰিলে৷ তেওঁৰ ফাই ফাই ইংলিচ প্ৰথমে বুজিকে নাপাইছিলোঁ পিছলৈ যেনিবা অলপ বুজি

Read more

লটিঘটি -কমলা দাস

কিছু বছৰ আগতে বিয়া এখন খাবলৈ গৈছিলোঁ মঙ্গলদৈত। নিজৰ মানুহৰেই বিয়া হেতুকে বৰপেটাৰপৰা কেইবাটাও পৰিয়ালৰ বহুতো মানুহ গৈছিলোঁ একেবাৰে জোৰোণৰ দিনাখনৰ পৰাই। যথেষ্ট ৰং ৰহইচ কৰি বিয়া খালো। বিয়া হৈ কইনা ওলাই যোৱাৰ পাছত পুৱতি নিশা হ’লেই। সকলোৰে মনত দুখ লাগি আছিল! তথাপিও পাৰিলে সকলোৰে অলপ শুবলৈ মন! দুৰাতি শুবলৈ নাপাই গাও বেয়া লাগি আহিছিল। সেয়ে যেয়ে য’তে পাৰে অকণমান বাগৰিবলৈ আগৰেপৰাই শুই থকা সকলক হেঁচি ঠেলি হ’লেও ঠাই উলিয়াই ল’লে। শেষত কোনোফালে ঠাই উলিয়াব নোৱাৰাসকলে চকীত বহি বহিয়েই ঘোঁৰা

Read more

মাজুলীত আশাৰ বিজুলী-দীপাংকৰ চৌধুৰী

মাজুলীৰ এজনী ছোৱালীয়ে দুখ পাইছিল নে নাই নাজানো, আমি কিন্তু মাজুলীতে ছোৱালী এজনীৰ সম্ভেদ পাই গৈছিলোঁ। ঘৰৰ মানুহ, ওচৰ চুবুৰীয়া সকলোৱে “বিয়া খাওঁ, বিয়া খাওঁ” শ্লোগান দি থকাৰ সময়তে আলহী অতিথি, বন্ধু-বান্ধৱৰ বিয়া খাবলৈ গৈয়ো বিয়াৰ কথাকেই শুনিবলৈ পাওঁ। কেতিয়াবা এনেকুৱা লাগে যেন কাৰোবাৰ হোমৰ গুৰিৰপৰা ধৰি-বান্ধি ক‌ইনা এজনী আনি বিয়াখন পাতি সকলোৰে মুখবোৰ বন্ধ কৰি দিম।      হ’ল বুলিনো আৰু কিমান কামোৰ খাই থাকিম! শেষত এনেকুৱা হৈছেগৈ যে য’তে ত’তে ক‌ইনাকে দেখি থকাৰ দৰে লগা হৈছে। এনেকৈ হ’লে

Read more

ছশ বিশ (৬২০) -কংকন জ্যোতি কৌশিক

কেতিয়াবা কাৰোবাক ‘ফ’ৰ টুৱেণ্টি’ (420) বুলি গালি দি বা কাৰোবাৰ পৰা তেনেকৈ গালি শুনি পাইছেনে? আমি সৰু থাকোঁতে ওচৰৰ খুড়া এজনে কথাই প্ৰতি ‘ফ’ৰ টুৱেণ্টি’ বুলি গালি দিয়া শুনিছিলোঁ। কিন্তু এই চাৰিশ বিশ বা ফংৰ টুৱেণ্টিতকৈও অলপ বেছি ‘পাৱাৰফুল’ গালি হৈছে ছশ বিশ(৬২০) যাৰ সৈতে আমি পৰিচিত হ’লোঁ আমাৰ কলেজীয়া দিনত। ‘বিনুদ’ (লিখামতে বিনোদ) গগৈ অভিযান্ত্ৰিক মহাবিদ্যালয়ত আমাৰ লগত একেলগে পঢ়িছিল। উজনিৰ মৰাণৰ ফালৰ বিনুদ ঘাইকৈ দুটা কথাৰ বাবে হোষ্টেলত জনপ্ৰিয় আছিল। তাৰে এটা হ’ল ঢোলবাদনত বিনুদৰ পাৰদৰ্শিতা। ‘কলেজ উইক’ৰ

Read more

ধৈ জীন্দেগী -বৰ্ণালী মান্তা

ঘটনা ১  সিদিনা দাদাক মাতিলো টাউনলৈ, হেলমেট এটা কিনি দিবৰ বাবে৷ মই বোলো- ব’লচোন মোৰ লগত, মই এইবিলাক বস্তু কিনিব নাজানো,দোকানীয়ে ঠগিব৷ সন্ধিয়া সময়ত আহিল সি টাউনলৈ,লগত এজাপ এ.টি.এম কাৰ্ড লৈ৷ মানে গাঁৱৰ পৰা আহোতে সি যেনিবা এ.টি.এম ৰ পৰা পইছা উঠোৱাৰ ঠিকা হে লৈ আহিছে ওচৰ-চুবুৰীয়াৰ পৰা৷ আহিয়েই তাৰ খদমদম… :সোনকালে ব’ল, মোৰ এ.টি.এমৰ পৰা পইছা উঠাই নিব লগীয়া আছে৷ একে খৰখেদা হেলমেট কিনা দোকানখনতো… : “ঐ দাদা,ক’লাটো নলওঁ নেকি! ৰঙা এটাকে চাই দে চোন ভালকৈ৷” :”হেই এইজনী,হেলমেটডালটো কালাৰ

Read more

বাঘ ওলাইছে বাঘ- ৰাস্না বৰা

দেখাই শুনাই চেহেৰাই পাতিয়ে বৰাণী বেছ হিষ্ট পুষ্ট খামীডাঠ মহিলাই, পিচে ৰাতি মেকুৰীৰ ফটো দেখিলেও বাঘৰ সপোনেই দেখে তেওঁ। এবাৰ কি হ’ল মানে, বহু বছৰ আগতেই এদিন ভ্ৰাম্যমাণ থিয়েটাৰ চাবলৈ গ’ল ওচৰৰ মানুহৰ লগত, ঘৰত ল’ৰা ছোৱালী চম্ভালি পতিদেৱে মাংস ভাত ৰান্ধি আজৰি হৈ বাৰাণ্ডাত বহি আছে। ঠাণ্ডা দিনৰ কথা, বাট পথ নিজান। থিয়েটাৰ শেষ হোৱাত মানুহবোৰ ঘৰাঘৰি গৈছে। এনেতে বিপৰীত ফালৰ পৰা এজন আহিল বোলে বাঘ এটা ৰাষ্টাৰে পাৰ হৈ গৈছে। বৰাণীয়ে শুনিবলৈহে পালে লগৰ মখাক এৰি একে দৌৰে

Read more

লটিঘটি – ববিতা শৰ্মা 

আমাৰ ল’ৰা ছোৱালীহালৰ বয়স তেতিয়া দুবছৰ। এইটো বয়সত শিশুবোৰৰ সাধাৰণতে অলপ উৎপাত বাঢ়ে। ঘৰৰ মানুহ কিছু সাৱধান নহ’লে কেতিয়াবা বিপদত পৰাৰ সম্ভাৱনা থাকে। তাতে আমাৰ দুয়োটাই সুবিধা পালেই উৎপাত আৰম্ভ কৰি দিয়ে। আমি দুয়োজন দিনটো অফিচত থাকো আৰু দুইটা ককাক আইতাকৰ লগত ঘৰত থাকে। সেইসময়খিনিৰ সুবিধা দুইটাই ভালকৈয়ে লয়। দিনটো ককাক আইতাকক দম দি যিকোনো কাম কৰি থাকে। আৰু আবেলি আমি আহি পোৱাৰ পিছত আকৌ ওলোটাই দুইটাৰে দিনটোৰ ওজৰ আপত্তি আৰম্ভ। প্ৰস্তাৱনা শেষ কৰি এতিয়া আহো আচল কথালৈ। এদিন মই

Read more

বিয়াৰ পিছৰ লটিঘটি – ভুপালী দেৱী

বিয়াৰ পিছতে মোৰ লগত কিছুমান আজব ঘটনা ঘটিছিল যিবোৰ আপোনালোকৰ আগত শ্বেয়াৰ নকৰাকৈ থাকিব নোৱাৰিলোঁ ৷ (১) মই ছোৱালীজনী ( বিয়া হৈছোঁ যদিও ছোৱালীয়ে হৈ আছোঁ দেই) অলপ ঘুমে গাইৰা টাইপৰ মানে শুই অলপ বেছিয়ে ভাল  পাওঁ ৷ মোৰ বিয়া ফেব্ৰুৱাৰী মাহত হৈছিল, তেতিয়া ঠাণ্ডা প্ৰায় আছিলেই৷ দুপৰীয়া শাহুমায়ে বনোৱা ভাত বৰ তৃপ্তিৰে খাই কিবাকে মই বাচনবৰ্তনবোৰ ধুই লেপৰ তলত সোমাই মনতে ভাবিলোঁ  গধূলিৰ চাহ ময়েই বনাম ৷ “উঠা চাহ কাপ লোৱা৷ আমি গধূলিৰ চাহ একেলগেই খাওঁ”৷ মাৰ মাতত ঘকমককৈ

Read more

নিমখত দিয়া নেমু- চন্দনা শইকীয়া

ঘটনাটো মই ক্লাছ চিক্স মানত পঢ়ি থকাৰ সময়ৰ। স্কুলৰ বন্ধত মাহীৰ ঘৰলৈ ফুৰিবলৈ গৈছিলোঁ। মাহীয়ে “স্কুল বন্ধয়েই যেতিয়া দুদিনমান থাক” বুলি ৰাখি থ’লে মোক। মাহীহঁ‌তৰ ছোৱালী নাই, তিনিওটা ল’ৰা, পঢ়াত মন-কাণ নোহোৱা উৎপতীয়া। গতিকে তাত থকা কেইদিন মাহীৰ ঘৰুৱা কাম কাজৰ সহায়িকা ময়েই। মাহী যদিও সহজ সৰল মহাক আকৌ সম্পূৰ্ণ গব্বৰ সিং টাইপ। মই খুব ভয় কৰিছিলোঁ। নকৰিমনো কিয় নপঢ়াৰ বাবে আৰু বদমাচিৰ বাবে  ল’ৰাকেইটাই যি ভয়ঙ্কৰ গৰু পিটন খাইছিল নিজেই বহুবাৰ সাক্ষী আছিলোঁ। যদিওবা  মই কাহানিও পিটন খাই পোৱা

Read more

ৰেখাৰ লটি-ঘটি – অনামিকা বড়া

বিক্ৰমৰ মাক মানে ৰেখাই ফোনটো হাতত লৈয়েই মালতীৰ ওচৰ পালেহি। দুয়োখন ঘৰৰ মাজত মাত্ৰ নতুনকৈ খোলা ব্যক্তিগত খণ্ডৰ বিদ্যালয়খন। সম্বন্ধত মালতী ৰেখাৰ ভাইবোৱাৰীয়েক। বংশৰ হোৱাৰ  লগতে চুবুৰীয়াও দুয়োঘৰ। অৱশ্যে ৰেখাহঁতৰ ধন-ধানৰ তুলনাত মালতীহঁতৰ পৰিয়ালটো কোনোমতে পেটে-ভাতে খাই থকাহে। ইফালে নতুনকৈ ধনী হোৱা মানুহৰ কথাতো ক’বই নালাগে। সকলো বৈশিষ্টই যেন ৰেখাৰ ওচৰত আছে। হওঁতে ডাঙৰ চাকৰি কৰিছিল ৰেখাই, এতিয়া ৰিটায়াৰ হ’ল। চাকৰি কৰি থকাৰ সময়ত কোনোদিন দৰমহা সংক্ৰান্তীয় কথাত ‘আছে’ শব্দটো কৈ নাপালে। কিজানি কোনোবাই বিচাৰি দিয়ে। এইবোৰত মিছা কথা চলি

Read more
1 31 32 33 34 35 70